হৰ হৰ মহাদেৱ!

ক’ৰোনা মহামাৰীটোৰ বিৰুদ্ধে কাশীৰ যুঁজখনত মই নিৰলসভাৱে আপোনালোকৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছো, তদুপৰি মই তথ্য আহৰণ কৰি আহিছো আৰু বহু উৎসৰপৰা জানিবলৈ সক্ষম হৈছো। যথাঃ কাশীৰ জনসাধাৰণ কেনে আছে, ইয়াত কেনে ব্যৱস্থা কৰা হৈছে, ইয়াৰ চিকিৎসালয়সমূহ কেনে চলিছে, জটিল সময়ত কেনেদৰে কাম কৰিছে, সময়ৰ সীমাবদ্ধতা সত্বেও আপোনালোক সকলোৱে আমাৰ সন্মুখত সুন্দৰকৈ প্ৰেজেনটেশ্যন দাঙি ধৰিছে, আপোনালোকে আপোনালোকৰ কথা কৈছে। আমি সকলোৱে জানো যে আমাৰ স্থানক কোৱা হয় - "কাশ্যম বিশ্বেশ্বৰঃ তথা"। অৰ্থাৎ, কাশীৰ সকলোতে বাবা বিশ্বনাথ বিৰাজমান, ইয়াৰ সকলো বাবা বিশ্বনাথৰেই অংশ। ক’ৰোনাৰ এই জটিল সময়ত, আমাৰ বসবাসীসকল আৰু ইয়াত কাম কৰা প্ৰতিজন লোকে প্ৰকৃতপক্ষে এই কথা অৰ্থবহ কৰি তুলিছে। আপোনালোক সকলোৱে শিৱৰ কল্যাণৰ উদ্দীপনাৰে কাম কৰি জনসাধাৰণক সেৱা আগবঢ়াইছে। কাশীৰ এজন সেৱক হিচাপে, মই কাশীৰ প্ৰতিজন আবাসীক আন্তৰিক ধন্যবাদ জনাইছো। বিশেষভাৱে আমাৰ চিকিৎসক, নাৰ্ছ, টেকনিচিয়ান, ৱাৰ্ড বয়, এম্বুলেন্সৰ চালকে সম্পাদিত কৰা কাম, আপোনালোক সকলো প্ৰকৃতপক্ষে প্ৰশংসাৰ পাত্ৰ। তথাপিতো, এই মহামাৰীটো ইমানেই ব্যাপক যে আপোনালোক সকলোৰে এই কঠোৰ শ্ৰম আৰু অসীম প্ৰচেষ্টা সত্বেও, আমি আমাৰ পৰিয়ালৰ বহু সদস্যক ৰক্ষা কৰিব পৰা নাই! এই ভাইৰাছে আমাৰ বহু প্ৰিয়জনক আমাৰপৰা আঁতৰাই লৈ গৈছে। এই সকলো লোকলৈ মই বিনম্ৰ শ্ৰদ্ধা নিবেদন কৰিলো আৰু তেওঁলোকৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছো।

বন্ধুসকল,

ক’ৰোনাৰ দ্বিতীয়টো ঢৌত, আমি বহু ক্ষেত্ৰত সমন্বিতভাৱে যুঁজ দি আহিছো। এইবাৰ সংক্ৰমণৰ হাৰো পূৰ্বতকৈ বহু গুণে বৃদ্ধি পাইছে আৰু অধিক দিন ৰোগীসকলে চিকিৎসাধীন হ’ব লগা হৈছে। এই সকলোবোৰেই একে সময়তে আমাৰ স্বাস্থ্য ব্যৱস্থাটোত অধিক চাপৰ সৃষ্টি কৰিছে। যি কি নহওঁক, বেনাৰস কেৱল কাশীয়েই নহয় বৰঞ্চ সমগ্ৰ পূৰ্বাঞ্চলৰ বাবেই স্বাস্থ্য সেৱাৰ কেন্দ্ৰ। বিহাৰৰ কিছু অঞ্চলৰ লোক কাশীৰ ওপৰত নিৰ্ভৰশীল। এনে এটা পৰিস্থিতিত, সহজাতভাৱে, স্বাস্থ্য ব্যৱস্থাটোত এনে চাপ বৃহৎ প্ৰত্যাহ্বানৰূপে পৰিগণিত হৈছে। যোৱা ৭ টা বছৰত, ইয়াৰ স্বাস্থ্য ব্যৱস্থাটোত সম্পন্ন কৰা কামে আমাক বহু পৰিমাণে সহায় আগবঢ়াইছে, এই অভূতপূৰ্ব পৰিস্থিতিটো সহায়ক হৈ উঠিছে। আমাৰ চিকিৎসক, আমাৰ স্বাস্থ্য কৰ্মীসকলৰ কঠোৰ শ্ৰমৰ বাবে মাথোন এই চাপৰে মোকাবিলা কৰাটো সম্ভৱ হৈ পৰিছে। প্ৰতিজন ৰোগীক সুস্থ কৰি তুলিবলৈ আপোনালোক সকলোৱে দিন-নিশাই কাম কৰিছে, আপোনালোকৰ নিজা সমস্যাৰ কথা পাহৰি আৰু নিজে সুস্থ হৈ থাকি, ইয়াত মনোনিৱেশ কৰিছে। এটা চমু সময়ৰ ভিতৰত বেনাৰসে যিদৰে মোকাবিলা কৰিছে, আজি সেই কথা সমগ্ৰ দেশখনতে চৰ্চিত হৈছে।

বন্ধুসকল,

এই জটিল সময়ছোৱাত, আমাৰ জন প্ৰতিনিধি আৰু বিষয়াবৰ্গই, তথা আমাৰ নিৰাপত্তা বাহিনীসমূহে বেনাৰসৰ সেৱাত নিৰলসভাৱে কাম কৰি আহিছে। অক্সিজেনৰ যোগান বৃদ্ধি কৰি তুলিবলৈ, অক্সিজেন প্লান্টসমূহ কাৰ্যক্ষম কৰি তোলা হৈছে, বহু নতুন অক্সিজেন প্লান্ট স্থাপন কৰা হৈছে। বেনাৰসকে ধৰি পূৰ্বাঞ্চলত নতুন ভেন্টিলেটৰ আৰু অক্সিজেন কনচেনট্ৰেটৰৰ ব্যৱস্থা কৰা গৈছে।

বন্ধুসকল,

বেনাৰসৰ তৎপৰতা অৱলম্বনৰ উদাহৰণ হৈছেঃ এটা চমু সময়ৰ ভিতৰতে অক্সিজেন আৰু আইচিইউ বিচনাৰ সংখ্যা বৃদ্ধি তথা একেদৰে অতি সোনকালেই পণ্ডিত ৰাজন মিশ্ৰ ক’ভিড হাস্পতালক কাৰ্যক্ষম কৰি তোলা। আৰটি-পিচিআৰ টেষ্টৰ সংখ্যাও বৃদ্ধি কৰি তোলা হৈছে তথা নতুন সমস্যাৰাজি সমাধানৰ অৰ্থে নতুন যন্ত্ৰ নিয়োজিত কৰা হৈছে। মোক বেনাৰসৰ সংহত ক’ভিড কমাণ্ড কেন্দ্ৰটো সুচাৰুৰূপে সক্ৰিয় হৈ থকাৰ কথা অৱগত কৰা হৈছে। আপোনালোকে যিদৰে প্ৰযুক্তিৰ ব্যৱহাৰ কৰিছে, ৰোগী আৰু সাধাৰণ লোকৰ বাবে যিদৰে সকলো যাৱতীয় ব্যৱস্থা সহজলভ্য কৰি তুলিছে, সেয়া অতুলনীয়। যোৱা কেইটামান বছৰত আমাৰ দেশখনত যি পৰিকল্পনা কৰা হৈছিল, যি অভিযান অব্যাহত আছে, সেয়াই ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াত বহু পৰিমাণে সহায় কৰিছে। স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মাণ কৰা টয়লেট সম্পৰ্কে ভাৱকচোন, ২০১৪ ত যেতিয়া আপোনালোকে মোক সাংসদ হিচাপে নিৰ্বাচিত কৰি পঠিয়াইছিল আৰু মই যেতিয়া আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিবলৈ আহিছিলো, আপোনালোকে মোক অধিক মৰম যাচিছিল, অধিক আশীৰ্বাদ দিছিল। কিন্তু মই কি কৰিছিলো, প্ৰথম দিনটোত একো কোৱা নহৈছিল, মই আপোনালোকক ক’বলৈ কৈছিলো, কাশীৰ জনতাক ক’বলৈ কৈছিলো। তাৰ পাছত মই ৰাজহুৱাকৈ কৈছিলো যে আমি কাশীৰ পৰিস্কাৰ কৰি তুলিম বুলি আপোনালোকে মোক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আজি, আমি দেখা পাইছো যে মই কাশীক ৰক্ষা কৰিবলৈ কৰা অংগীকাৰৰপৰা আপোনালোক লাভান্বিত হৈছে। আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বিনামূলীয়া চিকিৎসাৰ সুবিধা আগবঢ়োৱা হৈছে, গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰতেই হওঁক, জন ধন বেংক একাউন্টৰ ক্ষেত্ৰতেই হওঁক বা ফিট ইণ্ডিয়া অভিযান সকলোখিনি ইয়াত ৰূপায়ণ কৰা হৈছে। আয়ুষ আৰু যোগৰ ক্ষেত্ৰত, আমি যেতিয়া ৰাষ্ট্ৰ সংঘৰপৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুমোদন লাভ কৰিছিলো আৰু যেতিয়া আমি ২১ জুনত যোগ দিৱস পালন কৰিছিলো, আৰম্ভণিতে আমি বিদ্ৰুপ আৰু সমালোচনাৰ সন্মুখীন হৈছিলো, কিন্তু এতিয়া ক’ৰোনাৰ বিৰুদ্ধে যুঁজখনত সমগ্ৰ বিশ্বতে যোগে জনপ্ৰিয়তা অৰ্জন কৰিছে। যোগ আৰু আয়ুষে ক’ৰোনাৰ বিৰুদ্ধে যুঁজখনত জনসাধাৰণক অধিক সবল কৰি তুলিছে।

বন্ধুসকল,

মহাদেৱৰ কৃপাত, বেনাৰস এখনি আধ্যাত্মিক ধ্যান-ধাৰণাৰে পূৰ্ণ চহৰ। ক’ৰোনাৰ প্ৰথম বা দ্বিতীয়টো ঢৌৱেই হওঁক, ইয়াৰ জনসাধাৰণে ধৈৰ্য্য আৰু সেৱাৰ বিষ্ময়কৰ পৰিচয় দাঙি ধৰিছে। মোৰ কাশীৰ জনতাই, ইয়াৰ সামাজিক সংগঠনসমূহে উদ্বিগ্ন হৈ পৰে, পৰিয়ালৰ সদস্যৰ দৰে ৰোগী, দৰিদ্ৰ লোকসকল, বৃদ্ধ লোকসকলক সেৱা-শুশ্ৰুষা আগবঢ়ায়। কোনো পৰিয়ালেই খাদ্যৰ বাবে উদ্বিগ্ন হ’বলগীয়া হোৱা নাই, কোনো দৰিদ্ৰ লোকেই মেডিচিনৰ বাবে চিন্তা কৰিবলগীয়া হোৱা নাই। বহু ব্যৱসায়ী আগবাঢ়ি আহে আৰু তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰি ৰখাৰ ফলত সংক্ৰমণ শৃংখল ছিঙিব পৰা যায়। এই সকলো ব্যৱসায়ী ভাতৃ, আমাৰ বন্ধুসকলে তেওঁলোকৰ আৰ্থিক লাভ বা লোকচানৰ প্ৰতি চিন্তিত হোৱাৰ বিপৰীতে, তেওঁলোকে নিজকে সেৱাত নিমজ্জিত কৰিলে। আপোনালোকৰ এই সেৱা অতুলনীয়।

বন্ধুসকল,

আপোনালোকৰ ত্যাগ আৰু আমাৰ সকলোৰে একক প্ৰচেষ্টাৰ ফলশ্ৰুতিত, আপোনালোকে মহামাৰীৰ আক্ৰমণটোৰে বিস্তৃতভাৱে মোকাবিলা কৰিছে। কিন্তু এতিয়া সন্তুষ্টিৰ সময় নহয়। আমি এতিয়াও দীঘলীয়া যুঁজ দিবলৈ বাকী আছে। এই সময়ত আমি বেনাৰস আৰু পূৰ্বাঞ্চলৰ গ্ৰামাঞ্চলসমূহত অধিক মনোযোগ প্ৰদান কৰাটো আৱশ্যকীয়। আৰু এতিয়া আমাৰ মন্ত্ৰ কি হ’ব, প্ৰতিটো ব্যৱস্থাৰ বাবে, প্ৰতিটো ইউনিটৰ বাবে, নতুন মন্ত্ৰটো হৈছে - 'য’তেই দুৰ্বলতা তাতেই নিৰাময়', আমি পাহৰি যাব নালাগিব, 'য’তেই দুৰ্বলতা তাতেই চিকিৎসা'। আমি যিমানেই জনসাধাৰণক চিকিৎসা প্ৰদান কৰিম, আমাৰ ব্যৱস্থাটোৰ ওপৰত সিমানেই চাপ হ্ৰাস পাব। এই নীতি আৰু দ্বিতীয়তে, কাশীয়ে ক্ষুদ্ৰ-কন্টেইনমেন্ট জ’নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু ইয়াৰ জৰিয়তে লাভান্বিত হৈছে। আপোনালোকে যিদৰে ক্ষুদ্ৰ-কন্টেইনমেন্ট জ’ন সৃষ্টি কৰি চহৰ আৰু গাঁওসমূহলৈ মেডিচিন যোগান ধৰিছে, যিদৰে গাঁওসমূহত বসবাস কৰা লোকলৈ মেডিকেল কিট প্ৰেৰণ কৰিছে, সেয়া অতিশয় ভাল পদক্ষেপ। গ্ৰামাঞ্চলসমূহত এই অভিযান যিমান সম্ভৱ সিমান বিস্তৃত হোৱাটো আৱশ্যকীয়। কাশীৰ এটা অতিশয় উদ্ভাৱন হৈছে, ‘কাশী কৱচ’ শীৰ্ষক টেলি-মেডিচিনৰ সুবিধা প্ৰৱৰ্তন যিয়ে চিকিৎসক, লেব আৰু ই-মাৰ্কেটিং কোম্পানীসমূহক একত্ৰিত কৰিছে। গাঁৱে-গাঁৱে জনসাধাৰণে ইয়াৰ লাভা-লাভ অৰ্জন কৰাটো নিশ্চিত কৰিবলৈ বিশেষ সজাগতা অভিযান সম্পন্ন কৰাটো উচিত। সমান্তৰালভাৱে, উত্তৰ প্ৰদেশৰ বহু জ্যেষ্ঠ আৰু যুৱ চিকিৎসকে টেলিমেডিচিনৰ জৰিয়তে গ্ৰামাঞ্চলসমূহত সেৱা আগবঢ়াই আছে। গ্ৰামাঞ্চলসমূহত ক’ভিডৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনত আমাৰ আশা কৰ্মী আৰু এএনএম ভগ্নীসকলেও এটা অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। মই তেওঁলোকৰ সম্ভাৱনা আৰু অভিজ্ঞতা যিমানদূৰ সম্ভৱ সিমান প্ৰয়োগ হোৱাৰ আশা প্ৰকাশ কৰিলো।

