PM releases the Annual Report of the Indian Judiciary 2023-24
Our constitution is not merely a Book of Law, its a continuously ever- flowing, living stream: PM
Our Constitution is the guide to our present and our future: PM
Today every citizen has only one goal ,to build a Viksit Bharat: PM
A new judicial code has been implemented to ensure speedy justice, The punishment based system has now changed into a justice based system: PM

ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাজী, ন্যায়াধীশ বি আৰ গৱাইজী, ন্যায়াধীশ সূৰ্যকান্তজী, কেন্দ্ৰীয় কেবিনেটৰ মোৰ সহকৰ্মী শ্ৰী অৰ্জুন ৰাম মেঘৱালজী, ‘এটৰ্নি জেনেৰেল’ শ্ৰী ভেংকটৰমণীজী, ‘বাৰ কাউন্সিল’ৰ অধ্যক্ষ মনন কুমাৰ মিশ্ৰজী, উচ্চতম ন্যায়ালয় বাৰ এছোচিয়েশ্যনৰ অধ্যক্ষ শ্ৰী কপিল চিব্বলজী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, প্ৰাক্তন মুখ্য ন্যায়াধীশসকল, অনুষ্ঠানত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু সজ্জনসকল।

আপোনালোক সকলো দেশবাসীলৈ ‘সংবিধান দিৱস’ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাৰতৰ সংবিধানৰ এই ৭৫ সংখ্যক বৰ্ষটো সমগ্ৰ দেশৰ বাবে অপৰিসীম গৌৰৱৰ কথা। আজি মই ভাৰতৰ সংবিধান, সংবিধান সভাৰ সকলো সদস্যক সন্মানসহকাৰে প্ৰণিপাত জনাইছোঁ।

বন্ধুসকল,

গণতন্ত্ৰৰ এই গুৰুত্বপূৰ্ণ উৎসৱটো আমি স্মৰণ কৰিছোঁ, একে সময়তে আমি আজিৰ দিনটোতে মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাৰ্ষিকীৰ কথাও পাহৰিব নোৱাৰোঁ। এই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলো লোকলৈ মই শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। মই ৰাষ্ট্ৰৰ প্ৰতি মোৰ সংকল্পৰ পুনৰাবৃত্তি কৰিছোঁ যে ভাৰতৰ নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনক উপযুক্ত প্ৰত্যুত্তৰ নিশ্চিতভাৱেই দিয়া হ'ব।

 

বন্ধুসকল,

সংবিধান সভাৰ দীঘলীয়া বিতৰ্কৰ সময়ত, ভাৰতৰ গণতান্ত্ৰিক ভৱিষ্যত সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা হৈছিল। আপুনি সকলোৱেই সেই বিতৰ্কৰ বিষয়ে ভালদৰে অৱগত। আৰু তেতিয়া বাবাচাহেব আম্বেদকাৰে কৈছিল– সংবিধান কেৱল উকীলৰ দস্তাবেজেই নহয়... ইয়াৰ আত্মা হৈছে সদায়ে সময়ৰ আত্মা। বাবা চাহেবে যি ভাৱনাৰ কথা কৈছিল সেয়া হৈছে অতিকে গুৰুত্বপূৰ্ণ। আমাৰ সংবিধান প্ৰণেতাসকলে আমাক এই ব্যৱস্থা প্ৰদান কৰিছে যাতে আমি দেশৰ সময় আৰু পৰিস্থিতি অনুসৰি উপযুক্ত সিদ্ধান্ত লৈ সময়ে সময়ে সংবিধানৰ ব্যাখ্যা কৰিব পাৰোঁ। আমাৰ সংবিধান প্ৰস্তুতকৰ্তাসকলে জানিছিল যে সময়ৰ লগে লগে ভাৰতৰ আশা-আকাংক্ষা আৰু সপোনো নতুন উচ্চতাত উপনীত হ'ব, তেওঁলোকে জানিছিল যে স্বাধীন ভাৰতৰ আৰু ইয়াৰ নাগৰিকসকলৰ প্ৰয়োজনীয়তা সলনি হ'ব, প্ৰত্যাহ্বান সলনি হ'ব। সেইকাৰণেই তেওঁলোকে আমাৰ সংবিধানক কেৱল আইনৰ গ্ৰন্থ হিচাপে প্ৰণয়ন কৰিয়েই ক্ষান্ত হোৱা নাছিল... ইয়াৰ পৰিৱৰ্তে, এওঁলোকে ইয়াক এক জীৱন্ত, নিৰন্তৰ প্ৰবাহিত ধাৰা হিচাপেও প্ৰণয়ন কৰিছিল।

