নতুন প্ৰতিভাই ভূমুকি মাৰিব পৰাকৈ তৃণমূল পৰ্যায়ত ক্ৰীড়াৰ জনপ্ৰিয়কৰণত মনোনিৱশৰ আহ্বান
সুন্দৰকৈ খেল মহোত্সৱ অনুষ্ঠিত কৰাৰ বাবে জাপানৰ চৰকাৰৰ লগতে জনসাধাৰণক ধন্যবাদ জ্ঞাপন

টকিঅ’ ২০২০ত কৰা দৰ্শনীয় প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। টকিঅ’ অলিম্পিকৰ সামৰণি মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈয়েই চেম্পিয়ণ।

ভাৰতে লাভ কৰা পদকসমূহে ৰাষ্ট্ৰক গৌৰৱান্বিত আৰু উজ্জীৱিত কৰি তুলিছে বুলিও তেওঁ অভিমত ব্যক্ত কৰে।

একে সময়তে, তৃণমূল পৰ্যায়ত ক্ৰীড়াৰ জনপ্ৰিয়কৰণত মনোনিৱশ কৰাৰ বাবে এয়াই সময় বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে তেতিয়াহে নতুন প্ৰতিভাই ভূমুকি মাৰি ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাব বুলি মন্তব্য কৰে।

 

তেওঁ সুন্দৰকৈ খেল মহোত্সৱ অনুষ্ঠিত কৰাৰ বাবে জাপানৰ চৰকাৰৰ লগতে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। এনে এক সময়ত মহোত্সৱখনি ইমান সুন্দৰকৈ অনুষ্ঠিত কৰা কথাই নমনীয়তাৰ এক বাৰ্তাই প্ৰেৰণ কৰিছে। সংঘবদ্ধ কৰাৰ ক্ষেত্ৰত ক্ৰীড়াৰ প্ৰচণ্ড শক্তিকো ই পুনৰ প্ৰতিস্থা কৰিলে বুলিও তেওঁ মন্তব্য কৰে।

এই সন্দৰ্ভত প্ৰকাশিত এলানি বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

“#Tokyo2020-ৰ সামৰণি পৰত মই খেল মহোত্সৱখনিত কৰা দৰ্শনীয় প্ৰদৰ্শনৰ বাবে ভাৰতীয় দলটোক অভিনন্দন জনাইছো। তেওঁলোকে উত্তম কৌশল, দলগত প্ৰয়াস আৰু উত্সৰ্গিত মনোভাৱৰ সুন্দৰ নিদৰ্শন দাঙি ধৰিলে। ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী খেলুৱৈয়েই দৰাচলতে একোগৰাকী চেম্পিয়ণ!

ভাৰতে লাভ কৰা পদকসমূহে ৰাষ্ট্ৰক গৌৰৱান্বিত আৰু উজ্জীৱিত কৰি তুলিছে।

একে সময়তে, তৃণমূল পৰ্যায়ত ক্ৰীড়াৰ জনপ্ৰিয়কৰণত মনোনিৱশ কৰাৰ বাবে এয়াই সময় বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে তেতিয়াহে নতুন প্ৰতিভাই ভূমুকি মাৰি ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাব বুলি মন্তব্য কৰে।#Tokyo2020।

সুন্দৰকৈ খেল মহোত্সৱ অনুষ্ঠিত কৰাৰ বাবে জাপানৰ চৰকাৰৰ লগতে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে।

এনে এক সময়ত মহোত্সৱখনি ইমান সুন্দৰকৈ অনুষ্ঠিত কৰা কথাই নমনীয়তাৰ এক বাৰ্তাই প্ৰেৰণ কৰিছে। সংঘবদ্ধ কৰাৰ ক্ষেত্ৰত ক্ৰীড়াৰ প্ৰচণ্ড শক্তিকো ই পুনৰ প্ৰতিস্থা কৰিলে।#Tokyo2020”।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort

Media Coverage

‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 আগষ্ট 2026
August 16, 2026

Aatmanirbhar Ambitions Meet Global Alliances: The Modi Doctrine in Action