প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটিয়ে তামিলনাডুত ৪-লেনযুক্ত মৰক্কানম – পুডুচেৰী (৪৬ কিমি) নিৰ্মাণত অনুমোদন জনাইছে। মুঠ ২,১৫৭ কোটি টকা মূলধনী ব্যয় সাপেক্ষে প্ৰকল্পটো হাইব্ৰিড এনুইটি ম’ড (HAM)-ত বিকশিত কৰা হ’ব।

বৰ্তমান চেন্নাই, পুডুচেৰী ভিলুপুৰাম আৰু নাগাপটিনামৰ মাজৰ যোগাযোগ ব্যৱস্থা বৰ্তমানৰ ২-লেনৰ ৰাষ্ট্ৰীয় ঘাইপথ ৩৩২এ (NH-332A) আৰু সংশ্লিষ্ট ৰাজ্যিক ঘাইপথৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ পৰিপ্ৰেক্ষিতত বিশেষকৈ কৰিডৰৰ কাষৰ ঘন জনবসতিপূৰ্ণ অঞ্চল আৰু মূল চহৰসমূহত যথেষ্ট যানজঁটৰ সৃষ্টি হয়। এই প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাকৰণৰ অৰ্থে প্ৰকল্পটোৰ অধীনত মৰক্কানমৰ পৰা পুডুচেৰীলৈ ৰাষ্ট্ৰীয় ঘাইপথ-৩৩২এ ৰ প্ৰায় ৪৬ কিমিক ৪-লেনলৈ উন্নীত কৰা হ’ব। ইয়াৰ ফলশ্ৰুতিত বৰ্তমানৰ কৰিডৰ ভিৰ-মুক্ত হ’ব, সুৰক্ষা ব্যৱস্থাৰ অগ্ৰগতি সাধন হ’ব তথা চেন্নাই, পুডুচেৰী ভিলুপুৰাম আৰু নাগাপটিনামৰ দৰে দ্ৰুত-বৰ্ধমান চহৰসমূহৰ ম’বিলিটিৰ প্ৰয়োজনীয়তা পূৰণ হ’ব।

প্ৰকল্পৰ এলাইনমেন্টে ২ টা প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ (NH-32, NH-332) আৰু দুটা ৰাজ্যিক ঘাইপথ (SH-136, SH-203)-ক সংযুক্ত কৰে। ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ তামিলনাডুৰ মূল অৰ্থনৈতিক, সামাজিক আৰু লজিষ্টিক কেন্দ্ৰসমূহলৈ নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্ত হ’ব। ইয়াৰ উপৰিও উন্নীতকৃত কৰিডৰটোৱে দুটা ৰেলৱে ষ্টেচন (পুডুচেৰী, চিন্নাবাবুসমুদ্ৰম), দুটা বিমানবন্দৰ (চেন্নাই, পুডুচেৰী) আৰু এটা সৰু বন্দৰ (কুডাল’ৰ)-ৰ সৈতে সংযোগ স্থাপনেৰে মাল্টি-মডেল সংহতি বৃদ্ধি কৰিব। ইয়াৰ ফলশ্ৰুতিত সমগ্ৰ অঞ্চলটোত সামগ্ৰী আৰু যাত্ৰীসকলৰ দ্ৰুত সৰবৰাহ আৰু যাতায়তৰ ক্ষেত্ৰত সুবিধা হ’ব।

সম্পূৰ্ণ হোৱাৰ পিছত মৰক্কানম - পুডুচেৰী অংশই আঞ্চলিক অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, প্ৰধান ধৰ্মীয় আৰু অৰ্থনৈতিক কেন্দ্ৰসমূহৰ মাজত যোগাযোগ ব্যৱস্থাক সুদৃঢ় কৰিব, পুডুচেৰীলৈ পৰ্যটনৰ বৰ্ধন ঘটাব তথা বাণিজ্য আৰু ঔদ্যোগিক উন্নয়নৰ বাবে নতুন পথ মুকলি কৰিব। প্ৰকল্পটোৱে প্ৰায় ৮ লাখ পাৰ্ছন-ডে’ৰ প্ৰত্যক্ষ আৰু ১০ লাখ পাৰ্ছন-ডে’ৰ পৰোক্ষ নিয়োগো সৃষ্টি কৰিব। ইয়াৰ ফলশ্ৰুতিত আশে-পাশে থকা অঞ্চলসমূহৰ বিকাশ, উন্নয়ন আৰু সমৃদ্ধিৰ নতুন পথ মুকলি হ’ব।

কৰিডৰৰ মানচিত্ৰ

পৰিশিষ্ট - I: প্ৰকল্পৰ সবিশেষ

বৈশিষ্ট্য

সবিশেষ

প্ৰকল্পৰ নাম

৪-লেনযুক্ত মৰক্কানম – পুডুচেৰী অংশ (NH 332A)

কৰিডৰ

চেন্নাই–পুডুচেৰী–নাগাপটিনাম-টুটিকোৰিন-কন্যাকুমাৰী অৰ্থনৈতিক কৰিডৰ (ইষ্ট ক'ষ্ট ৰোড - ইচিআৰ)

দৈৰ্ঘ্য (কিমি)

৪৬.০৪৭

মুঠ চিভিল ব্যয় (কোটি টকা)

১,১১৮

ভূমি অধিগ্ৰহণৰ ব্যয় (কোটি টকা)

৪৪২

মুঠ মূলধনী ব্যয় (কোটি টকা)

,১৫৭

ম’ড

হাইব্ৰিড এনুইটি ম’ড (HAM)

বাইপাছ

পুডুচেৰী বাইপাছ (গ্ৰীনফিল্ড প্ৰৱেশ নিয়ন্ত্ৰিত) – ৩৪.৭ কিমি

সংযুক্ত কৰিবলগীয়া মূল পথ

ৰাষ্ট্ৰীয় ঘাইপথ – NH-32, NH-332

ৰাজ্যিক ঘাইপথ – SH-136, SH-203

সংযুক্ত কৰিবলগীয়া অৰ্থনৈতিক/ সামাজিক/ পৰিবহণ কেন্দ্ৰ

বিমানবন্দৰঃ চেন্নাই, পুডুচেৰী

ৰেল ষ্টেচনঃ পুডুচেৰী, চিন্নাবাবুসমুদ্ৰম

সৰু বন্দৰঃ কুডাল’ৰ

অৰ্থনৈতিক কেন্দ্ৰঃ মেগা ফুড পাৰ্ক, ফাৰ্মা ক্লাষ্টাৰ, ফিছিং ক্লাষ্টাৰ

সামাজিক কেন্দ্ৰঃ আৰুলমিগু মানকুলা মন্দিৰ, পেৰাডাইজ বিচ

সংযুক্ত কৰিবলগীয়া মূল চহৰ/নগৰ

চেন্নাই, মৰক্কানম, পুডুচেৰী

নিয়োগ সৃষ্টিৰ সম্ভাৱনা

৮ লাখ মেন-ডে’ (প্ৰত্যক্ষ) আৰু ১০ লাখ মেন-ডে’ (পৰোক্ষ)

’২৫ বিত্তীয় বৰ্ষত বাৰ্ষিক গড় দৈনিক যাতায়াত (AADT)

আনুমানিক ১৭,৮০০ পেছেঞ্জাৰ কাৰ ইউনিট (PCU)

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘High Fives, Smiles And More’: PM Modi Celebrates Raksha Bandhan, Shares Glimpses From Festivities

Media Coverage

‘High Fives, Smiles And More’: PM Modi Celebrates Raksha Bandhan, Shares Glimpses From Festivities
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on National Sports Day
August 29, 2026

The Prime Minister, Shri Narendra Modi has extended his greetings to all sports lovers on National Sports Day. Shri Modi said that the dedication, passion and determination of sportspersons make the entire nation proud.

The Prime Minister also paid homage to the legendary Major Dhyan Chand Ji, whose brilliance and contribution to Indian hockey continue to inspire generations.

Shri Modi posted on X:

“To every sports lover…your dedication, passion and determination make everyone proud.

We also pay homage to the legendary Major Dhyan Chand Ji, whose brilliance inspires generations.

#NationalSportsDay”