বাৰাণসীত ১৯,১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
বাৰাণসীত একেৰাহে দুদিন ধৰি বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিব
স্বৰ্বেদ মহামন্দিৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী
কাশী তামিল সংগমম ২০২৩ কাৰ্যসূচীও উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
পৰ্যটক সুন্দৰ অভিজ্ঞতাৰ বাবে সংহত পৰ্যটন পাছ ব্যৱস্থা আৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
ছুৰাট বিমানবন্দৰত নতুন সংহত টাৰ্মিনেল ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
ইয়াৰ পিছত দুপৰীয়া প্ৰায় ২:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে ১৯,১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭-১৮ ডিচেম্বৰত গুজৰাটৰ ছুৰাট আৰু উত্তৰ প্ৰদেশৰ বাৰাণসী ভ্ৰমণ কৰিব। ১৭ ডিচেম্বৰৰ পুৱা প্ৰায় ১০:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ছুৰাট বিমানবন্দৰত নতুন সংহত টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। পুৱা প্ৰায় ১১:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে ছুৰাট হীৰা ব’ৰ্ছ উদ্বোধন কৰিব। ইয়াৰ পিছত তেওঁ বাৰাণসীলৈ যাত্ৰা কৰিব আৰু বিয়লি প্ৰায় ৩:৩০ বজাত তেওঁ বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিব। সন্ধিয়া প্ৰায় ৫:১৫ বজাত তেওঁ নমো ঘাটত কাশী তামিল সংগমম ২০২৩ উদ্বোধন কৰিব।

১৮ ডিচেম্বৰৰ পুৱা প্ৰায় ১০:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে স্বৰ্বেদ মহামন্দিৰ ভ্ৰমণ কৰিব, তাৰ পিছতে প্ৰায় ১১:৩০ বজাত ৰাজহুৱা অনুষ্ঠানত ইয়াৰ উদ্বোধন কৰিব। দুপৰীয়া প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব বিকশিত ভাৰত সংকল্প যাত্ৰাত। ইয়াৰ পিছত দুপৰীয়া প্ৰায় ২:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে ১৯,১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

ছুৰাটত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে ছুৰাট বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। টাৰ্মিনেল ভৱনটোত ভিৰ সময়ত ১২০০ ঘৰুৱা যাত্ৰী আৰু ৬০০ আন্তঃৰাষ্ট্ৰীয় যাত্ৰীক চম্ভালিব পৰাকৈ সজ্জিত কৰা হৈছে আৰু বাৰ্ষিক যাত্ৰী চম্ভালি লোৱাৰ ক্ষমতা ৫৫ লাখ যাত্ৰীলৈ বৃদ্ধি কৰাৰ ব্যৱস্থা আছে। টাৰ্মিনেল ভৱনটো যিহেতু ছুৰাট চহৰৰ প্ৰৱেশদ্বাৰ, সেয়েহে ইয়াৰ স্থানীয় সংস্কৃতি আৰু ঐতিহ্যৰ সৈতে ডিজাইন কৰা হৈছে যাতে ইয়াৰ সত্তাটোৱে অভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা দিশতে প্ৰতিফলিত হ’ব লাগে, যাৰ ফলত দৰ্শনাৰ্থীসকলৰ বাবে স্থানৰ অনুভূতি সৃষ্টি হয়। উন্নীত টাৰ্মিনেল ভৱনৰ মুখাৱয়বৰ লক্ষ্য হৈছে ছুৰাট চহৰৰ ‘ৰেণ্ডাৰ’ অঞ্চলৰ পুৰণি ঘৰবোৰৰ চহকী আৰু পৰম্পৰাগত কাঠৰ কামেৰে যাত্ৰীসকলৰ অভিজ্ঞতা সমৃদ্ধ কৰা। বিমানবন্দৰৰ গৃহ-IV কম্প্লাইয়েণ্ট নতুন টাৰ্মিনেল ভৱনত বিভিন্ন বহনক্ষমতাৰ বৈশিষ্ট্য যেনে ডাবল ইনচুলেটেড ৰুফিং ছিষ্টেম, শক্তি ৰাহিৰ বাবে কেনপি, কম হিট গেইন ডাবল গ্লেজিং ইউনিট, বৰষুণৰ পানী সংৰক্ষণ, পানী পৰিশোধন প্লাণ্ট, নলা পৰিশোধন প্লাণ্ট আৰু পুনৰ ব্যৱহৃত পানীৰ ব্যৱহাৰ অন্যান্যৰ লগতে লেণ্ডস্কেপিং আৰু সৌৰ শক্তি কেন্দ্ৰৰ বাবে বিভিন্ন সুবিধা আছে।

প্ৰধানমন্ত্ৰীয়ে লগতে ছুৰাট ডাইমণ্ড ব’ৰ্ছ উদ্বোধন কৰিব। আন্তঃৰাষ্ট্ৰীয় হীৰা আৰু গহনা ব্যৱসায়ৰ বাবে ই হ’ব বিশ্বৰ সৰ্ববৃহৎ আৰু আধুনিক কেন্দ্ৰ। ই হ’ব ৰুক্ষ আৰু পলিচ কৰা হীৰা উভয়ৰে ব্যৱসায়ৰ লগতে গহনা আদিৰ ব্যৱসায়ৰ এক বিশ্ব কেন্দ্ৰ। ব’ৰ্চত আমদানি– ৰপ্তানিৰ বাবে অত্যাধুনিক ‘কাষ্টমছ ক্লিয়াৰেন্স হাউচ’ থাকিব; খুচুৰা গহনা ব্যৱসায়ৰ বাবে গহনা মল আৰু আন্তঃৰাষ্ট্ৰীয় বেংকিং আৰু নিৰাপদ ভল্টৰ সুবিধা থাকিব।

বাৰাণসীত প্ৰধানমন্ত্ৰী

১৭ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ কাটিং মেম’ৰিয়েল স্কুল খেলপথাৰত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰী যেনে- প্ৰধানমন্ত্ৰী আৱাস,  প্ৰধানমন্ত্ৰী স্বনিধি, প্ৰধানমন্ত্ৰী উজ্জ্বলা আদিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰিব।

এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে নমো ঘাটত কাশী তামিল সংগমম ২০২৩ উদ্বোধন কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কন্যাকুমাৰী– বাৰাণসী তামিল সংগমম ৰে’লৰো শুভাৰম্ভ কৰিব।

১৮ ডিচেম্বৰত বাৰাণসীৰ উমৰাহাত প্ৰধানমন্ত্ৰীয়ে নতুনকৈ নিৰ্মিত স্বৰ্বেদ মহামন্দিৰ উদ্বোধন কৰিব। এই উপলক্ষে মহামন্দিৰৰ ভক্তসকলকো সম্বোধন কৰিব।

ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ সমষ্টিৰ গ্ৰামাঞ্চল সেৱাপুৰীত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিব। লগতে কাশী সংসাদ খেল প্ৰতিযোগীতা,২০২৩ৰ অংশগ্ৰহণকাৰীসকলৰ খেল প্ৰত্যক্ষ কৰিব। ইয়াৰ পিছত তেওঁ অনুষ্ঠানৰ বিজয়ীসকলৰ সৈতেও মত বিনিময় কৰিব। এই অনুষ্ঠানত তেওঁ বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ সৈতেও মত বিনিময় কৰিব।

বিগত ৯ বছৰত প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ ভূ-প্ৰকৃতিৰ পৰিৱৰ্তন আৰু বাৰাণসী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ জীৱন-যাপনৰ সহজতা বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই দিশত আন এক পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৯,১৫০ কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিব।

প্রধানমন্ত্রীয়ে ১০,৯০০ কোটি টকা ব্যয়েৰে নির্মিত নতুন পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ-নতুন ভৌপুৰ ডেডিকেটেড মালবাহী কৰিডৰ প্রকল্প  উদ্বোধন কৰিব। উদ্বোধন হ’বলগীয়া আন ৰে’ল প্ৰকল্পসমূহৰ ভিতৰত বালিয়া-গাজীপুৰ চহৰৰ ৰে’ল লাইন দ্বৈতকৰণ প্ৰকল্প; ইন্দাৰা-দোহৰিঘাট ৰেল লাইন গেজ ৰূপান্তৰ প্ৰকল্প উল্লেখযোগ্য।

প্ৰধানমন্ত্ৰীয়ে নতুনকৈ উদ্বোধন কৰা ডেডিকেটেড ফ্ৰেইট কৰিডৰত বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল, দোহৰিঘাট-মউ মেমু ৰে’ল আৰু দুখন লং হ’ল সামগ্ৰী ৰে’লৰ শুভাৰম্ভ কৰিব। বেনাৰস ইঞ্জিন ৱৰ্কছে নিৰ্মাণ কৰা ১০ হাজাৰ সংখ্যক ইঞ্জিনৰো তেওঁ শুভাৰম্ভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৩৭০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে দুটা আৰঅ’বিসহ সেউজ ক্ষেত্ৰ শিৱপুৰ-ফুলৱাৰিয়া-লাহৰতৰা পথ উদ্বোধন কৰিব। ইয়াৰ জৰিয়তে বাৰাণসী চহৰৰ উত্তৰ আৰু দক্ষিণ অংশৰ মাজত যাতায়তৰ মুহূৰ্ত সহজ হ’ব আৰু দৰ্শনাৰ্থীৰ সুবিধা বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া আৰু মূল প্ৰকল্পসমূহৰ ভিতৰত ২০টা পথ শক্তিশালী আৰু বহল কৰা; কাইঠি গাঁৱৰ সংগম ঘাট পথ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় চিকিৎসালয়ত আৱাসগৃহ নিৰ্মাণৰ কাম উল্লেখযোগ্য।

