Delighted to be amongst the wonderful people of Sonamarg, With the opening of the tunnel here, connectivity will significantly improve and tourism will see a major boost in Jammu and Kashmir: PM
The Sonamarg Tunnel will give a significant boost to connectivity and tourism: PM
Improved connectivity will open doors for tourists to explore lesser-known regions of Jammu and Kashmir: PM
Jammu and Kashmir of the 21st century is scripting a new chapter of development: PM
Kashmir is the crown of the country, the crown of India, I want this crown to be more beautiful and prosperous: PM

লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী মনোজ সিনহা জী, জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী শ্ৰী ওমৰ আব্দুল্লা জী, কেবিনেটত মোৰ সহযোগী শ্ৰী নীতিন গাডকাৰী জী, শ্ৰী জিতেন্দ্ৰ সিং জী, অজয় তমতা জী, উপ-মুখ্যমন্ত্ৰী সুৰেন্দ্ৰ কুমাৰ চৌধাৰী জী, বিৰোধী দলৰ নেতা সুনীল শৰ্মা জী, সকলো সাংসদ, বিধায়ক আৰু জম্মু-কাশ্মীৰৰ মোৰ মৰমৰ ভাতৃ-ভগ্নীসকল।

মই প্ৰথমে দেশৰ উন্নতিৰ বাবে, জম্মু-কাশ্মীৰৰ উন্নতিৰ বাবে যিসকল শ্ৰমিক ভাতৃয়ে কঠিনৰো কঠিন পৰিস্থিতিত কাম কৰিলে, আনকি নিজৰ জীৱনকো সংকটত পেলাই কাম কৰিলে, ধন্যবাদ জনাইছোঁ। আমাৰ সাতজন শ্ৰমিক বন্ধুৱে নিজৰ প্ৰাণ হেৰুৱালে, কিন্তু আমি আমাৰ সংকল্পৰ পৰা আঁতৰি নাহিলোঁ, মোৰ শ্ৰমিক বন্ধুসকল আঁতৰি নাহিল, কোনেও ঘৰলৈ উভতি যাওঁ বুলি কোৱা নাছিল, মোৰ এই শ্ৰমিক বন্ধুসকলে প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি এই কাম সম্পূৰ্ণ কৰিলে৷ আৰু যি সাতজন বন্ধুক আমি হেৰুৱালোঁ, মই আজি সবাতোকৈ প্ৰথমে তেওঁলোকৰ পূণ্য স্মৰণ কৰিছোঁ।

 

বন্ধুসকল,

এই ঋতু, এই বৰফ, এই বৰফৰ বগা চাদৰেৰে আবৃত ধুনীয়া পাহাৰবোৰ, হৃদয়খন একেবাৰে প্ৰসন্ন হৈ পৰে। দুদিন পূৰ্বে, আমাৰ মুখ্যমন্ত্ৰী জীয়ে ছ’চিয়েল মিডিয়াত ইয়াৰ কিছু ছবি শ্বেয়াৰ কৰিছিল। সেই ছবিবোৰ দেখাৰ পিছত ইয়ালৈ আপোনালোকৰ মাজলৈ আহিবলৈ মোৰ আগ্ৰহ আৰু বাঢ়ি গ’ল। আৰু এইমাত্ৰ মুখ্যমন্ত্ৰী জীয়ে কৈছে যে মোৰ কিমান দীঘলীয়া কালখণ্ডৰ পৰা আপোনালোক সকলোৰে লগত সম্পৰ্ক আছে, আৰু ইয়ালৈ আহিলেই বহু বছৰৰ আগৰ দিনবোৰ মনত পৰিবলৈ আৰম্ভ কৰে, আৰু যেতিয়া মই ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক কৰ্মী হিচাপে কাম কৰিছিলোঁ, মই তেতিয়া সঘনাই ইয়ালৈ আহিছিলোঁ। এই অঞ্চলত মই বহু সময় অতিবাহিত কৰিছোঁ, সোনামাৰ্গ হওক, গুলমাৰ্গ হওক, গাণ্ডৰবল হওক, বাৰামুলা হওক, সকলো ঠাইতে আমি ঘণ্টাৰ পিছত ঘণ্টা কেইবা কিলোমিটাৰ খোজকাঢ়ি যাত্ৰা কৰিছিলোঁ, আৰু তুষাৰপাত তেতিয়াও বহুত বেছি হৈছিল, কিন্তু জম্মু-কাশ্মীৰৰ মানুহৰ উষ্ণতা এনেকুৱা যে ঠাণ্ডাৰ অনুভৱ নহৈছিল।

 

বন্ধুসকল,

আজিৰ দিনটো বহুত বিশেষ দিন। আজি দেশৰ চুকে-কোণে উৎসৱমুখৰ পৰিবেশ। আজিৰ পৰাই প্ৰয়াগৰাজত মহাকুম্ভ আৰম্ভ হৈছে, তাত কোটি কোটি লোক পৱিত্ৰ স্নানৰ বাবে সমবেত হৈছে। আজি পঞ্জাৱকে ধৰি সমগ্ৰ উত্তৰ ভাৰত লোহৰীৰ উৎসাহেৰে ভৰি পৰিছে, এই সময় উত্তৰায়ণ, মকৰ সংক্ৰান্তি, পংগল আদি বহু উৎসৱৰ। মই সমগ্ৰ দেশৰ লগতে বিশ্বজুৰি এই উৎসৱ উদযাপন কৰা সকলোৰে মংগল কামনা কৰিছোঁ। বছৰৰ এই সময়খিনি ইয়াত উপত্যকাত চিল্লাই কালাঁ হয়। আপোনালোকে এই ৪০ দিনীয়া ঋতুৰ সাহসেৰে সন্মুখীন হয়। আৰু ইয়াৰ আন এটা দিশ আছে, এই ঋতুটোৱে সোণমাৰ্গৰ দৰে পৰ্যটনস্থলীৰ বাবে নতুন সুযোগ কঢ়িয়াই আনে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ পৰ্যটক আহি আছে। কাশ্মীৰৰ উপত্যকালৈ আহি তেওঁলোকে আপোনালোকৰ আতিথ্য সম্পূৰ্ণ উপভোগ কৰি আছে।

বন্ধুসকল,

আজি মই এক বৃহৎ উপহাৰ লৈ আপোনালোকৰ এজন সেৱক হিচাপে আপোনালোকৰ মাজলৈ আহিছোঁ। কিছুদিন আগতে মই, জম্মুত আৰু মুখ্যমন্ত্ৰী জীয়ে কোৱাৰ দৰে, মাত্ৰ ১৫ দিন আগতে আপোনালোকৰ নিজৰ ৰে'ল বিভাগৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ পাইছিলোঁ। এইটো আছিল আপোনালোকৰ বহুত পুৰণি দাবী। আজি মই সোণমাৰ্গ সুৰংগ, দেশক, আপোনালোকৰ হাতত গতাই দিয়াৰ সুযোগ পাইছোঁ। তাৰমানে জম্মু-কাশ্মীৰৰ, লাডাখৰ, আন এক অতি পুৰণি দাবী আজি পূৰণ হ’ল৷ আৰু আপোনালোকে নিশ্চিত হ’ব পাৰে, এইজনেই মোদী, যদি তেওঁ প্ৰতিশ্ৰুতি দিয়ে তেন্তে পালন কৰে। প্ৰতিটো কামৰ বাবে এটা সময় থাকে আৰু সঠিক সময়ত সঠিক কামো হ’ব।

 

বন্ধুসকল,

আৰু যেতিয়া মই সোণমাৰ্গ সুৰংগৰ কথা কৈ আছিলোঁ, তেতিয়া ইয়াৰ দ্বাৰা সোণমাৰ্গৰ লগতে কাৰ্গিল আৰু লেহৰ মানুহৰ, আমাৰ লেহৰ মানুহৰ জীৱনো বহুত সহজ হৈ পৰিব। এতিয়া তুষাৰপাতৰ সময়ত হিমস্খলন বা বাৰিষাৰ সময়ত হ’বলগীয়া ভূমিস্খলনৰ ফলত যি পথ বন্ধ হোৱাৰ সমস্যা হৈছিল সেই সমস্যা কম হ’ব। যেতিয়া ৰাস্তা বন্ধ হয় তেতিয়া ইয়াৰ পৰা ডাঙৰ হস্পিতাললৈ অহা-যোৱাটো কঠিন হৈ পৰিছিল। ইয়াৰ বাবেই ইয়াত অত্যাৱশ্যকীয় সামগ্ৰী পোৱাতো অসুবিধা হৈছিল, এতিয়া সোণমাৰ্গ সুৰংগ নিৰ্মাণৰ লগে লগে এই সমস্যাসমূহ বহু পৰিমাণে হ্ৰাস পাব।

বন্ধুসকল,

কেন্দ্ৰত আমাৰ চৰকাৰ গঠন হোৱাৰ পিছতে, সোণামাৰ্গ সুৰংগৰ প্ৰকৃত নিৰ্মাণৰ কাম ২০১৫ চনত আৰম্ভ হৈছিল, আৰু মুখ্যমন্ত্ৰী জীয়ে অতি ভাল শব্দৰে সেই সময়ছোৱাৰ বৰ্ণনাও কৰিছে। মই আনন্দিত যে আমাৰ চৰকাৰৰ দিনতে এই সুৰংগটোৰ কাম সম্পূর্ণও হ’ল৷ আৰু মোৰ সদায় এটা মন্ত্ৰ থাকে, আমি যি আৰম্ভ কৰোঁ, তাৰ উদ্বোধনো আমিয়েই কৰিম, হয়, চলি থাকে, কেতিয়া হ’ব, কোনে জানে, সেই দিনবোৰ গ’ল।

 

বন্ধুসকল,

এই সুৰংগটোৱে এই শীতকালত সোণমাৰ্গৰ সংযোগ সুনিশ্চিত কৰিব, ইয়াৰ দ্বাৰা সোণমাৰ্গকে ধৰি এই সমগ্ৰ অঞ্চলটোৰ পৰ্যটনকো নতুন ডেউকা দিয়া হ’ব। অনাগত দিনত জম্মু-কাশ্মীৰত বহু পথ আৰু ৰে’ল সংযোগ প্ৰকল্প সম্পূৰ্ণ হ’বলৈ গৈ আছে। ওচৰতে আন এটা ডাঙৰ সংযোগ প্ৰকল্পও চলি আছে। এতিয়া কাশ্মীৰ উপত্যকা ৰে'লৰ সৈতেও সংযোগ হ’বলৈ গৈ আছে। মই দেখিছোঁ যে ইয়াতো এই সন্দৰ্ভত এক অতি সুখৰ পৰিৱেশ। এই যি নতুন ৰাস্তাবোৰ নিৰ্মাণ কৰা হৈছে, এই যি ৰে’ল কাশ্মীৰলৈ আহিবলৈ আৰম্ভ কৰিছে, চিকিৎসালয় নিৰ্মাণ কৰা হৈছে, মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে, এয়াই হৈছে নতুন জম্মু-কাশ্মীৰ। মই আপোনালোক সকলোকে এই সুৰংগটোৰ বাবে, আৰু লগতে উন্নয়নৰ এই নতুন পৰ্যায়ৰ বাবেও আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

আজি ভাৰত প্ৰগতিৰ নতুন উচ্চতাৰ দিশে আগবাঢ়িছে। ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ কামত নিয়োজিত হৈছে দেশৰ প্ৰতিজন নাগৰিক। এনে তেতিয়া হ’ব পাৰে, যেতিয়া আমাৰ দেশৰ কোনো অংশ, কোনো পৰিয়াল প্ৰগতি আৰু উন্নয়নৰ পৰা পিছ পৰি নাথাকে। ইয়াৰ বাবে আমাৰ চৰকাৰে সবকা সাথ, সবকা বিকাশৰ মনোভাৱেৰে পূৰ্ণ নিষ্ঠাৰে দিনে নিশাই কাম কৰি আছে। যোৱা ১০ বছৰত জম্মু-কাশ্মীৰকে ধৰি সমগ্ৰ দেশৰ ৪ কোটিৰো অধিক দৰিদ্ৰ লোকে পকা ঘৰ পাইছে। অনাগত সময়ত আৰু তিনি কোটি নতুন ঘৰ দুখীয়াৰ বাবে উপলব্ধ হ’ব। আজি ভাৰতৰ কোটি কোটি লোকে বিনামূলীয়া চিকিৎসা লাভ কৰিছে। ইয়াৰ পৰা জম্মু-কাশ্মীৰৰ জনসাধাৰণো যথেষ্ট উপকৃত হৈছে। নতুন আইআইটি, নতুন আইআইএম, নতুন এইমছ, নতুন মেডিকেল কলেজ, নাৰ্ছিং কলেজ, পলিটেকনিকেল কলেজ আদি সমগ্ৰ দেশতে যুৱক-যুৱতীসকলৰ শিক্ষাৰ বাবে অবিৰতভাৱে নিৰ্মাণ কৰি থকা হৈছে। জম্মু-কাশ্মীৰতো বিগত ১০ বছৰত বহুতো মহান শিক্ষানুষ্ঠান নিৰ্মাণ কৰা হৈছে। ইয়াৰ পৰা বহুখিনি লাভৱান ইয়াৰ মোৰ পুত্ৰ-কন্যাসকল, আমাৰ যুৱক-যুৱতীসকল হৈছে।

 

বন্ধুসকল,

আজি জম্মু-কাশ্মীৰৰ পৰা অৰুণাচল প্ৰদেশলৈ কিমান চমকপ্ৰদ ৰাস্তা, কিমান সুৰংগ, কিমান দলং নিৰ্মাণ কৰা হৈছে, আপোনালোকে দেখি আছে। আমাৰ জম্মু-কাশ্মীৰ এতিয়া সুৰংগৰ, ওখ ওখ দলঙৰ, ৰ’পৱেৰ কেন্দ্ৰ হৈ গৈ আছে। ইয়াতেই নিৰ্মাণ কৰা হৈছে বিশ্বৰ সৰ্বোচ্চ সুৰংগ। বিশ্বৰ সৰ্বোচ্চ ৰে’ল-পথ দলং, কেবল দলং ইয়াত নিৰ্মাণ কৰা হৈছে। ইয়াতেই নিৰ্মাণ কৰা হৈছে বিশ্বৰ সৰ্বোচ্চ ৰে’লপথ। আমাৰ চেনাব দলঙৰ অভিযান্ত্ৰিকতা দেখি সমগ্ৰ বিশ্বই আচৰিত হৈ পৰিছে। মাত্ৰ যোৱা সপ্তাহত এই দলংখনত যাত্ৰীবাহী ৰে’লৰ পৰীক্ষামূলক কাম সম্পূৰ্ণ হৈছিল। কাশ্মীৰৰ ৰে'লৱে সংযোগ বঢ়োৱা কেবল ব্ৰীজ, জোজিলা, চেনানী নশ্ৰী আৰু সোণমাৰ্গ সুৰংগ প্ৰকল্প, উধমপুৰ-শ্ৰীনগৰ-বাৰামুলাৰ ৰে'ল সংযোগ প্ৰকল্প, শংকৰাচাৰ্য মন্দিৰ, শিৱখোডী আৰু বাল্টাল-মৰনাথ ৰ'পৱে আঁচনি, কাটৰ পৰা দিল্লী এক্সপ্ৰেছৱে, আজি জম্মু-কাশ্মীৰত পথ সংযোগৰ সৈতে জড়িত ৪২ হাজাৰ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ ওপৰত কাম চলি আছে। চাৰিটা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প আৰু দুটা ৰিং ৰোডৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। ইয়াত সোণমাৰ্গৰ দৰে ১৪টাতকৈও অধিক সুৰংগৰ কাম চলি আছে। এই সকলোবোৰ প্ৰকল্পই জম্মু-কাশ্মীৰক দেশৰ অন্যতম সংযুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ গৈ আছে।

বন্ধুসকল,

বিকশিত ভাৰতৰ যাত্ৰাত আমাৰ পৰ্যটন খণ্ডই বৃহৎ অৱদান আগবঢ়াইছে। উন্নত সংযোগৰ বাবে পৰ্যটকসকলে জম্মু-কাশ্মীৰৰ সেই অঞ্চলসমূহলৈ যাব পাৰিব যিবোৰ এতিয়াও অস্পৃশ্য হৈ আছে। যোৱা দহ বছৰত জম্মু-কাশ্মীৰত যি শান্তি আৰু প্ৰগতিৰ পৰিবেশ সৃষ্টি হৈছে তাৰ সুফল আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ পৰ্যটন খণ্ডত। ২০২৪ চনত জম্মু-কাশ্মীৰলৈ আহিছে ২ কোটিৰো অধিক পৰ্যটক। ইয়াত সোণমাৰ্গতো ১০ বছৰত পৰ্যটকৰ সংখ্যা ৬গুণ বৃদ্ধি পাইছে। আপোনালোক ৰাইজ ইয়াৰ দ্বাৰা উপকৃত হৈছে, জনসাধাৰণ ইয়াৰ দ্বাৰা উপকৃত হৈছে, হোটেলৰ মালিক, হোমষ্টেৰ মালিক, ধাবাৰ মালিক, কাপোৰৰ দোকানৰ মালিক, টেক্সি চালক, সকলোৱে ইয়াৰ পৰা লাভৱান হৈছে।

 

বন্ধুসকল,

আজি একবিংশ শতিকাৰ জম্মু-কাশ্মীৰে লিখিছে উন্নয়নৰ এক নতুন কাহিনী। আগৰ কঠিন দিনবোৰ এৰি আমাৰ কাশ্মীৰে এতিয়া পৃথিৱীত স্বৰ্গ হিচাপে নিজৰ পৰিচয় পুনৰ লাভ কৰিবলৈ সক্ষম হৈছে। আজি মানুহবোৰ ৰাতি আইচক্ৰীম খাবলৈ লাল চকলৈ গৈছে, ৰাতিও তাত বৰ ব্যস্ত। আৰু কাশ্মীৰৰ পৰা মোৰ শিল্পী বন্ধুসকলে পোলো ভিউ মাৰ্কেটক নতুন বাসস্থান কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিছে। মই ছ’চিয়েল মিডিয়াত দেখিছোঁ ইয়াৰ সংগীতজ্ঞ, শিল্পী, গায়কসকলে কেনেকৈ তাত বহু পৰিবেশন কৰি থাকে। আজি শ্ৰীনগৰৰ মানুহে নিজৰ ল’ৰা-ছোৱালীৰ সৈতে চিনেমা হললৈ যায় চিনেমা চাবলৈ আৰু আৰামত বজাৰ কৰিবলৈ। কোনো চৰকাৰে অকলে ইমানবোৰ পৰিস্থিতি সলনি কৰা কাম কৰিব নোৱাৰে। জম্মু-কাশ্মীৰৰ পৰিস্থিতি সলনি কৰাৰ এটা ডাঙৰ কৃতিত্ব ইয়াৰ জনসাধাৰণৰ, আপোনালোক সকলোৰে। আপোনালোকে জম্হুৰিয়তক শক্তিশালী কৰিলে, নিজৰ ভৱিষ্যতক শক্তিশালী কৰিলে।

বন্ধুসকল,

এয়া জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ এক উজ্জ্বল ভৱিষ্যৎ মই স্পষ্টকৈ দেখিবলৈ পাইছোঁ। ক্ৰীড়ালