Share
 
Comments
পৰীক্ষা হ’ল নিজকে সাজু কৰি তোলাৰ এক উৎকৃষ্ট অৱকাশঃ প্ৰধানমন্ত্ৰী মোদী
আজৰি সময়খিনি কৌতুহল বৃদ্ধি, নতুন দক্ষতা শিকাত ব্যৱহাৰ কৰকঃ প্ৰধানমন্ত্ৰী মোদী
আপোনাৰ পৰীক্ষাৰ নম্বৰে আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে৷ পৰীক্ষা হ’ল ফলদায়ী কেৰিয়াৰ গঢ়াৰ এক আৰম্ভণিঃ শিক্ষাৰ্থীসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদী
আপোনাৰ আটাইবোৰ দুশ্চিন্তা পৰীক্ষা হ’লৰ বাহিৰত এৰি থৈ আহকঃ প্ৰধানমন্ত্ৰী মোদী
কোনো কথা সহজে মনত ৰাখিবলৈ সেয়া মানসপটত কল্পনা কৰি লওকঃ শিক্ষাৰ্থীসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদী
আপোনালোকৰ শিশুৰ সৈতে সংযোজিত হওক, তেওঁলোকৰ ভাল পোৱা, বেয়া পোৱাসমূহ জানক৷ ইয়াৰ দ্বাৰা প্ৰজন্মৰ ব্যৱধান হ্ৰাস হোৱাত সহায়ক হ’বঃ প্ৰধানমন্ত্ৰী মোদী

নমস্কাৰ, নমস্কাৰ বন্ধুসকল, কেনেকুৱা আপোনালোকৰ? আশাকৰো পৰীক্ষাৰ প্ৰস্তুতি ভালদৰেই চলি আছে?  এয়া ‘পৰীক্ষা পে চৰ্চা’ৰ প্ৰথম ভাৰ্ছুৱেল এডিচন৷ আপোনালোকে জানে, আমি যোৱা বছৰৰ পৰা ক’ৰোণাৰ মাজত জীয়াই আছো আৰু ইয়াৰ কাৰণে প্ৰত্যেকেই নতুন নতুন ইন’ভেচন কৰিবলগা হৈছে৷ ময়ো আপোনালোকৰ সৈতে সাক্ষাৎ হোৱাৰ মোহ এইবাৰ ত্যাগ কৰিবলগীয়া হৈছে, আৰু ময়ো এটা নতুন ফৰ্মেটত আপোনালোকৰ মাজলৈ আহিবলগীয়া হৈছে৷ আৰু আপোনালোকৰ সৈতে সোঁশৰীৰে লগ নোহোৱা, আপোনালোকৰ চেহেৰাবোৰ আনন্দেৰে চাবলৈ নোপোৱা, আপোনালোকৰ আশা আৰু উৎসাহ অনুভৱ কৰিবলৈ নোপোৱা, এয়া নিজে নিজেই মোৰ বাবে এক বহুত ডাঙৰ ক্ষতি৷ কিন্তু তথাপিও পৰীক্ষাতো আছেই, আপোনালোক আছে, মই আছো, পৰীক্ষা আছে, তেনেহ’লে ঠিকে আছে ‘পৰীক্ষা পে চৰ্চা’ কণ্টিনিউ কৰিম৷ আৰু এই বছৰো ব্ৰেক নলওঁ৷

এতিয়া আমি নিজৰ কথা-বতৰাৰ ধাৰাবাহিকতা আৰম্ভ কৰিবলৈ গৈছো৷ এটা কথা মই আৰম্ভণিতে নিশ্চিতভাৱে দেশবাসীকো ক’ব বিচাৰিছো৷ আৰু অভিভাৱকসকলকো ক’ব বিচাৰিছো, শিক্ষকসকলকো ক’ব বিচাৰিছো, এয়া ‘পৰীক্ষা পে চৰ্চা’৷ কিন্তু কেৱল পৰীক্ষাৰ বিষয়েই চৰ্চা নহয়, বহুত কথাই হ’ব পাৰে৷ এটা সহজবোধ্য পৰিৱেশ সৃষ্টি কৰিব লাগিব৷ এক নতুন আত্মবিশ্বাস জন্ম দিব লাগিব৷ এটা নতুন আত্মবিশ্বাস জন্ম দিব লাগিব৷ আৰু যেনেকৈ নিজৰ ঘৰত বহি কথা পাতে, আত্মীয়-স্বজনৰ মাজত কথা পাতে, বন্ধুবৰ্গৰ সৈতে কথা পাতে, আহক– আমিও তেনেকৈ কথা পাতো৷

প্ৰশ্ন-1-A

এম. পল্লৱী, গভাৰ্ণমেণ্ট হাইস্কুল, পডিলি, প্ৰকাশম, অন্ধ্ৰপ্ৰদেশ

নমস্কাৰ মাননীয় প্ৰধানমন্ত্ৰী মহাশয়, [মোদীজী ঃ নমস্কাৰ, নমস্কাৰ] মোৰ নাম এম পল্লৱী, মই নৱম শ্ৰেণীত পঢ়ি আছো৷ ছাৰ, আমি প্ৰায়ে এনেকুৱা অনুভৱ কৰো যে পঢ়াশুনা ঠিকেই চলি আছে যদিও যেতিয়াই পৰীক্ষা ওচৰ চাপি আহে, বহুত দুশ্চিন্তাপূৰ্ণ স্থিতি হৈ পৰে৷ দয়া কৰি ইয়াৰ বাবে কিবা উপায় দিয়ক ছাৰ৷ বহুত ধন্যবাদ ছাৰ৷

ধন্যবাদ পল্লৱী, মোক কোৱা হৈছে যে এনেধৰণৰ আৰু প্ৰশ্ন আছে৷

প্ৰশ্ন-1-B

অৰ্পণ পাণ্ডে-গ্ল'বেল ইণ্ডিয়া ইণ্টাৰনেচনেল স্কুল, মালয়েছিয়া

 

সাদৰ অভিনন্দন আদৰণীয় প্ৰধানমন্ত্ৰী মহোদয়, মোৰ নাম অৰ্পন পাণ্ডে৷ মই গ্লোবেল ইণ্ডিয়ান ইণ্টাৰনেচনেল স্কুল মালয়েছিয়াত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ৷ মই আপোনাৰ পৰা নিজৰ ভাবী ভৱিষ্যতৰ সফলতাৰ বাবে এটা প্ৰশ্নৰ উত্তৰ আশা কৰিছো৷ আৰু আশা কৰিছো যে আপুনি এইক্ষেত্ৰত মোৰ পথ প্ৰদৰ্শন কৰিব৷ মোৰ প্ৰশ্নটো হৈছে, পৰীক্ষাৰ প্ৰস্তুতিৰ সময়ত আমাৰ মনলৈ অহা ভয় আৰু দুঃশ্চিন্তাৰ পৰা কেনেকৈ মুক্তি পাম? কি হ’ব যদি ভাল নম্বৰ আৰু ভাল কলেজ পাওঁ বা নাপাওঁ? ধন্যবাদ৷

উত্তৰ-

পল্লৱী, অৰ্পন, চাওক– আপোনালোকে যেতিয়া এই আশংকাৰ ভয়ৰ কথা কৈছে তেতিয়া মোৰো ভয় লাগি গৈছে৷ আৰে এনেকুৱা কি কথা আছে যাৰ বাবে শংকিত হ’ব লাগিব? কি প্ৰথমবাৰৰ বাবে পৰীক্ষা দিবলৈ গৈছে নেকি? আগতেও কেতিয়াও পৰীক্ষা দিয়া নাছিল নেকি? আপোনালোকে জনা নাছিল নেকি যে মাৰ্চ মাহত, এপ্ৰিল মাহত পৰীক্ষা হয়৷ সকলো কথা জানে৷ আগৰে পৰা জানে৷ এবছৰৰ আগৰ পৰাই জানে৷ অকস্মাতেতো অহা নাই৷ আৰু যি অকস্মাতে অহা নাই, তেনেহ’লে কোনো আকাশ ভাগি পৰা নাই৷

ইয়াৰ অৰ্থ এইটোৱে যে আপোনোলোকৰ ভয় পৰীক্ষাক লৈ নহয়৷ আপোনালোকৰ ভয় বেলেগ কিবাক লৈ, আৰু সেয়া কি? আপোনালোকৰ আশে-পাশে এটা পৰিৱেশ সৃষ্টি কৰা হৈছে, যে এই পৰীক্ষাটোৱে সকলো, ইয়েই জীৱন আৰু ইয়াৰ বাবে সম্পূৰ্ণ সামাজিক বাতাবৰণ কেতিয়াবা কেতিয়াবা স্কুলৰ বাতাবৰণো, কেতিয়াবা কেতিয়াবা মা-দেউতায়ো, কেতিয়াবা নিজৰ সম্পৰ্কীয়ও এনেকুৱা একোটা পৰিৱেশ সৃষ্টি কৰি দিয়ে, এনেকুৱা আলোচনা কৰে যে যেন কিবা বহুত ডাঙৰ ঘটনাৰ মাজেৰে আপোনালোকৰ পাৰ হ’ব লাগিব৷ বহুত ডাঙৰ সংকটৰ মাজেৰে পাৰ হ’ব লাগিব, মই সেইসকলক ক’ব বিচাৰিম, বিশেষকৈ মই অভিভাৱকসকলক ক’ব বিচাৰিম, আপোনালোকে কি কৰি পেলালে? মই বুজি পাওঁ যে এয়া সকলোতকৈ ডাঙৰ ভুল৷ আমি প্ৰয়োজনতকৈ অধিক অভাৰ কন্‌চিয়াছ হৈ পৰো৷ আমি অলপ বেছিকৈয়ে ভাবিবলৈ লওঁ৷ আৰু সেই কাৰণেই মই বুজি পাওঁ যে জীৱনত এয়া কোনো শেষ পৰিণতি নহয়৷ এই জীৱনটো বৰ দীঘলীয়া, বহুত পৰ্যায় আহে, এটা সৰু পৰ্যায়৷ আমি হেঁচাৰ সৃষ্টি কৰিব নালাগে, লাগে শিক্ষকেই হওক, ছাত্ৰই হওক, পৰিয়ালৰ লোকেই হওক, বা বন্ধু-বান্ধৱীয়ে হওক৷ যদি বাহিৰৰ পৰা হেঁচা কম হয়, নোহোৱা হয়, তেতিয়া পৰীক্ষাৰ হেঁচা কেতিয়াও অনুভৱ নহ’ব৷ কনফিডেন্স ফুলে-ফলে জাতিস্কাৰ হ’ব, প্ৰেছাৰ নাইকিয়া হ’ব, হ্ৰাস পাব আৰু শিশুসকলে ঘৰত দুঃশ্চিন্তামুক্ত জীৱন যাপন কৰিব লাগে৷ সৰু-সুৰা সহজ-সৰল কথা নিতৌ যেনেকৈ পাতে, তেনেকৈয়ে পাতিব লাগে৷

চাওক বন্ধুসকল, আগতে কি হৈছিল, প্ৰথমতে মাক-দেউতাকে শিশুসকলৰ সৈতে ইনভ’লভ আছিল আৰু সহজ হৈও আছিল৷ আৰু বিভিন্ন বিষয়ৰ ওপৰতো জড়িত আছিল৷ আজি যি বিষয়তেই জড়িত হয়, সেয়া বেছিভাগ কেৰিয়াৰ, পৰীক্ষা, পঢ়া কিতাপ, পাঠ্যক্ৰম, মই ইয়াক কেৱল ইনভ’লভমেণ্ট বুলি নাভাবো৷ আৰু ইয়াৰ পৰা তেওঁলোকে নিজৰ শিশুসকলৰ আচল সামৰ্থ্যৰ বিষয়ে জানিব নোৱাৰে৷ যদি মাক-দেউতাক বেছি ইনভ’লভ হয়, তেনেহ’লে শিশুসকলৰ ৰুচি, প্ৰকৃতি, প্ৰবৃত্তি, এই সকলোকে ভালদৰে বুজি পায়, আৰু যি অভাৱ থাকে সেই অভাৱৰ বিষয়ে উপলব্ধি কৰি তাক পূৰণ কৰাৰ চেষ্টা কৰে৷ আৰু তাৰ কাৰণে শিশুৰ আত্মবিশ্বাসৰ স্তৰ বৃদ্ধি পায়৷ সিহঁতৰ শক্তিৰ বিষয়ে মাক-দেউতাকে জানিব পাৰে৷ সিহঁতৰ দুৰ্বলতাৰ বিষয়ে মাক-দেউতাকে জানিব পাৰে৷ আৰু তাৰ কাৰণে মাক-দেউতাকে বুজি পায় যে এনেকুৱা সময়ত দুৰ্বলতাবিলাক একাষৰীয়া কৰি আত্মবিশ্বাসে যিমান পাৰে সিমান শক্তি প্ৰদান কৰিব পাৰে৷ কিন্তু আজি কিছুসংখ্যক মাক-দেউতাক ইমানেই ব্যস্ত যে তেওঁলোকে শিশুসকলৰ সৈতে প্ৰকৃতাৰ্থত জড়িত হোৱাৰ সময় লাভ নকৰে৷ ইয়াৰ পৰিণাম কি হয়? আজি শিশুসকলৰ সামৰ্থ্যৰ বিষয়ে জানিবৰ কাৰণে অভিভাৱকসকলে পৰীক্ষাৰ ফলাফলৰ তালিকা চাবলগীয়া হয়৷ আৰু সেইবাবেই, শিশুৰ মূল্যাংকনো শিশুৰ ফলাফলতে সীমাবদ্ধ হৈ গৈছে৷ নম্বৰৰ উপৰিও শিশুৰ মাজত এনেকুৱা কিছুমান বস্তু থাকে, যাক অভিভাৱকসকলে দৃষ্টিয়ে নিদিয়ে৷

