প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি অক্সিজেনৰ যোগান আৰু ইয়াৰ পৰ্যাপ্ততা বৃদ্ধি কৰাৰ পদ্ধতি আৰু উপায়সমূহৰ সমীক্ষা কৰিবলৈ এখন উচ্চস্তৰীয় বৈঠকৰ অধ্যক্ষতা কৰে। বিষয়াসকলে তেওঁক যোৱা কেইটামান সপ্তাহত অক্সিজেনৰ যোগানত সংশোধনৰ বাবে কৰা প্ৰয়াসৰ বিষয়ে অৱগত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে অনেক দিশত দ্ৰুতগতিত কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথা কয়। ইয়াৰ ভিতৰত অক্সিজেনৰ উৎপাদন বঢ়োৱা, বিতৰণৰ গতি বঢ়োৱা আৰু স্বাস্থ্য সুবিধাৱলীৰ বাবে অক্সিজেনৰ সাহায্য প্ৰদান কৰিবলৈ অভিনৱ পদ্ধতিৰ ব্যৱহাৰ কৰা অন্তৰ্ভুক্ত আছে।

 

প্ৰধানমন্ত্ৰীক অৱগত কৰা হয় যে ৰাজ্যসমূহৰ অক্সিজেনৰ চাহিদা চিনাক্ত কৰা আৰু সেই অনুসৰি পৰ্যাপ্ত যোগান সুনিশ্চিত কৰিবৰ বাবে তেওঁলোকৰ সৈতে লগলাগি বিস্তৃত কাৰ্য কৰি থকা হৈছে। প্ৰধানমন্ত্ৰীক অৱগত কৰা হয় যে কেনেদৰে ৰাজ্যসমূহক অক্সিজেনৰ যোগান ধাৰাবাহিকভাৱে বঢ়াই থকা হৈছে। ২০খন ৰাজ্যৰ দৈনিক ৬,৭৮৫ মেট্ৰিক টন লিকুইড মেডিকেল অক্সিজেনৰ চাহিদাৰ পৰিৱৰ্তে ভাৰত চৰকাৰে ২১ এপ্ৰিলৰ পৰা এই ৰাজ্যসমূহক দৈনিক ৬,৮২২ মেট্ৰিক টন অক্সিজেন আৱণ্টিত কৰিছে।

 

এই কথা আলোচনা কৰা হয় যে যোৱা কিছু দিনত, বেচৰকাৰী আৰু সাৰ্বজনীন ইস্পাৎ প্ৰকল্প, উদ্যোগে অক্সিজেন নিৰ্মাতাৰ যোগদানৰ লগতে নন-এছেন্সিয়েল উদ্যোগৰ বাবে অক্সিজেনৰ যোগানত বাধা আৰোপ কৰি লিকুইড মেডিকেল অক্সিজেনৰ উপলব্ধতাত দৈনিক প্ৰায় ৩,৩০০ মেট্ৰিক টনৰ বৃদ্ধি হৈছে।

 

বিষয়াসকলে প্ৰধানমন্ত্ৰীক জনায় যে তেওঁলোকে অতি সোনকালে স্বীকৃত পিএছএ অক্সিজেন প্ৰকল্প আৰম্ভ কৰাবৰ বাবে ৰাজ্যসমূহৰ সৈতে লগ হৈ কাম কৰি আছে।

 

প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক এই কথা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে যে বিভিন্ন ৰাজ্যত অবাধে অক্সিজেনৰ যোগান হ'ব লাগে। তেওঁ কয় যে কোনো ধৰণৰ বাধা আৰোপ কৰা সন্দৰ্ভত স্থানীয় প্ৰশাসনৰ দায়িত্ব নিৰ্ণয় কৰা উচিত। তেওঁ মন্ত্ৰালয়সমূহক অক্সিজেনৰ উৎপাদন আৰু যোগান বঢ়াবৰ বাবে বিভিন্ন নতুন পদ্ধতিৰ উদ্ভাৱন কৰিবলৈও কয়।

 

নাইট্ৰজেন আৰু আৰ্গন টেংকাৰৰ ৰূপান্তৰন, টেংকাৰৰ যোগান আৰু এয়াৰ লিফ্টিঙৰ লগতে সিবিলাকৰ নিৰ্মাণৰ মাধ্যমত ছাইৰজেনিক টেংকাৰৰ দ্ৰুত গতিত উপলব্ধতা বঢ়াবলৈ বিভিন্ন উপায় কৰি থকা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ৰাজ্যসমূহক দ্ৰুত গতিত অক্সিজেন প্ৰদান কৰিব লাগে। এই বিষয়েও আলোচনা কৰা হয় যে টেংকাৰসমূহ খৰতকীয়াকৈ আৰু নৰখোৱাকৈ দীঘলীয়া দূৰত্বলৈকে পোৱাবৰ বাবে ৰে'লৱেৰ ব্যৱহাৰ কৰি থকা হৈছে। প্ৰথম ৰেক ১০৫ মেট্ৰিক টন এলএমঅ' পৌচাবৰ বাবে মুম্বাইৰ পৰা বিশাখাপট্টনম পালেগৈ। এনেকৈ, অক্সিজেনৰ যোগানত একমুখী যাত্ৰাৰ সময় কম কৰিবৰ বাবে বিমানৰ জৰিয়তে অক্সিজেন যোগান ধৰোতালৈকে খালী অক্সিজেন টেংকাৰ পৌচাই থকা হৈছে।

 

চিকিৎসা সমুদায়ৰ প্ৰতিনিধিয়ে অক্সিজেনৰ বিবেকপূৰ্ণ ব্যৱহাৰৰ আৱশ্যকতাৰ বিষয়েও কোৱা হয় আৰু কেনেকৈ কিছুমান ৰাজ্যত এক অডিটে ৰোগীৰ স্থিতিক প্ৰভাৱিত নকৰাকৈ অক্সিজেনৰ চাহিদা হ্ৰাস কৰিলে।

 

প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰতো জোৰ দিয়ে যে ৰাজ্যসমূহে হৰ্ডিঙৰ বিৰুদ্ধেও কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে।

 

বৈঠকত কেবিনেট সচিব, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব, গৃহ সচিব, স্বাস্থ্য সচিব, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়, পথ পৰিবহন মন্ত্ৰালয়, ফাৰ্মাচিউটিকেলছ আৰু নীতি আয়োগৰ বিষয়াবৰ্গই ভাগ লয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore

Media Coverage

Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived