এসময়ত আম্বাজী মন্দিৰত ভিক্ষা কৰা শিশুসকলে এতিয়া প্ৰধানমন্ত্ৰীয়ে জনোৱা উৎসাহৰ পিছত কেৱাদিয়াত অনুষ্ঠান পৰিৱেশন কৰিব
ইয়াৰ পূৰ্বেও ৩০ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ আম্বাজী ভ্ৰমণৰ সময়তো বেণ্ডটোৱে পৰিৱেশন কৰিছিল অনুষ্ঠান

বনাছকাণ্ঠ জিলাৰ আম্বাজী নগৰৰ জনজাতীয় শিশুৰ এটা মিউজিকেল বেণ্ডে ৩১ অক্টোবৰত কেৱাদিয়াত প্ৰধানমন্ত্ৰীৰ সন্মুখত অনুষ্ঠান পৰিৱেশন কৰিব। ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়া ভ্ৰমণ কৰিব।

মিউজিকেল বেণ্ডটোৱে প্ৰধানমন্ত্ৰীৰ বাবে অনুষ্ঠান পৰিৱেশন কৰাটো প্ৰথমবাৰৰ বাবে নহয়। ৩০ ছেপ্টেম্বৰ, ২০২২ত যেতিয়া প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ আম্বাজী ভ্ৰমণ কৰিছিল আৰু ৭,২০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দেশবাসীৰ নামত উচৰ্গা কৰিছিল, তেতিয়া বেণ্ডটোৱে ৰাজহুৱা সভালৈ প্ৰধানমন্ত্ৰীক আদৰণি জনাই অনুষ্ঠান পৰিৱেশন কৰিছিল৷

প্ৰধানমন্ত্ৰীয়ে যুৱ বেণ্ডটোৰ প্ৰদৰ্শনৰ শলাগ লোৱা আৰু উপভোগ কৰাই নহয়, ৰাজহুৱা অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে তেওঁলোকৰ সৈতে ব্যক্তিগতভাৱে মত বিনিময় কৰিছিল। তেওঁৰ যুৱ বন্ধুসকলক উৎসাহিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে এখন গ্ৰুপ ফটো তুলিছিল।

এই জনজাতীয় শিশুসকলৰ কাহিনী, যিসকলে ব্যতিক্ৰমী সংগীত দক্ষতা শিকি লোৱাটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷ এসময়ত এই ল’ৰা-ছোৱালীবোৰে নিজৰ মৌলিক প্ৰয়োজনীয়তা আৰু শিক্ষাৰ সুযোগৰ বাবে যুঁজি আছিল। তেওঁলোকক প্ৰায়ে আম্বাজী মন্দিৰৰ ওচৰত পোৱা গৈছিল য'ত তেওঁলোকে দৰ্শনাৰ্থীক ভিক্ষা মাগিছিল। আম্বাজীস্থিত শ্ৰী শক্তি সেৱা কেন্দ্ৰ নামৰ স্থানীয় বেচৰকাৰী সংস্থা এটাই এই শিশুসকলৰ হৈ কাম কৰিছিল৷ সংস্থাটোৱে কেৱল তেওঁলোকক শিক্ষিত কৰাই নহয়, তেওঁলোকৰ কি দিশত দক্ষতা আছে সেয়াও চিনাক্ত কৰিছিল৷ জনজাতীয় শিশুসকলক বেচৰকাৰী সংস্থা শ্ৰী শক্তি সেৱা কেন্দ্ৰই মিউজিকেল বেণ্ডৰ দ্বাৰা দক্ষ কৰি তুলিছিল।

প্ৰধানমন্ত্ৰীয়ে যুৱ বেণ্ডটোৰ প্ৰদৰ্শনক উপভোগ কৰাৰ লগতে শলাগ লয় আৰু ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ৩১ অক্টোবৰত বেণ্ডটোক কেৱাদিয়ালৈ নিমন্ত্ৰণ কৰাটো নিশ্চিত কৰিছিল, যাতে তেওঁলোকেও এই ঐতিহাসিক দিনটোত অংশগ্ৰহণ কৰি অনুষ্ঠান পৰিৱেশন কৰিব পাৰে।

৩১ অক্টোবৰত প্ৰধানমন্ত্ৰীয়ে কেৱাদিয়া ভ্ৰমণ কৰি চৰ্দাৰ পেটেলৰ ১৪৭সংখ্যক জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। তেওঁ একতা দিৱসৰ পেৰেডতো অংশগ্ৰহণ কৰাৰ লগতে লাল বাহাদুৰ শাস্ত্ৰী নেচনেল একাডেমী অৱ এডমিনিষ্ট্ৰেচনত ফাউণ্ডেশ্যন পাঠ্যক্ৰম গ্ৰহণ কৰা বিভিন্ন অসামৰিক সেৱাৰ অন্তৰ্গত বিষয়া প্ৰশিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Dr. Babasaheb Ambedkar in the Parliament complex
April 14, 2026

The Prime Minister, Shri Narendra Modi has paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.

The Prime Minister wrote on X;

“Paid homage to Dr. Babasaheb Ambedkar in the Parliament complex earlier today.”