পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে প্ৰধানমন্ত্ৰী নেতান্যাহুৱে
প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে কোনো ৰূপ আৰু প্ৰকাশতে সন্ত্ৰাসবাদৰ কোনো স্থান নাই
আঞ্চলিক তীব্ৰতা বৃদ্ধি ৰোধ কৰা আৰু সকলো পণবন্দীক নিৰাপদে মুক্তি দিয়াৰ গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীয়ে
প্ৰধানমন্ত্ৰীয়ে কয় যে শান্তি আৰু সুস্থিৰতা আগতীয়াকৈ পুনৰুদ্ধাৰ কৰিবলৈ ভাৰত সাজু হৈ আছে
দুয়োগৰাকী নেতাই ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে
প্ৰধানমন্ত্ৰীয়ে ৰোছ হাছানাহ উপলক্ষে প্ৰধানমন্ত্ৰী নেতান্যাহু আৰু বিশ্বৰ ইহুদী জনসাধাৰণক শুভেচ্ছা জনাইছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী বেঞ্জামিন নেতান্যাহুৰ এটা টেলিফোন কল ৰিচিভ কৰে।

প্ৰধানমন্ত্ৰী নেতান্যাহুৱে পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে কোনো ৰূপ বা প্ৰকাশতে সন্ত্ৰাসবাদৰ কোনো স্থান নাই। প্ৰধানমন্ত্ৰীয়ে লগতে আঞ্চলিক তীব্ৰতা বৃদ্ধি ৰোধ আৰু সকলো পণবন্দীক নিৰাপদে মুক্তিৰ বাবে কাম কৰাৰ অতি গুৰুত্বপূৰ্ণ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

শান্তি আৰু সুস্থিৰতা আগতীয়াকৈ পুনৰুদ্ধাৰৰ বাবে ভাৰত সাজু হৈ আছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।

দুয়োগৰাকী নেতাই ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে কেইবাটাও দ্বিপাক্ষিক বিষয়ৰ ওপৰত আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে লগতে ৰোছ হাছানাহ উপলক্ষে প্ৰধানমন্ত্ৰী নেতান্যাহু আৰু বিশ্বৰ ইহুদী জনসাধাৰণক শুভেচ্ছাও জ্ঞাপন কৰে।

দুয়োগৰাকী নেতাই যোগাযোগ অব্যাহত ৰাখিবলৈ সন্মত হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Smartphone PLI plan exceeds targets, value addition quadruples': Industry informs govt

Media Coverage

'Smartphone PLI plan exceeds targets, value addition quadruples': Industry informs govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 জুলাই 2026
July 08, 2026

1,000 Years of Heritage, One Future of Partnership: PM Modi Strengthens India-Indonesia Bonds in Jakarta