তেওঁলোকে ‘আইএমইইচি কৰিডৰ’কে ধৰি ‘ভাৰত-ইউএই ব্যাপক কৌশলগত অংশীদাৰিত্ব’ অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপৰ বিষয়ে আলোচনা কৰে
প্ৰধানমন্ত্ৰীয়ে পশ্চিম এছিয়া আৰু বিস্তৃত অঞ্চলৰ দীৰ্ঘম্যাদী শান্তি, স্থিৰতা আৰু নিৰাপত্তাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে
ভাৰতীয় সম্প্ৰদায়ৰ কল্যাণ নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ইউএই-ৰ নেতৃত্বক ধন্যবাদ জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘সংযুক্ত আৰৱ আমিৰী’ৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী শ্বেখ আব্দুল্লাবিন জায়েদ আল নাহিয়ানক আদৰণি জনায়।

প্ৰধানমন্ত্ৰীয়ে ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানলৈ তেওঁৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত আবু ধাবিৰ ৰাজকুমাৰ মহামহিম শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ ভাৰত ভ্ৰমণকে ধৰি সঘনাই হোৱা উচ্চ পৰ্যায়ৰ ভ্ৰমণ আৰু আদান-প্ৰদানত সন্তুষ্টি ব্যক্ত কৰে, যি দ্বিপাক্ষিক সম্পৰ্কত এক প্ৰজন্মগত ধাৰাবাহিকতাক চিহ্নিত কৰিছে।

দুয়োগৰাকী নেতাই প্ৰযুক্তি, শক্তি আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ ক্ষেত্ৰতো ব্যাপক কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে আঞ্চলিক সংযোগ আৰু সমৃদ্ধিৰ বাবে এক ঐতিহাসিক পদক্ষেপ হিচাপে ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ কৰিডৰ (আইএমইইচি) প্ৰকল্প ৰূপায়ণত বিশেষ গুৰুত্ব আৰোপ কৰে।

মহামান্য শ্বেখ আব্দুল্লাবিন জায়েদ আল নাহিয়ানে পশ্চিম এছিয়াৰ বিদ্যমান পৰিস্থিতি সন্দৰ্ভত তেওঁৰ দৃষ্টিভংগী সহভাগ কৰে। প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ দীৰ্ঘম্যাদী শান্তি, স্থিৰতা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়োৱাৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে।

প্ৰধানমন্ত্ৰীয়ে ইউএই-ত বৃহৎ আৰু প্ৰাণৱন্ত ভাৰতীয় সম্প্ৰদায়ৰ কল্যাণ নিশ্চিত কৰাৰ বাবে ইউএই-ৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026

Media Coverage

'We'll provide AI skill training to 1 crore youth': PM Modi's big announcement on Independence Day 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 আগষ্ট 2026
August 15, 2026

Azadi Ka Amrit Mahotsav Continues: PM Modi’s Independence Day Vision Unites Growth, Youth Power & National Pride