ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ‘অসাধাৰণ আতিথ্য’ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। তেওঁ প্ৰধানমন্ত্ৰী মোদীক ‘এজন বিপ্লৱী’ নেতা আখ্যা দি কয় যে তেওঁ ইজৰাইল আৰু ভাৰতৰ সম্পৰ্কলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিলে।
“আপুনি এজন বিপ্লৱী নেতা আৰু বিশ্বৰ বিপ্লৱ সম্পৰ্কে আপোনাৰ উৎকৃষ্ট জ্ঞান আছে, আপুনি ভাৰতলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছে, আপুনি এই মহান দেশখন (ভাৰত)ৰ ভৱিষ্যত ৰচনা কৰিছে। আপুনি ইজৰাইল আৰু ভাৰতৰ সম্পৰ্কলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিলে,” প্ৰধানমন্ত্ৰী নেতান্যাহুৱে কয়।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৱে প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৭ চনৰ জুলাই মাহত কৰা ইজৰাইল ভ্ৰমণক ‘যুগান্তকাৰী’ আখ্যা দি কয় যে যদিও দুয়োখন দেশৰ মাজত যোৱা ২৫ বছৰে ৰাজনৈতিক সম্পৰ্ক আছিল, তেওঁৰ নেতৃত্বত ই বেলেগ ৰূপ পাইছে। তেওঁ লগতে প্ৰধানমন্ত্ৰী মোদীক তেওঁৰ সততা, দৃঢ়তা, দূৰদৰ্শিতা আৰু নিষ্ঠাৰ বাবে প্ৰশংসা কৰে।
যোগভ্যাস সম্পৰ্কে তেওঁ কয়, “মোৰ বন্ধু নৰেন্দ্ৰ, আপুনি যেতিয়াই মোক আপোনাৰ লগত যোগভ্যাসৰ শ্ৰেণীত উপস্থিত থাকিবলৈ কয়, ই মোৰ বাবে চিন্তাৰ বিষয় হৈ পৰে, কিন্তু মই উপস্থিত থাকিম।”





