মোদী চৰকাৰখনে প্ৰাথমিক, উচ্চ আৰু চিকিৎসা শিক্ষাক কেন্দ্ৰ কৰি শিক্ষা খণ্ডটোত দ্ৰুত গতিৰে ৰূপান্তৰ সাধনত গুৰুত্ব আৰোপ কৰি আহিছে। ২০১৪ ৰপৰা, মোদী চৰকাৰে নতুন আইআইটি (IIT), আইআইএম, আইআইআইটি (IIIT), এনআইটি আৰু এনআইডিসমূহ স্থাপনৰ কথা ঘোষণা কৰিছে। ২০১৪ ৰপৰা প্ৰতি বছৰে এখনকৈ নতুন আইআইটি আৰু আইআইএম আৰম্ভ কৰি অহা হৈছে।

বৰ্তমানে, সমগ্ৰ দেশখনতে ২৩ খন আইআইটি আৰু ২০ খন আইআইএম আছে। ২০১৪ ৰপৰা প্ৰতি সপ্তাহতে এখনকৈ নতুন বিশ্ববিদ্যালয় আৰু প্ৰতি দিনে দুখনকৈ নতুন মহাবিদ্যালয় স্থাপন কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত, উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে।

কেৱল এয়াই নহয়, উত্তৰ পূবত ২২ খন নতুন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে আৰু লাডাখে প্ৰথমখনি কেন্দ্ৰীয় বিশ্ববিদ্যালয় লাভ কৰিছে, প্ৰথমখনি ফৰেনছিক বিশ্ববিদ্যালয় আৰু ৰেল আৰু পৰিবহণ (transport) বিশ্ববিদ্যালয়ো স্থাপন কৰা হৈছে। ‘দ্য ৱৰ্ল্ড ইউনিভাৰ্ছিটি ৰেংকিং’ত যোৱা বছৰ ৬৩ খনৰপৰা এই বছৰ অভিলেখ সংখ্যক ৭১ খন ভাৰতীয় বিশ্ববিদ্যালয়ে স্থান লাভ কৰিছে। ‘কিউএছ ৱৰ্ল্ড ইউনিভাৰ্ছিটি ৰেংকিং’ত তিনি ভাৰতীয় বিশ্ববিদ্যালয়ে শীৰ্ষ-২০০ ত স্থান লাভ কৰিছে।

 

 

 

 

 

 

 

যোৱা সাতটা বছৰে প্ৰাথমিক শিক্ষা ব্যৱস্থাটোৰ অগ্ৰগতি সাধনত বিশেষ গুৰুত্ব প্ৰদান কৰি অহা হৈছে। ছাত্ৰ-ছাত্ৰীসকলক ২১ শতিকাৰে খাপ খুৱাবলৈ সাজু কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। ২০১৫ ৰপৰা ২০২০ লৈ উচ্চ শিক্ষাত ছাত্ৰীৰ মুঠ অন্তৰ্ভুক্তি ১৮% বৃদ্ধি পাইছে, যিয়ে বেটী বচাওঁ, বেটী পঢ়াওঁৰ দৃষ্টি বাস্তৱায়িতকৰণত সহায় কৰিছে। ছাত্ৰ-শিক্ষকৰ অনুপাতৰ অগ্ৰগতি সাধনৰ ফলশ্ৰুতিত যুৱ মনৰ বাবে মানসম্পন্ন শিক্ষা নিশ্চিত হৈ পৰিছে। ইয়াৰ লগতে, বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ অগ্ৰগতি সাধন কৰি অহা হৈছে, ২০১৫ ৰপৰা ৮,৭০০ অটল টিঙ্কাৰিং লেব স্থাপন কৰা হৈছে। যোৱা বছৰকেইটাত বিদ্যালয়সমূহত বিদ্যুৎ, পুথিভঁড়াল, ছাত্ৰীৰ টয়লেট, মেডিকেল চেক-আপৰ দৰে সা-সুবিধাসমূহৰ লক্ষ্যণীয় বৃদ্ধি প্ৰত্যক্ষ হৈছে।

 

 

 

 

চিকিৎসা শিক্ষাত ক্ষীপ্ৰ অগ্ৰগতি প্ৰত্যক্ষ কৰা হৈছে। চিকিৎসা শিক্ষাক অধিক সুগম কৰি তুলিবলৈ, এমবিবিএছৰ আসন ৫৩% বৃদ্ধি কৰা হৈছে, স্নাত-কোত্তৰৰ আসনত ৮০% বৃদ্ধি পৰিলক্ষিত হৈছে। ছখন নতুন এইমছৰ কাম-কাম আৰম্ভ হৈছে আৰু ১৬ খন পাইপলাইনত আছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total

Media Coverage

Second consignment of 37.5 tonnes HADR aid reaches flood-hit Nepal; India sends 47.5 tonnes of relief material in total
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 আগষ্ট 2026
August 28, 2026

India’s Growth Story, Grounded: Inclusion, Exports, and Infrastructure Under One Vision of PM Modi