বন্ধুসকল,

আমি দ্বিতীয়টো ঢৌত ভেকচিনৰ সুৰক্ষাও প্ৰত্যক্ষ কৰিছো। ভেকচিনৰ সুৰক্ষাৰ বাবে, আমাৰ ফ্ৰন্ট লাইন কৰ্মীসকলে জনসাধাৰণক বিস্তৃতভাৱে সেৱা আগবঢ়াবলৈ সক্ষম হৈছে। আগন্তুক সময়ত এই নিৰাপত্তা ৰক্ষীয়ে প্ৰতিজন লোককে স্পৰ্শ কৰিবগৈ। আমাৰ সময় অহাৰ লগে-লগেই ভেকচিন অৱশ্যেই গ্ৰহণ কৰিব লাগে। ক’ৰোনাৰ বিৰুদ্ধে আমাৰ যুঁজখন এটা জন আন্দোলন হৈ পৰাৰ লেখীয়াকৈ, টিকাদানটো সমন্বিত দায়বদ্ধতাৰ কথা জড়িত হৈ আছে।

বন্ধুসকল,

যেতিয়া প্ৰচেষ্টাত সংবেদনশীলতা থাকে, সেৱাৰ এটা মনোভাৱ থাকে, জনসাধাৰণে সন্মুখীন হোৱা কষ্ট অনুভৱ কৰিব পৰা যায়, বিজ্ঞান নিৰ্ভৰ প্ৰচেষ্টা থাকে, তেতিয়া কৰা কামৰ সফলতা প্ৰত্যক্ষ কৰা যায়। মোৰ মনত পৰিছে, পূৰ্বে পূৰ্বাঞ্চলত এনকেফেলাইটিছত আক্ৰান্ত শিশুৱে কেনে পৰিস্থিতিৰ সন্মুখীন হ’বলগা হৈছিল। প্ৰতি বছৰেই হাজাৰ-হাজাৰ শিশু মৃত্যুমুখত পৰিছিল। কিন্তু এতিয়া ইয়াৰ বিৰুদ্ধে বৃহৎ অভিযান ৰূপায়ণ কৰাত, বহু শিশুৰ জীৱন ৰক্ষা কৰাত সফলতা লাভ কৰা হৈছে। আমি এই ৰোগটোক বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছো। পূৰ্বাঞ্চলৰ জনসাধাৰণ ইয়াৰ জৰিয়তে বহুলাংশে লাভান্বিত হৈছে। এয়া হৈছে আমি একেই সংবেদনশীলতা, সতৰ্কতাৰে নিৰলসভাৱে কৰা কামৰ উদাহৰণ। আমি মনত ৰাখিব লাগিব যে আমি এটা অদৃশ্য আৰু কৌশলী প্ৰকৃতিৰ শত্ৰুৰ বিৰুদ্ধে যুঁজ দিছো। এই যুঁজখনত, আমি আমাৰ সন্তানক ক’ৰোনাৰপৰা সুৰক্ষিত কৰিব লাগে, তেওঁলোকৰ বাবে একেদৰে বিশেষ প্ৰস্তুতি চলাব লাগে। মই শেহতীয়াভাৱে উত্তৰ প্ৰদেশৰ বিষয়া-বৰ্গৰে মত-বিনিময় কৰিছো, তেতিয়া আপোনালোকৰ মুখ্য সচিব তিৱাৰী জীয়ে মোক সবিশেষ জনাইছে। মই তেতিয়া অনুভৱ কৰো যে উত্তৰ প্ৰদেশ চৰকাৰে ভালভাৱে কাম কৰি আছে আৰু বহু কাম আৰম্ভ কৰিছে।

বন্ধুসকল,

আমি এই যুঁজখন অব্যাহত ৰখা সময়তে, এই দিনকেইটাত ব্লেক ফাংগাছৰ নতুন প্ৰত্যাহ্বানৰ আবিৰ্ভাৱ ঘটিছে। ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ যাওঁতে, যাৱতীয় সতৰ্কতা আৰু ব্যৱস্থাৰ ওপৰত মনোযোগ প্ৰদান কৰাটো হ’ব অপৰিহাৰ্য্য।

