ভাৰতত তেনে সামগ্ৰীৰ উত্পাদনৰ বাবে পাঁচ বছৰত ৬,৩২২কোটি টকাৰ উদগণিমূলক পুঁজিৰ যোগান ধৰা হ’ব
অতিৰিক্ত প্ৰায় ৪০,০০০কোটি টকাৰ বিনিয়োগ আহৰণৰ কৰাৰ উদ্দেশ্যে আঁচনি
প্ৰায় ৫,২৫,০০০গৰাকী লোকক কৰ্ম সংস্থাপন দিব পৰা আঁচনিখনে ৬৮,০০০লোকক প্ৰত্যক্ষ ভাবে সংস্থাপিত কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটৰ সভাই ‘বিশেষত্ব সম্পন্ন তীখা’ৰ বাবে ‘উত্পাদন-সংলগ্ন উদগণি (পিএলআই) আঁচনি’ৰ প্ৰস্তাৱলৈ কেবিনেটৰ অনুমোদন জনাইছে। আঁচনিখনৰ সময়-কাল ২০২৩-২৪ৰ পৰা ২০২৭-২৮লৈ মুঠ পাঁচ বছৰ হ’ব। আঁচনিখন ৰূপায়ণৰ বাবে প্ৰাকলিত পুঁজিৰ পৰিমাণ ৬৩২২কোটি টকা ধাৰ্য্ কৰা হৈছে, আঁচনিখনৰ জৰিয়তে প্ৰায় ৪০,০০০কোটি টকা পৰিমাণৰ বিনিয়োগ আকৰ্ষিত কৰিব পৰা যাব বুলি আশা কৰা হৈছে। ইয়াৰ জৰিয়তে ২৫নিযুত টন পৰিমাণৰ বিশেষত্ব সম্পন্ন তীখা অতিৰিক্ত পৰিমাণে উত্পাদন কৰিব পৰা যাব। প্ৰায় ৫,২৫,০০০ লোকৰ নিয়োগ সম্ভাৱনীয়তা সৃষ্টি কৰিব পৰা আঁচনিখনৰ জৰিয়তে ৬৮,০০০লোকক প্ৰত্যক্ষ ভাবে সংস্থাপিত কৰিব পৰা যাব।

‘বিশেষত্ব সম্পন্ন তীখা’ৰ উত্পাদনৰ বিষয়টোক বিশেষ গুৰুত্ব প্ৰদানৰ গুৰিতে হ’ল ২০২০-২১বৰ্ষত দেশত উত্পাদন কৰা ১০২ নিযুত টন তীখাৰ বিপৰীতে মাত্ৰ ১৮ নিযুত টন পৰিমাণৰ তীখাকহে ‘প্ৰমূল্য-সংযোজিত-বিশেষত্ব সম্পন্ন তীখা’ উত্পাদিত হৈছিল। ইয়াৰ উপৰি এইখিনি সময়ত আমদানী কৰা ৬.৭নিযুত টন তীখাৰ ভিতৰৰ প্ৰায় ৪নিযুত টনেই আছিল ‘বিশেষত্ব-সম্পন্ন তীখা’ আৰু ইয়াৰ বাবে প্ৰায় ৩০,০০০কোটি টকা পৰিমাণৰ বিদেশী মুদ্ৰা আদায় দিবলগীয়া হৈছিল। বিশেষত্ব-সম্পন্ন তীখাৰ উত্পাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ হোৱাৰ বাবে ভাৰতে কোৰিয়া আৰু জাপানৰ দৰে অগ্ৰণী দেশৰ দৰে তীখাৰ প্ৰমূল্য-শৃংখলৰে আগুৱাই যাব লাগিব।

২০২৬-২৭ৰ ভিতৰত ভাৰত ৪২নিযুত টন বিশেষত্ব-সম্পন্ন তীখা উত্পাদনকাৰী দেশ হ’বগৈ পৰা যাব বুলি আশা কৰা হৈছে। ইয়ে, বিশেষত্ব-সম্পন্ন তীখাৰ আমদানীৰ বাবদ ব্যয় হোৱা প্ৰায় ২.৫লাখ কোটি টকা পৰিমাণৰ ধন দেশতে ৰখাত সহায় কৰিব। একেদৰে, এনে তীখাৰ ৰপ্তানীৰ পৰিমাণ বৰ্তমানৰ ১.৭নিযুত টনৰ বিপৰীতে ৫.৫নিযুত টনলৈ বৃদ্ধি কৰাৰ লগতে ৩৩,০০০কোটি টকাৰ বিদেশী মুদ্ৰা অৰ্জনৰ বাটো মুকলি কৰিব।

 

আঁচনিখনে বৃহত্ প্ৰতিষ্ঠানসমূহক সংহত তীখা প্ৰকল্পৰ বাবে উত্সাহিত কৰাৰ লগতে সৰু প্ৰতিষ্ঠানসমূহক সহযোগী তীখা প্ৰকল্প স্থাপনৰ বাবে অনুপ্ৰাণিত কৰিব।

বিশেষত্ব-সম্পন্ন তীখা হ’ল প্ৰমূল্য-সংযোজিত তীখা, যাক সাধাৰণ তীখাৰ ওপৰত প্ৰলেপিতকৰণ, গাজি দিয়া, তাপ-প্ৰয়োগ আদিৰে উত্তৰণ সাধন কৰি প্ৰস্তুত কৰা হয়। এই তীখা যান-বাহন নিৰ্মাণৰ উপৰি বিভিন্ন ৰণকৌশলগত বিষয় যেনে প্ৰতিৰক্ষা, মহাকাশ, শক্তি তথা বিশেষধৰণৰ মূলধনী সামগ্ৰী ইত্যাদি নিৰ্মাণত ব্যৱহাৰ কৰা হয়।

পিএলআই-ৰ বাবে এনেধৰণৰ পাঁচবিধ তীখা পচন্দ কৰা হৈছে: 

 

  1. কোটেড-প্লেটেড তীখা সামগ্ৰী
  2. উচ্চ ক্ষমতা-ৱেয়েৰ ৰেজিষ্টিং তীখা
  3. বিশেষত্ব-সম্পন্ন চিৰি
  4. এলয় তীখা সামগ্ৰী আৰু তীখাৰ তাঁৰ
  5. বৈদ্যুতিক তীখা

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity

Media Coverage

PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 আগষ্ট 2026
August 17, 2026

India Ascendant: Citizens Hail PM Modi's Vision and India’s Multi-Sectoral Growth