প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি দেশৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰাৰ লগে লগে দেশলৈ অপৰিসীম অৱদান আগবঢ়োৱা ঐতিহাসিক বীৰ-বীৰাংগনাসকলৰ অৱদান মনত ৰখাটো আমাৰ সকলোৰে বাবে গুৰুত্বপূৰ্ণ । তেওঁ দুখ প্ৰকাশ কৰে যে যিসকলে ভাৰত আৰু ভাৰতীয়ত্বৰ বাবে সকলো ত্যাগ কৰিছিল তেওঁলোকক ইতিহাসৰ পাতত তেওঁলোকৰ প্ৰাপ্য স্থান দিয়া হোৱা নাই। ভাৰতীয় ইতিহাস ৰচয়িতাসকলে ইতিহাস ৰচনা কৰাৰ সময়ত সেইসকল লোকৰ প্ৰতি যি অন্যায়-অবিচাৰ কৰিছিল এতিয়া সেয়া সংশোধন কৰা হৈছে, কিয়নো আমি আমাৰ স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰিছোঁ। এই সন্ধিক্ষণত তেওঁলোকৰ অৱদান স্মৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাহৰাইচত চিত্তাউৰা হ্ৰদৰ উন্নয়নমূলক কাম আৰু মহাৰাজা সুহেলদেৱ স্মাৰকৰ আধাৰশিলা স্থাপন কৰাৰ পিছত এইদৰে মন্তব্য কৰে।

 

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ঔপনিবেশিক শক্তি বা ঔপনিবেশিক মানসিকতাসম্পন্ন ব্যক্তিসকলে যি ইতিহাস ৰচনা কৰিছে সেয়াই কেৱল ভাৰতৰ ইতিহাস নহয়। সাধাৰণ মানুহে তেওঁলোকৰ দৈনন্দিন জীৱন যাত্ৰাত যি ইতিহাস ৰচনা কৰিছে আৰু যি ইতিহাস প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চৰ্চিত হৈ আছে সেয়াই হৈছে ভাৰতৰ ইতিহাস।

 

আজাদ হিন্দ চৰকাৰৰ প্ৰথম প্ৰধানমন্ত্ৰী নেতাজী সুভাষ চন্দ্ৰ বসুক তেওঁৰ প্ৰাপ্য সন্মান প্ৰদান কৰা হৈছেনে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন উথ্থাপন কৰে। শ্ৰী মোদীয়ে কয় যে আমি নেতাজীক লালকিল্লাৰ পৰা আন্দামান নিকোবৰলৈ তেওঁৰ পৰিচয় শক্তিশালী কৰি স্বীকৃতি দিছোঁ।

 

একেদৰে, প্ৰধানমন্ত্ৰীয়ে কয় যে ৫০০তকৈও অধিক ৰজাই শাসন কৰা ৰাজ্যক ভাৰতত অন্তৰ্ভুক্ত কৰা চৰ্দাৰ পেটেলৰ প্ৰতি কিধৰণৰ আচৰণ কৰা হৈছে সেয়াও সকলোৰে জ্ঞাত। আজি বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি ষ্টেচু অফ ইউনিটি হৈছে চৰ্দাৰ পেটেলৰ।

 

সংবিধানৰ প্ৰধান ৰচয়িতা তথা সমাজৰ বঞ্চিত, শোষিত আৰু পিছপৰা শ্ৰেণীৰ লোকসকলৰ কণ্ঠ বাবা চাহেব আম্বেদকাৰক সদায় ৰাজনৈতিক দৃষ্টিভংগীৰ মাজেৰে চোৱা হৈছিল। আজি, ভাৰতৰ পৰা ইংলেণ্ডলৈ ডঃ আম্বেদকাৰৰ স্মৃতি বিজড়িত সকলো স্থান পঞ্চতীৰ্থ হিচাপে বিকশিত কৰা হৈছে। ‘অসংখ্য ব্যক্তিত্ব আছে যিসকলক বিভিন্ন কাৰণৰ বাবে স্বীকৃতি দিয়া হোৱা নাছিল। আমি চৌৰী চৌৰাৰ সাহসী লোকসকলৰ সৈতে কি হৈছিল সেয়া পাহৰি যাব পাৰোঁ নেকি?’ প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে একেইদৰে ভাৰতীয়ত্বৰ সুৰক্ষাৰ বাবে মহাৰাজা সুহেলদেৱৰ অৱদানকো উপেক্ষা কৰা হৈছিল। পাঠ্যপুথিত স্থান দিয়া নহলেও আৱাধ, তৰাই আৰু পূৰ্বাঞ্চলৰ মানুহৰ হৃদয়ত মহাৰাজা সুহেলদেৱ জীয়াই আছে। প্ৰধানমন্ত্ৰীয়ে সুহেলদেৱৰ বিভিন্ন উন্নয়নমূলক কাম-কাজ তথা এজন সংবেদনশীল শাসক হিচাপে তেওঁৰ অৱদানৰ কথা স্মৰণ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Can we have a picture? BRICS delegates gather around PM Modi for candid photo op

Media Coverage

Can we have a picture? BRICS delegates gather around PM Modi for candid photo op
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ছেপ্টেম্বৰ 2026
September 12, 2026

President Putin, Partners, and a Photograph: How PM Modi Turned BRICS Into India’s Showcase

16 Crore Domestic Flyers. ₹22 Lakh Crore Tourism. The Holiday Stayed Home.