আপোনালোক সকলোকে আদৰণি জনাইছো৷ পৰহিলৈ আলোনালোকৰ সকলোৰে ডাঙৰ পৰীক্ষা আছে আৰু মই জানো তাত আপোনালোকে সুন্দৰ নম্বৰ লৈ উত্তীৰ্ণ হ’ব৷

মই গণৰাজ্য দিৱসৰ লগতে গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে আপোনালোক সকলোকে বহুত বহুত শুভকামনা জনাইছো৷

বন্ধুসকল,

ইয়াত আপোনালোক যিমান সংখ্যক লোক একত্ৰিত হৈছে, ইয়াৰ দ্বাৰা যেন এখন ক্ষুদ্ৰ ভাৰতক প্ৰদৰ্শিত কৰিছে৷ ভাৰত প্ৰকৃতাৰ্থত কি, সেয়া আমাৰ দেশ আৰু সমগ্ৰ বিশ্বই আপোনালোকৰ জৰিয়তে বুজি উঠে৷

এনচিচি আৰু এনএছএছৰ জৰিয়তে অনুশাসন আৰু সেৱাৰ এক সমৃদ্ধ পৰম্পৰা যেতিয়া ৰাজপথত দেখিবলৈ পায়, তেতিয়া দেশৰ কোটি কোটি যুৱক–যুৱতী ইয়াৰ দ্বাৰা প্ৰেৰিত তথা উৎসাহিত হয়৷ দেশৰ সমৃদ্ধিশালী কলা–সংস্কৃতি, ভাৰতৰ ঐতিহ্যক প্ৰদৰ্শন কৰিবলগীয়া বেশভুষা লৈ যেতিয়া ৰাজপথলৈ ওলায়, তেতিয়া সমগ্ৰ বিশ্ব মন্ত্ৰমুগ্ধ হৈ পৰে৷ বিশেষকৈ আমাৰ আদিবাসী বন্ধুসকলে তেওঁলোকৰ প্ৰদৰ্শনেৰে অদ্ভুত আৰু ব্যতিক্ৰমী ঐতিহ্যক দেশবাসীৰ লগতে বিশ্ববাসীৰ সন্মুখলৈ আনে৷

ইমান ঠাণ্ডাৰ পাছতো এইদৰে আপোনালোকে পৰিশ্ৰম কৰা, একেৰাহে লাগি থকাটো অতি প্ৰশংসনীয়৷

এইবাৰ মই পেৰেডত থাকিম, সেয়েহে এই প্ৰশান্তি অৱশ্যে থাকে যে আপোনালোক সকলোকে, প্ৰতিগৰাকী বেশভুষাৰ শিল্পীৰ সৈতে মিলি কৃতজ্ঞতা প্ৰকাশ কৰিব পাৰো৷

বন্ধুসকল,

আপোনালোক সকলোৱে দেশৰ বৈচিত্ৰতাক দিল্লীলৈ লৈ আহে, দিল্লীত গণৰাজ্য দিৱসত যি বৈচিত্ৰ দেখিবলৈ পায়, তাৰ বাৰ্তাও নিজৰ নিজৰ ঠাইলৈ লগত লৈ যায়৷ আপোনালোকে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ চিন্তাধাৰাক বাস্তবায়িত কৰে৷

যেতিয়া আমি এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ কথা কও, তেতিয়া আমি এইটো মনত ৰাখিব লাগিব যে ভাৰত প্ৰকৃততে কি? ভাৰত কেৱল চাৰিসীমাৰ ভিতৰত আৱদ্ধ ১৩০ কোটি লোকৰ ঘৰেই নেকি? নহয়, ভাৰত এখন ৰাষ্ট্ৰৰ সমান্তৰালভাৱে এক জীৱন্ত পৰম্পৰা, এক চিন্তাধাৰা, এক সংস্কাৰ আৰু এক বিস্তৃতি৷

