অন্ধ্ৰ প্ৰদেশৰ আত্ম-সহায়ক গোটৰ সদস্যা তথা প্ৰশিক্ষণপ্ৰাপ্ত ড্ৰোন পাইলটৰে মত-বিনিময় প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। তেখেতে প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোন কেন্দ্ৰও উদ্বোধন কৰে। এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইমছ, দেওঘৰত ১০,০০০ সংখ্যক জন ঔষধি কেন্দ্ৰটো উৎসৰ্গা কৰে। ইয়াৰোপৰি শ্ৰী মোদীয়ে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰপৰা ২৫,০০০লৈ বৃদ্ধিৰ কাৰ্য্যসূচীৰো শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ ভাষণত মহিলা আত্ম-সহায়ক গোটসমূহক (SHG) ড্ৰোন প্ৰদানৰ লগতে জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰপৰা ২৫,০০০লৈ বৃদ্ধি, এই দুই পদক্ষেপৰ কথা ঘোষণা কৰিছিল। এই কাৰ্য্যসূচীৰ জৰিয়তে উক্ত ঘোষণাৰাজিৰ পৰিপূৰণ নিশ্চিত কৰা হয়।

অন্ধ্ৰ প্ৰদেশৰ প্ৰকাশম জিলাৰ আত্ম-সহায়ক গোটৰ সদস্যা কমলাপতি ভেংকটা ৰাৱনম্মাই কৃষিকাৰ্য্যৰ উদ্দেশ্যে ড্ৰোন উৰণ সম্পৰ্কে প্ৰশিক্ষণৰ অভিজ্ঞতা ব্যক্ত কৰে। তেওঁ প্ৰধানমন্ত্ৰীগৰাকীক অৱগতকৰণেৰে কয় যে ড্ৰোন উৰুৱাবলৈ প্ৰশিক্ষণ সম্পূৰ্ণৰ অৰ্থে তেওঁক ১২ দিন সময় লাগিছিল।

গাঁৱত কৃষিকাৰ্য্যৰ বাবে ড্ৰোন ব্যৱহাৰৰ প্ৰভাৱ সম্পৰ্কে প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিব খোজাত তেওঁ কয় যে ই পানীৰ সমস্যাসমূহেৰে মোকাবিলাকৰণত সহায়ৰ লগতে সময়ো ৰাহি কৰিছে। ভাৰতৰ মহিলাৰ ক্ষমতাক লৈ সন্দেহ কৰাসকলৰ বাবে শ্ৰীমতী ভেংকটাৰ দৰে নাৰী এক আদৰ্শ বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে কয় যে অদূৰ ভৱিষ্যতে কৃষিক্ষেত্ৰত ড্ৰোনৰ ব্যৱহাৰে নাৰী সৱলীকৰণৰ প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিব। তেখেতে বিকশিত ভাৰত সংকল্প যাত্ৰাত মহিলাসকলৰ অংশগ্ৰহণ সন্দৰ্ভতো আলোকপাত কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Economic Journey: From Licence Raj To Pragmatic Governance

Media Coverage

India's Economic Journey: From Licence Raj To Pragmatic Governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 27 আগষ্ট 2026
August 27, 2026

Make in India Goes Global: Engineering Boom, Rice Triumph & EU FTA Breakthrough Under PM Modi