শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দেশখনৰ এগৰাকী ৰাষ্ট্ৰপতি আৰু প্ৰাক্তন প্ৰতিৰক্ষা সচিবক হত্যাৰ সৈতে ভাৰত জড়িত বুলি সংবাদমাধ্যমত প্ৰকাশিত বাতৰিক পোনচাতেই প্ৰত্যাখান কৰে।

তেওঁ উল্লেখ কৰে যে এই হানিকাৰক আৰু বিশ্বাসঘাটক বাতৰিবোৰ সমূলি ভিত্তিহীন আৰু মিচা আৰু এইবোৰে দুয়োগৰাকী নেতাৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰাৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ দুখনৰ মাজৰ সৌহাদ্যপূৰ্ণ সম্পৰ্ক বিঘ্নিত কৰিব।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে বিষয়টোক লৈ ব্যক্তিগতভাৱে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা আৰু শ্ৰীলংকাৰ চৰকাৰে ৰাজহুৱাভাৱে বাতৰিটো প্ৰত্যাখান কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ প্ৰশংসা কৰে। ৰাষ্ট্ৰপতি ছিৰিসেনা প্ৰসংগক্ৰমে আজি পুৱা শ্ৰীলংকাত থকা ভাৰতৰ উচ্চায়ুক্তৰ সৈতেও বৈঠকত মিলিত হোৱাৰ কথা দোঁহাৰে।

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্ৰীলংকাৰ এগৰাকী প্ৰকৃত বন্ধুৰ লগতে ব্যক্তিগতভাৱে এগৰাকী ঘনিষ্ঠ বন্ধু বুলি জ্ঞান কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে তেওঁ ভাৰত আৰু শ্ৰীলংকাৰ পাৰস্পৰিক লাভালাভজনিত সম্পৰ্কত অত্যন্ত গুৰুত্ব প্ৰদান কৰাৰ লগতে সেইবোৰ অধিক সুদৃঢ় কৰিবলৈ প্ৰধানমন্ত্ৰীৰ সৈতে কাম কৰি যাব।

ভুৱা বাতৰিৰ প্ৰতি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ শলাগ লৈ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ‘প্ৰতিবেশী প্ৰথম’ নীতিৰ কথা দোঁহৰাৰ লগতে ব্যক্তিগতভাৱে দুয়োখন দেশত সহযোগিতাৰে সামগ্ৰিক দিশৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা কথা সদৰি কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's crude supply secure, LPG production increased: Hardeep Puri

Media Coverage

India's crude supply secure, LPG production increased: Hardeep Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মাৰ্চ 2026
March 13, 2026

Resilient India Under PM Modi: Diplomatic Mastery, Youth Power, and Unstoppable Progress