“সংস্কাৰ, পৰিৱেশন আৰু ৰূপান্তৰ আমাৰ মূলমন্ত্ৰ হৈ আহিছে”
“যোৱা দশকত ২৫ কোটি লোকে দৰিদ্ৰতাৰ পৰা ওলাই আহি নৱ-মধ্যবিত্তৰ সৃষ্টি কৰিছে”
“ভাৰতক বিশ্বব্যাপী উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো প্ৰতিজন ভাৰতীয়ৰ আকাংক্ষা”
“আন্তঃগাঁথনি হৈছে আমাৰ নাগৰিকসকলৰ সুবিধা আৰু জীৱন-যাপনৰ সুবিধা বৃদ্ধিৰ এক মাধ্যম”
“একবিংশ শতিকাৰ এই তৃতীয় দশকটো ভাৰতৰ বাবে এটা উত্তৰণৰ দশকৰ দৰে”
“আমি অতীতৰ ওপৰত ভিত্তি কৰি নহয়, ভৱিষ্যতৰ ওপৰত চকু ৰাখি আমাৰ নীতি গঢ় দিছো”
“আজিৰ ভাৰত সুযোগৰ দেশ। আজিৰ ভাৰতে সম্পদ সৃষ্টিকৰ্তাসকলক সন্মান জনায়”
“এখন সমৃদ্ধিশালী ভাৰতে বিশ্বৰ সমৃদ্ধিৰ বাট মুকলি কৰিব পাৰে”

নমস্কাৰ। শুভ সন্ধিয়া।

ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰামৰ এই অনুষ্ঠানলৈ আহি বহু পুৰণি মুখ দেখিবলৈ পোৱাটো মোৰ বাবে এক আনন্দৰ কথা। মই নিশ্চিত যে ইয়াত ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ সন্দৰ্ভত উৎকৃষ্ট আলোচনা হ’ব। আৰু এই আলোচনা এনে সময়ত হৈছে, যিসময়ত সমগ্ৰ বিশ্বই ভাৰতক লৈ আত্মবিশ্বাসেৰে ভৰপূৰ হৈ আছে।

বন্ধুসকল,

ভাৰতে আজি এক পৃথক সফলতাৰ কাহিনী লিখিছে। ভাৰতত সংস্কাৰৰ প্ৰভাৱ আমাৰ অৰ্থনীতিৰ কাম-কাজত আমি দেখিবলৈ পাইছো। আনকি ভাৰতে ইয়াৰ সমপৰ্যায়ৰ দেশৰ তুলনাত বহুবাৰ পূৰ্বানুমান কৰাতকৈ ভাল প্ৰদৰ্শন কৰিছে। উদাহৰণস্বৰূপে, যোৱা দহ বছৰত বিশ্বৰ অৰ্থনীতি ৩৫ শতাংশ বৃদ্ধি পাইছে। কিন্তু এই দহ বছৰত আমাৰ অৰ্থনীতি প্ৰায় ৯০ শতাংশ বৃদ্ধি পাইছে। এইটোৱেই হৈছে বহনক্ষম বিকাশ যিটো আমি লাভ কৰিছো। এইটোৱেই হৈছে আমি প্ৰতিশ্ৰুতি দিয়া বহনক্ষম বিকাশ। আৰু এই বহনক্ষম বিকাশ ভৱিষ্যতেও অব্যাহত থাকিব।

