১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰী আৰু ৬০ বছৰৰ উৰ্ধৰ লোকসকলক টিকা গ্ৰহণৰ আহ্বান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমাৰ দেশৰ নাগৰিকক টিকাকৰণৰ বাবে ভাৰত চৰকাৰৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত আজি এক গুৰুত্বপূৰ্ণ দিন। তেওঁ ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰী আৰু ৬০ বছৰৰ উৰ্ধৰ লোকসকলক টিকা গ্ৰহণৰ আহ্বান জনায়।

এলানি টুইটত প্ৰধানমন্ত্ৰীয়ে কয়,

"আমাৰ দেশৰ নাগৰিকক টিকাকৰণৰ বাবে ভাৰত চৰকাৰৰ প্ৰচেষ্টাৰ ক্ষেত্ৰত আজি এক গুৰুত্বপূৰ্ণ দিন। এতিয়াৰে পৰা ১২-১৪ বছৰ বয়সৰ কিশোৰ-কিশোৰী ক’ভিড টিকা আৰু ৬০ বছৰৰ উৰ্ধৰ লোকসকল সৰ্তকতামূলক ড’জৰ বাবে যোগ্য হ’ব। মই এই বয়স গ্ৰুপৰ সকলো লোকক টিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো।"

"সমগ্ৰ পৃথিৱীৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ অংশ হিচাপে আমি ভেকচিন মৈত্ৰী কাৰ্যসূচীৰ অধীনত বিভিন্ন দেশলৈ ভেকচিন প্ৰেৰণ কৰিছো। মই গৌৰৱ অনুভৱ কৰিছো যে ভাৰতৰ ভেকচিনে ক’ভিড-১৯ৰ বিৰুদ্ধে গোলকীয় যুঁজ দিবলৈ সক্ষম হৈছে।"

"আজি ভাৰতত কেইবাটাও স্বদেশী ভেকচিন উপলব্ধ হৈছে। আমি এক যথাযথ মূল্যায়ন প্ৰক্ৰিয়াৰ পিছত অন্যান্য ভেকচিনকো অনুমতি প্ৰদান কৰিছো। আমি এই ভয়ংকৰ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ এক সৱল স্থিতিত আছো। একে সময়তে আমি ক’ভিড সম্পৰ্কীয় সকলো সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।"

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Spirituality remains key driver for travel in Asia, India ranks top: Report

Media Coverage

Spirituality remains key driver for travel in Asia, India ranks top: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 মাৰ্চ 2026
March 26, 2026

India’s Economy, Innovative Spirit and Global Standing Continue to Thrive with the Modi Government