বন্ধুসকল,

আমাৰ সংবিধান হৈছে আমাৰ বৰ্তমান আৰু আমাৰ ভৱিষ্যতৰ পথ প্ৰদৰ্শক। যোৱা ৭৫টা বছৰত দেশখনে যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, আমাৰ সংবিধানে সেইবোৰৰ প্ৰত্যেকটোকে সমাধান কৰাৰ সঠিক পথ দেখুৱাইছে। এই সময়ছোৱাত ‘জৰুৰীকালীন অৱস্থা’ৰ দৰে সময়ো আহিছিল। আৰু আমাৰ সংবিধানে গণতন্ত্ৰৰ সন্মুখত সৃষ্টি হোৱা এই প্ৰত্যাহ্বানৰো সন্মুখীন হৈছিল। আমাৰ সংবিধানে দেশৰ প্ৰতিটো প্ৰয়োজনীয়তাকে, প্ৰতিটো প্ৰত্যাশাকে পূৰণ কৰিছে। সংবিধানৰ পৰা লাভ কৰা এই শক্তিৰ সুবাদতে... আজি জম্মু-কাশ্মীৰত বাবা চাহেবৰ সংবিধান সম্পূৰ্ণৰূপে বলবত্ কৰা হৈছে। আজি প্ৰথমবাৰৰ বাবে তাত ‘সংবিধান দিৱস’ উদযাপন কৰা হৈছে।

বন্ধুসকল,

আজি ভাৰতে ইমান ডাঙৰ পৰিৱৰ্তনৰ মাজেৰে যাত্ৰা অব্যাহত ৰাখিছে, ইমান গুৰুত্বপূৰ্ণ সময়ত ভাৰতৰ সংবিধানেই আমাক পথ দেখুৱাইছে, ই আমাৰ বাবে এক পথ প্ৰদৰ্শনকাৰী আলোকস্তম্ভ হৈ উঠিছে।

বন্ধুসকল,

এতিয়া ভাৰতৰ ভৱিষ্যতৰ পথ হৈছে ডাঙৰ সপোন, ডাঙৰ সংকল্পৰ পৰিপূৰ্ণতা। আজি, প্ৰতিগৰাকী দেশবাসীৰ একমাত্ৰ লক্ষ্য হৈছে - এক ‘উন্নত ভাৰত’ গঢ়ি তোলা। ‘উন্নত ভাৰত’ৰ অৰ্থ হৈছে য'ত দেশৰ প্ৰতিগৰাকী নাগৰিকে ‘মানসম্পন্ন জীৱন’, ‘জীৱনৰ মৰ্যাদা’ লাভ কৰিব পাৰে। ই হৈছে সামাজিক ন্যায়ৰ এটা মহান মাধ্যম। আৰু এয়াও হৈছে সংবিধানৰ আত্মা। সেয়েহে, বিগত বছৰবোৰত দেশৰ জনসাধাৰণৰ মাজত অৰ্থনৈতিক আৰু সামাজিক সমতা অনাৰ বাবে বহুতো পদক্ষেপ লোৱা হৈছে। যোৱা ১০টা বছৰত, এনে ৫৩ কোটিতকৈয়ো অধিক ভাৰতীয়ই ‘বেংক একাউণ্ট’ খুলিছে যিসকলে বেংকৰ দুৱাৰমুখতে উপস্থিত হ'বগৈ পৰা নাছিল। প্ৰজন্মৰ পিচত প্ৰজন্ম ধৰি গৃহহীন হৈ অহা ৪ কোটি ভাৰতীয়ই যোৱা ১০ বছৰত একোটা পকী ঘৰ লাভ কৰিছে, ১০ কোটিৰো অধিক মহিলা যি তেওঁলোকৰ ঘৰত গেছৰ সংযোগ লাভ কৰিবলৈ বছৰ পিচত বছৰ ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল যোৱা ১০টা বছৰত তেওঁলোকে সেই সংযোগ লাভ কৰিছে। আমি আজিৰ জীৱনত ঘৰত টেপটো খুলিলেই পানী পোৱাটো অতি সহজ অনুভৱ কৰোঁ। কিন্তু স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো দেশত মাত্ৰ ৩ কোটি ঘৰহে আছিল য'ত নলেৰে জলৰ সংযোগ পোৱা গৈছিল। কোটি কোটি মানুহে এতিয়াও তেওঁলোকৰ ঘৰত নলেৰে পানীৰ যোগান লাভ কৰাৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হৈছিল। মই সন্তুষ্ট যে আমাৰ চৰকাৰে ৫-৬টা বছৰত ১২ কোটিতকৈয়ো অধিক পৰিয়ালৰ ঘৰলৈ নলেৰে পানী যোগান ধৰি নাগৰিকসকলৰ, বিশেষকৈ মহিলাসকলৰ জীৱন সহজ কৰি তুলিছে আৰু সংবিধানৰ চেতনা শক্তিশালী কৰিছে।

