প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী মেট্টে ফ্ৰেডাৰিকছেন, আইচলেণ্ডৰ প্ৰধানমন্ত্ৰী কাৰ্টিন জেকবছডট্টিৰ, নৰৱে’ৰ প্ৰধানমন্ত্ৰী জোনাছ গাৰ ষ্ট’ৰ, ছুইডেনৰ প্ৰধানমন্ত্ৰী মেগডালেনা এণ্ডাৰছন আৰু ফীনলেণ্ডৰ প্ৰধানমন্ত্ৰী ছান্না মেৰিনৰ সৈতে ‘দ্বিতীয় ভাৰত-ন’ৰ্ডিক শীৰ্ষ সন্মিলন’ত অংশগ্ৰহণ কৰে।

এই সন্মিলনে ২০১৮ চনত ষ্টকহমত অনুষ্ঠিত হোৱা প্ৰথমখন ‘ভাৰত-ন’ৰ্ডিক শীৰ্ষ সন্মিলন’ৰ পৰৱৰ্তি সময়ছোৱাত হোৱা অগ্ৰগতিসমূহ পৰ্যালোচনা কৰাৰ সুন্দৰ সুযোগ প্ৰদান কৰে। মহামাৰীৰ পিচত অৰ্থনৈতিক পুনৰুথ্থানৰ লগতে জলবায়ু পৰিৱৰ্তন, বহণক্ষম উন্নয়ণ, উদ্ভাৱন, ডিজিটাইজেশ্যন আৰু ‘গ্ৰীণ এণ্ড ক্লীন গ্ৰ’থ’ আদি ক্ষেত্ৰত বহু পক্ষীয় সহযোগিতাৰ প্ৰসংগত সন্মিলনত বিশেষ আলোচনা অনুষ্ঠিত হয়।

‘বহণক্ষম মহাসাগৰীয় প্ৰবন্ধন’ক গুৰুত্ব প্ৰদানৰে নৌ-পৰিবহণ ক্ষেত্ৰত সহযোগিতা সন্দৰ্ভতো সন্মিলনত অলোচনা কৰা হয়। প্ৰধানমন্ত্ৰীয়ে ন’ৰ্ডিক কোম্পীনীসমূহক ‘ব্লু ইক’নমী’ খণ্ড, বিশেষকৈ ভাৰতৰ ‘সাগৰমালা প্ৰকল্প’ত বিনিয়োগ কৰাৰ বাবে আমন্ত্ৰণ জনায়।

 

সেইদৰে ‘আৰ্কটিক ৰিজন’ত ন’ৰ্ডিক অঞ্চলৰে ভাৰতৰ সহয়োগিতামূলক সম্পৰ্ক সন্দৰ্ভতো আলোচনাই ঠাই পায়। ভাৰতৰ ‘আৰ্ক্টিক নীতি’য়ে ‘ভাৰত-ন’ৰ্ডিক’ সহযোগিতাৰ ক্ষেত্ৰখন সম্প্ৰাসৰিত কৰাৰ ক্ষেত্ৰত এক ভাল পৰিকাঠামো তৈয়াৰ কৰাৰ কথাও প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ন’ৰ্ডিক দেশসমূহৰ ‘সাৰ্বভৌম সম্পদ নিধি’সমূহক ভাৰতত বিনিয়োগ কৰাৰ বাবেও আমন্ত্ৰণ জনায়।

সন্মিলনত আঞ্চলিক আৰু গোলকীয় উন্নয়ণী কাৰ্যক্ৰমসমূহৰ সন্দৰ্ভতো বিভিন্ন আলোচনা অনুষ্ঠিত হয়।

সন্মিলনত এক যুটীয়া বিবৃতিও সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়।

which may be seen here.

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 02 আগষ্ট 2026
August 02, 2026

Youth. Manufacturing. Digital Trust. The Three Engines Powering New Bharat Under PM Modi