Quoteমাৰ্কিন প্ৰতিনিধি দলটোৱে ভাৰতত নিৰ্বাচন আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰিমাপ, নিৰপেক্ষতা আৰু স্বচ্ছতাক প্ৰশংসা কৰে
Quoteপ্ৰধানমন্ত্ৰীয়ে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক আগবঢ়োৱাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ ধাৰাবাহিক আৰু দ্বিদলীয় সমৰ্থনৰ তাৎপৰ্য উল্লেখ কৰে
Quoteপ্ৰধানমন্ত্ৰীয়ে যোৱা বছৰ তেওঁৰ ঐতিহাসিক আমেৰিকা ভ্ৰমণৰ কথা স্মৰণ কৰে, য'ত তেওঁ দ্বিতীয়বাৰৰ বাবে কংগ্ৰেছক সম্বোধন কৰিছিল

‘সদনৰ বৈদেশিক পৰিক্ৰমা সমিতি’ৰ অধ্যক্ষ মাইকেল মেকক'লৰ নেতৃত্বত অহা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ সাতজনীয়া এটা প্ৰতিনিধি দলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

 

প্ৰতিনিধি দলটোৰ আন সদস্যসকলৰ ভিতৰত আছিল নেন্সি পেলোচি, গ্ৰেগৰী মিক্স, মাৰিয়ানেট মিলাৰ-মিক্স, নিকোল মেলিওটাকিছ, আমেৰিছ বাবুলাল "এমি বেৰা" আৰু জিম মেকগভাৰ্ণ।

প্ৰতিনিধি দলৰ সদস্যসকলে প্ৰধানমন্ত্ৰীক একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱা বাবে অভিনন্দন জনায়।

তেওঁলোকে ভাৰতত শেহতীয়াকৈ সমাপ্ত হোৱা বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক নিৰ্বাচনী অনুশীলনৰ পৰিমাপ, নিৰপেক্ষতা আৰু স্বচ্ছতাৰ বাবে গভীৰ প্ৰশংসা প্ৰকাশ কৰে।

প্ৰতিনিধি দলটোৱে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কক আটাইতকৈ ফলপ্ৰসূ বুলি অভিহিত কৰে আৰু বাণিজ্য, নতুন আৰু উদীয়মান প্ৰযুক্তি, প্ৰতিৰক্ষা, দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ পাৰস্পৰিক আদান-প্ৰদানকে ধৰি সকলো ক্ষেত্ৰতে ব্যাপক কৌশলগত গোলকীয় অংশীদাৰিত্ব অধিক গভীৰ কৰাৰ বাবে তেওঁলোকৰ শক্তিশালী সমৰ্থন ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্ক আগবঢ়োৱাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ ধাৰাবাহিক আৰু দ্বিপক্ষীয় সমৰ্থনৰ দ্বাৰা পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে, যিবোৰ অংশীদাৰী গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসনৰ প্ৰতি সন্মান আৰু জনসাধাৰণৰ মাজত শক্তিশালী সম্পৰ্কৰ ওপৰত আধাৰিত। তেওঁ বিশ্ব কল্যাণৰ বাবে দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাও দোহাৰে।

প্ৰধানমন্ত্ৰীয়ে যোৱাবছৰ জুনমাহত তেওঁৰ আমেৰিকা ভ্ৰমণৰ কথা স্মৰণ কৰে য'ত তেওঁ ঐতিহাসিক দ্বিতীয়বাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছৰ যুটীয়া অধিৱেশনত ভাষণ দিয়াৰ সুযোগ পাইছিল।

 

  • Deepak kumar parashar September 07, 2024

    नमो
  • Avaneesh Rajpoot September 06, 2024

    jai shree ram
  • Vivek Kumar Gupta September 04, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta September 04, 2024

    नमो .................🙏🙏🙏🙏🙏
  • Aseem Goel August 26, 2024

    🙏🙏🙏
  • Satyanarain August 09, 2024

    Jai ho 🙏
  • Subhash Sudha August 06, 2024

    Jai shree Ram
  • Vimlesh Mishra July 20, 2024

    jai mata di ab wo din dur nahi jab hum vishw guru baneygey
  • Dr Swapna Verma July 11, 2024

    jay ho
  • Mohd Husain July 04, 2024

    Jay ho
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
When Narendra Modi woke up at 5 am to make tea for everyone: A heartwarming Trinidad tale of 25 years ago

Media Coverage

When Narendra Modi woke up at 5 am to make tea for everyone: A heartwarming Trinidad tale of 25 years ago
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Ram Vilas Paswan on his Jayanti
July 05, 2025

The Prime Minister, Shri Narendra Modi, today paid tribute to former Union Minister Ram Vilas Paswan on the occasion of his Jayanti. Shri Modi said that Ram Vilas Paswan Ji's struggle for the rights of Dalits, backward classes, and the deprived can never be forgotten.

The Prime Minister posted on X;

"पूर्व केंद्रीय मंत्री रामविलास पासवान जी को उनकी जयंती पर विनम्र श्रद्धांजलि। उनका संपूर्ण जीवन सामाजिक न्याय को समर्पित रहा। दलितों, पिछड़ों और वंचितों के अधिकारों के लिए उनके संघर्ष को कभी भुलाया नहीं जा सकता।"