২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মন্ত্ৰী পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠান ৯ জুন, ২০২৪ তাৰিখে অনুষ্ঠিত হ'ব। এই উপলক্ষে ভাৰতৰ চুবুৰীয়া অঞ্চল আৰু ভাৰত মহাসাগৰীয় অঞ্চলৰ নেতাসকলক বিশিষ্ট অতিথি হিচাপে সৌহাৰ্দ্যপূৰ্ণভাৱে আমন্ত্ৰণ জনোৱা হৈছে।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত ৰনিল বিক্ৰমসিংহে; মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম ড. মহম্মদ মুইজজু; চেচেলছৰ উপ-ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত আহমেদ আফিফ; বাংলাদেশৰ প্ৰধানমন্ত্ৰী মহামান্যা শ্বেখ হাছিনা; মৰিচাছৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীযুত প্ৰবিন্দ কুমাৰ জগনাথ; নেপালৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীযুত পুষ্প কমল দাহাল 'প্ৰচণ্ড'; আৰু ভূটানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীযুত শ্বেৰিং টবগেয়ে উপস্থিত থাকিবলৈ আমন্ত্ৰণ গ্ৰহণ কৰিছে।

শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উপৰিও নেতাসকলে একেদিনাই সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপাদী মুৰ্মুয়ে আয়োজন কৰা এক ভোজমেলতো অংশগ্ৰহণ কৰিব।

ভাৰতে ইয়াৰ 'চুবুৰীয়া প্ৰথম' নীতি আৰু 'সাগৰ' দৃষ্টিভংগীক দিয়া সৰ্বোচ্চ প্ৰাথমিকতাৰ সৈতে সংগতি ৰাখিয়েই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া অনুষ্ঠানলৈ নেতাসকলৰ এই আগমন হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade

Media Coverage

Boost to small exporters, MSMEs as govt removes Rs 10-lakh cap on courier trade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived