নেতাদ্বয়ে ভাৰত-ইটালী কৌশলগত অংশীদাৰিত্ব গভীৰ কৰাৰ প্ৰতিশ্ৰুতিক পুনৰ সুদৃঢ় কৰে
ইউক্ৰেইন সংঘাতৰ শান্তিপূৰ্ণ তথা শীঘ্ৰে সমাধানৰ ক্ষেত্ৰত নেতাদ্বয়ে মত বিনিময় কৰে
ভাৰত-ইউৰোপীয় ইউনিয়নৰ এফটিএ আগতীয়াকৈ সমাপ্ত কৰাৰ ক্ষেত্ৰত সমৰ্থন প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মেলনীয়ে
নেতাসকলে আইএমইইইচি পদক্ষেপৰ অধীনত সংযোগক অধিক প্ৰসাৰিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইটালীৰ মহামহিম প্ৰধানমন্ত্ৰী শ্ৰীমতী জৰ্জিয়া মেলোনিৰ সৈতে এক টেলিফোনিক বাৰ্তালাপ কৰে।

নেতাদ্বয়ে  বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, মহাকাশ, বিজ্ঞান আৰু প্ৰযুক্তি, শিক্ষা, জনসাধাৰণৰ মাজত সম্পৰ্ক তথা সন্ত্ৰাসবাদ প্ৰতিৰোধ আদিৰ দৰে খণ্ডসমূহত  দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্বৰ উন্নয়নৰ বিষয়ে  পৰ্যালোচনা কৰে  আৰু এইবোৰৰ ইতিবাচকভাৱে মূল্যায়ন কৰে। দুয়োগৰাকী  নেতাই যুটীয়া কৌশলগত কাৰ্য্য পৰিকল্পনা ২০২৫-২৯ৰ সৈতে সংগতি ৰাখি অংশীদাৰিত্বক অধিক গভীৰ কৰাৰ দিশত নিজৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে।

তেওঁলোকে লগতে পাৰস্পৰিক স্বাৰ্থ নিহিত  আঞ্চলিক তথা বিশ্বব্যাপী বিষয় সন্দৰ্ভতো  মত বিনিময় কৰে। ইউক্ৰেইনৰ সংঘাতৰ শীঘ্ৰে  শান্তিপূৰ্ণ সমাধানৰ প্ৰয়োজনীয়তাৰ  বিষয়তো তেওঁলোকে একমত প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে এই দিশত গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ সম্পূৰ্ণ সমৰ্থন  থকাৰ কথা পুনৰবাৰ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী মেল’নীয়ে অতি সোনকালে পাৰস্পৰিকভাৱে লাভজনক ভাৰত-ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি সম্পাদন কৰাৰ বাবে আৰু ২০২৬ চনত ভাৰতে আয়োজন কৰিবলগীয়া এআই ইমপেক্ট সন্মিলনৰ সফলতাৰ ক্ষেত্ৰত ইটালীৰ পূৰ্ণ সমৰ্থনৰ কথা  পুনৰবাৰ উল্লেখ কৰে।ইণ্ডিয়া মিডল ইষ্ট ইউৰোপ ইক'ন'মিক কৰিডৰ (IMEEEC)ৰ পদক্ষেপৰ অধীনত সংযোগ বৃদ্ধিৰ বাবে পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰতো নেতাদ্বয়ে  সহমত প্ৰকাশ কৰে।

নেতাদ্বয়ে পৰৱৰ্তী সময়তো  যোগাযোগত থাকিবলৈ সন্মতি প্ৰকাশ কৰে। 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From school to PG, girls now outnumber boys

Media Coverage

From school to PG, girls now outnumber boys
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মে’ 2026
May 01, 2026

From Stolen Treasures to Smart Trains: PM Modi’s Blueprint for a Proud, Connected, Self-Reliant India