ভাৰতৰ অৰ্থ হৈছে– বসুধৈৱ কুটুম্বকম্

ভাৰতৰ অৰ্থ হৈছে– সৰ্ব পন্থ সদভাৱ

ভাৰতৰ অৰ্থ হৈছে–সত্যমেৱ জয়তে

ভাৰতৰ অৰ্থ হৈছে– অহিংসা পৰম ধৰ্মঃ

ভাৰতৰ অৰ্থ হৈছে–একম সদ বিপ্ৰাঃ বসুধাঃ বদন্তি সত্য; অৰ্থাৎ সত্য এটাই, ইয়াক চোৱাৰ ধৰণ বেলেগ বেলেগ৷

ভাৰতৰ অৰ্থ হৈছে– বৈষ্ণৱ জন তো তেনে কহিয়ো জে পীড পৰায়ী জানে ৰে

ভাৰতৰ অৰ্থ হৈছে–গছ–লতিকাত ঈশ্বৰৰ বসবাস

ভাৰতৰ অৰ্থ হৈছে–অপ্প দীপো ভৱঃ অৰ্থাৎ আনক বিশ্বাস জন্মোৱাতকৈ স্বপ্ৰেৰণাৰ ফালে ধাৱিত হোৱা৷

ভাৰতৰ অৰ্থ হৈছে– তেনে ত্যক্তেন ভুঞ্জিথা অৰ্থাৎ জি ত্যাগ কৰে, তেওঁ হে ভোগ কৰিবলৈ পায়৷

ভাৰতৰ অৰ্থ হৈছে–সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়ঃ

ভাৰতৰ অৰ্থ হৈছে–জন সেৱাই ঈশ্বৰ সেৱা

ভাৰতৰ অৰ্থ হৈছে–নৰ কৰনি কৰে তো নাৰায়ণ হো জায়ে

ভাৰতৰ অৰ্থ হৈছে–নাৰী তু নাৰায়ণী

ভাৰতৰ অৰ্থ হৈছে–জননী জন্মভূমি স্বৰ্গাদপি গৰিয়সী অৰ্থাৎ মাতৃ আৰু জন্মভূমিৰ স্থান স্বৰ্গতকৈও শ্ৰেষ্ঠ, মহান৷

ভাৰত এনে বিভিন্ন আদৰ্শ আৰু চিন্তাধাৰাৰ সমাহিত এক জীৱন্ত শক্তি, ইন্ধনৰ প্ৰৱাহ৷

সেইবাবে যেতিয়াই ভাৰতৰ একতা আৰু শ্ৰেষ্ঠতাৰ কথা আলোচনা কৰো, তেতিয়াই নিজৰ ভৌগোলিক তথা আৰ্থিক শ্ৰেষ্ঠতাৰ লগতে এই আদৰ্শ আৰু মুল্যবোধৰ শ্ৰেষ্ঠতাকো ইয়াৰ সৈতে জড়িত হৈ থাকে৷

বন্ধুসকল, ভাৰতৰ শ্ৰেষ্ঠতা আন এটা শক্তি ইয়াৰ ভৌগোলিক আৰু সামাজিক বৈচিত্ৰতাত আছে৷ আমাৰ এই দেশ একপ্ৰকাৰ ফুলৰ মালাৰ দৰে, য’ত বিভিন্ন ৰং–বিৰঙৰ ফুলে ভাৰতীয়তাৰ সুতাৰে বান্ধ খাই থাকে৷

আমি কেতিয়াবা একৰূপতাৰ নহয়, একতাৰ পক্ষপাতি৷ একতাৰ সুত্ৰক জীৱন্ত ৰখা, একতাৰ সুত্ৰক শক্তিশালী কৰাটোৱেই আমাৰ প্ৰয়াস আৰু এয়াই একতাৰ বাৰ্তা৷

ৰাজ্য অনেক ৰাষ্ট্ৰ এক; সমাজ অনেক, ভাৰত এক; পন্থা অনেক, লক্ষ্য এক; কথা অনেক, স্বৰ এক; ভাষা অনেক, ভাৱনা এক; ৰং অনেক, ত্ৰিৰংগা এক; ৰিৱাজ অনেক, সংস্কাৰ এক; কাম অনেক, সংকল্প এক; উপায় অনেক, গন্তব্যস্থল এক; চেহেৰা অনেক, হাঁহি এক; এই একতাৰ মন্ত্ৰক লৈ এই দেশ আগবাঢ়িছে, এই চিন্তাধাৰাৰে আমি একেৰাহে কাম কৰিব লাগিব৷