বন্ধুসকল, আমাৰ ইয়াত পৰীক্ষাৰ বাবে এটা শব্দ আছে ‘পৰিশ্ৰম’৷ অৰ্থাৎ নিজে পৰিশ্ৰম কৰিব লাগিব৷ এনেকুৱা নহয় যে পৰীক্ষাই শেষ সুযোগ৷ বৰং পৰীক্ষা হৈছে একপ্ৰকাৰৰ দীঘলীয়া জীৱন যাপন কৰিবৰ বাবে নিজকে নিজে পৰিশ্ৰমী কৰি তোলাৰ উত্তম সুযোগ৷ এটা অপৰচ্যুনিটি৷ সমস্যা তেতিয়াই হয়, যেতিয়া আমি পৰীক্ষাকে জীৱনৰ অন্তিম বুলি ভাবি লওঁ৷ জীৱন-মৰণৰ প্ৰশ্ন কৰি লওঁ৷ দৰাচলতে পৰীক্ষা হৈছে জীৱনক গঢ় দিয়াৰ এটা সুযোগ৷ এটা অপৰচ্যুনিটি৷ ইয়াক সেই ধৰণে ল’ব লাগে৷ প্ৰকৃততে আমি নিজে নিজক কষতি শিলত কৰ্ষণ কৰিয়েই থাকিব লাগে৷ যাতে আমি আৰু বেছি উন্নত কাম কৰিব পাৰো৷ পলায়ন কৰিব নালাগে৷

আহক বন্ধুসকল, পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ো৷

প্ৰশ্ন-2-A

মিছ পূণ্য শূন্য-বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, পাপুমপাৰে, অৰুণাচল প্ৰদেশ

মাননীয় প্ৰধানমন্ত্ৰীজী, নমস্কাৰ [মোদীজী ঃ নমস্কাৰ] মোৰ নাম পূণ্য শূন্য, মই একাদশ শ্ৰেণীৰ ছাত্ৰ৷ মোৰ বিদ্যালয়ৰ নাম বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, জিলা পাপুমপাৰে, ৰাজ্য অৰুণাচল প্ৰদেশ৷

মাননীয় প্ৰধানমন্ত্ৰীজী, কিছুমান চাবজেক্ট আৰু কিছুমান চেপ্টাৰ আছে, যাক লৈ মই সহজ নহয়, আৰু সেইবিলাক এৰাই চলিবলৈ চেষ্টা কৰো৷ মই লাগে যিমানেই চেষ্টা নকৰো কিয়, মই সেইবিলাক পঢ়িব নোৱাৰো৷ হয়তো এয়া এই কাৰণেই হৈছে, কিয়নো সিবিলাকলৈ মোৰ ভয় লাগে৷ ছাৰ এই স্থিতি মই কেনেকৈ দূৰ কৰিব পাৰো? ধন্যবাদ ছাৰ৷

বলক, অন্ধ্ৰৰ পৰা আমি মালয়েছিয়া, মালয়েছিয়াৰ পৰা এতিয়া অৰুণাচল প্ৰদেশ পালোগৈ৷ মোক কোৱা হৈছে যে এনেধৰণৰ আৰু প্ৰশ্ন আছে৷

প্ৰশ্ন-2-B

 মিছ বিনীতা গাৰ্গ, এছআৰডিএভি পাব্লিক স্কুল, দয়ানন্দ বিহাৰ, দিল্লী

[মোদীজী ঃ নমস্কাৰ] মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, নমস্কাৰ৷ মোৰ নাম বিনিতা গাৰ্গ আৰু মই এচআৰডিএভি পাব্লিক স্কুলত ২৫ বছৰ ধৰি কৰ্মৰত হৈ আছো৷ মোৰ প্ৰশ্নটো হৈছে কিছুমান ছাবজেক্ট এনেকুৱা আছে, য’ত বহু ছাত্ৰ-ছাত্ৰী আশংকাৰ সন্মুখীন হ’বলগীয়া হয়৷ সেই কাৰণে তেওঁলোকে ইয়াক এৰাই চলিব বিচাৰে৷ এই কথাটো ইতিহাস বা গণিতৰ দৰে বিষয়ৰ শিক্ষকে ভালদৰে বুজিব পাৰিব৷ শিক্ষকৰ ফালৰ পৰা এনেকুৱা স্থিতি উন্নত কৰিবৰ বাবে আমি কি কৰিব পাৰো?

উত্তৰ-

এয়া কিছু বেলেগ ধৰণৰ বিষয় মোৰ সন্মুখলৈ আহিছে৷ মই যত্ন কৰিব যে ছাত্ৰ-ছাত্ৰীসকলৰ মন যাতে স্পৰ্শ কৰিব পাৰো আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ কথাৰ গুৰুত্ব অনুসৰি কিছু সমাধানৰ উপায় ক’ব পাৰো৷ আপোনালোক উভয়ে বিশেষ বিষয় বা চেপ্টাৰৰ ওপৰত ভয়ৰ কথা কৈছে৷ আপোনালোক অকলে নহয় যি এনেকুৱা স্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বাস্তৱতা এইটোৱে যে পৃথিৱীত এজনো এনেকুৱা মানুহ লগ পোৱা নাযাব যে যাৰ ওপৰত এই কথা প্ৰযোজ্য নহয়৷ ধৰি লওক আপোনাৰ ওচৰত অতি সুন্দৰ ৫-৬টা চোলা আছে, কিন্তু আপুনি হয়তো লক্ষ্য কৰিছে যে ৰ বা ২টা চোলা আপোনাৰ ইমান ভাল লাগে, বাৰে বাৰে পিন্ধে, ইয়াৰ অৰ্থ এইটো নহয় যে বাকী চোলাবোৰ কামত নাহে, ফিটিং ঠিক নহয়, এনেকুৱা নহয়, তাৰে দুটা আপোনাৰ বেছি ভাল লাগে আৰু আপুনি বাৰে বাৰে পিন্ধে৷ কেতিয়াবাতো মাক-দেউতাকেও এনেকুৱা কথাক লৈ খং কৰে যে কিমান বাৰ আৰু এইটো পিন্ধি থাকে? এই দুদিন আগতে মাত্ৰ পিন্ধিছিল৷ পছন্দ-অপছন্দ মানুহৰ স্বভাৱ আৰু কেতিয়াবা কেতিয়াবা পছন্দৰ সৈতে অভ্যাসো গঢ়ি উঠে৷ আৰু ইয়াত ভয়ৰ, সংকোচৰ কি কথা আছে, যাক লৈ আমি চিন্তিত হওঁ৷

দৰাচলতে কি হয়, যেতিয়া কোনো এটা বস্তু আপোনাৰ বেছি ভাল লাগিবলৈ লয়, তেতিয়া সেই বস্তুৰ ক্ষেত্ৰত আপুনি বেছি কম্‌ফ’ৰ্ট হৈ পৰে, বহুত কম্‌ফ’ৰ্টেবল লাগে, সহজ হৈ পৰে৷ কিন্তু যি বস্তুৰ সৈতে আপুনি সহজ হ’ব নোৱাৰে, তাৰ দুঃশ্চিন্তাত আপোনাৰ আশী শতাংশ শক্তি, আপুনি তাতেই লগাই দিয়ে৷ আৰু সেইবাবেই ছাত্ৰ-ছাত্ৰীসকলক মই এই কথাই কওঁ যে আপোনালোকে নিজৰ শক্তি সমানে বিতৰণ কৰা দৰকাৰ৷ সকলো বিষয়ৰ ক্ষেত্ৰত সমানে সমানে, আপোনালোকৰ হাতত পঢ়িবৰ বাবে দুঘণ্টা যদি আছে, তেনেহ’লে সেই ঘণ্টাকেইটাত ছাবজেক্টবিলাক সমানে পঢ়ক নিজৰ সময়খিনি সমানে ভাগ কৰক৷

বন্ধুসকল, আপোনালোকে হয়তো লক্ষ্য কৰিছে যে শিক্ষক-শিক্ষয়িত্ৰী, পিতৃ-মাতৃয়ে আমাক শিকাই যে যি সৰল, সেয়া প্ৰথমে কৰিব লাগে৷ এয়া সাধাৰণতে কোৱা হয়৷ আৰু পৰীক্ষাতো বিশেষভাৱে বাৰে বাৰে কোৱা হয় যে যিটো উজু, সেইটো প্ৰথমে কৰিবা৷ যেতিয়া সময় বাচিব, তেতিয়াহে যিটো কঠিন তাত হাত লগাবা৷ কিন্তু পঢ়া-শুনাক লৈ মই উপলব্ধি কৰো, এই পৰামৰ্শৰ প্ৰয়োজন নাই৷ আৰু ব্যৱহাৰো নহয়৷ মই অলপ এই বিষয়টোত বেলেগ দৃষ্টিৰে লক্ষ্য কৰো৷

মই কওঁ যে যেতিয়া পঢ়া-শুনাৰ কথা আহে, তেতিয়া যি কঠিন সেয়া প্ৰথমে লওক, আপোনাৰ মনটো সতেজ হৈ আছে৷ আপুনি নিজেই সতেজ, সেয়ে সেয়া এটেণ্ড কৰাৰ যত্ন কৰক৷ যেতিয়া কঠিনটো এটেণ্ড কৰিব, তেতিয়া উজুবিলাক আৰু অধিক সহজ হৈ পৰিব৷ মই নিজৰ অনুভৱৰ কথা কৈছো, যেতিয়া মই মুখ্যমন্ত্ৰী আছিলো, যেতিয়া প্ৰধানমন্ত্ৰী হ’লো, তেতিয়া ময়ো বহুত কিবাকিবি পঢ়িব লাগে৷ বহুত কিবাকিবি শিকিবলগীয়া হয়৷ বহুতৰ পৰা শিকিবলগীয়া হয়৷ বিষয়বিলাক বুজাবলগীয়া হয়৷ তেতিয়া মই কি কৰিছিলো যিবিলাক কঠিন বিষয়, যিবিলাকৰ সিদ্ধান্ত অলপ গম্ভীৰ, মই যেতিয়া মোৰ পুৱাৰ কাম আৰম্ভ কৰো, তেতিয়া কঠিন বিষয়েৰে আৰম্ভ কৰিবলৈ ভাল পাওঁ৷ কঠিনতকৈও কঠিন বিষয় মোৰ বিষয়াই মোৰ সন্মুখলৈ লৈ আহে৷ তেওঁলোকে জানে যে মোৰ এটা বেলেগ মুড থাকে, মই বিষয়বিলাক খুব ক্ষিপ্ৰতাৰে বুজি লওঁ, সিদ্ধান্ত গ্ৰহণ কৰাৰ দিশত আগবাঢ়ো৷ মই নিজৰ এটা নিয়ম প্ৰস্তুত কৰিছো, যত্ন কৰিছো৷ আৰু যি উজু বিষয় দিনভৰৰ পৰিশ্ৰমৰ পিছত ৰাতি যেতিয়া দেৰি হৈ যায়, তেতিয়া সেইবিলাকক মই বেছি মগজু খটুওৱাৰ আৱশ্যক নহয়, ভুল হোৱাৰ কাৰণ নহয়৷ সেই বিষয়বিলাক মই শেষ ৰাতিলৈ লৈ আহো৷ কিন্তু যেতিয়া পুৱা শুই উঠো, তেতিয়া পুনৰ কঠিনৰ সৈতেই মোকাবিলা কৰিবলৈ ওলাই পৰো৷ বন্ধুসকল, আৰু এটা কথা, আমি নিজে নিজৰ পৰা শিকা উচিত৷ আপোনালোকে চাওক, যিসকল লোক জীৱনত বহুত সফল, তেওঁলোক সকলো বিষয়তে পাৰ্গত নহয়৷ কিন্তু কোনো এটা বিষয়ৰ ওপৰত কোনো এটা ছাবজেক্টৰ ওপৰত তেওঁলোকৰ দখল শক্তিশালী৷

এতিয়া ধৰক লতা দিদিৰ কথা, লতা মংগেশকাৰৰ সমগ্ৰ পৃথিৱীতে নাম আছে, হিন্দুস্তানৰ সকলোৰে মুখে মুখে তেওঁৰ নাম, কিন্তু কোনোবাই গৈ যদি তেওঁক কয় যে আজি আমাৰ ক্লাছলৈ আহক আৰু জিঅ’গ্ৰাফী পঢ়াওঁক৷ হ’ব পাৰে তেওঁ পঢ়ুৱাব নোৱাৰিব পাৰে, পঢ়ুৱাব পাৰিবও পাৰে, মই নাজানো যে তেওঁ পঢ়ুৱাব পাৰিবনে নে নোৱাৰে৷ কিন্তু লতাজীৰ মহাৰথ জিঅ’গ্ৰাফীত হয়তো নাথাকিবও পাৰে৷ কিন্তু সংগীতৰ পৃথিৱীখনত তেওঁ যি কৰিলে এটা বিষয়ৰ ওপৰত যিদৰে নিজৰ জীৱন সপি দিলে, আজি তেওঁ প্ৰতিজন লোকৰ বাবে প্ৰেৰণাৰ কাৰণ হৈ পৰিল৷ আৰু সেইবাবেই, আপোনালোকৰ কোনোবাটো ছাবজেক্ট কঠিন যেন লাগিব পাৰে, এয়া আপোনালোকৰ জীৱনত কোনো হ্ৰাস নহয়৷ আপোনালোকে কেৱল এই কথা মনত ৰাখিব এই কঠিন যেন লগা ছাবজেক্টৰ অধ্যয়নৰ পৰা নিজকে আঁতৰাই নাৰাখিব৷ তাৰ পৰা পলায়ন নকৰিব৷