 

বন্ধুসকল,

আপোনালোক সকলোৱে জানে যে আমাৰ সংবিধানৰ মূল প্ৰতিলিপিত ভগৱান শ্ৰী ৰাম, আই সীতা, হনুমান জী, ভগৱান বুদ্ধ, ভগৱান মহাবীৰ, গুৰু গোবিন্দ সিং জী... এই সকলোৰে ছবি সন্নিৱিষ্ট কৰা হৈছে। এয়া হৈছে ভাৰতৰ সংস্কৃতিৰ প্ৰতীক... এই ছবিসমূহক সংবিধানত স্থান দিয়া হৈছিল যাতে সেইসমূহে আমাক মানৱীয় প্ৰমূল্যবোধৰ বিষয়ে সজাগ কৰি ৰাখিব পাৰে। এই মানৱীয় প্ৰমূল্যবোধবোৰ... সেইবোৰ হৈছে ভাৰতৰ আজিৰ নীতি আৰু সিদ্ধান্তসমূহৰ আধাৰ। ভাৰতীয়সকলক দ্ৰুত ন্যায় নিশ্চিত কৰিবলৈ নতুন ন্যায়িক সংহিতা বলবত্ কৰা হৈছে। দণ্ডব্যৱস্থা এতিয়া ন্যায় আধাৰিত ব্যৱস্থালৈ পৰিৱৰ্তিত হৈছে। মহিলাসকলৰ ৰাজনৈতিক অংশগ্ৰহণ বৃদ্ধি কৰাৰ বাবে, নাৰী শক্তি বন্দন আইন ঐতিহাসিক ভাৱে গ্ৰহণ কৰা হৈছে। আমি তৃতীয় লিংগকো তেওঁলোকৰ পৰিচিতি আৰু তেওঁলোকৰ অধিকাৰ প্ৰদান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ। আমি দিব্যাংগ ব্যক্তিসকলৰ জীৱন সহজ কৰাৰ ব্যৱস্থাও কৰিছোঁ।

বন্ধুসকল,

আজি দেশৰ নাগৰিকসকলৰ জীৱন ধাৰণৰ সহজতাৰ বাবে দেশৰ যথেষ্ট গুৰুত্ব আৰোপ কৰা হৈছে। এটা সময় আছিল যেতিয়া জ্যেষ্ঠ পেঞ্চনাৰসকলে তেওঁলোক জীয়াই আছে বুলি প্ৰমাণ কৰিবলৈ বেংকলৈ যাব লগা হৈছিল। আজি জ্যেষ্ঠ নাগৰিকসকলে তেওঁলোকৰ ঘৰৰ পৰাই আৰামত ‘ডিজিটেল জীৱন প্ৰমাণপত্ৰ’ৰ সুবিধা গ্ৰহণ কৰিব পাৰিছে। এতিয়ালৈকে প্ৰায় ১.৫ কোটি জ্যেষ্ঠ নাগৰিকে এই সুবিধাৰ পৰা লাভান্বিত হৈছে। আজি ভাৰত এখন দেশ যিয়ে প্ৰতিটো দৰিদ্ৰ পৰিয়ালক ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা প্ৰদান কৰে। আজি, ভাৰত হৈছে এনে এখন দেশ যি ৭০ বছৰৰ অধিক বয়সৰ প্ৰতিগৰাকী বৃদ্ধ ব্যক্তিকো বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰে। সমগ্ৰ দেশৰ হাজাৰ হাজাৰ ‘জন ঔষধী কেন্দ্ৰ’ই এতিয়া ৮০ শতাংশ ৰেহাইত সুলভ মূল্যৰ ঔষধৰ সেৱা আগবঢ়াইছে। এটা সময়ত আমাৰ দেশত টিকাকৰণে সামৰি লোৱা হাৰ ৬০ শতাংশতকৈয়ো কম আছিল। প্ৰতি বছৰে দহ লাখ শিশু টিকাকৰণৰ পৰা বঞ্চিত হবলগীয়া হৈছি। আজি মই সন্তুষ্ট যে এতিয়া ‘মিছন ইন্দ্ৰধনুষ’ৰ বাবে ভাৰতত টিকাকৰণে ১০০ শতাংশ হাৰৰে পৰিপূৰ্ণতাত উপনীত হৈছে। আজি, দূৰৱৰ্তী গাওঁসমূহতো শিশুসকলক সময়মতে প্ৰতিষেধক প্ৰদান কৰা হৈছে। এই প্ৰচেষ্টাবোৰে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বহুত ডাঙৰ চিন্তা হ্ৰাস কৰিছে।

বন্ধুসকল,

আজি দেশত কেনেদৰে কাম চলি আছে ইয়াৰ এটা উদাহৰণ হ'ল ‘উচ্চাকাংক্ষী জিলা অভিযান’। দেশৰ এনে ১০০ খনতকৈয়ো অধিক জিলা যাক পিছপৰা বুলি কোৱা হৈছিল... আমি তেওঁলোকক ‘উচ্চাকাংক্ষী জিলা’ হিচাপে বিবেচনা কৰিছিলো আৰু তাত প্ৰতিটো মাপকাঠিত উন্নয়নৰ গতি ত্বৰান্বিত কৰা হৈছে। আজি দেশৰ বহুতো ‘উচ্চাকাংক্ষী জিলা’ই আন জিলাতকৈ যথেষ্ট ভাল কাম কৰি আছে। এতিয়া এই আৰ্হিৰ আধাৰত আমি ‘উচ্চাকাংক্ষী খণ্ড’ কাৰ্যসূচীও আৰম্ভ কৰিছোঁ।

 

বন্ধুসকল,

আজি দেশখনে দৈনন্দিন জীৱনৰ পৰা জনসাধাৰণৰ সমস্যা দূৰ কৰাত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। কেইবছৰমান আগলৈকে ভাৰতত ২.৫ কোটি ঘৰ আছিল যিবোৰ সন্ধিয়া অন্ধকাৰত নিমজ্জিত হৈ থাকিবলগীয়া হৈছিল, সেই ঘৰবোৰত বিদ্যুতৰ সংযোগ নাছিল। এতিয়া সকলোকে বিনামূলীয়া বিদ্যুৎ সংযোগ প্ৰদান কৰি দেশে তেওঁলোকৰ জীৱন উজলাই তুলিছে। যোৱা বছৰবোৰত দূৰৱৰ্তী এলেকাবোৰত হাজাৰ হাজাৰ মোবাইল টাৱাৰ স্থাপন কৰা হৈছে। যাতে মানুহে ৪জি/৫জি সংযোগ লাভ কৰি থাকিব পাৰে। আগতে, যদি আপুনি আন্দামান বা লক্ষদ্বীপলৈ গৈছিল, তেন্তে তাত ‘ব্ৰডবেণ্ড’ৰ সংযোগ পোৱা নাছিল। আজি, পানীৰ গভীৰতাৰে পাৰ কৰি নিয়া অপ্টিকেল ফাইবাৰে এনে দ্বীপসমূহক উচ্চ গতিৰ ইণ্টাৰনেটসেৱা প্ৰদান কৰিছে। গাঁৱৰ ঘৰ, গাঁৱৰ ভূমি সম্পৰ্কীয় বহুতো বিবাদ হৈছে... আমি এয়া ভালদৰেই জানো। সমগ্ৰ বিশ্বৰ উন্নত দেশসমূহৰ সন্মুখতো ভূমি অভিলেখ এক ডাঙৰ প্ৰত্যাহ্বান হৈ আহিছে। কিন্তু আজিৰ ভাৰতে ইয়াতো আগভাগ লৈছে। ‘প্ৰধানমন্ত্ৰী স্বামিত্ব আঁচনি’ৰ অধীনত আজি গাঁৱৰ ঘৰসমূহৰ ‘ড্ৰোন মেপিং’ কৰা হৈছে আৰু আইনী নথিপত্ৰ জাৰী কৰা হৈছে।

