প্ৰৱাসী ভাৰতীয় দিৱস (পিবিডি) সন্মিলন হৈছে ভাৰত চৰকাৰৰ এক ধ্বজ্বাবাহী অনুষ্ঠান। ই বিদেশী ভাৰতীয়সকলৰ সৈতে জড়িত কৰোৱাৰ সংযোগ স্থাপন আৰু প্ৰবাসীসকলক পৰস্পৰে পৰস্পৰৰ সৈতে বাৰ্তালাপ কৰিবলৈ সক্ষম কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ প্ৰদান কৰে। ইন্দোৰত ০৮-১০ জানুৱাৰী ২০২৩ তাৰিখলৈ মধ্য প্ৰদেশ চৰকাৰৰ সৈতে পৃষ্ঠপোষকতাত ১৭ তম প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন আয়োজন কৰা হৈছে। এই পিবিডি সন্মিলনৰ বিষয়বস্তু হৈছে "প্ৰবাসী: অমৃত কালত ভাৰতৰ প্ৰগতিৰ বাবে নিৰ্ভৰযোগ্য সহযোগী"। প্ৰায় ৭০ খন বিভিন্ন দেশৰ ৩,৫০০ ৰো অধিক প্ৰবাসী সদস্যই পিবিডি সন্মিলনৰ বাবে পঞ্জীয়ন কৰিছে।

পিবিডি সন্মিলনত তিনিটা অংশ থাকিব। ২০২৩ চনৰ ০৮ জানুৱাৰীত যুৱ প্ৰৱাসী ভাৰতীয় দিৱসৰ উদ্বোধন যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ সৈতে অংশীদাৰীত্বত অনুষ্ঠিত হ'ব। অষ্ট্ৰেলিয়াৰ সাংসদ শ্ৰীমতী জানেটা মাস্কাৰেনহাছ যুৱ প্ৰৱাসী ভাৰতীয় দিৱসত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব।

২০২৩ চনৰ ০৯ জানুৱাৰীত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পিবিডি সন্মিলন উদ্বোধন কৰিব আৰু ইয়াত মুখ্য অতিথি হিচাপে গিয়েনা কোঅপাৰেটিভ গণৰাজ্যৰ ৰাষ্ট্ৰপতি ড. মহম্মদ ইৰফান আলী আৰু সন্মানীয় বিশেষ অতিথি হিচাপে চুৰিনাম গণৰাজ্যৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীযুত চন্দ্ৰিকাপাৰচাদ সন্তোখি উপস্থিত থাকিব।

সুৰক্ষিত, আইনী, সুশৃংখল আৰু দক্ষ প্ৰব্ৰজনক আলোকপাত কৰি এক স্মাৰক ডাক টিকট 'সুৰক্ষিত জায়ে, প্ৰশিক্ষিত জায়ে' মুকলি কৰা হ'ব। মাননীয় প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স্বাধীনতাত আমাৰ প্ৰবাসী স্বাধীনতা সংগ্ৰামীসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰিবলৈ "আজাদী কা অমৃত মহোৎসৱ - ভাৰতীয় স্বাধীনতা সংগ্ৰামত প্ৰবাসীসকলৰ অৱদান" শীৰ্ষক প্ৰথমবাৰৰ বাবে ডিজিটেল পিবিডি প্ৰদৰ্শনীও উদ্বোধন কৰিব। ভাৰতৰ জি-২০ ৰ চলিত অধ্যক্ষতাৰ প্ৰতি লক্ষ্য ৰাখি ০৯ জানুৱাৰীত এক বিশেষ টাউন হলৰো আয়োজন কৰা হ'ব।

২০২৩ চনৰ ১০ জানুৱাৰীত, মাননীয় ৰাষ্ট্ৰপতিজী, শ্ৰীমতী দ্ৰৌপদী মূৰ্মুৱে প্ৰৱাসী ভাৰতীয় সন্মান বঁটা ২০২৩ প্ৰদান কৰিব আৰু সামৰণি অধিৱেশনত সভাপতিত্ব কৰিব। প্ৰৱাসী ভাৰতীয় সন্মান বঁটা নিৰ্বাচিত ভাৰতীয় প্ৰবাসী সদস্যসকলক তেওঁলোকৰ সাফল্যক স্বীকৃতি দিবলৈ আৰু ভাৰত আৰু বিদেশৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ অৱদানক সন্মান জনোৱাৰ বাবে প্ৰদান কৰা হয়।

 

পিবিডি সন্মিলনত পাঁচটা বিষয়ভিত্তিক পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত হ'ব-

· যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰৰ অধ্যক্ষতাত 'উদ্ভাৱন আৰু নতুন প্ৰযুক্তিত প্ৰবাসী যুৱসকলৰ ভূমিকা' সন্দৰ্ভত প্ৰথম পূৰ্ণাংগ সভা।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মাণ্ডব্যৰ অধ্যক্ষতাত আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ড০ ৰাজকুমাৰ ৰঞ্জন সিঙৰ সহ-সভাপতিত্বত 'অমৃত কালঃ ভিজন @২০৪৭'ত ভাৰতীয় প্ৰবাসীসকলৰ ভূমিকা' সন্দৰ্ভত দ্বিতীয় পূৰ্ণাংগ সভা।

বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী শ্ৰীমতী মীনাক্ষী লেখিৰ অধ্যক্ষতাত 'ভাৰতৰ কোমল শক্তিৰ সদ্ব্যৱহাৰ - শিল্প, ৰন্ধনপ্ৰণালী আৰু সৃজনশীলতাৰ জৰিয়তে সদিচ্ছা' সন্দৰ্ভত তৃতীয় পূৰ্ণাংগ সভা।

শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগমন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ অধ্যক্ষতাত 'ভাৰতীয় কৰ্মশক্তিৰ বিশ্বব্যাপী গতিশীলতা সক্ষম কৰা – ভাৰতীয় প্ৰবাসীৰ ভূমিকা' সন্দৰ্ভত চতুৰ্থ পূৰ্ণাংগ।

বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত 'ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত এক সামগ্ৰিক দৃষ্টিভংগীৰ দিশত প্ৰবাসী উদ্যোগীসকলৰ সম্ভাৱনা কঢ়িয়াই অনা' সন্দৰ্ভত পঞ্চম পূৰ্ণাংগ সভা।

সকলো পূৰ্ণাংগ অধিৱেশনত বিশিষ্ট প্ৰবাসী বিশেষজ্ঞসকলক আমন্ত্ৰণ জনোৱা পেনেল আলোচনা প্ৰদৰ্শন কৰা হ'ব।

আগন্তুক ১৭তম পিবিডি সন্মিলনক যথেষ্ট গুৰুত্ব প্ৰদান কৰা হৈছে আছে কিয়নো ইয়াক চাৰি বছৰৰ ব্যৱধানৰ পিছত তথা ক’ভিড-১৯ মহামাৰী আৰম্ভ হোৱাৰ পিছত এক কায়িক অনুষ্ঠান হিচাপে আয়োজন কৰা হৈছে। ২০২১ চনত অন্তিম পিবিডি সন্মিলন মহামাৰীৰ সময়ত অনুষ্ঠিত হৈছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's electronics exports cross $47 billion in 2025 on iPhone push

Media Coverage

India's electronics exports cross $47 billion in 2025 on iPhone push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM pays homage to Parbati Giri Ji on her birth centenary
January 19, 2026

Prime Minister Shri Narendra Modi paid homage to Parbati Giri Ji on her birth centenary today. Shri Modi commended her role in the movement to end colonial rule, her passion for community service and work in sectors like healthcare, women empowerment and culture.

In separate posts on X, the PM said:

“Paying homage to Parbati Giri Ji on her birth centenary. She played a commendable role in the movement to end colonial rule. Her passion for community service and work in sectors like healthcare, women empowerment and culture are noteworthy. Here is what I had said in last month’s #MannKiBaat.”

 Paying homage to Parbati Giri Ji on her birth centenary. She played a commendable role in the movement to end colonial rule. Her passion for community service and work in sectors like healthcare, women empowerment and culture is noteworthy. Here is what I had said in last month’s… https://t.co/KrFSFELNNA

“ପାର୍ବତୀ ଗିରି ଜୀଙ୍କୁ ତାଙ୍କର ଜନ୍ମ ଶତବାର୍ଷିକୀ ଅବସରରେ ଶ୍ରଦ୍ଧାଞ୍ଜଳି ଅର୍ପଣ କରୁଛି। ଔପନିବେଶିକ ଶାସନର ଅନ୍ତ ଘଟାଇବା ଲାଗି ଆନ୍ଦୋଳନରେ ସେ ପ୍ରଶଂସନୀୟ ଭୂମିକା ଗ୍ରହଣ କରିଥିଲେ । ଜନ ସେବା ପ୍ରତି ତାଙ୍କର ଆଗ୍ରହ ଏବଂ ସ୍ୱାସ୍ଥ୍ୟସେବା, ମହିଳା ସଶକ୍ତିକରଣ ଓ ସଂସ୍କୃତି କ୍ଷେତ୍ରରେ ତାଙ୍କର କାର୍ଯ୍ୟ ଉଲ୍ଲେଖନୀୟ ଥିଲା। ଗତ ମାସର #MannKiBaat କାର୍ଯ୍ୟକ୍ରମରେ ମଧ୍ୟ ମୁଁ ଏହା କହିଥିଲି ।”