ছাত্ৰ-ছাত্ৰী আৰু এই চিকিৎসা প্ৰতিষ্ঠানৰ সাফল্যই এমজিআৰক আনন্দিত কৰিছে : প্ৰধানমন্ত্ৰী
ভাৰতীয় চিকিৎসা পেছাদাৰীসকলৰ যথেষ্ট সমাদৰ আৰু শ্ৰদ্ধা আছে : প্ৰধানমন্ত্ৰী
মহামাৰীৰ পিছত চিকিৎসকসকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা বৃদ্ধি পাইছে : প্ৰধানমন্ত্ৰী
ব্যক্তিস্বাৰ্থৰ উৰ্ধ্বলৈ যাব পাৰিলে সিয়েই আপোনাক নিৰ্ভীক কৰি তুলিব : ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি বাৰ্তা প্ৰধানমন্ত্ৰীৰ


ৱনক্কম,

 

তামিলনাডুৰ ৰাজ্যপাল তথা এই বিশ্ববিদ্যালয়ৰ আচার্য শ্রী বানোৱাৰীলাল পুৰোহিত জী, উপাচার্য সুধা ছেশায়ন জী, অধ্যাপক-অধ্যাপিকাসকল, কর্মচাৰীবৃন্দ আৰু মোৰ মৰমৰ ছাত্র-ছাত্রীসকল,

 

এই বিশ্ববিদ্যালয়ৰ ৩৩সংখ্যক সমাৱর্তন অনুষ্ঠানত আপোনালোকৰ সৈতে সংযুক্ত হ’বলৈ পাই মই অতিশয় আনন্দিত হৈছো৷ আজি আপোনালোকে চিকিৎসা বিদ্যাৰ বিভিন্ন ক্ষেত্রত ডিগ্ৰী আৰু ডিপ্ল’মাৰ প্ৰমান পত্র লাভ কৰিব৷ মোক কোৱা হৈছে আজি ২১সহস্ৰাধিক ছাত্র-ছাত্রীক ডিগ্রী আৰু ডিপ্ল’মা প্রদান কৰা হ’ব। কিন্তু ইয়াত আন এটা বিষয় আছে, যাৰ কথা মই বিশেষভাৱে উল্লেখ কৰিব বিচাৰো৷ আজি যিসকল ছাত্র-ছাত্রীক ডিগ্রী আৰু ডিপ্ল’মা দিয়া হৈছে, তাৰ ভিতৰত ৩০ শতাংশ ছাত্র আৰু ৭০ শতাংশ ছাত্রী। স্নাতক ডিগ্রী অর্জনকাৰী সকলোকে মই অভিনন্দন জনাইছো। ছাত্রীসকলৰ সাফল্যত মই তেওঁলোকক প্রশংসা কৰিছো৷ যেতিয়া মহিলাসকলে যিকোনো ক্ষেত্রত নেতৃত্ব প্ৰদান কৰে, তেতিয়া সেইটো সদায়েই তাৎপর্যপূর্ণ হিচাপে বিবেচিত হয়৷ এয়া নিঃসন্দেহে গৌৰৱ তথা আনন্দৰ মুহূর্ত৷

 

বন্ধুসকল,

 

আপোনালোকৰ লগতে এই প্রতিষ্ঠানৰ সফলতা দেখি ডাঃ এম.জি.আৰ নিশ্চিতভাৱে আনন্দিত হ’লহতেন।

দৰিদ্র লোকসকলৰ প্রতি ডাঃ এম.জি.আৰৰ অশেষ কৰুণা আছিল৷ স্বাস্থ্য সেৱা, শিক্ষা আৰু মহিলাসকলৰ সবলীকৰণৰ দৰে বিষয়বোৰ তেওঁলোক অন্তঃকৰণেৰে সম্পন্ন কৰিছিল৷ কেইটামান বছৰৰ পূৰ্বে মই যেতিয়া শ্রীলংকালৈ গৈছিলো, য’ত ডাঃ এম.জি.আৰৰ জন্ম হৈছিল, তেতিয়া দেখিছিলো, স্বাস্থ্য খণ্ডত শ্রীলংকাত আমাৰ তামিল ভাই-ভনীসকলৰ বাবে ভাৰতে কাম কৰিবলৈ পাই গৌৰৱবোধ কৰিছো। তাত তামিল সম্প্রদায়ৰ কল্যাণাৰ্থে ভাৰতে দিয়া বিনামূলীয়া এম্বুলেন্স সেৱাৰ সদ্ব্যৱহাৰ হৈছে। ডিকোয়া এখন হাস্পতালৰ উদ্বোধনী অনুষ্ঠানৰ কথা মই কেতিয়াও নাপাহৰো৷ এই আধুনিক হাস্পতালখনে বিভিন্ন ক্ষেত্রত সহায় কৰিছে। স্বাস্থ্য খণ্ডত এই সকলো প্ৰচেষ্টা, বিশেষকৈ তামিল সম্প্রদায়ৰ বাবে যে প্রচেষ্টা গ্রহণ কৰা হৈছে, সেয়া দেখি ডাঃ এম.জি.আৰ নিশ্চিতভাৱে সুখী হ’লহতেন।