 

বন্ধুসকল,

ৰাজপথত আপোনালোকৰ প্ৰদৰ্শনৰ দ্বাৰা সমগ্ৰ বিশ্বই ভাৰতৰ এই শক্তিক দৰ্শন কৰে৷ ইয়াৰ প্ৰভাৱ ভাৰতৰ ছফট পাৱাৰ প্ৰচাৰ–প্ৰসাৰতো পৰে আৰু ভাৰতৰ পৰ্যটন খণ্ডই ইয়াৰ দ্বাৰা শক্তি লাভ কৰে৷ এই ভাৱনাৰে আমি যুৱ বিনিময় কাৰ্যসূচীতো আৰু অধিক শক্তি লাভ কৰো৷

বন্ধুসকল,

মোক জনোৱা মতে এইবাৰ এনচিচি আৰু এনএছএছৰ যুৱ বন্ধুসকলে খেলৰ পৰা আৰম্ভ কৰি বিপদকালীন সাহায্য আৰু উদ্ধাৰ কাৰ্যতো নিজৰ প্ৰভাৱশালী ভূমিকা পালন কৰিছে৷ এনএছএছ দেশৰ সৰ্বাধিক ৰক্তদান সংস্থা, তদুপৰি ফিট ইণ্ডিয়া অভিযানৰ বাবে হোৱা চাইক্লথনতো ৮ লাখ যুৱক–যুৱতীয়ে অংশগ্ৰহণ কৰিছে৷

সেইদৰে এনচিচিৰ কেডেটসকলে গান্ধী জীৰ ১৫০সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে দেশজুৰি ৮ হাজাৰ কিলোমিটাৰ স্বচ্ছতা যাত্ৰা বাহিৰ কৰি প্ৰশংসনীয় কাম কৰিছে৷ ইমানেই নহয় বিহাৰ, কেৰালা, কৰ্ণাটক, ওড়িশা আৰু মহাৰাষ্ট্ৰত হোৱা বানপানী আৰু অন্যান্য বিপদৰ সময়তো এক লাখতকৈ অধিক এনচিচি কেডেটে সাহায্য আৰু উদ্ধাৰৰ কামত সহায় কৰিছে৷

এই সংখ্যা এইবাৰে কৈছো যে দেশৰ বাকীবোৰ সমস্যাৰ মাজতো হোৱা এই প্ৰশংসনীয় কামবোৰে কোনো আলোচনাত ঠাই নাপায়৷ কিন্তু আপোনালোকৰ এই পৰিশ্ৰম আৰু দেশৰ বাবে কৰা কামে, মোক যথেষ্ট প্ৰেৰণা যোগায়৷

বন্ধুসকল,

এইবাৰ আমি ৭১সংখ্যক গণৰাজ্য দিৱস পালন কৰিম৷ বিগত ৭০ বছৰত আমি এক গণৰাজ্য হিচাপে, সমগ্ৰ বিশ্বৰ সন্মুখত এক উত্তম উদাহৰণ দাঙি ধৰিছো৷

আমি সাধাৰণতে দেশৰ সংবিধানৰ এটা এনে ব্যৱস্থাৰ প্ৰতি ধ্যান দিয়াটো প্ৰয়োজন, যাৰ চৰ্চা বিগত ৭ দশকত ইমান বিস্তৃতভাৱে হোৱা নাছিল৷ আমি নাগৰিকৰ নিজা কৰ্তব্যক অগ্ৰাধিকাৰ দিব লাগিব৷ যদি আমি নিজৰ কৰ্তব্য ভালদৰে পালন কৰো, তেতিয়াহ’লে আমি নিজৰ অধিকাৰৰ বাবে যুঁজ কৰিবলগীয়া নহয়৷