বন্ধুসকল,

ঘটনা হ্ৰাস পোৱাৰ পাছতো দ্বিতীয়টো ঢৌৰ সময়ত প্ৰশাসনে সাজু কৰি তোলা প্ৰস্তুতিক সজীৱ কৰি ৰাখিব লাগে। একেই সময়তে, পৰিসংখ্যা আৰু পৰিস্থিতিৰ ওপৰত নিৰলসভাৱে চকু ৰাখিব লাগে। বেনাৰসৰ ক্ষেত্ৰত আপোনালোকে লাভ কৰা অভিজ্ঞতা, পূৰ্বাঞ্চল আৰু সমগ্ৰ ৰাজ্যখনতে লাভ কৰা অভিজ্ঞতাৰ আদান-প্ৰদান কৰা উচিত। মই আমাৰ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীসকলে লাভ কৰা অভিজ্ঞতা তেওঁলোকৰ মাজত শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছো। প্ৰশাসনৰ লোকসকলেও তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰা উচিত আৰু চৰকাৰক এই অভিজ্ঞতাৰ কথা জনালে তেওঁলোকো লাভান্বিত হ’ব। ইয়াৰ জৰিয়তে আপোনালোকৰ উত্তম পন্থা আন অঞ্চলটো প্ৰয়োগ কৰাটো সুবিধাজনক হৈ উঠিব। মই সকলো জন প্ৰতিনিধি, সকলো নিৰ্বাচিত লোকক ক’ব খুজিছো যে আপোনালোকে নিৰলসভাৱে কাম কৰি আছে। কেতিয়াবা অসন্তোষৰ কথা আৰু জনতা জনাৰ্দনৰ অসন্তোষৰ কথাও শুনিবলগীয়া হয়। কিন্তু মই নিশ্চিত যে আপোনালোক যিসমূহ সংবেদনশীলতাৰ সৈতে জড়িত, আপোনালোক যি মানৱতাৰ সৈতে জড়িত, সি সাধাৰণ লোকৰ অৰ্থে মলমৰ ক্ৰিয়া কৰে। ইয়াৰ পৰিপ্ৰেক্ষিততে মই জন প্ৰতিনিধিসকলক এই অভিযানত যোগদান কৰিবলৈ আহ্বান জনাইছো। এজন নাগৰিকে সন্মুখীন হোৱা সমস্যা, তেওঁৰ উদ্বেগ জন প্ৰতিনিধিসকলৰ সহজাত দায়বদ্ধতাৰে সম্পৰ্কীয়। আমি এই ভাৱনা কৰ্তৃপক্ষ আৰু চৰকাৰৰ ওচৰলৈ কঢ়িয়াই নিব লাগে। এনে কৰিলে সমাধান সূত্ৰ নিৰ্ণয় হ’ব। মই নিশ্চিত যে আমাৰ সংকলোৰে এই সমন্বিত প্ৰচেষ্টাৰ ফলশ্ৰুতিত শীঘ্ৰেই ভাল ফলাফল লাভ কৰিবপৰা যাব আৰু বাবা বিশ্বনাথৰ আশীৰ্বাদত শীঘ্ৰেই কাশীয়ে এই যুঁজখনত জয়লাভ কৰিব। মই আপোনালোকৰ সু স্বাস্থ্যৰ কামনাৰে বাবা বিশ্বনাথৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আপোনালোক সুস্থ হৈ থাকক, আপোনালোকৰ পৰিয়ালবৰ্গ সুস্থ হৈ থাকক, তাৰেই কামনাৰে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালো!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The Calcutta that once was, the city that can resume its journey again

Media Coverage

The Calcutta that once was, the city that can resume its journey again
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the valour and duty of the Indian Armed Forces
May 08, 2026

The Prime Minister, Shri Narendra Modi, said that the courage and valour of the Indian Armed Forces in protecting the honour and dignity of the nation make every citizen proud. He noted that their spirit of sacrificing everything for Mother India is a source of inspiration for all.

The Prime Minister shared a Sanskrit verse-

“स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |
धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||”

The verse conveys that When one becomes aware of one’s duty, there should be no hesitation or fear of any kind in the mind, because the struggle undertaken to protect religion and honour on the altar of justice is the most excellent and most glorious path to self-welfare for a warrior.