ছাত্র-ছাত্রী বন্ধুসকল,

এতিয়া আপোনালোকৰ বাবে জীৱনৰ এটা পর্যায়ৰ পৰা আন এটা পর্যায়লৈ পৰিৱৰ্তনৰ সময় আহিছে। আপোনালোকে এতিয়া জীৱনৰ পঢ়াৰ পর্যায়ৰ পৰা ৰোগীৰ কল্যাণ আৰু উপশম প্ৰদানৰ পর্যায়ত উত্তীর্ণ হৈছে৷ এতিয়া আপোনালোকে পৰীক্ষাত নম্বৰ লাভৰ পৰিৱর্তে সমাজ কল্যাণত অৱদান আগবঢ়োৱাৰ সময় আহিছে৷

ক’ভিড-১৯ মহামাৰী সমগ্র বিশ্বৰ বাবে একেবাৰে অপ্রত্যাশিত আছিল। এই মহামাৰী মোকাবিলা কোনো পূর্ব নির্ধাৰিত প্রতিকাৰমূলক ব্যৱস্থা নাছিল৷ এনে পৰিস্থিতিত ভাৰত কেৱল এক নতুন পথতে অগ্রসৰ হোৱা নাই, বৰঞ্চ যাত্রাপথত আনকো একেলগে আগুৱাই নিছিল। ভাৰতত ক’ৰোনাত মৃত্যু হাৰ সর্বনিম্ন, আৰোগ্যৰ হাৰ সর্বাধিক। ভাৰতে সমগ্র বিশ্বৰ বাবে ঔষধ আৰু ভেকচিন প্ৰস্তুত কৰিছিল৷ আপোনালোকে এনে সময়ত স্নাতক ডিগ্রী অর্জন কৰিছে, যিসময়ত ভাৰতীয় চিকিৎসা বৃত্তি, বিজ্ঞানী আৰু ফার্মা বিশেষজ্ঞৰ প্রতি সর্বোচ্চ সন্মান আৰু শ্রদ্ধা দেখুওৱা হৈছে। সামগ্রিকভাৱে ভাৰতীয় স্বাস্থ্য ব্যৱস্থাক এক নতুন দৃষ্টিভংগীত এক স্বতন্ত্র শ্রদ্ধাৰ চকুৰে আৰু নতুন আস্থাৰ সৈতে বিবেচনা কৰা হৈছে। অৱশ্যে ইয়াৰ আন এক অর্থ হ’ল–আপোনালোকৰ পৰা সমগ্র বিশ্বৰ যথেষ্ট প্রত্যাশাও আছে। এই দায়িত্ব আপোনালোকে নিষ্ঠাৰে পালন কৰিব লাগিব৷ মহামাৰীৰ সময়ত আমাৰ যে শিক্ষা আৰু অভিজ্ঞতা হৈছে, সেয়েহে যক্ষ্মাৰ দৰে ৰোগ দূৰীকৰণত সহায় কৰিব পাৰে।

 

বন্ধুসকল,

 

থিৰুভাল্লুয়ে কৈছিল চিকিৎসক, ঔষধ, সেৱা প্ৰদানকাৰী আৰু চিকিৎসা সেৱা–এই ৪টা গুৰুত্বপূর্ণ স্তম্ভ অজ্ঞাত ক’ৰোনা মহামাৰীৰ দৰে শত্রুৰ বিৰুদ্ধে যুঁজত অগ্রণী ৰূপত পৰিস্থিতিৰ মোকাবিলা কৰিছে। যিসকলে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিছে, তেওঁলোক সকলোৱেই মানৱজাতিৰ বাবে প্রতীক হৈ উঠিছে৷