ইয়ালৈ যিসকল যুৱ বন্ধু আহিছে, আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ যে ৰাষ্ট্ৰ প্ৰতি নিজৰ কৰ্তব্যক লৈ অধিক আলোচনা কৰক৷ আলোচনাই নহয়, নিজে অনুশীলন কৰি উদাহৰণ দাঙি ধৰক৷ আমাৰ এই প্ৰচেষ্টাই নতুন ভাৰত গঢ় দিব৷

বন্ধুসকল,

জাতিৰ পিতা মহাত্মা গান্ধীয়ে মোৰ সপোনৰ ভাৰত নামেৰে এটা প্ৰৱন্ধ লিখিছিল৷ তাত তেওঁ লিখিছিল যে সৰ্বোচ্চ আশা কৰা যিকোনো ব্যক্তিক নিজৰ বিকাশৰ বাবে যিবোৰ প্ৰয়োজন হয়সেই সকলোবোৰ ভাৰততে পাব পাৰে৷

আপোনালোক সকলোৱেই গান্ধীজীৰ এই সপোন, এই ভাৱনাৰ অংশীদাৰ৷ আমি যিখন নতুন ভাৰতৰ দিশে অগ্ৰসৰ হৈছো, তাতো এই আশা–আকাংক্ষাই আছে, সেইবোৰেই আমি পূৰণ কৰিব লাগে৷ ভাৰতৰ কোনো ব্যক্তি, কোনো ঠাই যাতে পিছপৰি নাথাকে, সেয়া সুনিশ্চিত কৰিব লাগিব৷ গণৰাজ্য দিৱসৰ পেৰেডৰ অন্তৰালতো এই লক্ষ্যই আছে৷

বন্ধুসকল,

আমি সকলোৱেই ৰাষ্ট্ৰৰ সামূহিক সংকল্পৰ সৈতে নিজকে জড়িত কৰিব লাগিব৷ দেশৰ প্ৰতিগৰাকী বন্ধুৰ জীৱন সৰল কৰি তোলাৰ বাবে মিলিজুলি প্ৰচেষ্টা হাতত ল’ব লাগিব৷ আপোনালোকৰ বহু বন্ধুয়ে কেইদিনমানৰ পাছতে পৰীক্ষাত বহিব৷ এয়া আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ সময়৷

মই অহা পৰীক্ষাসমূহৰ বাবে আপোনালোকক শুভকামনা জনাইছো৷ ইয়াৰ লগতে গণৰাজ্য দিৱসৰ পেৰেডত আপোনালোকে শ্ৰেষ্ঠ প্ৰদৰ্শন কৰক, পুনৰ তাকে কামনা কৰিলো৷

আপোনালোকে ইয়ালৈ মোক সাক্ষাৎ কৰিবলৈ আহিলে, তাৰবাবে আপোনালোকক বহুত কৃতজ্ঞতা জনাইছো৷

ধন্যবাদ !!!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Can we have a picture? BRICS delegates gather around PM Modi for candid photo op

Media Coverage

Can we have a picture? BRICS delegates gather around PM Modi for candid photo op
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Rosh Hashanah to PM Netanyahu, people of Israel and Jewish communities worldwide
September 12, 2026

The Prime Minister, Shri Narendra Modi has extended greetings on the occasion of Rosh Hashanah to Prime Minister of Israel, Benjamin Netanyahu, the people of Israel and Jewish communities across the globe.

The Prime Minister wished that the new year be filled with peace, hope, good health and continued progress for all.

In a post on X, Shri Modi wrote;

“‎Shana Tova!

‎Wishing a very happy Rosh Hashanah to Prime Minister Netanyahu, the people of Israel and Jewish communities across the globe.

‎May the new year be filled with peace, hope, good health and continued progress for all.

‎שנה טובה!

 

‎ מאחל שנה טובה ושמחה לראש הממשלה נתניהו, לעם ישראל ולקהילות היהודיות ברחבי העולם.

 

‎ מי ייתן והשנה החדשה תביא עמה שלום, תקווה, בריאות טובה וקדמה לכולם.


‎ ⁦‪@netanyahu‬⁩”