দেশৰ নাগৰিকক বিভিন্ন সেৱা ডিজিটেলযোগে প্ৰদান কৰিব পৰাকৈ ২০১৫ চনৰ ১ জুলাই তাৰিখে ডিজিটেল ইণ্ডিয়া কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। এই পৰ্যন্ত ই এক অতি সফল কাৰ্যসূচী বুলি প্ৰমাণিত হৈছে।

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ডিজিটেল ইণ্ডিয়া কাৰ্যসূচী সম্প্ৰসাৰণৰ বাবে যাৱতীয় অনুমোদন জনায়। ইয়াৰ বাবে মুঠ ব্যয় ধাৰ্য্য কৰা হৈছে ১৪,৯০৩ কোটি টকা।

এই সম্প্ৰসাৰণ কাৰ্যসূচীয়ে নিম্নলিখিত দিশবোৰক সক্ৰিয় কৰি তুলিব:

    • ফিউচাৰস্কিলছ প্ৰাইম প্ৰগ্ৰেমৰ অধীনত ৬.২৫ লাখ আই টি পেছাদাৰীক পুনৰ প্ৰশিক্ষণেৰে দক্ষ কৰি তোলাৰ উপৰি আৰু আপ-স্কিল কৰা হ’ব;
    • তথ্য সুৰক্ষা আৰু শিক্ষা সজাগতা পৰ্যায় (আই এছ ই এ) কাৰ্যসূচীৰ অধীনত ২.৬৫ লাখ ব্যক্তিক তথ্য সুৰক্ষাৰ প্ৰশিক্ষণ দিয়া হ’ব;
    • ইউনিফাইড মোবাইল এপ্লিকেচন ফৰ নিউ-এজ গভৰ্নেন্স (UMANG) এপ্প/ প্লেটফৰ্মৰ অধীনত ৫৪০ টা অতিৰিক্ত সেৱা উপলব্ধ হ’ব। বৰ্তমান এই উমংগ প্লেটফৰ্মত ১৭০০ৰো অধিক সেৱা উপলব্ধ হৈ আছে;
    • ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটাৰ মিছনৰ অধীনত আৰু ৯টা ছুপাৰ কম্পিউটাৰ সংযোজন কৰা হ’ব। ইয়াৰ উপৰিও ইতিমধ্যে ১৮টা ছুপাৰ কম্পিউটাৰ নিয়োজিত হৈ আছে;
    • ভাষিনী, কৃত্ৰিম বুদ্ধিমত্তা বা এআই সক্ষম বহুভাষিক অনুবাদ সঁজুলি ২২টা সূচীভুক্ত ভাষাৰ ৮ ভাষাৰ সকলোতে প্ৰযোজ্য কৰা হ’ব। সম্প্ৰতি এই সুবিধা ১০টা ভাষাত উপলব্ধ;
    • ১,৭৮৭ খন শিক্ষানুষ্ঠানক সংযোগ কৰা ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্ক (এন কে এন)ৰ আধুনিকীকৰণ;
    • ডিজি লকাৰৰ অধীনত ডিজিটেল নথিপত্ৰ পৰীক্ষণৰ সুবিধা এতিয়া এমএছএমই আৰু অন্যান্য সংস্থাসমূহৰ বাবে উপলব্ধ হ’ব;
    • ২ বা ৩ স্তৰৰ চহৰত ১২০০ টা ষ্টাৰ্টআপলৈ সমৰ্থন আগবঢ়োৱা হ’ব;
    • স্বাস্থ্য, কৃষি আৰু বহনক্ষম চহৰৰ ওপৰত কৃত্ৰিম বুদ্ধিমত্তাৰ ৩টা উৎকৰ্ষ বৃদ্ধি কেন্দ্ৰ স্থাপন কৰা হ’ব;
    • ১২ কোটি কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে চাইবাৰ-সজাগতা পাঠ্যক্ৰম;
    • চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত নতুন পদক্ষেপসমূহৰ ভিতৰত আছে সা-সঁজুলিৰ বিকাশ আৰু ৰাষ্ট্ৰীয় চাইবাৰ সমন্বয় কেন্দ্ৰৰ সৈতে ২০০ৰো অধিক স্থানৰ একত্ৰীকৰণ।

আজিৰ ঘোষণাই ভাৰতৰ ডিজিটেল অৰ্থনীতিক এক ব্যাপক উত্থান প্ৰদান কৰিব, সেৱাসমূহৰ ডিজিটেল প্ৰৱেশৰ ক্ষেত্ৰত সহায় কৰিব, আৰু ভাৰতৰ তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰনিক্স পৰিৱেশ তন্ত্ৰক সমৰ্থন কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
APEDA Facilitates First Export Of Premium Areko Cherries And Scentrose Plums From J&K To Singapore

Media Coverage

APEDA Facilitates First Export Of Premium Areko Cherries And Scentrose Plums From J&K To Singapore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুলাই 2026
July 19, 2026

Exports Booming, Skies Opening, Energy Transforming — PM Modi’s India in Full Flight