তদুপৰি আৰক্ষী কৰ্মীৰ গৃহৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে পুলিচ লাইন আৰু পিএচি ভুলনপুৰত ২০০ আৰু ১৫০ বিচনাযুক্ত দুটা বহুমহলীয়া বেৰেক ভৱন, ৯টা স্থানত নিৰ্মিত স্মাৰ্ট বাছ আশ্ৰয় শিবিৰ আৰু আলাইপুৰত নিৰ্মাণ কৰা ১৩২ কিলোৱাট ছাবষ্টেচনো প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে স্মাৰ্ট চিটী মিছনৰ অধীনত পৰ্যটকৰ বিশদ তথ্যৰ বাবে এটা ৱেবছাইট আৰু সংহত পৰ্যটন পাছ ব্যৱস্থা মুকলি কৰিব। ইউনিফাইড পাছৰ জৰিয়তে শ্ৰী কাশী বিশ্বনাথ ধাম, গংগা ক্ৰুজ আৰু সাৰনাথৰ লাইট এণ্ড চাউণ্ড শ্ব’ৰ বাবে একক প্লেটফৰ্মৰ টিকট বুকিং প্ৰদান কৰা হ’ব, য’ত সংহত কিউআৰ ক’ড সেৱা আগবঢ়োৱা হ’ব।

প্ৰধানমন্ত্ৰীয়ে লগতে ৬৫০০ টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। অনবীকৰণযোগ্য শক্তি সম্পদৰ উৎপাদন বৃদ্ধিৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪০০০ কোটি টকা ব্যয় সাপেক্ষে চিত্ৰকুট জিলাত ৮০০ মেগাৱাট শক্তিৰ সৌৰ উদ্যানৰ আধাৰশিলা স্থাপন কৰিব। পেট্ৰলিয়াম যোগান শৃংখল বৃদ্ধিৰ বাবে তেওঁ মিৰ্জাপুৰত ১০৫০ কোটি টকা টকাৰো অধিক ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া নতুন পেট্ৰলিয়াম তেল টাৰ্মিনেল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া প্ৰকল্পসমূহৰ ভিতৰত ৯০০ কোটি টকা ব্যয়সাপেক্ষ বাৰাণসী-ভাদোহী ৰাষ্ট্ৰীয় ঘাইপথ ৭৩১ বি (পেকেজ-২) বহলীকৰণ; ২৮০ কোটি টকা ব্যয় সাপেক্ষে জল জীৱন মিছনৰ অধীনত ৬৯ খন গ্ৰাম্য খোৱাপানী আঁচনি; বিএইচইউ ট্ৰমা চেণ্টাৰত ১৫০খন বিচনা ক্ষমতাসম্পন্ন ক্ৰিটিকেল কেয়াৰ ইউনিট নিৰ্মাণ; ৮টা গংগা ঘাটৰ পুনৰ উন্নয়নৰ কাম, দিব্যাংগ আৱাসিক মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰু অন্যান্য প্ৰকল্প উল্লেখয়োগ্য।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Substance Abuse Takes Youth Away From Their Dreams’: PM Modi Launches Anti-Drug Campaign

Media Coverage

‘Substance Abuse Takes Youth Away From Their Dreams’: PM Modi Launches Anti-Drug Campaign
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses pride in Indian contingent’s performance at Commonwealth Games 2026
August 03, 2026

The Prime Minister, Shri Narendra Modi, has expressed pride in the performance of the Indian contingent at the Commonwealth Games 2026 in Glasgow.

The Prime Minister expressed delight that India won 39 medals, including 13 Gold medals, and congratulated all the medal winners.

Shri Modi said that throughout the Games, the Indian athletes displayed exceptional skill, determination and dedication. He added that their hard work will continue to inspire the nation’s youth.

Shri Modi also extended his best wishes to the entire Indian contingent for their future endeavours and expressed hope that they would continue to bring greater glory to the nation.

Shri Modi wrote on X;

“Proud of our contingent’s performance at the Glasgow Commonwealth Games.

Delighted that India has won 39 medals, including 13 Golds. Congrats to the medal winners.

Throughout the Games, our talented athletes have displayed exceptional skill, determination and dedication. Their hardwork will keep inspiring our youngsters.

My best wishes to the entire Indian contingent for the endeavours ahead. May they continue to give their very best and bring further glory to the nation.

#CWG2026”