অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা প্ৰধানমন্ত্ৰী মোদীৰ বিনয়ী আচৰণৰদ্বাৰা অনুপ্ৰাণিত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে সকলো খেলুৱৈ আৰু সহায়ক ষ্টাফক তেওঁৰ বাসগৃহত পুৱাৰ জলপান কৰিবলৈ আমন্ত্ৰণ কৰোতে হোৱা মত-বিনিময়ৰ কথা স্মৰণ কৰি তেওঁ কয় যে আমি প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে কথা পাতি আছিলো বুলি আমাৰ কেতিয়াও অনুভৱ নহয়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াত উপস্থিত থকা প্ৰতিজন ব্যক্তিৰ সৈতে অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ আচৰণ প্ৰদৰ্শন কৰিছিল।

নীৰজে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে আনকি প্ৰতিজন খেলুৱৈৰ ব্যক্তিগত জীৱন সম্পৰ্কেও জানিছিল আৰু এই সম্পৰ্কে অলিম্পিকলৈ যোৱাৰ পূৰ্বে ব্যক্ত কৰিছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ এনে বিনয়ী আচৰণত অতিশয় আনন্দ আৰু স্বাভাৱিক অনুভৱ কৰিছিল। তেখেতে আনকি ভাৰতীয় ক্ৰীড়া জগতত হোৱা ৰূপান্তৰৰাজি সম্পৰ্কেও ব্যক্ত কৰিছিল।

তেওঁ লগতে কয়, "নৰেন্দ্ৰ মোদী ছাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ভাৰতীয় ক্ৰীড়াত একাধিক পৰিৱৰ্তন দেখা গৈছে। খেল’ ইণ্ডিয়াৰ দৰে। যিকোনো ইভেন্টতে অংশগ্ৰহণৰ পূৰ্বে, আমি তেখেতৰপৰা যথেষ্ট সমৰ্থন লাভ কৰো। তেখেতে নাগৰিকসকলক আমাৰ প্ৰতি উল্লাস প্ৰদৰ্শন কৰিবলৈ কয়। এইবাৰ অলিম্পিকৰ সময়ত, কথাবিলাক বহুত বেলেগ আছিল। ইয়াৰপৰা ঘূৰি অহাৰ পিছত, সকলো খেলুৱৈয়ে পদক লাভ কৰা-নকৰা নিৰ্বিশেষে একে সন্মান লাভ কৰিছিল। পদকৰ স্থিতি যিয়েই নহওঁক কিয়, তেখেতে প্ৰতিজন খেলুৱৈৰে মিলিত হৈছিল, যি আছিল অতিশয় হৃদয়গ্ৰাহী।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress

Media Coverage

Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister reflects on the divine atmosphere and spiritual joy of worshipping Maa Ambe
March 23, 2026

Prime Minister Shri Narendra Modi today shared his reflections on the spiritual essence of Navratri, emphasizing the profound sense of peace and strength derived from the worship of the Mother Goddess. Shri Modi also shared a devotional hymn dedicated to the Goddess.

The Prime Minister wrote on X:

"मां अम्बे की आराधना से भक्ति का अद्भुत आनंद प्राप्त होता है। इससे मन को असीम शांति और आत्मिक शक्ति मिलती है।"