একেদৰে শিক্ষকসকলৰ প্ৰতি মোৰ পৰামৰ্শ এয়াই যে শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত তেওঁলোকক টাইম মেনেজমেণ্টৰ বিষয়ে, সিবিলাকৰ পদ্ধতিবিলাকৰ বিষয়ে, পাঠ্যক্ৰমৰ বাহিৰলৈ গৈও তেওঁলোকৰ লগত কথা পাতক, তেওঁলোকৰ সৈতে চৰ্চা কৰক৷ তেওঁলোকক পৰামৰ্শ দিয়ক৷ বিদ্যাৰ্থীসকলক তিৰস্কাৰ কৰাৰ পৰিৱৰ্তে তেওঁলোকক গাইড কৰক৷ তিৰস্কাৰ কৰিলে তাৰ প্ৰভাৱ মনত আৰু বেছিকৈ নিগেটিভ বিয়পাব৷ উদগণি দিলে মনোনিৱেশ কৰাৰ শক্তিলৈ ৰূপান্তৰিত হ’ব৷ কিছুমান কথা ক্লাছত সাৰ্বজনীন ৰূপত নিশ্চয় ক’ব যাতে সকলোৰে কাম আহে, কিন্তু বহু কথা এনেকুৱাও আছে যাক কোনো এটা শিশুক একাষৰীয়াকৈ মাতি নি মূৰত হাত বুলাই মৰমেৰে ক’বলগীয়া হ’ব পাৰে৷ ছাত্ৰজনক অলপ নজৰ দিয়াৰ প্ৰয়োজন হ’ব পাৰে৷ ক’ব লাগিব, চোৱা, আপোনাৰ মাজত বহুত শক্তি আছে৷ ভালদৰে লক্ষ্য কৰা, এয়া বহুত কামত আহিব৷ এটা কাম কৰিব৷ আপোনাৰ জীৱনত এনেকুৱা কি কথা আছিল যিটো আপোনাৰ আটাইতকৈ জটিল যেন অনুভৱ হৈছিল আৰু আজি আপুনি সেয়া বৰ সহজভাৱে কৰিব পাৰে৷ এনেকুৱা কিছুমান কামৰ তালিকা বনাওঁক, যেনে চাইকেল চলোৱাটো কেতিয়াবা আপোনাৰ বহুত কঠিন যেন লাগিছিল৷ কিন্তু সেই কামটো এতিয়া আপুনি বহুত সহজভাৱেই কৰিব পাৰে৷ কেতিয়াবা সাঁতোৰাৰ কথা হয়তো ওলাইছে, হয়তো বহুত ভয় লাগিছিল, পানীত নামিবলৈকে হয়তো ভয় লাগিছিল, আৰু আজি আপুনি ভালদৰে সাঁতুৰিবলৈ শিকিলে৷ যিটো জটিল আছিল, সেয়া আপুনি কনভাৰ্ট কৰি দিলে, আপোনাৰ জীৱনত এনেকুৱা বহু ঘটনা আছে, আপুনি যদি সেইবিলাক মনত পেলায়, কাগজত লিখি লয়, তেতিয়া আপুনি কেতিয়াবা কোনো লোকক, মোকো কঠিন প্ৰশ্ন সুধিবলগীয়া নহ’ব৷ কিয়নো কেতিয়াও আপোনাৰ কোনো প্ৰশ্নই কঠিন যেন নালাগিব৷ মোৰ ওপৰত বিশ্বাস ৰাখক৷ এবাৰ কৰি চাওঁক৷

প্ৰশ্ন- 3

নীল অনন্ত, কেএম-শ্ৰী আব্ৰাহাম লিংডম, বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, মেট্ৰিক, কন্যাকুমাৰী, তামিলনাডু

মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, ৱণাক্কম [মোদীজী ঃ ৱণাক্কম, ৱণাক্কম] মই দ্বাদশ শ্ৰেণীত পঢ়ি আছো শ্ৰী আব্ৰাহাম কিংডম, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়, মেট্ৰিক, কন্যাকুমাৰীত৷ এই মহামাৰীৰ পৰিস্থিতিত, অনলাইন পৰিস্থিতিৰ মাজত আমি সকলোৱে সাধাৰণতকৈ অধিক মুক্ত সময় লাভ কৰিছো৷ আমি আমাৰ মুক্ত সময়বিলাক কেনেকৈ সৰ্বোত্তম প্ৰয়োগ কৰিব পাৰো? মোক এই সুযোগ দিয়াৰ কাৰণে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো৷

উত্তৰ-

ৱণাক্কম! মাম্মী-পাপাই গম পাইছে নহয় যে আপুনি পৰীক্ষাৰ সময়তো মুক্ত সময়ৰ কথা কৈ আছে, চাব আকৌ, কিয় হয়৷ হ’ব বাৰু, এই প্ৰশ্নটো মোৰ বহুত ভাল লাগিল যে আপুনি পৰীক্ষাৰ সময়তো মুক্ত সময়ৰ ওপৰত মনোযোগ দিব পাৰিছে৷ খালী সময়ৰ ওপৰত চৰ্চা কৰিছে৷ চাওক বন্ধু, খালী সময়, ইয়াক খালী বুলি নাভাবিব৷ ই সম্পদ৷ খালী সময় এটা সৌভাগ্য, খালী সময় এটা সুযোগ৷ আপোনাৰ দৈনন্দিনতাত খালী সময় থকা দৰকাৰ, নহ’লে দেখোন জীৱনটো এটা ৰবটৰ দৰে হৈ পৰিব৷

দৰাচলতে খালী সময় দুই ধৰণৰ হ’ব পাৰে– এক যিটো আপুনি পুৱাৰে পৰা গম পাই যে আজি আপুনি ৩ৰ পৰা ৪ বজালৈ ফ্ৰি আছে৷ বা অহা দেওবাৰে আপুনি আধা দিন ফ্ৰি থাকিব৷ বা ৪ তাৰিখে চুটি আছে, দুপৰীয়ালৈকে আপোনাৰ কোনো কাম নাই, আপুনি জানে৷ কিন্তু দ্বিতীয়টো হৈছে সেইটো যাৰ বিষয়ে আপুনি শেষ মুহূৰ্তত জানিব পাৰে৷ যদি আপুনি আগৰে পৰাই গম পাই যে আপোনাৰ হাতত খালী সময় আছে, তেতিয়া আপুনি নিজৰ অভিভাৱক বা নিজৰ বাই-ভনীক ক’ব পাৰে যে, মই আপোনালোকক সহায় কৰিম৷ আপোনালোকে কি কৰিবলগীয়া আছে, আপোনালোকে কি কৰি আছে, মই কি সহায় কৰিব পাৰো? আনটো হৈছে আপুনি ভাবক যে এনেকুৱা কি বিষয় আছে যি আপোনাক আনন্দ দিয়ে, অলপ গম্ভীৰ শব্দ হৈছে– স্বান্ত সুখায়৷ য’ৰ পৰা আপুনি সুখ লাভ কৰে, আপুনি আনন্দ পায়, আপোনাৰ মন মুগ্ধ কৰে, আপুনি এনেকুৱাও কিবা কৰিব পাৰে৷ এতিয়া আপুনি মোক সুধিছে, সেয়ে ময়ো ভাবিছো যে মই কি কৰিবলৈ ভাল পাওঁ৷ মই নিজৰ দৈনন্দিনতাত পৰ্যবেক্ষণ কৰিছো যে যদি মই অলপমানো খালী সময় লাভ কৰো, যদি মুকলি হৈ থাকো, তেতিয়া মোৰ মন যায় যে কিছু সময় মই ঝুলনাত বহো৷ বহুত ভাগৰ লাগি আছে আৰু যদি পাঁচ মিনিটৰো সময় পাইছো, বা মই যদি কিবা কামো কৰি আছো, তেতিয়া নিজৰ খালী সময়ত ঝুলনাত বহি, নাজানো কি কাৰণে কিন্তু মোৰ মনটো প্ৰফুল্লিত হৈ পৰে৷

যেতিয়া আপুনি খালী সময় অৰ্জন কৰে, তেতিয়া আপুনি তাৰ সৰ্বাধিক মূল্য জানিব পাৰে৷ সেয়ে আপোনাৰ জীৱনত এনেকুৱা হোৱা দৰকাৰ যে যেতিয়া আপুনি খালী সময় অৰ্জন কৰে তেতিয়া সি যাতে আপোনাক অসীম আনন্দ দিয়ে৷

এইক্ষেত্ৰত এই কথাও মনত ৰাখিব লাগিব যে খালী সময়ত কোনবিলাক বস্তুৰ পৰা বাছি থকাৰ দৰকাৰ, নহ’লে সেই বস্তুৱে সকলো সময় খাই পেলাব, গমেই নাপাব আৰু শেষত সতেজ-সজীৱ হোৱাৰ পৰিৱৰ্তে আপুনি চিন্তিত হৈ পৰিব, ভাগৰুৱা অনুভৱ কৰিবলৈ ল’ব৷

মোৰ আৰু এটা ভাৱ হয় যে খালী সময়ত নিজৰ জিজ্ঞাসা বৃদ্ধি কৰিবৰ বাবে আমি আৰু এনেকুৱা কি কাম কৰিব পাৰো যি হয়তো অত্যন্ত সৃজনাত্মক হ’ব৷ আপোনাৰ মা বা দেউতাই যদি ভাত ৰান্ধি আছে, সেয়া নিৰীক্ষণ কৰক৷ নতুন নতুন বিষয়ৰ ভিতৰলৈ সোমাই যোৱা, কিবা নতুন জনাৰ প্ৰভাৱ পোনপটীয়াকৈ দেখা পোৱা নাযায়৷ কিন্তু জীৱনত ইয়াৰ বহুত ডাঙৰ গম্ভীৰ প্ৰভাৱ থাকে৷

ফ্ৰি টাইমৰ আৰু এটা সৰ্বোত্তম ব্যৱহাৰ হ’ব পাৰে যে আপুনি কিছুমান এনেকুৱা কাৰ্যকলাপৰ সৈতে নিজকে জড়িত কৰক, য’ত আপুনি প্ৰকাশ কৰিব পাৰে, আপোনাৰ ব্যতিক্ৰমধৰ্মিতাক বাহিৰলৈ উলিয়াই আনিব পাৰে৷ য’ত আপুনি নিজৰ ব্যক্তিত্বৰ সৈতে জড়িত হ’ব পাৰে৷ এনেকুৱা কৰাৰ বহুত পদ্ধতি আছে৷ আপুনিও এনেকুৱা বহুত পদ্ধতিৰ বিষয়ে জানে৷ ক্ৰীড়া, সংগীত, লেখা, ছবি অঁকা, গল্প লিখা আদি বহু কাম আপুনি কৰিব পাৰে৷ নিজৰ চিন্তা ভাৱনা, আৱেগ-অনুভূতিক প্ৰকাশ কৰাৰ এটা সৃজনাত্মক পদ্ধতি বাছি লওঁক৷ সুযোগ দিয়ক৷ জ্ঞানৰ পৰিসৰ বহুবাৰ সিমানলৈকে সীমাবদ্ধ থাকে, যি আপোনাৰ উপলব্ধ, যি আপোনাৰ আশে-পাশে থাকে৷ কিন্তু সৃজনশীলতাৰ পৰিসৰে জ্ঞানতকৈও বহুত দূৰলৈকে আপোনাক লৈ যাব পাৰে৷ বহুত বিস্তাৰৰ দিশত লৈ যাব পাৰে৷ সৃজনশীলতাই আপোনাক সেই ক্ষেত্ৰখনলৈ লৈ যাব পাৰে, য’ত আগতে কোনো উপস্থিত হোৱা নাই, যি নতুন৷ আমাৰ ইয়াত কোৱা হয় যে য’ত গৈ পোৱা নাই ৰবি, তাত পাইছেগৈ কবি৷ এয়াতো সৃজনশীলতাৰে কথা৷

প্ৰশ্ন-4-A

আশয় কেকাটপুৰে-বেংগালুৰু, কৰ্ণাটক

নমস্কাৰ মাননীয় পি এম ছাৰ, মই আশয় কেকাটপুৰে বাংগালুৰুৰ পৰা৷ মোৰ প্ৰশ্নটো হৈছে এইটো যে শিশুসকলে good values শিকোৱাৰ আটাইতকৈ ভাল উপায় কি? ধন্যবাদ৷

মোলৈ এটা প্ৰশ্ন আহিছে, প্ৰশ্নটো নমো এপত আহিছে, তাৰ ভিছুৱেল মোৰ ওচৰত নাই৷ কিন্তু প্ৰশ্নটো মোৰ ভাল লাগিলে৷ সেইকাৰণে মই ভাবিলো যে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰো৷ পাটনাৰ পৰা প্ৰশ্ন কৰিছে, প্ৰবীণ কুমাৰে সুধিছে–

প্ৰশ্ন-4-B

প্ৰবীন কুমাৰ, পাটনা, বিহাৰ

ছাৰ, আজি মাক-দেউতাকৰ বাবে সন্তানক ডাঙৰ কৰা, কিছু কঠিন কাম হৈ পৰিছে৷ কাৰণটো হৈছে আজিৰ যুগ আৰু আজিৰ শিশু৷ এনেকুৱা অৱস্থাত আমি কেনেকৈ এই কথা সুনিশ্চিত কৰিম যে আমাৰ শিশুৰ ব্যৱহাৰ, আচৰণ আৰু চৰিত্ৰ ভাল হওক?

উত্তৰ-

প্ৰবীণ কুমাৰ, এজন সচেতন পিতৃ হিচাপে হয়তো মোক এই কথা সুধি আছে৷ বৰ কঠিন প্ৰশ্ন মোৰ কাৰণে, মই কম যে প্ৰথমে আপুনি নিজেই ভাবক, আত্মচিন্তন কৰক৷ এনেকুৱাটো নহয় যে জীৱন জীয়াই থকাৰ যি পদ্ধতি আপুনি বাছি লৈছে, আপুনি বিচাৰে, তেনেকৈয়ে জীৱনটো আপোনাৰ শিশুৱেও জীয়ক৷ আৰু অলপো সেই ক্ষেত্ৰত যদি পৰিৱৰ্তন আহে, তেনেহ’লে আপোনাৰ ধাৰণা হয় যে পতন হৈ আছে, মূল্যবোধ হ্ৰাস হৈ আছে৷ মোৰ সম্পূৰ্ণ মনত আছে যে এবাৰ মই ষ্টাৰ্টআপৰ সৈতে জড়িত ন-জোৱানৰ সৈতে, মই এখন সমাৰোহ কৰিছিলো৷ তেতিয়া বংগৰ এগৰাকী কন্যাই যি ষ্টাৰ্টআপ আৰম্ভ কৰিছে, নিজৰ সম্পূৰ্ণ কেৰিয়াৰ ত্যাগ কৰি, তেওঁ নিজৰ অভিজ্ঞতাৰ কথা ক’লে৷ সেই কথা মোৰ সদায় মনত আছে৷ সেই কন্যাগৰাকীয়ে কৈছিল যে মই মোৰ চাকৰি এৰি দিলো, কেৰিয়াৰ বাদ দিলো আৰু ষ্টাৰ্টআপ আৰম্ভ কৰিলো আৰু যেতিয়া মোৰ মায়ে গম পালে তেতিয়া লগে লগে মায়ে ক’লে ‘সৰ্বনাশ!’ অৰ্থাৎ মা ইমান আচৰিত হ’ল, কিন্তু পিছত সেই কন্যাগৰাকীয়ে ষ্টাৰ্টআপত বহুত সফলতা অৰ্জন কৰিছিল৷

আপুনি ভাবিব লাগে যে আপুনি আপোনাৰ ভাব বিশ্বত, নিজৰ শিশুৰ ওপৰত আৰোপ কৰিবলৈ প্ৰয়াস কৰি থকা নাইতো? আৰু সেইকাৰণে আপোনাৰ পৰিয়াল, আপোনাৰ পৰম্পৰা, তাত মূলভূত মূল্যবোধক আপুনি কেনেদৰে জোৰ দিছে, আমি চিনাক্ত কৰা উচিত৷ যেনেকৈ আমাৰ ইয়াত কোৱা হয় যে জনসেৱাই প্ৰভূসেৱা৷ এয়া আমাৰ শাস্ত্ৰসমূহত মূল্যৰ ৰূপত আছে৷ কিন্তু আপোনাৰ ঘৰত পূজা-পাতলতো বহুত হয়, পৃথিৱীয়ে দেখা পায় যে আপুনি বহুত ধাৰ্মিক, ৰীতি-নীতিৰে ভৰা জীৱন, কিন্তু আপোনাক জনসেৱাত কেতিয়াও দেখা পোৱা নাযায়৷ যেতিয়া আপোনাৰ সন্তানে সেই বিৰোধাভাস দেখা পায়, তেওঁৰ মনত সংঘাত আৰম্ভ হয়৷ প্ৰশ্ন উদয় হয়, আৰু প্ৰশ্ন উঠাতো স্বাভাৱিক৷

তেনেকৈয়ে, আমাৰ এটা মূল্যবোধ আছে যে জীৱ মাত্ৰেই পৰমাত্মাৰ বাসস্থান৷ সেইদৰে আমি সকলোকে মান্যতা প্ৰদান কৰো আৰু আমাক এই কথাও শিকোৱা হয় যে আমাৰ জীৱন মূল্যৰ ৰূপত সংস্থাপিত হৈছে, আৰু আমাৰ ভাৱনা হৈছে যে জীৱ মাত্ৰেই পৰমাত্মাৰ বাসস্থান৷ কিন্তু আপুনি আপোনাৰ ঘৰত যি কাম কৰিবলৈ আহে, লিপা-মোচা কৰে, লিফ্‌ট চলোৱা লোক, আপোনাক স্কুলত থৈ অহা অটোৰিক্সা ড্ৰাইভাৰ, আপুনি কেতিয়াবা তেওঁলোকৰ সুখ-দুখৰ বিষয়ে কেতিয়াবা আপুনি চিন্তা কৰিছেনে? কেতিয়াবা আপুনি সুধিছেনে যে তেওঁলোকৰ পৰিয়ালত কাৰো ক’ৰোণা হোৱা নাইতো? আপোনাৰ পৰিয়ালত সকলো সুখীনে? আপুনি যিখন গাঁৱৰ পৰা আহিছে তাত সকলো ঠিকে আছেনে? আপুনি কেতিয়াবা সুধিছেনে? যদি আপুনি এনেকুৱা কৰে, তেনেহ’লে আপোনাৰ সন্তানক মূল্যবোধৰ শিক্ষা দিব নালাগে৷

মই আপোনাৰ ওপৰত প্ৰশ্ন তোলা নাই, এটা সামান্য ব্যৱহাৰৰ কথা কৈছো৷ কিছুমান মানুহে সঁচাই এনেকুৱা নকৰে৷ সন্তানৰ বাৰ্থ ডে হয়, বহুত প্ৰস্তুতি চলে৷ কিমান মানুহে নিজৰ ঘৰত কাম কৰা মানুহক কয় যে যিমান কাম কৰিবলগীয়া আছে, ৬ বজাৰ ভিতৰত সম্পূৰ্ণ কৰিবা৷ ৬ বজাৰ পৰা যেতিয়া অতিথি আহিবলৈ আৰম্ভ কৰিব, তেতিয়া তুমিও আমাৰ পৰিয়ালৰ অতিথিৰ ৰূপত কাপোৰ পিন্ধি, ভাল কাপোৰ পৰিধান কৰি পৰিয়ালৰ সকলোকে লৈ আহিবা৷ আপুনি চাওক, আপুনি তেওঁলোকক কি কয়? আজি ঘৰলৈ বহুত অতিথি আহিবলগীয়া আছে৷ দেৰিলৈকে থাকিব লাগিব৷ আপুনি এনেকৈ কোৱাৰ সলনি কি বুলি কয়? চোৱা, কাইলৈ বহুত অতিথি আহিব, বহুত কাম আছে, তুমি ঘৰত কথাটো কৈ আহিবা, দেৰিকৈ আহিম বুলি, অৰ্থাৎ আপোনাৰ শিশুৱে এয়া দেখি আছে, যে ইমান ডাঙৰ উৎসৱ ঘৰত আছে, কিন্তু যি মোৰ কাৰণে ইমান পৰিশ্ৰম কৰি আছে দিনে-ৰাতিয়ে তেওঁ ইয়াৰ অংশীদাৰেই নহয়৷ আৰু তেতিয়াই সেই শিশুৰ মনত সংঘাত আৰম্ভ হয়৷

মই আপোনাক আৰু এটা উদাহৰণ দিওঁ৷ আমি কওঁ পুত্ৰ-কন্যা সমান৷ এয়া আমাৰ মূল্যবোধ৷ আমাৰ ইয়াত দেৱতা ৰূপৰ যি কল্পনা কৰা হৈছে, তাত স্ত্ৰী ভগৱানৰো সিমানেই মহত্ব৷ কিন্তু আমাৰ ঘৰৰ বাতাবৰণত, ল’ৰা আৰু ছোৱালীৰ মাজত জ্ঞাতে-অজ্ঞাতে যি আচৰণ কৰি থকা হৈছে, তাত বৈষম্য আছে৷ ইয়াৰ পিছত যেতিয়া সেই ল’ৰাই সমাজ জীৱনত প্ৰৱেশ কৰে, তেওঁৰ দ্বাৰাও নাৰী সমতাৰ ক্ষেত্ৰত কিছু কম হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হয়৷

এই কথা সত্য যে পৰিয়ালৰ সংস্কাৰ যদি ভাল হয়, তেনেহ’লে বেয়াবোৰ সোমাব নোৱাৰে৷ কিন্তু ১৯-২০ৰহে পাৰ্থক্য৷ ল’ৰা-ছোৱালীৰ আচৰণত কিবা নহয় কিবা নাটনি থাকি যায়৷ সেয়ে আমি নিজৰ যি চিন্তা জগত সৃষ্টি কৰো, সি যেতিয়া ব্যৱহাৰৰ কষতি শিলত কৰ্ষিত নহয়, তেতিয়া শিশুৰ মনত অন্তদ্বৰ্ন্দ আৰম্ভ হয়৷ সেয়ে মূল্যবোধক কেতিয়াও আৰোপ কৰিবলৈ চেষ্টা নকৰিব৷ মূল্যবোধ নিজে ৰূপায়ণ কৰি অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰক৷ অৱশেষত শিশু বৰ স্মাৰ্ট হয়৷ যি আপুনি ক’ব, তেওঁ সেয়া কৰিব বা নকৰিব, সেয়া কোৱাটো কঠিন, যদিও এই কথাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে যে যি আপুনি কৰি আছে, তেওঁ সেয়া বহুত ওচৰৰ পৰা লক্ষ্য কৰে আৰু দোহাৰিবলৈ ইছ্যুক হৈ থাকে৷ আৰু যেতিয়া আপুনি এই মূল্যবোধৰ সৈতে আমাৰ ইতিহাস, আমাৰ পূৰাণ, আমাৰ উপৰিপুৰুষৰ সৰু সৰু কথাবোৰ সহজভাৱে সংলগ্ন কৰিব, তেতিয়া সন্তানো অনুপ্ৰাণিত হ’ব৷ আচাৰ-ব্যৱহাৰ অনুসৰণ কৰাটো সহজ হৈ পৰিব৷

প্ৰশ্ন-5

প্ৰতিভা গুপ্তা, লুধিয়ানা, পঞ্জাৱ

নমস্কাৰ ছাৰ৷ মই প্ৰতিভা গুপ্তা৷ কুণ্ডন বিদ্যামন্দিৰ লুধিয়ানাৰ পৰা, ছাৰ আপোনালৈ মোৰ প্ৰশ্ন এইটোৱে যে আমি সদায় কাম কৰাবৰ বাবে শিশুৰ পিছত দৌৰিবলগীয়া হয়৷ আমি কেনেকৈ সিহঁতক ছেল্‌ফ ম’টিভেটেড কৰিব পাৰো, যাতে সিহঁতে নিজৰ কাম নিজে কৰে৷ ধন্যবাদ৷

উত্তৰ-

আপুনি বেয়া নাপায় যদি মই অলপ এই বিষয়টোত আপোনাতকৈ অলপ বেলেগ ধৰণে ভাবো৷ মই ভাবো যে শিশুৰ পিছত এই কাৰণেই দৌৰিবলগীয়া হয় কিয়নো সিহঁতৰ গতিবেগ আমাতকৈ বেছি৷ এই কথা সঁচা যে শিশুহঁতক শিকোৱাৰ, কোৱাৰ, সংস্কাৰ দিয়াৰ দায়িত্ব পৰিয়ালৰ সকলোৰে৷ কিন্তু বহুবাৰ ডাঙৰ হোৱা স্বত্বেও আমিওতো কেতিয়াবা মূল্যাংকন কৰিব লাগে৷ আমি একোটা গাঁথনি তৈয়াৰ কৰি লওঁ আৰু শিশুক তাত সংস্থাপন কৰাৰ চেষ্টা চলাওঁ৷ আৰু সমস্যা এইখিনিৰ পৰাই আৰম্ভ হয়৷ আমি ইয়াক চ’ছিয়েল ষ্টেটাচৰ চিম্বল বনাই লওঁ৷ প্ৰায়ে মাক-দেউতাকে নিজৰ মনত কিছুমান লক্ষ্য থিৰাং কৰি লয়, কিছুমান পেৰামিটাৰ বনাই লয়, আৰু কিছুমান নিজেও পোষণ কৰে৷ পুনৰ সেই সপোনবিলাক আৰু লক্ষ্যবিলাকক সম্পূৰ্ণ কৰাৰ বোজা শিশুবিলাকক জাপি দিয়ে৷ আমি নিজৰ লক্ষ্যবিলাকৰ বাবে শিশুহঁতক জ্ঞাতে-অজ্ঞাতে, ক্ষমা কৰিব, মোৰ কথা হয়তো কঠোৰ যেন লাগিব পাৰে, জ্ঞাতে-অজ্ঞাতে আমি শিশুহঁতক আহিলা বুলি ভাবিবলৈ লওঁ৷ আৰু যেতিয়া শিশুহঁতক সেই দিশত টানিবলৈ বিফল হওঁ, তেতিয়া এইবুলি ক’বলৈ লওঁ যে শিশুৰ মাজত ম’টিভেচন আৰু ইন্সপাইৰেচন নাই৷