 

বন্ধুসকল,

 

আমি সমগ্র চিকিৎসা শিক্ষা আৰু স্বাস্থ্য সেৱা ব্যৱস্থাত পৰিবর্তন আনিছো। ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে সমগ্র ব্যৱস্থাত আৰু অধিক স্বচ্ছতা আনিব। নতুন মেডিকেল কলেজ স্থাপনত নীতি-নিয়ম শিথিল কৰিব৷ এই আয়োগে সুদক্ষ আৰু পর্যাপ্ত পৰিমাণে মানৱ সম্পদৰ যোগান সুনিশ্চিত কৰিব। দেশত বিগত ৬ বছৰত এমবিবিএছ পৰ্যায়ত আসনৰ সংখ্যা ৩০ হাজাৰতকৈও অধিক বৃদ্ধি কৰা হৈছে, যিটো ২০১৪ৰ তুলনাত ৫০ শতাংশতকৈও অধিক৷ একেদৰে, স্নাতকোত্তৰ পর্যায়ত আসন সংখ্যা বৃদ্ধি কৰি ২৪ হাজাৰ কৰা হৈছে, যিটো ২০১৪ৰ তুলনাত ৮০ শতাংশ অধিক৷

 

দেশত ২০১৪ চনত এইমছৰ দৰে চিকিৎসা প্রতিষ্ঠানৰ সংখ্যা আছিল মাত্র ৬খন। বিগত ৬ বছৰত আমি সমগ্ৰ দেশত এই ধৰণৰ আৰু ১৫খন চিকিৎসা প্রতিষ্ঠান নিৰ্মাণৰ অনুমতি দিছো। চিকিৎসা শিক্ষাৰ ক্ষেত্রত তামিলনাডুৰ সুনাম আছে। ৰাজ্যখনত আমাৰ যুৱসম্প্রদায়ক আৰু সহায়ৰ বাবে আমাৰ চৰকাৰে আৰু ১১খন নতুন মেডিকেল কলেজ স্থাপনত অনুমতি প্ৰদান কৰিছে। ৰাজ্যৰ যিবোৰ জিলাত মেডিকেল কলেজ নাই, তাত এই চিকিৎসালয় নিৰ্মাণ কৰা হ’ব। এই মেডিকেল কলেজসমূহ নিৰ্মাণৰ বাবে কেন্দ্রীয় চৰকাৰে ২,০০০ কোটিতকৈও অধিক টকা সাহায্য আগবঢ়াব। আমি এই বছৰৰ বাজেটত প্রধানমন্ত্রী আত্মনির্ভৰ সুস্থ ভাৰত যোজনা শিতানত ৬৪,০০০ কোটিতকৈও অধিক টকা আৱণ্টন দিছো। এই কাৰ্যসূচী আৰম্ভ হ’লে নতুন ধৰণৰ ৰোগ নির্ণয় আৰু ইয়াৰ প্রতিকাৰত প্ৰাথমিক, গৌণ আৰু সেৱা স্বাস্থ্য সেৱা ব্যৱস্থা আৰু অধিক মজবুত হ’ব। আমাৰ আয়ুষ্মান ভাৰত কাৰ্যসূচী বিশ্বৰ বৃহত্তম স্বাস্থ্য বীমা প্ৰচেষ্টা। এই কাৰ্যসূচীৰ জৰিয়তে ৫০ কোটিৰো অধিক লোকে ১,৬০০প্ৰকাৰৰ চিকিৎসাৰ ক্ষেত্রত গুণগত মানদণ্ডৰ সেৱা লাভ কৰিছে৷

 

জন ঔষধি কেন্দ্রসমূহৰ সেৱা আৰু বৃদ্ধি কৰি সুলভ মূল্যত ৭,০০০তকৈ অধিক ঔষধ যোগান ধৰা হৈছে। ষ্টেণ্ট আৰু আঠু সংৰোপণৰ দৰে চিকিৎসা সামগ্রীৰ ব্যয় যথেষ্ট পৰিমাণ হ্ৰাস কৰা হৈছে। ইয়াৰ ফলত দৰিদ্ৰ লোকসকল উপকৃত হৈছে৷