বন্ধুসকল,

দেশৰ উন্নয়নৰ বাবে আধুনিক আন্তঃগাঁথনিৰ দ্ৰুত নিৰ্মাণো হৈছে সমানেই গুৰুত্বপূৰ্ণ। আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্পবোৰ সময়মতে সম্পূৰ্ণ হোৱাৰ বাবে দেশৰ ধনো বহুখিনি ৰাহি কৰিব পৰা গৈছে। আৰু প্ৰকল্পসমূহে ইয়াৰ উপযোগিতাও বহুত বৃদ্ধি কৰিব পাৰিছে। এই চিন্তাধাৰাৰ সৈতে প্ৰগতি নামৰ এখন মঞ্চ সৃষ্টি কৰা হৈছে য'ত আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্পৰ নিয়মীয়া পৰ্যালোচনা কৰা হয়। আৰু ইয়াৰে কিছুমান প্ৰকল্প এনেকুৱা আছিল যে সেইবোৰ ৩০-৩০, ৪০-৪০ বছৰৰ ধৰি নিষ্পত্তি নোহোৱাকৈ আছিল। মই নিজেই ইয়াৰ সভাসমূহত সভাপতিত্ব কৰোঁ। আপোনালোকে জানি আনন্দিত হ'ব যে এতিয়ালৈকে ১৮ লাখ কোটি টকাৰ এনে প্ৰকল্পৰ পৰ্যালোচনা কৰা হৈছে আৰু এইসমূহৰ সন্মুখৰ বাধাসমূহ আঁতৰ কৰা হৈছে। সময়মতে সম্পূৰ্ণ হোৱা প্ৰকল্পবোৰে মানুহৰ জীৱনত যথেষ্ট ইতিবাচক প্ৰভাৱ পেলাইছে। এই প্ৰচেষ্টাবোৰ দেশত হৈ আছে... এনে প্ৰয়াসে দেশৰ প্ৰগতি ত্বৰান্বিত কৰি আছে আৰু সংবিধানৰ মৌলিক চেতনা শক্তিশালী কৰি আছে।

বন্ধুসকল,

মই ড০ ৰাজেন্দ্ৰ প্ৰসাদজীৰ এষাৰ কথাৰে ভাষণৰ সামৰণি মাৰিব বিচাৰিছোঁ। ২৬ নৱেম্বৰ... ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাত তেওঁৰ সামৰণি ভাষণত ড০ ৰাজেন্দ্ৰ প্ৰসাদে কৈছিল, "ভাৰতক আজি সৎ লোকৰ এটা গোটৰ বাহিৰে আন একোৰে প্ৰয়োজন নাই, যিয়ে দেশৰ স্বাৰ্থক তেওঁলোকৰ নিজৰ আগত ৰাখিব। 'নেশ্যন ফাৰ্ষ্ট'ৰ এই মনোভাৱে ভাৰতৰ সংবিধানক অনাগত বহু শতাব্দীৰ বাবে জীয়াই ৰাখিব। মই সংবিধানে মোক দিয়া কামৰ সীমাৰ ভিতৰত থাকিবলৈ চেষ্টা কৰিছোঁ আৰু মই কোনো বেদখল জাপি দিয়াৰ চেষ্টা কৰা নাই। যিহেতু সংবিধানে মোক সেই কাম কৰিবলৈ নিৰ্দেশ দিছে সেয়ে মই মোৰ সীমা বৰ্তাই ৰাখি মোৰ কথাখিনি উপস্থাপন কৰিছোঁ। ইয়াত কেৱল ইংগিতৰেই কথাবোৰ কোৱা হয়, বহলাই কোৱাৰ কোনো প্ৰয়োজন নহয়।   

 

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI completes 10 years, clocks nearly 13,000-fold rise in transaction volume

Media Coverage

UPI completes 10 years, clocks nearly 13,000-fold rise in transaction volume
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam emphasizing on good company and wise counsel
August 25, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting the virtue of good company and wise counsel. The message offers a timeless reminder that wise companionship, noble discourse and selfless friendship are essential foundations for a fulfilling and peaceful life:

"उत्तमैः सह साङ्गत्यं पण्डितैः सह सत्कथाम्‌।

अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति॥"

The Prime Minister posted on X:

उत्तमैः सह साङ्गत्यं पण्डितैः सह सत्कथाम्‌।

अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति॥