কাৰোবাক ম’টিভেট কৰাৰ প্ৰথম পাৰ্ট হৈছে ট্ৰেইনিং৷ সঠিক প্ৰশিক্ষণ, এবাৰ শিশুৰ মন প্ৰশিক্ষিত হ’লে তাৰ পিছত ম’টিভেচনৰ সময় আৰম্ভ হ’ব৷ প্ৰশিক্ষণৰ বহুতো মাধ্যম, বহুতো পদ্ধতি হ’ব পাৰে৷ ভাল কিতাপ, ভাল চলচ্ছিত্ৰ, ভাল কাহিনী, ভাল কবিতা, ভাল গল্প বা ভাল অনুভৱ! এই সকলো এক ধৰণৰ ট্ৰেইনিঙৰেই আহিলা৷ যেনে, আপুনি বিচাৰে, আপোনাৰ শিশুৱে পুৱা উঠি পঢ়ক৷ আপুনি তেওঁক কয়, গালিও পাৰে৷ কিন্তু আপুনি সফলতা লাভ নকৰে৷ আপোনাৰ ঘৰত কেতিয়াবা এনেকুৱা কিতাপৰ চৰ্চা হয়নে য’ত পৰোক্ষভাৱে পুৱা শুই উঠাৰ গুণবিলাক চৰ্চিত হয়? আমাৰ ইয়াত আধ্যাত্মিক জীৱনৰ লোকৰ ব্ৰহ্ম মুহূৰ্তৰ পৰাই তেওঁলোকৰ দিৱস আৰম্ভ হয়৷ আৰু তাৰেই নীতি পালন কৰে৷ আন এটা কথা আৰু আজিকালি প্ত এ এম ক্লাবৰো চৰ্চা হয়৷ আপুনি কেতিয়াবা ঘৰত এনেকুৱা কিতাপৰ চৰ্চা কৰিছেনে, বা কেতিয়াবা এনেকুৱা চলচ্ছিত্ৰ বা তথ্যচিত্ৰ চাইছেনে য’ত এই সম্পৰ্কত বৈজ্ঞানিক পদ্ধতিৰে যুক্তিসংগত উপায়েৰে আৱেগৰ সৈতে কথা কোৱা হৈছে? এনেকুৱা এবাৰ কৰি চাওঁক৷ পুৱা উঠিবৰ বাবে শিশুৰ প্ৰশিক্ষণ নিজে নিজে হৈ যাব৷ এবাৰ মন প্ৰশিক্ষিত হ’লে, শিশুৱে মনেৰে উপলব্ধি কৰিলে, ৰাতিপুৱা উঠিলে কি লাভ হয়, তেতিয়া তেওঁ নিজেই ম’টিভেট হ’বলৈ ধৰিব৷ এয়াইতো পৰিৱেশ সৃষ্টি, যাৰ ঘৰত খুবেই প্ৰয়োজন৷ আপুনি শিশুৰ সেই ল’ৰালি কাল বিলাকৰ কথা মনত পেলাওক, যেতিয়া আপুনি তাক কোলাত লৈছিল৷ ধৰি লওঁক আপোনাৰ পকেটত পেন আছে বা আপুনি চশমা পিন্ধি আছে, শিশুৱে সেইটোত টানে, চশমা খুলি পেলায়৷ তেতিয়া আপুনি কি কৰিছিল? আপুনি শিশুৰ পৰা যদি চশমা ওভোটাই ল’বলৈ চেষ্টা কৰে, তেনেহ’লে সি কান্দে৷ পেন ওভোটাই ল’বলৈ চেষ্টা কৰে, তেতিয়া সি কান্দে৷ তেতিয়া বুদ্ধিমান পিতৃ-মাতৃয়ে কি কৰে? এটা ডাঙৰ বল তাৰ সন্মুখত ৰাখি দিয়ে৷ সি লৈ থিয় দিয়ে৷ শিশুৱে কি কৰে? চশমা এৰি দিয়ে, পেন এৰি দিয়ে, ডাঙৰ বলটো খেলিবলৈ আৰম্ভ কৰে৷ নাকান্দে আৰু আপুনি সহজেই সমাধান বিচাৰি পায়৷ আপুনি তাৰ মনটো অন্যফালে ঢাল খুৱাই তাক বেছি পছন্দৰ অন্য প’জিটিভ বস্তু দেখুৱাই তাক ম’টিভেট কৰিছিল৷ এই যি কাম আপুনি আগতে কৰিছিল, যেতিয়া শিশু তেনেই সৰু আছিল, সেই কামেই আপুনি এতিয়াও কৰিব পাৰে৷

আপুনি হয়তো শুনিছে ‘এটা চাকিৰে আনটো জ্বলে’৷ আপোনাৰ শিশু আনৰ দ্বাৰা প্ৰকাশিত হ’ব নালাগে, আপোনাৰ শিশু স্বয়ং প্ৰকাশিত হ’ব লাগে৷ শিশুৰ ভিতৰত যি প্ৰকাশ আপুনি চাব বিচাৰে, সেই প্ৰকাশ তাৰ ভিতৰৰ পৰা প্ৰকাশমান হোৱা দৰকাৰ৷ আৰু সি আপোনাৰ জাগ্ৰত, সক্ৰিয় প্ৰয়াসৰ দ্বাৰা সম্ভৱ৷ আপুনি নিজৰ কামত যি পৰিৱৰ্তন দেখুৱাব, শিশুৱে বহুত ঘনিষ্ঠতাৰে পৰ্যবেক্ষণ কৰিব৷

এইখিনিতে আৰু এটা কথাৰ প্ৰতি মই আপোনাৰ মনোযোগ আকৰ্ষণ কৰিম, শিশুসকলক কেতিয়াও ভয় দেখুৱাই, এইটো হ’ব, সেইটো হ’ব, এনেকৈ হ’ব, তেনেকৈ হ’ব৷ দয়া কৰি এনেকুৱা প্ৰচেষ্টা নচলাব৷ এফালৰ পৰা এই পদ্ধতি বহুত সহজ যেন লাগে, কিন্তু ইয়াৰ ফলত এক ধৰণৰ নেতিবাচক মনোযোগৰ সম্ভাৱনাও বৃদ্ধি পায়৷ যেনেকৈ আপুনি যি সম্ভাৱনাৰ কথা উপস্থাপন কৰে সেয়া শেষ হৈ যায়, শিশুৰ ম’টিভেচনো শেষ হৈ যায়৷ আৰু সেইবাবেই ইতিবাচক মনোযোগৰ লগে লগে, বাৰে বাৰে ‘পজিটিভ’ ৰি-ইনফ’ৰ্চমেণ্টৰ ওপৰত জোৰ দি থকা দৰকাৰ৷ মনোযোগ আকৰ্ষণৰ যি মন্ত্ৰ শিশুহঁতৰ বাবে আছে, একপ্ৰকাৰে সেই একেখিনি আমাৰ সকলোৰে বাবেও দৰকাৰ৷ সকলো মনুষ্যৰ বাবে৷

প্রশ্ন -6-B আশ্ৰফ খান - মুসৌৰি, উত্তৰাখণ্ড

নমো এপত মুসৌৰি উত্তৰাখণ্ডৰ পৰা লিখেছে শ্রী আশ্ৰফ খানে।

ছাৰ, আমি যেতিয়া আমাৰ ডাঙৰ দাদা-বাইদেউ বা বন্ধুসকলৰ সৈতে কথা পাতো, তেওঁলোকে কয় যে এতিয়া স্কুলত জীবনৰ কিমানখিনি দেখিছ। জীৱনৰ আচল পৰীক্ষা তো স্কুল শেষ হোৱাৰ পাছত আৰম্ভ হয়। মোৰ প্রশ্ন হ'ল আমি অনাগত দিনৰ চ্যালেঞ্জবিলাকৰ বাবে নিজকে কেনেকৈ প্রস্তুত কৰিম?

উত্তৰ-

তনয়, আপুনি মোৰ সৈতে কুৱেটৰ পৰা কথা পাতিছে, কিন্তু কোনোবাই জানো কেতিয়াবা এই কথাটো চিহ্নিত কৰিছে? যে আপোনাৰ কন্ঠ ঈশ্বৰ প্রদত্ত। আপোনাৰ বাবা-মাই কি কেতিয়াবা কৈছে, আপোনাৰ বন্ধুসকলে? আপোনাৰ শিক্ষকে কৈছেনে? আপুনি নিজেও জানো লক্ষ্য কৰিছে? আজি আপোনাৰ প্রশ্ন শুনাৰ পিছত, এয়া ভালদৰে ৰেকর্ড কৰা হৈছে বাবে মই দৃঢ়ভাবে বিশ্বাস কৰো যে ঈশ্বৰে আপোনাক এটা বিশেষ ধৰণৰ কন্ঠ দিছে। ইয়াৰ ওপৰত মনোযোগ দিয়ক। ই আপোনাৰ বৃহত্তম উত্তৰাধিকাৰ হৈ উঠিব পাৰে। যাইহওক, মই তনয়ৰ সৈতে অন্য কথালৈ গুচি গৈছিলো, আপুনি যি প্রশ্নবিলাক জিজ্ঞাসা কৰিছে।

প্রথমটো হ'ল যি আপোনাক এনেকৈ কয়, যদিও তেওঁলোকৰ কোৱাৰ ধৰণ শুনি ভাব হয় যে তেওঁলোকে আপোনাক পৰামর্শ দিছে, কিন্তু যদি তেওঁলোকৰ মনৰ অভ্যন্তৰত সত্যটো চায় তেনেহ'লে তেওঁলোকে নিজকে আপোনাৰ সন্মুখত হিৰো হিচাপে তুলি ধৰাৰ চেষ্টা কৰিছে। অথবা তেওঁলোকে নিজৰ ব্যর্থতা ঢাকিবলৈ নিজৰ অসফলতা ডাঙৰ কৰি দেখুউৱাৰ চেষ্টা কৰে। আৰু সেয়ে তেওঁলোকে এনেকুৱা দেখুৱায় যে তেওঁলোকৰ সন্মুখত বিশাল চ্যালেঞ্জ আছে।

এই বিষয়ত মোৰ সহজ মন্ত্রটো হ'ল - এখন কাণেৰে শুনক আৰু আনখন কাণেৰে বাহিৰ কৰি দিয়ক।

হয়, এই প্রশ্নটো খুব স্বাভাবিক যে দশম বা দ্বাদশৰ পিছত কি? এয়া প্রতিটো সন্তানৰ মনত চলে আৰু এইটো না আমি অস্বীকাৰ কৰিব পাৰো বা অন্য কোনোৱে ইয়াক অস্বীকাৰো কৰিব নোৱাৰে। অনেকৰ ওচৰত এই প্রশ্নটো উদ্বেগজনক আৰু হতাশাৰ হ'ব পাৰে। দুর্ভাগ্যক্রমে আজিৰ চাকচিক্যময় যুগত, চেলিব্রেটি কালচাৰ আৰু ইয়াৰ প্রভাবৰ কাৰণে ছাত্রজীবনত এনে এটা ধাৰা প্রবাহিত হয় যে টিভিত যিসকলক দেখা যায়, যাৰ নাম সংবাদপত্রসমূহত আলোচিত হয়, তেওঁলোকৰ নিচিনা হ'ব লাগিব। তেওঁলোকৰ দৰে কিবা কৰিব লাগিব। এইটো কোনো বেয়া কথা নহয়, তথাপি এইটো বাস্তব জীৱনৰ পৰা অনেক দূৰত।

এই যে হাজাৰ-দু হাজাৰ মানুহ, যিসকল প্রচাৰ মাধ্যমত আমাৰ সন্মুখলৈ আহে, পৃথিৱীখন ইমান সৰু নহয়। ইমান ডাঙৰ বিশ্ব ব্যৱস্থা, ইমান দীর্ঘ মানব ইতিহাস, ইমান দ্রুত পৰিবর্তনে অনেক সুযোগ লৈ আহে। জীৱনৰ সত্যতা হ'ল বহুত্ববাদ যেনেকৈ আছে তেনেকৈ বৈচিত্র্যও আছে। অনেক মানুহ যেনেকৈ আছে, তেনেকৈ অনেক সুযোগো আছে। আমাৰ কৌতূহলৰ পৰিধি অধিক বঢ়াই তুলিব লাগিব, ইয়াক আৰু প্রসাৰিত কৰিব লাগিব।

আৰু সেয়ে, দশম শ্রেণী আৰু দ্বাদশ শ্রেণীতো আপোনালোকৰ নিজৰ চৌপাশৰ জীবন চাব লাগিব, জীবনক পর্যবেক্ষণ কৰিবলৈ শিকিব লাগিব। আপোনাৰ চৌপাশে অনেক পেশাদাৰ আছে, চাকৰিৰ প্রকৃতি আৰু পৰিবর্তনশীল চাকৰি আছে, নিজকে প্রশিক্ষণ দিয়ক, আপোনাৰ দক্ষতা বৃদ্ধি কৰক আৰু ইয়াৰ সদ্ব্যৱহাৰ কৰক। কেৰিয়াৰৰ পছন্দ কৰাৰ এটা দিশ হ'ল অনেক লোকে জীবনৰ সহজ ৰুট বিচাৰিছে। খুব দ্রুত প্রশংসা পোৱাৰ ইচ্ছা, আর্থিকভাবে ডাঙৰ হোৱাৰ ইচ্ছা, এই ইচ্ছাবোৰ প্রায়েই অন্ধকাৰৰ পথলৈ লৈ যোৱাৰ কাৰণ হৈ উঠে, প্রতিবাৰ নহয় কেতিয়াবা কেতিয়াবা। তাৰপিছত এনে এটা ধাপ আহে যিটোত স্বপ্ন দেখিবলৈ আৰু স্বপ্নৰ মাজত থাকিবলৈ ভাল লাগে। স্বপ্নত হেৰাই যাবলৈ ভাল লাগে।

স্বপ্ন দেখা ভাল, তথাপি স্বপ্নক লৈ বহি থকা আৰু স্বপ্নৰ বাবে শুই থকা, সেইটো ঠিক নহয়। স্বপ্নৰ পৰা বাহিৰ হৈ, আপোনালোকে স্বপ্ন অর্জনৰ সংকল্প কৰা খুব জৰুৰী। আপুনি ভবা উচিত আপোনাৰ কোনটো স্বপ্নক আপুনি নিজৰ জীৱনৰ সংকল্প কৰিব খোজে? এই দৃঢ় সংকল্প কৰাৰ লগতে আপোনালোকে সন্মুখত এটা সুস্পষ্ট পথ দেখিবলৈ পাব।

প্রশ্ন -7-A অমৃতা জৈন, মুৰাদাবাদ, উত্তৰ প্রদেশ

মাননীয় প্রধানমন্ত্রী, প্রণাম, ক্ষমা কৰিব, মোৰ প্রশ্ন পৰীক্ষাৰ ওপৰত নহয়। দয়া কৰি নাহাহিব, আজিকালি শিশুসকলে সঠিকভাবে খাব নিবিচাৰে। চিপছ, চকোলেট আৰু সর্বদা হাবিজাবি খাদ্যৰ ফালে নজৰ থাকে। আপুনি দয়া কৰি কওক, আমি এই বিষয়ত কি কৰা উচিত?

