"মই সকলোকে, বিশেষকৈ ভুক্তভোগী লোকসকলক আশ্বাস দিব বিচাৰো যে যথাসম্ভৱ সকলো সহযোগিতা প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হ’ব"
আগশাৰীত কৰ্মৰত সাহায্যকৰ্মীসকলক তেওঁলোকৰ সেৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জনায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে কেন্দ্ৰই ভূমিস্খলন প্ৰভাৱিত ৱায়ানাড়ক সকলো ধৰণৰ সাহায্য আগবঢ়াব। ‘এক্স’-ত প্ৰেৰণ কৰা এলানি ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয় যে "ৱায়ানাড়ত হোৱা ভূমিস্খলনে আমাৰ সকলোকে দুখিত কৰিছে। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰা মই পৰিস্থিতিটো নিবিড়ভাৱে নিৰীক্ষণ কৰি আছোঁ। কেন্দ্ৰীয় চৰকাৰে ভুক্তভোগী লোকসকলক সহায় কৰিবলৈ সকলো সাধন সংগঠিত কৰিছে। আজি, মই তালৈ গৈ পৰিস্থিতি পৰ্যালোচনা কৰিলোঁ। মই আকাশমাৰ্গেৰে অঞ্চলটোৰ পৰিস্থিতি অধ্যয়নৰো প্ৰয়াস কৰিছিলো।"

প্ৰধানমন্ত্ৰীয়ে দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত হোৱা ভুক্তভোগীসকলকো সাক্ষাৎ কৰে। তেওঁলোকৰ সৈতে হোৱা বাৰ্তালাপৰ পিছত তেওঁ কয়, "ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলক মই ব্যক্তিগতভাৱে লগ পালো। এই দুৰ্যোগে অসংখ্য পৰিয়ালৰ ওপৰত কি প্ৰভাৱ পেলাইছে সেয়া মই বাৰুকৈয়ে অনুধাৱন কৰিব পাৰিছোঁ। মই সাহায্য শিবিৰসমূহো পৰিদৰ্শন কৰিছিলো আৰু আঘাতপ্ৰাপ্ত সকলৰ সৈতে কথা পাতিছিলো।"

সাহায্য প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দি তেওঁ কয়, "মই সকলোকে, বিশেষকৈ ক্ষতিগ্ৰস্তসকলক আশ্বাস দিব বিচাৰিছো যে যথাসম্ভৱ সকলো সহযোগিতা প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত ৰখা হ’ব। এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত আমি সকলোৱে কেৰালাৰ জনসাধাৰণৰ কাষত থিয় দিছোঁ।"

আকাশমাৰ্গেৰে পৰিস্থিতি অধ্যয়ন কৰাৰ পিছত শ্ৰী মোদীয়ে সাহায্য অভিযানৰ সৈতে জড়িত লোকসকলক সাক্ষাৎ কৰে। এই বৈঠকৰ বিষয়ে মন্তব্য কৰি তেওঁ কয়, "প্ৰত্যাহ্বানপূৰ্ণ সময়ত সেৱা আগবঢ়োৱাৰ বাবে ধন্যবাদ জনাবলৈ মই বিষয়াসকলৰ লগতে সন্মুখৰ শাৰীত কৰ্মৰত সকলকো লগ কৰিছিলো। কেৰালা চৰকাৰৰ পৰা বিতং তথ্য লাভ কৰাৰ লগে লগেই কেন্দ্ৰই ক্ষতিগ্ৰস্ত অঞ্চলটোৰ বিদ্যালয় আৰু ঘৰসমূহকে ধৰি অত্যাৱশ্যকীয় আন্তঃগাঁথনি পুনৰ্নিৰ্মাণত সহায় কৰাৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।"

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 ছেপ্টেম্বৰ 2026
September 10, 2026

Beyond Metros, Beyond Borders: How India Is Rewriting Its Growth Story Under PM Modi