বন্ধুসকল,

বছৰ বছৰ ধৰি আমি ভাৰতীয়ৰ জীৱনলৈ এক বৃহৎ পৰিৱৰ্তন আনিবলৈ সফল হৈ আহিছো। আমাৰ চৰকাৰে ভাৰতৰ কোটি কোটি নাগৰিকৰ জীৱন স্পৰ্শ কৰিছে৷ দেশৰ নাগৰিকক সুশাসন প্ৰদান কৰাটো আমাৰ সংকল্প। সংস্কাৰ-প্ৰদৰ্শন-পৰিৱৰ্তন আমাৰ মন্ত্ৰত পৰিণত হৈ আহিছে। আৰু দেশৰ জনসাধাৰণেও আমাৰ সেৱাৰ মনোভাৱ দেখিছে। বিগত ১০ বছৰত দেশৰ কৃতিত্বৰ ওপৰত চকু ৰাখিছে ৰাইজে। সেয়ে আজি ভাৰতৰ জনসাধাৰণ মনো এক নতুন বিশ্বাসেৰে ভৰি পৰিছে। নিজৰ ওপৰত বিশ্বাস, দেশৰ প্ৰগতিৰ ওপৰত বিশ্বাস, নীতিৰ ওপৰত বিশ্বাস, সিদ্ধান্তৰ ওপৰত বিশ্বাস আৰু লগতে উদ্দেশ্যৰ ওপৰতো বিশ্বাস দৃঢ় হৈছে। আপোনালোকে পৃথিৱীৰ আন দেশৰ পৰিস্থিতি চাওক, এইবাৰ বিশ্বৰ বহু ডাঙৰ দেশত ভোটদান হৈছে, নিৰ্বাচন হৈছে, বেছিভাগ ঠাইতে মানুহে পৰিৱৰ্তনৰ বাবে ভোট দিছে। বহু দেশত চৰকাৰসমূহে অসুবিধাৰ সন্মুখীন হৈছে। কিন্তু ভাৰতৰ নাগৰিকে এই ধাৰাৰ সম্পূৰ্ণ বিপৰীত জনাদেশ দিলে। ৬০ বছৰৰ পাছত ভাৰতৰ ভোটাৰে এখন চৰকাৰক একেৰাহে তিনিবাৰ জয়ী কৰাইছে৷ ভাৰতৰ আকাংক্ষিত যুৱক-যুৱতী আৰু ভাৰতৰ মহিলাসকলে ধাৰাবাহিকতা, ৰাজনৈতিক সুস্থিৰতা আৰু অৰ্থনৈতিক বিকাশৰ বাবে ভোটদান কৰিছে। আৰু ইয়াৰ বাবে দেশবাসীক যিমান কৃতজ্ঞতা প্ৰকাশ কৰিলেও যেন সেয়া যথেষ্ট নহয়।

 

বন্ধুসকল,

আজি ভাৰতৰ প্ৰগতি বিশ্বৰ শিৰোনাম হৈ পৰিছে। পৰিসংখ্যাৰ নিজস্ব গুৰুত্ব আছে যদিও শেষত কিমান মানুহৰ জীৱনো যে সলনি হৈছে সেয়াও সমানেই গুৰুত্বপূৰ্ণ। ভাৰতৰ ভৱিষ্যতৰ ৰহস্য ইয়াতেই লুকাই আছে। যোৱা এটা দশকত ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। আৰু এই মানুহবোৰ মাত্ৰ দৰিদ্ৰতাৰ পৰা ওলাই অহাই নহয়, এটা নব্য মধ্যবিত্ত শ্ৰেণীৰ সৃষ্টি কৰিছে। এই গতি আৰু মাত্ৰা ঐতিহাসিক। পৃথিৱীৰ কোনো গণতান্ত্ৰিক সমাজত এনেকুৱা হোৱা নাছিল। ভাৰতত এনেকুৱা হ’ল কাৰণ আমি চৰকাৰৰ দৰিদ্ৰৰ প্ৰতি থকা দৃষ্টিভংগী সলনি কৰিলোঁ। আনকি দুখীয়াৰ আকাংক্ষা আছিল আৰু যুঁজাৰু মনোভাৱ আমাতকৈও বেছি আছিল। কিন্তু তেওঁলোকৰ বাটত বহু বাধা আহিছিল। যেনেকৈ তেওঁলোকৰ বেংক একাউণ্ট নাছিল, মৌলিক সুবিধা নাছিল। আৰু এনে পৰিস্থিতিত আমি দুখীয়াক সবলীকৰণৰ পথ বাছি লৈছিলো। আমি তেওঁলোকৰ বাটৰ পৰা বাধা আঁতৰাই তেওঁলোকৰ লগত কান্ধত কান্ধ মিলাই থিয় দিলোঁ। আৰু চাওক কিমান সলনি হৈছে, দশক দশক ধৰি বেংক একাউণ্ট নথকা মানুহে আজি নিজৰ একাউণ্টৰ পৰাই ডিজিটেল লেনদেন কৰি আছে। যাৰ বাবে বেংকৰ দুৱাৰ বন্ধ আছিল, তেওঁলোকে আজি বন্ধকী অবিহনে বেংকৰ ঋণ লাভ কৰিছে। আজি তেওঁলোক একো একোজন উদ্যোগী হৈ পৰিছে। যিসকল লোক পৃথিৱীত ঘটি থকা পৰিৱৰ্তনৰ বিষয়ে অজ্ঞাত আছিল, আজি তেওঁলোকৰ হাতত ডিভাইচ আছে, সংযোগ আছে আৰু তেওঁলোক ভালদৰে জনাবুজা নাগৰিক হৈ পৰিছে। দৰিদ্ৰতাৰ সংগ্ৰামৰ পৰা ওলাই অহা সকলৰ প্ৰগতিৰ ক্ষুধা। সন্তানক সোণালী ভৱিষ্যত দিব বিচাৰে। তেওঁলোকৰ আকাংক্ষাই নতুন আন্তঃগাঁথনি সৃষ্টি কৰিছে, তেওঁলোকৰ সৃষ্টিশীলতাই উদ্ভাৱনৰ পথ প্ৰশস্ত কৰিছে, তেওঁলোকৰ দক্ষতাই উদ্যোগটোৰ দিশ গঢ় দিছে আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাই বজাৰৰ দিশ গঢ় দিছে, তেওঁলোকৰ আয় বৃদ্ধি কৰিছে, বজাৰত চাহিদা বৃদ্ধি কৰিছে। ভাৰতৰ এই নব্য মধ্যবিত্ত শ্ৰেণীটোৱে দেশৰ প্ৰগতিৰ বাবে সৰ্ববৃহৎ শক্তি হিচাপে প্ৰমাণিত হৈছে।

বন্ধুসকল,

যেতিয়া নিৰ্বাচনৰ ফলাফল আহিছিল, তেতিয়া মই কৈছিলোঁ যে তৃতীয় কাৰ্যকালত আমাৰ চৰকাৰে তিনিগুণ অধিক বেগেৰে কাম কৰিব। মই আপোনালোকক আশ্বস্ত কৰিছো, উদ্দেশ্য এতিয়া অধিক শক্তিশালী। আৰু প্ৰতিজন দেশবাসীৰ দৰে চৰকাৰখনো সম্পূৰ্ণ আশা আৰু আত্মবিশ্বাসেৰে ভৰপূৰ। তৃতীয় কাৰ্যকালৰ বাবে চৰকাৰ গঠন হোৱাৰ ১০০ দিনো পাৰ হোৱা নাই। আমি ভৌতিক আন্তঃগাঁথনি আধুনিকীকৰণত ব্যস্ত, সামাজিক আন্তঃগাঁথনি সম্প্ৰসাৰণত, সংস্কাৰৰ ক্ষেত্ৰতো আমি অবিৰতভাৱে আগবাঢ়িছো। যোৱা ৩ মাহত আমি দুখীয়া, কৃষক, যুৱক-যুৱতী আৰু মহিলাৰ বাবে ইটোৰ পিছত সিটো ডাঙৰ ডাঙৰ সিদ্ধান্ত লৈছো। আমি দৰিদ্ৰ লোকৰ বাবে ৩ কোটি নতুন ঘৰৰ অনুমোদন দিলোঁ, আমি ইউনিফাইড পেন্সন আঁচনিৰ কথা ঘোষণা কৰিলোঁ, ১ লাখ কোটি টকাৰ কৃষি আন্তঃগাঁথনি পুঁজিৰ সম্প্ৰসাৰণৰ সিদ্ধান্ত লোৱা হ’ল, ১০০ৰো অধিক জাতৰ উন্নত মানৰ বীজ মুকলি হ’ল, ২ লাখ কোটি টকাৰ প্ৰধানমন্ত্ৰী পেকেজ হ’ল ঘোষণা কৰা হৈছে, যিয়ে প্ৰত্যক্ষভাৱে ৪ কোটিতকৈ অধিক যুৱক-যুৱতীক উপকৃত কৰিব। আৰু ১০০ দিনৰ ভিতৰতে দেশত সাধাৰণ পৰিয়াল আৰু গ্ৰাম্য পটভূমিৰ পৰা ১১ লাখ নতুন লাখপতি দিদিৰ সৃষ্টি হৈছে। মহিলাসকলৰ অৰ্থনৈতিক সবলীকৰণৰ বাবে এয়া এক বৃহৎ কাম হিচাপে পৰিগণিত হৈছে৷

বন্ধুসকল,

কালি মই মহাৰাষ্ট্ৰৰ পালঘৰত আছিলো। তাতে ৭৫ হাজাৰ কোটিতকৈ অধিক বিনিয়োগেৰে বাধৱন বন্দৰৰ আধাৰশিলা স্থাপন কৰা হৈছে। তিনিদিন পূৰ্বে ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে ১২খন নতুন ঔদ্যোগিক চহৰ নিৰ্মাণৰ অনুমোদন দিয়া হৈছিল। ৫০ হাজাৰ কোটিতকৈ অধিক মূল্যৰ ৮টা হাইস্পীড কৰিডৰৰ অনুমোদন। পুনে, থানে আৰু বাংগালুৰু মেট্ৰ’ৰ সম্প্ৰসাৰণতো আমি ৩০ হাজাৰ কোটি টকাৰে অনুমোদন জনাইছো। ইফালে, লাডাখত আৰম্ভ হৈছে বিশ্বৰ অন্যতম উচ্চতম সুৰংগ নিৰ্মাণৰ কাম।

 

বন্ধুসকল,

আমাৰ বাবে আন্তঃগাঁথনি কেৱল দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা বৃদ্ধি কৰাত সীমাবদ্ধ নহয়। আমাৰ বাবে এয়া ভাৰতৰ নাগৰিকৰ সুবিধা আৰু জীৱন-যাপনৰ এক মাধ্যম। ৰে’লৰ ডবা আগতেও বনোৱা হৈছিল, কিন্তু আমি বন্দে ভাৰতৰ দৰে আধুনিক ৰে’ল আনিলো, যিবোৰৰ গতি আৰু আৰাম দুয়োটা আছে। ঠিক আজি পুৱাই মই তিনিখন নতুন বন্দে ভাৰত ৰে’ল শুভাৰম্ভ কৰিলোঁ। দেশত আগতেও পথ নিৰ্মাণ কৰা হৈছিল, কিন্তু আমি ভাৰতত আধুনিক এক্সপ্ৰেছৱেৰ নেটৱৰ্ক স্থাপন কৰিছো। আমাৰ ইয়াত ইতিমধ্যে বিমানবন্দৰ আছিল, কিন্তু আমি ভাৰতৰ টিয়েৰ-টু, টিয়েৰ-থ্ৰী চহৰক বিমান সংযোগৰ দ্বাৰা সংযোগ কৰি আছো। আমি পিএম গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন লৈ আহিছো। লক্ষ্য হৈছে দেশৰ চৰকাৰ আৰু বিভিন্ন বিভাগে একঘেয়ামী কাম কৰা সংস্কৃতিৰ পৰা ওলাই আহিব লাগে। এই সকলোবোৰ প্ৰচেষ্টাৰ বাবেই বৃহৎ সংখ্যক লোকৰ কৰ্মসংস্থাপনৰ সৃষ্টি হৈছে। ইয়াৰ পৰা আমাৰ অৰ্থনীতি আৰু আমাৰ উদ্যোগে যথেষ্ট লাভৱান হৈছে।

বন্ধুসকল,

একবিংশ শতিকাৰ এই তৃতীয় দশকটো ভাৰতৰ বাবে এটা উত্থানপূৰ্ণ দশকৰ দৰে। এইটো কেনেকৈ সম্ভৱ? ইয়াৰ দ্বাৰা কোন লাভৱান হ’ব? আমি সকলোৱেই এই কাম কৰিছো আৰু ইয়াৰ দ্বাৰা সকলোৰে, সমগ্ৰ দেশৰ উপকাৰ হ’ব। আজি যিহেতু ভাৰতীয় অৰ্থনীতিৰ সৈতে জড়িত সকলো অংশীদাৰ আৰু ব্যক্তিগত খণ্ডৰ বন্ধু-বান্ধৱী ইয়াত আছে, সেয়েহে মই সেই স্তম্ভসমূহৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো যিয়ে এখন বিকশিত ভাৰতৰ বিকাশ ত্বৰান্বিত কৰিব। আৰু এই স্তম্ভবোৰ কেৱল ভাৰতৰ সমৃদ্ধিৰ স্তম্ভ নহয়, বিশ্ব সমৃদ্ধিৰো স্তম্ভ। আজি ভাৰতৰ সকলো ঠাইতে সুযোগ বাঢ়িছে। চৰকাৰে সকলো প্ৰচেষ্টাক উৎসাহিত কৰিছে। আৰু আমি বহুত ডাঙৰ জাঁপ মাৰিবলৈ আগবাঢ়িছো। সেয়েহে আমিও দীৰ্ঘম্যাদী দৃষ্টিভংগীৰ ওপৰত কাম কৰি আছো।

বন্ধুসকল,

ভাৰতক বিশ্ব উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো প্ৰতিজন ভাৰতীয়ৰ আকাংক্ষা। আৰু ভাৰতৰ পৰাও বিশ্ববাসীয়ে এইটোকে আশা কৰে। আজি দেখিছে, ইয়াৰ বাবে যেন দেশত এক বিপ্লৱ চলি আছে। আজি দেশত এমএছএমইসমূহে যিমান সমৰ্থন পাইছে সেয়া পূৰ্বে পোৱা নাছিল৷ আজি প্লাগ এণ্ড প্লে, চহৰত ঔদ্যোগিক উদ্যান নিৰ্মাণ কৰা হৈছে, অৰ্থনৈতিক কৰিডৰ নিৰ্মাণ কৰা হৈছে। জটিল খনিজ পদাৰ্থৰ উৎপাদনক প্ৰসাৰিত কৰা হৈছে। ভাৰতত পিএলআই আঁচনিসমূহে যি সফলতা লাভ কৰিছে সেয়া অভূতপূৰ্ব।

 

বন্ধুসকল,

দাসত্বৰ কালছোৱাৰ পূৰ্বে ভাৰতৰ সমৃদ্ধিৰ প্ৰধান ভিত্তি আছিল আমাৰ জ্ঞান পৰম্পৰা, আমাৰ জ্ঞান ব্যৱস্থা। উন্নত ভাৰতৰো ই এক গুৰুত্বপূৰ্ণ স্তম্ভ। আমাৰ মাজৰ কোনে নিবিচাৰিব যে ভাৰত দক্ষতা, জ্ঞান, গৱেষণা আৰু উদ্ভাৱনৰ কেন্দ্ৰবিন্দু হওক? ইয়াৰ বাবে চৰকাৰে উদ্যোগ আৰু শিক্ষানুষ্ঠানক নিজৰ অংশীদাৰ কৰি তুলিছে। এইবাৰৰ বাজেটতো এই বিষয়ে বহু গুৰুত্ব দিয়া হৈছে। এক লাখ কোটি টকাৰ গৱেষণা পুঁজিৰ আঁৰৰ আমাৰ চিন্তাধাৰাও এয়াই৷ আজি দেশত ভাৰতৰ শীৰ্ষ বিদেশী বিশ্ববিদ্যালয়ৰ চৌহদ খুলিবলৈ চেষ্টা কৰা হৈছে৷ আমাৰ মধ্যবিত্তীয় ল'ৰা-ছোৱালী যিয়ে বিদেশত পঢ়া-শুনাত ইমান টকা খৰচ কৰে, আমি সেই ধন সঞ্চয় হোৱাটো বিচাৰো। এটা উদাহৰণ দিছো৷ স্বাধীনতাৰ পিছত ৭ দশক ধৰি ভাৰতত এমবিবিএছ-এমডিৰ আসন প্ৰায় ৮০ হাজাৰ। আৰু সেইবাবেই আমাৰ ল’ৰা-ছোৱালীবোৰ ডাক্তৰ হ’বলৈ বহিঃৰাজ্যলৈ যাবলৈ বাধ্য হৈছিল৷ যোৱা ১০ বছৰত আমি দেশত প্ৰায় এক লাখ নতুন এমবিবিএছ-এমডিৰ আসন সংযোজন কৰিছো। আজি দেশত এক লাখ আশী হাজাৰতকৈও অধিক এমবিবিএছ-এমডিৰ আসন আছে। আৰু এইবাৰ ১৫ আগষ্টত লালকিল্লাৰ পৰা ঘোষণা কৰিছো যে অহা ৫ বছৰত ভাৰতত মেডিকেল লাইনত ৭৫ হাজাৰ নতুন আসন সংযোজন হ’ব। ভাৰতবৰ্ষ বিশ্বৰ স্বাস্থ্য আৰু আৰোগ্যতাৰ এক অতি গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হ’বলগীয়া দিনটো বহু দূৰত নহয়।

বন্ধুসকল,

আজি ভাৰতৰ আন এক ডাঙৰ উচ্চাকাংক্ষা আছে। এই উচ্চাকাংক্ষা দেশখনক বিশ্ব খাদ্যৰ বাস্কেট হিচাপে গঢ়ি তোলা। বিশ্বৰ প্ৰতিখন ডাইনিং টেবুলত অন্ততঃ এটাকৈ মেড ইন ইণ্ডিয়া খাদ্য সামগ্ৰী থকাটো দেশৰ সংকল্প। এই সংকল্পত উপনীত হ’বলৈ আমি একেলগে বহু কাম কৰি আছো। আজি জৈৱিক কৃষি আৰু প্ৰাকৃতিক কৃষিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আমাৰ দুগ্ধজাত সামগ্ৰী আৰু আমাৰ সাগৰীয় খাদ্যৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়া হৈছে। আপোনালোকে দেখিছে, যোৱা বছৰ সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় বাজৰা বছৰ উদযাপন কৰিছিল, কাৰ উদ্যোগত? ভাৰতৰ উদ্যোগত। বিশ্বৰ কোনখন দেশত বাজৰাৰ উৎপাদন সৰ্বাধিক–ভাৰত, আৰু এই বাজৰাবোৰ ছুপাৰফুড, প্ৰকৃতিৰ বাবেও ভাল আৰু প্ৰগতিৰ বাবেও ভাল। মই সুখী যে আজি ভাৰতে বিশ্বৰ শীৰ্ষ খাদ্য ব্ৰেণ্ডৰ ভিতৰত স্থান দখল কৰিছে।

বন্ধুসকল,

উন্নত ভাৰতৰ আন এক শক্তিশালী স্তম্ভ হ’বলৈ গৈ আছে সেউজ শক্তি খণ্ড। জি-২০ত ভাৰতৰ সফলতা আপোনালোকে দেখিছে। ভাৰতৰ সেউজ হাইড্ৰজেনৰ পদক্ষেপক সকলো দেশেই সমৰ্থন কৰিছিল। ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০ লাখ টন হাইড্ৰজেন উৎপাদনৰ ক্ষমতা বিকাশ কৰাৰ সিদ্ধান্ত লৈছে। ভাৰতে ২০৩০ চনৰ ভিতৰত ৫০০ জিৱাট নবীকৰণযোগ্য শক্তি উৎপাদন কৰাৰ লক্ষ্য ৰাখিছে।

বন্ধুসকল,

বছৰ বছৰ ধৰি প্ৰযুক্তিয়ে আমাৰ বৃদ্ধি ত্বৰান্বিত কৰি তুলিছে। এতিয়া প্ৰযুক্তিৰ সমান্তৰালকৈ পৰ্যটনো ভাৰতৰ বিকাশৰ এক শক্তিশালী স্তম্ভ হৈ পৰিব। আজি দেশে ভাৰতক সমগ্ৰ বিশ্বৰ পৰ্যটকৰ বাবে আৰু প্ৰতিটো খণ্ডৰ পৰ্যটকৰ বাবে শীৰ্ষ গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা চলাইছে। আজি ভাৰতৰ ঐতিহাসিক আৰু সাংস্কৃতিক কেন্দ্ৰসমূহক ভূ্ব্য আৰু ঐশ্বৰিক কৰি তোলা হৈছে। আমাৰ উপকূল আৰু সৰু সৰু দ্বীপবোৰৰ উন্নয়ন সাধন কৰা হৈছে। আৰু বৰ্তমান সময়ত দেশত এক অনন্য অভিযানো চলি আছে। দেখো অপনা দেশ,, পিপলছ চইছ, ভাৰতৰ জনপ্ৰিয় পৰ্যটন স্থলীৰ তালিকা প্ৰস্তুত কৰিবলৈ ভোটদান কৰা হৈছে, নাগৰিকসকলে ইয়াৰ বাবে ভোটদান কৰিছে। যিবোৰ পৰ্যটন স্থান ভাৰতৰ জনসাধাৰণে শীৰ্ষ গন্তব্যস্থান হিচাপে গণ্য কৰে সেইবোৰ মিছন মোডত বিকশিত কৰা হ’ব। আৰু তাতোকৈ অধিক সংখ্যক কৰ্মসংস্থাপনৰ সৃষ্টি হ’ব।

বন্ধুসকল,

আজি আমাৰ দেশে পৰিৱৰ্তনত সকলোৰে অংশগ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। জি-২০ৰ অধক্ষতাৰ সময়ছোৱাত আমি আমাৰ আফ্ৰিকান বন্ধুসকলক শক্তিশালী কৰাত সহায় কৰিছিলো। আমি গ্ল’বেল ছাউথৰ কণ্ঠ হ’লোঁ। এতিয়া আমি এনে এখন বিশ্ব ব্যৱস্থা বিচাৰো যিয়ে সকলো দেশৰ, বিশেষকৈ গ্ল’বেল ছাউথৰ সৰ্বাংগীন উন্নয়ন নিশ্চিত কৰে। আগন্তুক সময়ত গ্ল’বেল ছাউথৰ দেশসমূহে বিশ্বৰ ভিতৰতে সৰ্বাধিক সম্ভাৱনা লাভ কৰিব। সমগ্ৰ মানৱতাৰ এক বৃহৎ অংশ এই দেশসমূহত বাস কৰে। আৰু বিশ্ববন্ধুৰ মনোভাৱেৰে এই দেশসমূহৰ কণ্ঠস্বৰ হৈ পৰিছে ভাৰত।

 

বন্ধুসকল,

আজিৰ বিশ্ব গতিশীল। গতিকে আমাৰ চৰকাৰৰ নীতি-কৌশলবোৰো গতিশীল। প্ৰতিটো প্ৰয়োজন অনুসৰি আমি প্ৰতিটো প্ৰয়োজনীয় পদক্ষেপ লৈছো। আমি কালিৰ ভিত্তিত নহয়, ভৱিষ্যতৰ কথা মনত ৰাখি আমাৰ নীতি নিৰ্ধাৰণ কৰিছো। আমাৰ মনোযোগ ভৱিষ্যতৰ ওপৰত। কাইলৈৰ প্ৰত্যাহ্বান আৰু সুযোগৰ বাবে আমি আজি দেশক প্ৰস্তুত কৰিছো। গ্ৰীণ হাইড্ৰজেন মিছনেই হওক, কোৱাণ্টাম মিছনেই হওক, অৰ্ধপৰিবাহী মিছনেই হওক, গভীৰ সাগৰীয় মিছনেই হওক, ভাৰতে বৰ্তমান এইবোৰৰ ওপৰত কাম কৰি আছে। এতিয়া আপোনালোকে দেখিছে যে মহাকাশ প্ৰযুক্তিৰ প্ৰসাৰৰ বাবে চৰকাৰে ১০০০ কোটি টকাৰ পুঁজি ঘোষণা কৰিছে। আজিৰ ভাৰত সুযোগৰ দেশ। আমি বিশ্বাস কৰোঁ যে ভাৰতৰ ভৱিষ্যত ইয়াতকৈ বহুত ভাল হ’বলৈ গৈ আছে।

বন্ধুসকল,

আমি ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ভাৰত হিচাপে গঢ়ি তোলাৰ সংকল্প লৈছো। আমি জানো যে আপুনিও দেশৰ এই যাত্ৰাত উৎসাহেৰে অংশগ্ৰহণ কৰিব বিচাৰে। আমি বিচাৰো ভাৰতৰ অধিকাংশ কোম্পানী গ্ল’বেল ব্ৰেণ্ড হওঁক, আমি বিচাৰো ভাৰত বিশ্বৰ প্ৰতিটো খণ্ডতে অগ্ৰণী হওক, আমাৰ প্ৰতিশ্ৰুতি হ’ল, আমি সুবিধা কৰিম, আপোনালোকে প্ৰতিশ্ৰুতি দিয়ক, আপোনালোকে উদ্ভাৱন কৰক। আমাৰ প্ৰতিশ্ৰুতি হ’ল, আমি সংস্কাৰ কৰিম, আপুনি প্ৰতিশ্ৰুতি দিয়ক, আপুনি প্ৰদৰ্শন কৰিব। আমাৰ প্ৰতিশ্ৰুতি হ’ল, আমি এটা সুস্থিৰ নীতিগত ব্যৱস্থা দিম, আপোনালোকে প্ৰতিশ্ৰুতি দিয়ক, আপোনালোকে ইতিবাচক পদক্ষেপ লওক৷ আমাৰ প্ৰতিশ্ৰুতি হ'ল, আমি উচ্চ বিকাশৰ ওপৰত গুৰুত্ব দিম আপোনালোকে প্ৰতিশ্ৰুতি দিয়ক, আপোনালোকে উচ্চমানৰ ওপৰত গুৰুত্ব দিব। ডাঙৰ চিন্তা কৰক, আমি একেলগে দেশৰ বাবে বহু সফলতাৰ কাহিনী লিখিব লাগিব। আজিৰ ভাৰত বিশ্বৰ আটাইতকৈ ডাঙৰ সম্ভাৱনাৰ ভূমি হৈ পৰিছে। আজিৰ ভাৰতে সম্পদ সৃষ্টিকৰ্তাক সন্মান কৰে। এখন শক্তিশালী ভাৰতে সমগ্ৰ মানৱ জাতিৰ বাবে অপৰিসীম উন্নয়ন কঢ়িয়াই আনিব পাৰে। এখন সমৃদ্ধিশালী ভাৰতে সমগ্ৰ বিশ্বৰ সমৃদ্ধিৰ বাট মুকলি কৰিব পাৰে। আমি উদ্ভাৱন, অন্তৰ্ভুক্তি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মন্ত্ৰবোৰ মনত ৰাখিব লাগিব। দেশৰ বাহিৰত বসবাস কৰা প্ৰতিজন ভাৰতীয়ক, ভাৰতৰ প্ৰতিজন সমৰ্থকক মই ক’ম, আহক আমি সকলোৱে একেলগে এই যাত্ৰাত অগ্ৰসৰ হওঁ। আহক আমি ভাৰতক বিকশিত হিচাপে গঢ় দিওঁ, কাৰণ বিশ্বৰ সমৃদ্ধি ভাৰতৰ সমৃদ্ধিতেই নিহিত হৈ আছে। আৰু মোৰ বিশ্বাস, আমি এই লক্ষ্যত উপনীত হ’ব পাৰিম। আৰু এই আত্মবিশ্বাসেৰে আপোনালোক সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre's Nasha Mukt Bharat campaign reaches 34.54 crore people

Media Coverage

Centre's Nasha Mukt Bharat campaign reaches 34.54 crore people
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Samvatsari
September 15, 2026

The Prime Minister, Shri Narendra Modi, has extended his greetings to the people on the sacred occasion of Samvatsari. Shri Modi said that Samvatsari reminds us that forgiveness and compassion strengthen every bond. He called upon everyone to embrace humility and let kindness and goodwill guide their actions.

The Prime Minister posted on X:

Samvatsari reminds us that forgiveness and compassion strengthen every bond.

On this sacred occasion, may humility guide us and may kindness and goodwill shape our every action.

Michhami Dukkadam!