প্রশ্ন -7-B। সুনিতা পল - ৰায়পুৰ, ছত্তিসগড়

এনেকুৱা আৰু কিছু প্রশ্ন মোৰ ওচৰতো আছে, আৰু এই নৰেন্দ্র মোদী এপটোত ছত্তিসগড় ৰায়পুৰৰ সুনিতা পলে লিখেছে, ছাৰ, আমি আমাৰ শিশুসকলক যি টিফিন দিওঁ, তেওঁলোকে সেই বস্তু নাখায় আৰু সদায় ফাস্টফুড খায়। এই বিষয়ত আমাক সাহায্য কৰক।

উত্তৰ-

মই বুজিব পৰা নাই যে এই সমস্ত প্রশ্ন শুনাৰ পিছত মোৰ মিচিকীয়া হাঁহি অহা উচিত নে উচ্চস্বৰত হাঁহি উঠিম, আমি যদি এই বিষয়টোক লৈ মনোবৈজ্ঞানিক পদ্ধতিত আগুৱাই যাওঁ তেন্তে সম্ভবত সমাধান কৰা সহজ হ'ব।

আমাৰ প্রচলিত যি খাদ্যবিলাক আছে, আমি সহজাতভাবে সেইবিলাকৰ প্রতি গর্ববোধ তৈয়াৰ কৰিব লাগিব। খাদ্যবিলাকৰ বৈশিষ্ট্যক লৈ কথা ক'ব লাগিব। আমাৰ ৰন্ধন প্রক্রিয়া, ৰান্ধনিশালৰ কাম, পৰিয়ালৰ বাকী সদস্যসকলে জনা উচিত যে কিমান কঠোৰ পৰিশ্রমৰ পিছত এই খাদ্য ৰন্ধা হৈছে। এই সমস্ত বিষয় শিশুসকলৰ সন্মুখতো আলোচনা কৰা উচিত। কিমান খাদ্য ৰন্ধন কৰা হয়, কিমান সময় লাগে, কি কি উপকৰণ আছে। তেওঁলোকে যেতিয়া বুজিব পাৰিব যে কেনেকৈ কঠোৰ পৰিশ্রম কৰা হৈছে আৰু তাৰপিছত আমাৰ থাললৈ খাদ্য আহিছে।

দ্বিতীয়তে, আজিৰ যুগত খাদ্যৰ প্রচুৰ ৱেবছাইট আছে। আৰু তাত স্বাস্থ্যকৰ খাদ্যৰো অভাব নাই। আমি কি তাৰ পৰা তথ্য সংগ্রহ কৰিব পাৰো আৰু এই জাতীয় বস্তুবিলাকৰ সম্পর্কে এটা খেল তৈয়াৰ কৰিব পাৰো, যাক আমি সপ্তাহত একবাৰকৈ খেলিব পাৰো। যেনে গাজৰ, আমি গাজৰৰ গুৰুত্বৰ বিষয়ে কথা কোৱা উচিত। ইয়াৰ উপকাৰিতা কি কি, ইয়াৰ গুণ কি কি, পুষ্টি কি? এয়া চেষ্টা কৰি চাব পাৰি।

তৃতীয়তে, আমাৰ যি পাৰিবাৰিক চিকিৎসকসকল আছে, সেই চিকিৎসকসকল একধৰণৰ আমাৰ বন্ধুৱেই হয়। যেতিয়াই তেওঁ ঘৰলৈ আহিব, তেতিয়া গোটেই পৰিয়ালে তেওঁৰ পৰা কোন খাদ্যৰ কি গুৰুত্ব, সম্পূৰ্ণ পুষ্টি ক'ত পোৱা যাব, কি খাব জানি লোৱা উচিত। তেওঁলোকে আপোনাৰ ঘৰত কি বংশগত সমস্যা আছে সেয়া ক'ব পাৰে আৰু তাক দূৰ কৰিবলৈ কি খোৱা প্রয়োজন সেই পৰামর্শ দিব পাৰে। তেতিয়া শিশুসকলো উপকৃত হ'ব।

চতুৰ্থতে, আপুনি শিক্ষকৰ ওচৰত অনুৰোধ কৰিব পাৰে যে আপোনাৰ শিশুৰ বিশেষকৈ খাদ্যৰ ক্ষেত্রত সমস্যা হৈছে, শিক্ষকক ব্যাখ্যা কৰক, শিক্ষকসকলক বিশ্বাস কৰক। আপুনি দেখিব, শিক্ষকে অত্যন্ত দক্ষতাৰে গল্প কৰি কৰি, কথা কৈ কৈ, আৰু হাঁহি হাঁহি, তেওঁ কিয় সেয়া খোৱা উচিত তাক বুজাই দিব। আৰু শিক্ষকৰ বক্তব্যই শিশুৰ ওপৰত অন্য প্রভাব পেলায়। আমিও কিছু নতুন পৰীক্ষা-নিৰীক্ষা চলাই যাব লাগিব। আমি এনেকুৱা অনেক উদাহৰণ দেখিছো, য'ত প্রচলিত খাদ্যই এটা আধুনিক ৰঙৰ আকাৰত শিশুসকলক দিয়া হয়। সেয়ে, এইটো শিশুৰ মাজতো এটা আকর্ষণ সৃষ্টি হয়। যাইহওক, এইটো আমাৰ ছিলেবাছৰ বাহিৰৰ এটা বিষয়, তথাপি আমাৰ কিছু পৰামর্শ হয়তো আপোনাৰ বাবে কামত আহিব পাৰে।

প্রশ্ন - দিব্যাঙ্কা নমস্কাৰ, আপুনি দিব্যাঙ্কা কি পঢ়ে?

ছাৰ মই কমাৰ্চৰ ছাত্রী

আৰু আপুনি পুষ্কৰত থাকে?

হয় ছাৰ।

তেন্তে, আপুনি মোক পুষ্কৰ সম্পর্কে পৱিত্র কিছু কওক। পুষ্কৰৰ বিশেষত্ব কি?

পুষ্কৰত এটা মাত্র ব্রহ্মা মন্দিৰ আছে।

হয়...

আৰু পুষ্কৰ ৰাজ হৈছে ৬৮ তীর্থৰ গুৰু।

ভালবাৰু, ব্রহ্মাৰ ভূমিকা কি?

তেওঁ পৃথিৱী সৃষ্টি কৰিছে।

ঠিক আছে, কওক, আপোনাৰ মনত কি প্রশ্ন আছিল, দিব্যাঙ্কা।

 লিখিব, লিখিবনে?

হয় ছাৰ

বাহ ... ভাল ...

ধন্যবাদ ছাৰ, ধন্যবাদ

প্রশ্ন- ১০. ধৰভি বোপাট - গ্লোবেল মিশন ইন্টাৰন্যাশনাল স্কুল, আমেদাবাদ

নমস্কাৰ,

মোৰ নাম ধৰভি বোপাট, মই গুজৰাটৰ আহমেদাবাদৰ গ্লোবেল মিশন ইন্টাৰন্যাশনাল স্কুলৰ সংস্কাৰ ধামৰ একাদশ বাণিজ্য শাখাৰ ছাত্রী ছাৰ। এই কৰোণাৰ যুগত শিল্প, ব্যৱসায় আৰু চৰকাৰ অনেক ক্ষতিগ্রস্ত হৈছে। কিন্তু আপুনি কি ভাবিছে ছাত্রসকলৰ কিমান ক্ষতি হৈছে? আমি আমাৰ জীৱনত এই সঙ্কটৰ সময়ত আমি নিজৰ জীৱনক কিদৰে মনত ৰাখিম? ভাব হৈছে আমাৰ ছাত্রসকলৰ বাবে এটা বছৰ অর্থহীন হৈ গৈছে। আমাৰ ঠাইত থাকিলে আপুনি কি কৰিলে হেতেন? আপোনাৰ পৰামর্শই আমাক দিকনির্দেশ দিব। ধন্যবাদ।

উত্তৰ-

ধৰভি আপোনাৰ সৰু ভাই, ডাঙৰ ভাই সৰু ভাই কোনোবা আছে?

ছাৰ সৰু ভনী আছে।

অঁ, এগৰাকী সৰু ভনী আছে ... ঠিক আছে, আপুনি সৰু ভনীক এনেকৈয়ে কয়, যেনেকৈ এতিয়া কৈছিল?

সৰু ভনীক ছাৰ, না ছাৰ

তেওঁ এই সময়ত চকু ডাঙৰ কৰি কৈছিল, ভাল সাবৰমতী আশ্রমলৈ আগতে আহিছে নে আজিয়েই প্রথম!

ছাৰ মই আজি প্রথমবাৰ আহিছো।

প্রথমবাৰ আহিছে, আপুনি কিমান দিন ধৰি আহমেদাবাদত বাস কৰিছে?

৬ বছৰ ছাৰ

আচ্ছা, আপুনি ছয় বছৰ ধৰি আছে আৰু আপুনি কেতিয়াও অনুভব কৰা নাই যে ভাৰতৰ স্বাধীনতাৰ ইমান গুৰুত্বপূর্ণ এখন ঠাইলৈ যোৱা উচিত। আপোনালোকে নিশ্চই আজি পুৱাৰ পৰাই আহিছে।

হয় ছাৰ

তেন্তে আজি কি দেখিছে, সকলো দেখিছে?

হয় ছাৰ

মন শান্ত হৈছে?

হয় ছাৰ, অনেক শান্তি পাইছো।

উভতি গৈ আপোনাৰ সংস্কাৰ ধামৰ বন্ধুসকলক ক'ব সাবৰমতী আশ্রমত ফুৰিবলৈ যাবলৈ আৰু আপোনাৰ পৰিয়াল তথা বন্ধুবান্ধবকো জনাওক যে সাবৰমতী আশ্রমলৈ যোৱা উচিত। আৰু তালৈ গৈ শান্তি পোৱা যায়।

এক মুহূর্তৰ বাবে চুপচাপ, কেইবা মুহূর্তৰ বাবে চুপচাপ বহা উচিত, কি ক'ব বাৰু?

হয় ছাৰ, একেবাৰে ছাৰ, হয় ছাৰ

ঠিক আছে, এতিয়া মোক আপোনাৰ প্রশ্নলৈ আহিবলৈ দিয়ক। মই তো ধৰভিক ধৰি পঢ়োৱা আৰম্ভ কৰি দিছিলো।

চাওক, আপুনি ঠিক কৈছে।

কৰোণাৰ বিষয়ে, মই ভাবো, যি ভুল আপোনালোকে কৰা নাই তাৰ ফল আপোনালোকে বহন কৰিবলগা হৈছে। এইটো আপোনাৰ বাবে জীবনৰ এটা পাঠ যে জীবনত অনেক সময় হঠাৎ কিছু ঘটি যায়, অভাবনীয় ঘটনা ঘটে। আৰু এই ঘটনাবিলাকৰ ওপৰত আপোনালোকৰ কোনো নিয়ন্ত্রণ নাই। কৰোণাৰ ক্ষেত্রতো, আমি ক'ব পাৰো যে শিশু আৰু যুৱকসকলৰ অনেক ডাঙৰ ক্ষতি হৈ গৈছে। শৈশবকালত, এটা বছৰৰ ক্ষতি এক ডাঙৰ ইমাৰতৰ ভেতিত শূন্যতাৰ দৰেই। এই ফাঁক পূৰণ কৰা সহজ নহয়।

স্কুলৰ বয়স মানে কি?

হঁহা, খেলা, ধূলিত খেলা, ধূলি গুচোৱা, গ্রীষ্ম, শীত, বৃষ্টি , বন্ধুসকলৰ সৈতে উপভোগ কৰা, ক্লাছত শিক্ষকসকলৰ সৈতে গল্প কৰা, কথা পতা, আনকি ঘৰৰ চৌপাশৰ সবাতোকৈ সৰু ঘটনা কোৱা, জীবনত উন্নতিৰ বাবে এইবোৰ অত্যন্ত প্রয়োজনীয়। আপুনি এই সমস্ত কথাৰ পৰা সহজেই অনেক কিছু শিকিব পাৰে।

আপোনালোকৰো নিশ্চয় ভাব হয়, যেতিয়া কৰোণাৰ আগৰ সময়ৰ কথা মনত পৰে, তেতিয়া ভাব হয় যে আপুনি কত কিছু মিছ কৰিছে। তথাপি কৰোণাৰ সময়কালত যেনেকৈ অনেক কিছু হেৰুৱাইছো তেনেকৈ অনেক কিছু পোৱাও গৈছে। কৰোণাৰ পৰা প্রথম যি শিক্ষা পোৱা যায় সেয়া হ'ল, আপুনি সেই সকলো বস্তু, সেইসকল মানুহক মিছ কৰিছে, যিসকলে আপোনাৰ জীৱনত কিমান ডাঙৰ ভূমিকা পালন কৰে। এই কৰোণাৰ সময়কালত এইটো আৰু ভালকৈ বুজা গৈছে। আপুনি বুজিব পাৰিছে যে কাকো অৱজ্ঞা কৰা উচিত নহয়। সেয়া খেলাধুলাই হওক, স্কুলৰ ক্লাছ হওক বা আপোনাৰ ঘৰৰ কাষৰ সব্জি বিক্রেতা, ইস্ত্রি ওৱালা, নিকটস্থ বজাৰৰ দোকানী, আপুনি যাক ৰুটিন হিচাপে ধৰি লৈছিল এনেকুৱা বস্তুবিলাক যেতিয়া আমি মিছ কৰো, তেতিয়া আমি সকলোৱে ইয়াৰ গুৰুত্ব অনুভব কৰো। অতএব, আপুনি এই দিশটোত ক্রমাগত সচেতন থকা উচিত আৰু এই শিক্ষা আজীৱন মনত ৰখা উচিত।

কৰোণাৰ পিছতো এই বিষয়বিলাক উপেক্ষা কৰা উচিত নহয়। একে সময়তে, আপুনি এই কথাও মনত ৰখা উচিত যে প্রকৃত অর্থত জীৱন যাপনৰ বাবে কিমান কম বস্তুৰ প্রয়োজন। দ্বিতীয়তে, এই এটা বছৰত, আপুনি নিশ্চয়ই নিজৰ ভিতৰত উঁকি মৰাৰ, নিজকে জনাৰ সুযোগ পাইছে।

কৰোণাৰ সময়কালত আৰু এটা বস্তু ঘটিছে, আমি আমাৰ পৰিয়ালত এজনে আনজনক আৰু ঘনিষ্ঠভাবে বুজিব পাৰিছো। কৰোণাই সামাজিক দূৰত্ব ৰাখিবলৈ বাধ্য কৰিছে, সমান্তৰালভাৱে সি পৰিয়ালৰ মাজত মানসিক বন্ধনকো মজবুত কৰিছে। যৌথ পৰিয়ালৰ শক্তি কি, পৰিয়ালৰ শিশুসকলৰ জীৱন গঠনত তেওঁলোকে কিমান ভূমিকা ৰাখে সেয়া কৰোণাৰ সময়কালতো দেখা গৈছে। মই বিচাৰো সামাজিক বিজ্ঞানৰ সৈতে যুক্ত যিসকল, আমাৰ বিশ্ববিদ্যালয়সমূহে ইয়াক লৈ গৱেষণা কৰক। কৰোণাৰ সময়কালৰ পাৰিবাৰিক জীৱনক লৈ অধ্যয়ন কৰক। যৌথ পৰিয়ালে কেনেকৈ এই সঙ্কট মোকাবিলাত সমাজক শক্তি দিছিল, এই দিশটো চালিজাৰি চোৱা হওক!

কৰোণালৈ অহাৰ পাছত আমি এই আয়ুর্বেদিক পথ্য, পুষ্টিকৰ খাদ্য, পৰিষ্কার-পৰিচ্ছন্নতা, ৰোগ প্রতিৰোধৰ দৰে অনেক গুৰুত্বপূর্ণ বিষয়ৰ গুৰুত্ব বুজিব পাৰিছো। এই সময়ত জনসাধাৰণে যি কৰিছে, যদি তেওঁলোকে আগৰ পৰাই সেয়া কৰিলে হেতেন তেতিয়া সম্ভবত সমস্যা আৰু কম হ'ল হেতেন। তথাপি ভাল, এতিয়া জনসাধাৰণে তেওঁলোকৰ জীবনত এই পৰিবর্তনবিলাক অন্তর্ভুক্ত কৰিছে।

আৰু সেই কাৰণেই, মই কওঁ যে এইটো খুব ডাঙৰ বিষয় যে পৰিয়ালৰ শিশুসকলে এনেকুৱা গুৰুতৰ দিশবিলাকক লৈ ভাবিছে আৰু কথা পাতিছে।

ধন্যবাদ বাবা, তোমাক ধন্যবাদ।

প্রশ্ন- ১১. কৃষ্টি শইকীয়া - কেন্দ্রীয় বিদ্যালয় আইআইটি গুৱাহাটী,

মাননীয় প্রধানমন্ত্রী, মই কৃষ্টি শইকীয়া, কেন্দ্রীয় বিদ্যালয় আইআইটি গুৱাহাটী, দশম শ্রেণীৰ ছাত্রী আৰু অসমবাসীৰ পক্ষৰ পৰা মই আপোনাক প্রণাম জনাইছো। ছাৰ, নতুন প্রজন্মৰ শিশু হিচাপে আমি সকলো সময়তে আমাৰ পিতৃ-মাতৃ আৰু আমাৰ মাজত জেনেৰেশন গ্যাপ কম কৰিব বিচাৰো। প্রধানমন্ত্রী ছাৰ, আমি কেনেকৈ সেয়া কৰিব পাৰো? আপোনাৰ পৰামর্শ দিয়ক।

কি নাম আপোনাৰ?

ছাৰ, কৃষ্টি শইকীয়া

আপুনি কেনেকৈ ইমান ভাল হিন্দী ক'বলৈ শিকিলে?

ধন্যবাদ ছাৰ

উত্তৰ-

আচ্ছা, আপোনাৰ প্রশ্নটো খুব ভাল। আপুনি ছাত্র হিচাপে এই প্রশ্ন জিজ্ঞাসা কৰিছে, সেইবাবে মই আপনাক প্রশংসা কৰিছো। ই প্রমাণ কৰে যে আপুনি এই ইছ্যুত কিমান সংবেদনশীল। আপুনি কেৱল এই বিষয়টোকেই বুজে তেনে নহয়, দুটা প্রজন্মৰ মাজত জেনেৰেশন গ্যাপ কম কৰাৰ চেষ্টাও কৰিছে।

তেন্তে মই এই বিষয়ত অভিভাবকসকলৰ সৈতে কথা পাতিব লাগিব। পিতৃ-মাতৃৰ সিদ্ধান্ত ল'ব লাগিব যে তেওঁলোক বৃদ্ধাবস্থাৰ ফালে যাব বিচাৰে, নে তেওঁলোকে তেওঁলোকৰ বয়স কম কৰিব বিচাৰে। আৰু আপুনিও, এই প্রশ্নটো আপোনাৰ পিতৃ-মাতৃক সোধক। পিতামাতা যদি বার্ধক্যৰ দিশত যাব বিচাৰে তেন্তে অবশ্যই আপোনাৰ শিশুসকলৰ সৈতে এটা দূৰত্ব সৃষ্টি কৰক, ফাঁক বঢ়াই ৰাখক। আৰু আপুনি যদি নতুন জীৱনৰ দিশত অগ্রসৰ হ'ব খোজে, আপোনাৰ বয়স কমাব বিচাৰে, তেন্তে আপুনি শিশুসকলৰ সৈতে জেনেৰেশন গ্যাপ কম কৰক। ঘনিষ্ঠতা বঢ়াওক। এয়া আপোনাৰ পক্ষে সুবিধাজনক। মনত ৰাখিব, যেতিয়া আপোনাৰ শিশুটি এক বছৰৰ আছিল, আপুনি তেওঁৰ সৈতে কেনেকৈ কথা পাতে? আপুনি তেতিয়া তেওঁক হঁহুৱাবৰ বাবে কি ধৰণৰ শব্দ কৰে? আপুনি নিজৰ মুখৰ ভাব উল্টা-পুল্টা কৰি কেনেকৈ তেওঁৰ সৈতে কথা পাতে। এনেকুৱা কৰাৰ সময়ত আপুনি কেতিয়াবা ভাবিছিলে জানো যে কোনোবাই যদি এয়া দেখে তেন্তে তেওঁ কি ক'ব?

আপুনি কি কেতিয়াবা ভাবি চাইছে যে আনে আপোনাক এনেকুৱা কৰা দেখিলে, তাৰপিছত তেওঁলোকে ক'ব মুখখন কেনেকুৱা কৰিছে, কি ধৰণৰ শব্দ কৰিছে? আপুনি কি কেতিয়াবা কেতিয়াবা ভাবি চাইছে যে তেতিয়া আপোনাৰ সন্তানৰ মনত কি চলিছিল? আপুনি সেই সময়ত এয়া উপভোগ কৰিছে, সেয়ে আপুনি এনে কৰিছে। আপুনি কাকো পাত্তা দিয়া নাছিল, অর্থাৎ আপুনি সমস্ত কিছু এৰি দিছিল আৰু নিজেই এটি শিশু হৈছিলে।

শিশুৰ সৈতে খেলিবলৈ গৈ, আপুনি নিজেই তাৰ খেলনা হৈ গৈছিল আৰু সন্তানৰ খেলনা লৈও একেই উৎসাহেৰে খেলিছে। ভাবক চোন, আপুনি কেতিয়াবা ঘোঁৰা হৈছে, কেতিয়াবা শিশুক পিঠিত বহুৱাইছে, কেতিয়াবা আপুনি কান্ধত বহুৱাই ঘুৰাবলৈ লৈ গৈছে, কেতিয়াবা কেতিয়াবা হামখুৰি খাইছে, শিশুৰ কান্দোন ৰাখিবলৈ আপুনি মিছা কন্দাকটা কৰিছে। তেতিয়া আপোনালোকে আপত্তি কৰা নাই যে কোনে কি ক'ব, ঘৰৰ অন্যান্য লোকসকলে কি ক'ব, সমাজে কি ক'ব, বন্ধুসকলে কি ক'ব একোৱেই নাভাবে। আপুনি কি কেতিয়াবা ভাবিছে? আপুনি সেই সময় উপভোগ কৰিছে আৰু এইটো সন্তানৰ ৫-৬ বছৰ বয়স পর্যন্ত অব্যাহত থাকে। সন্তান অলপ ডাঙৰ হোৱাৰ পাছত এই মানসিকতা এনে হৈ যায় যে পিতৃ-মাতৃয়ে সন্তানৰ ওপৰত কর্তৃত্ব কৰিবলৈ বিচাৰে। শিশুক সকলো শিকাব খোজে। হঠাৎ যি বন্ধুসকল আছিল, তেওঁলোক বন্ধু হোৱাৰ পৰিবর্তে সন্তানৰ প্রশিক্ষক হৈ উঠে। আৰু কেতিয়াবা কেতিয়াবা তেওঁলোক পৰিদর্শকো হৈ উঠে।

বন্ধুসকল, শিশুৱে যেতিয়া বাহিৰৰ জগতত ভৰি ৰাখে, তেতিয়া তেওঁ বহু কথাই পর্যবেক্ষণ কৰে। তেওঁ ঘৰত যি দেখিছিল তাৰ পৰা সম্পূর্ণ পৃথক, বহু কিছু দেখিবলৈ আৰম্ভ কৰে। সেই সময়ত আপোনাৰ সচেতন দায়িত্ব যে আপোনাৰ শিশুৱে সেই নতুন পৰিবেশত আৰু বেছি উন্নতি কৰক। আৰু তাকে কৰাৰ সবাতোকৈ ভাল উপায় হ'ল তেওঁৰ মনৰ সৈতে সংযোগ স্থাপন কৰা, আৰু মন দি তেওঁ যি কৈছিল সেয়া সকলো শুনা। এনেকুৱা নহয় যে আপুনি ফোনত কথা পাতিছে আৰু তেওঁ কথা কৈছে, তেওঁৰ সৈতে কথাত যোগ দিয়ক। আপুনি যি পছন্দ নকৰে, আপোনাৰ সন্তানে যদি তেনে কৰি আহে, তেওঁক তিৰস্কাৰ নকৰিব, বাধা নিদিব, কেবল শুনিব, শুনাৰ সময়ত তাৰ অনুভব হোৱা উচিত যে আপুনি তাক কিমান ভালপায়। হয়, তেতিয়া যি বস্তুটো ভাল নহয় সেয়া মনত পেলাই দিব আৰু বাঢ়ন্ত বয়সৰ শিশুসকলৰ বাবে এনে কৰা খুবেই গুৰুত্বপূর্ণ।

যিমান সম্ভব তেওঁৰ কথা শুনক, তেওঁৰ কথা বুজক। প্রশিক্ষক হৈ পুৱাৰ পৰা সন্ধ্যা পর্যন্ত শিশুক কি কৰিব লাগিব তাৰ ব্যাখ্যা নকৰিব। বাৰেবাৰে নোসুধিব, মই কি কৈছিলো, কি কি কৰিছো। কেৱল আপোনাৰ চকু খোলা ৰাখক, কাণ খোলা ৰাখক, শিশুৰ ওপৰত লক্ষ্য ৰাখক। আপুনি তেওঁৰ যি দিশসমূহৰ উন্নতি কৰিব বিচাৰে, যিবোৰ আপোনাৰ পছন্দ নহয়, সেইবোৰ ঠিক কৰাৰ বাবে অনেক চিন্তাভাবনা কৰাৰ পিছত এটা পৰিবেশ প্ৰস্তুত কৰক, যাতে তেওঁ নিজেই অনুভব কৰিব পাৰে যে ক'ত ভুল কৰিছে।

যেতিয়া পিতৃ-মাতৃয়ে শিশুৰ সৈতে বন্ধুৰ দৰে মিলে, তেতিয়া কোনো সমস্যা নহয়।

যেনে শিশুটিয়ে যদি কোনো নতুন গান শুনিছে, এটি নতুন সঙ্গীত উপভোগ কৰিছে, তেন্তে আপুনিও সেই আনন্দত তেওঁৰ সৈতে যোগ দিয়াৰ চেষ্টা কৰা উচিত। তেওঁক নক'ব যে তিৰিশ বছৰ আগতে আমাৰ দিনত অমুক গান আছিল,মই সেইটোৱেই বজাম, এইটো নকৰিব। যি গান তেওঁৰ পছন্দ সেই গানটো শুনক, উপভোগ কৰক।

এই গানত এনে কি আছে যাক আপোনাৰ শিশুৱে পছন্দ কৰিছে সেয়া বুজাৰ চেষ্টা কৰক। তেতিয়া কি হয়, এই সময়ত কিছু পিতামাতাই ক'বলৈ আৰম্ভ কৰে যে - কি বাজে গান শুনিছা, আমাৰ সময়ত আচলতে ভাল গান হৈছিল, এতিয়া যাক গান বোলা হয় সেয়া কেৱল চিঞৰ-বাখৰ। যি ঘটে সেয়া হ'ল শিশুসকল আহি যেতিয়া আপোনালোকক কিবা কয়, যে আমি আজি স্কুলত এনেকুৱা কৰিছো তেতিয়া আপুনি নিজৰ গল্পটো লৈ বহি নাযায় তো। এয়া তো তেনেকুৱাই হয়, কি হৈছে, ইয়াত নতুনত্ব কি? এইটো তেনেকুৱা।

আপোনাৰ সন্তানৰ সৈতে তেওঁৰ প্রজন্মৰ আলোচনাৰ প্রতি একেই আগ্রহ দেখুৱাব, তেওঁৰ আনন্দ উপভোগ কৰিব, তাৰপিছত আপুনি দেখিবলৈ পাব কেনেকৈ জেনেৰেশন গ্যাপ শেষ হয়। আৰু আপুনি যি ক'ব বিচাৰিছে তাকো শিশুৱে বুজি গৈছে আৰু সেয়ে প্রজন্মৰ ব্যবধান কমাবলৈ শিশু আৰু প্রবীণসকলে পৰস্পৰে পৰস্পৰক বুজিব লাগিব। খোলামেলা মন খোলা ৰাখিয়েই নির্দ্বিধায় কথা পাতিব লাগিব। আপুনি বুজিব লাগিব, শুনিব লাগিব আৰু তাৰপিছত নিজকে পৰিবর্তন কৰাৰ বাবে প্রস্তুত থাকিব লাগিব। অসমৰ পৰা মই ইমান ভাল এটা প্রশ্ন পাইছো, মই খুব ডাঙৰ উত্তৰ দিছো। সেয়ে মোৰ ভাল লাগিছে, আপোনাক অনেক ধন্যবাদ।

ধন্যবাদ ছাৰ

প্রশ্ন- ১২. শ্রেয়ান ৰায়, চেন্ট্রেল মডেল স্কুল,

নমস্কাৰ ছাৰ

নমস্কাৰ

মই শ্রেয়ান ৰায়, মই কলকাতাৰ বাৰাকপুৰৰ সেন্ট্রেল মডেল স্কুলত দশম শ্রেণীত পঢ়াশুনা কৰো।

ছাৰ, পৰীক্ষাৰ বতৰত, পৰীক্ষাতকৈও আমাৰ বেছি ভয় লাগে পৰীক্ষাৰ পাছত কি হ'ব ভাবি। আমাৰ ফলাফল ভাল নহ'লে কি হ'ব? পৰীক্ষাযত ব্যর্থতা কি আচলতে আমাৰ জীৱনৰ ব্যর্থতা?

উত্তৰ-

আৰে এনেকৈ কিয় ভাবে? আপুনি যদি এগজাম ৱাৰিয়ৰ কিতাপখন পঢ়ে তেনেহ'লে এই প্রশ্নৰ উত্তৰ পাই গ'ল হেতেন। তথাপি আপোনাৰ প্রশ্নটো গুৰুত্বপূর্ণ। আৰু সম্ভবত এই ধৰণৰ প্রশ্নবিলাক বাৰেবাৰে উদয় হয়। আৰু আমি বাৰেবাৰে উত্তৰ দিব লাগিব। এবাৰ ক'লে নহ'ব।

আৰু আমি খোলা মনে এইটোকে ক'ব খোজো যে দুর্ভাগ্যক্রমে শিক্ষাৰ ক্ষেত্রত আৰু পাৰিবাৰিক জীৱনত চিন্তাভাবনাৰ সুযোগ এখন খুব সীমিত হৈ গৈছে। পৰীক্ষাত পোৱা নম্বৰ আপোনাৰ যোগ্যতাৰ মাপকাঠি হ'ব নোৱাৰে। কেবল ভাৰতত নহয়, বিশ্বত আপুনি এনে অনেক সফল ব্যক্তি দেখিবলৈ পাব যি ক্লাছত ভাল নম্বৰ নাপায়, তথাপি আজি তেওঁলোক তেওঁলোকৰ ক্ষেত্রত শ্ৰেষ্ঠ। পৰীক্ষা কেৱল এটা ঘটনা মাত্র। এই পৰীক্ষাযত নম্বৰ কমাৰ অর্থ এইটো নহয় যে আপোনাৰ জীবনত কোনো বিশাল ক্ষতি হৈছে।

হয়,মই অবশ্যই আপোনাক এনে এটা বস্তু সম্পর্কে ক'ম যি ভবিষ্যতে আপুনি এৰাই চলা উচিত। সমাজত এক নতুন কুৰীতিৰ আগমন ঘটিছে, যাক আমি ডেস্টিনেশন ফিভাৰ বুলিব পাৰো। অর্থাৎ, অন্যসকলে যি কৰিছে, তেওঁলোকৰ ফালে চাই তেওঁলোকৰ পথত চলিবলৈ আৰম্ভ কৰা। আপোনাৰ আত্মীয়সকল কোনো ঠাইত সফল হ'লে, আপুনিও ভাবে তালৈ গৈ সফল হ'ব। যদি কোনোবা ব্যর্থ হয় তেতিয়া আপুনি ভাবে মই যদি একেই দিশত গুচি যাওঁ তেন্তে ময়ো ব্যর্থ হ'ম। আমি ভাবো যে অমুক ছাত্রই অমুক পঢ়িছে, সেই ক্ষেত্রত গৈছে, অমুক পদত আছে, অমুক ক্ষেত্রত নাম অর্জন কৰিছে, তেন্তে আমিও একেই কাম কৰিব লাগিব, তেতিয়াহে আমাৰ জীৱন সফল হ'ব। এই চিন্তা ঠিক নহয়, বন্ধুসকল। এই চিন্তাৰ ফলতেই অনেক শিক্ষার্থীয়ে ইমান চাপৰ মাজত জীৱন কটায়।

আপুনি যি পঢ়ে সি আপোনাৰ জীবনৰ সাফল্য আৰু ব্যর্থতাৰ একমাত্র মাপকাঠি হ'ব নোৱাৰে। আপুনি জীৱনত যি কৰিব, সিয়েই আপোনাৰ সাফল্য আৰু ব্যর্থতা নির্ধাৰণ কৰিব। আপোনালোকে পৰিয়ালৰ চাপ, সমাজৰ চাপ, পিতৃ-মাতৃৰ চাপ এইবোৰৰ পৰা ওলাই আহক।

অনেক সময়ত সম্ভাবনা জানিবলৈ পথাৰত জঁপিয়াই পৰিবলগা হয়। মই ভাবো আপুনি হয়তো আপোনাৰ উত্তৰ বিচাৰি পাইছে।

বন্ধুসকল, আপোনালোক সকলোৰে সৈতে ভার্চুৱেল সাক্ষাৎ কৰি মোৰ খুব ভাল লাগিল। মই আপোনালোকক অনেক ধন্যবাদ জনাইছো। মই সচাই এয়া উপভোগ কৰিছো। আপোনালোকৰ সকলোৰে সৈতে কথা পতাটো মোৰ পক্ষে আনন্দৰ। মই ভাবো আপোনালোকৰ সকলোৰে এই আলোচনাৰ পৰা কিবা নহয় কিবা লাভ হ'ব। মই যি কৈছো সেয়া মানি চলিব লাগিব এনে নহয়। চিন্তা কৰক, নিজৰ ধৰণেৰে চিন্তা কৰক।

বন্ধুসকল, আজি মই আপোনালোকক এটা ডাঙৰ পৰীক্ষাৰ বাবে প্রস্তুত কৰিব বিচাৰো। এই ডাঙৰ পৰীক্ষাত আমি শতভাগ নম্বর পাই পাছ কৰিবই লাগিব। এয়া হ'ল আমাৰ ভাৰতক আত্মনির্ভৰ কৰি তোলা।

এয়া হ'ল ভোকেল ফৰ লোকেলক জীৱন মন্ত্র বনোৱা।

মোৰ এটা অনুৰোধ আছে, যেতিয়া আপোনাৰ বোর্ড পৰীক্ষা শেষ হৈ যাব, তাৰপিছত পৰিয়ালৰ সদস্যসকলৰ সৈতে বহি এখন তালিকা প্ৰস্তুত কৰক। আপুনি পুৱাৰ পৰা ৰাতি লৈকে যি বস্তুবিলাক ব্যৱহাৰ কৰিছে তাৰ মাজত বিদেশত কিমান বস্তু তৈয়াৰ হৈছে আৰু ভাৰতৰ মাটিত কিমান বস্তু তৈয়াৰ হৈছে আৰু দেশবাসীৰ কঠোৰ পৰিশ্রমত কিমান বস্তু তৈয়াৰ কৰা হৈছে।

এইবোৰৰ উপৰিও মই আপোনাক পৰীক্ষাৰ পাছত এটা টাস্ক দিব বিচাৰো। আপোনালোকে সকলোৱে জানে যে আমাৰ দেশে স্বাধীনতাৰ ৭৫ বছৰ পূর্তি উপলক্ষে স্বাধীনতাৰ অমৃত উৎসব উদযাপন কৰিছে। অমৃত মহোৎসবত আমাৰ স্বাধীনতা সংগ্রামীসকলৰ সম্পর্কে জানক, স্বাধীনতাৰ যুদ্ধ সম্পর্কে শিকক। দেশত ইয়াৰ বাবে এটা প্রচাৰ অভিযান আৰম্ভ হৈছে। আপোনালোকে এই অভিযানত যোগ দিব লাগিব। আপোনাৰ ৰাজ্যৰ স্বাধীনতা সংগ্রামৰ সৈতে যুক্ত ৭৫ টা ঘটনা বিচাৰি উলিয়াওক। এইবোৰ কোনো ব্যক্তিৰ সংগ্রামৰ সৈতে জড়িত হ'ব পাৰে, কোনো বীৰ শ্বহীদৰ জীৱনৰ সৈতে যুক্ত হ'ব পাৰে। আপোনাৰ মাতৃভাষাত এই ঘটনাবিলাক বিস্তাৰিতভাবে লিখক। ইয়াৰ বাহিৰে হিন্দী-ইংৰাজীত লিখিব পাৰিলে আৰু ভাল হ'ব।

আপুনি ইয়াক এক বছৰৰ প্রজেক্ট হিচাপে লওক আৰু কেনেকৈ ডিজিটেল মাধ্যমত সেয়া কৰিব, আপোনালোকৰ শিক্ষকসকলৰ পৰাও পৰামর্শ লওক। আপোনাৰ শিক্ষকসকলৰ সৈতে কথা পাতক, আপোনাৰ পিতৃ-মাতৃ, ককা-আইতাৰ সৈতে কথা পাতক, আপুনি কি কৰিব পাৰে সেয়া আলোচনা কৰক।

বন্ধুসকল, গুৰুদেৱ ৰবীন্দ্রনাথ ঠাকুৰে লিখিছে-

আমি স্বপ্ন দেখেছিলাম জীবন আনন্দময়

আমি ঘুম থেকে উঠে দেখলাম জীবনই সেবার

আমি সেবা করে দেখেছি যে সেবাতেই আনন্দ আছে "

আপোনালোকে নিজেই চাওক, যেতিয়া আমাৰ আকাঙ্ক্ষা, আমাৰ লক্ষ্য দেশৰ সেৱাৰ সৈতে সংযুক্ত থাকে, তেতিয়া আমি কোটি কোটি জীৱনৰ সৈতে যুক্ত হৈ যাওঁ। কাজেই, ডাঙৰ স্বপ্ন দেখিব লাগিব, দেশৰ বাবে চিন্তা কৰিব লাগিব। মই বিশ্বাসী, আপোনালোকে এই পৰীক্ষাসমূহ খুব ভাল নম্বর লৈ পাছ কৰিবে, ইয়াৰ পিছত জীৱনত আৰু অনেক আগুৱাই যাব। সেয়ে, বহুত পঢ়ক, বহুত খেলক, বহুত মজা কৰক। ফলাফলৰ পিছত মোক নিশ্চয় জনাব। মই অপেক্ষাত থাকিম।

এই শুভেচ্ছাৰ সৈতে, মোৰ সকলো তৰুণ বন্ধু আৰু ছোট সৰু বন্ধুসকলক বহুত বহুত ধন্যবাদ!

বহুত বহুত শুভেচ্ছা।

ভাৰতৰ অলিম্পিয়ানসকলক প্ৰেৰণা যোগাওঁক! #Cheers4India
Modi Govt's #7YearsOfSeva
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
Big dip in terrorist incidents in Jammu and Kashmir in last two years, says government

Media Coverage

Big dip in terrorist incidents in Jammu and Kashmir in last two years, says government
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to interact with IPS probationers at Sardar Vallabhbhai Patel National Police Academy on 31st July
July 30, 2021
Share
 
Comments

Prime Minister Shri Narendra Modi will address the IPS probationers at Sardar Vallabhbhai Patel National Police Academy on 31st July  2021,  at 11 AM via video conferencing. He will also interact with the probationers during the event.

Union Home Minister Shri Amit Shah and Minister of State (Home) Shri Nityanand Rai will be present on the occasion.

About SVPNPA

Sardar Vallabhbhai Patel National Police Academy (SVPNPA) is the premier Police Training Institution in the country. It trains officers of the Indian Police Service at induction level and conducts various in-service courses for serving IPS Officers.