আমাৰ দেশত চিকিৎসা বৃত্তিক অতি সন্মান আৰু শ্রদ্ধা কৰা হয়। এতিয়া এই মহামাৰীৰ পাছত চিকিৎসা বৃত্তিৰ প্রতি মানুহৰ সন্মান আৰু শ্রদ্ধা বাঢ়িছে। সাধাৰণ জনসাতই জানে এই বৃত্তিত যিসকল জড়িত আছে, তেওঁলোকৰ গুৰুত্ব কিমান। এয়া তেতিয়া হয়, যেতিয়া কোনো ৰোগী জীৱনৰ বাবে যুঁজ কৰিছে৷ অৱশ্যে, আন্তৰিক হোৱা আৰু আন্তৰিকতা দেখুওৱা দুয়োটা সম্পূর্ণ পৃথক বিষয়। মই আপোনালোকৰ সকলোকে ৰসবোধ অটুট ৰখাৰ অনুৰোধ জনাইছো। আপোনালোকে এই ৰসবোধক জীৱনৰ অংগ কৰি তুলিব পাৰিলে চিকিৎসাধীন ৰোগীও আনন্দিত হ’ব আৰু তেওঁলোকক মানসিকতা অৱস্থাও সবল হ’ব৷ মই দেখিছো এনে বহু চিকিৎসক আছে, যিসকলে তেওঁলোকৰ বৃত্তিৰ ক্ষেত্ৰত আপোচহীন, কিন্তু একেসময়তে তেওঁলোকৰ ৰসবোধকো জগাই তুলিব লাগিব, যাতে সেই চিকিৎসকসকলে তেওঁলোকৰ ৰোগী আৰু সহকর্মীৰ সৈতে মুক্ত মনে আনন্দৰে কথা কৈ সমগ্র হাস্পতালৰ চৌপাশ আনন্দৰে ভৰাই তুলিব পাৰে৷

আৰু এই ধৰণৰ পৰিৱেশে ৰোগীক নতুন আশাৰ ৰেঙণি দিব পাৰে। ৰোগী সুস্থ হৈ উঠাৰ ক্ষেত্রতো এই ধৰণৰ পৰিৱেশ অতি জৰুৰী। সেয়েহে, আপুনি ৰসবোধ অটুট ৰখাৰ লগে লগে নিজৰ শৰীৰ স্বাস্থ্যৰ ওপৰতো গুৰুত্ব দিয়ক, যাতে চিকিৎসা বৃত্তিৰ অপৰিসীম চাপ আপুনি বহন কৰিব পাৰে৷

 

বন্ধুসকল,

 

শ্রীৰামকৃষ্ণ পৰমহংস, গুৰু স্বামী বিবেকানন্দই কৈছিল, ঈশ্বৰ বা ভগৱান শিৱৰ প্রতি সেৱা মানুৱ সেৱাৰ সমান৷ সেয়েহে, মহান এই আদর্শৰ প্ৰতি যদি কোনো উদ্বুদ্ধ হ’ব বিচাৰে, তেতিয়াহ’লে চিকিৎসা বৃত্তিৰ তুলনা নাই। আপোনালোকৰ সুদীর্ঘ কর্মময় জীৱনত পেশাদাৰিত্ব বজাই ৰাখক৷ একেদৰে নিজৰ অগ্রগতিৰ কথাও পাহৰিলে নহ’ব৷ সেয়েহে, নিঃস্বার্থভাৱে সাহসী ভূমিকা লৈ এই দায়িত্ব পালন কৰক৷

 

বন্ধুসকল,

আজি যিসকলে ডিগ্রী অর্জন কৰিছে, তেওঁলোকক সকলোকে পুনৰবাৰ অভিনন্দন জনাইছো। এই কথাৰে আপোনালোক সকলোকে এক প্ৰত্যাহ্বানপূর্ণ তথা ইতিবাচক কর্মজীৱনৰ শুভেচ্ছা জনাই মোৰ ভাষণ সামৰণি মাৰিলো৷

ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister inaugurates Namo Hospital at Daman
June 05, 2026

Prime Minister Shri Narendra Modi today inaugurated the Namo Hospital at Daman. He stated that this is in line with the ongoing efforts towards providing quality health treatment to the people, noting that the hospital features modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas.

The Prime Minister posted on X:

"In line with our efforts towards providing quality health treatment to the people, the Namo Hospital at Daman was inaugurated. It has modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas."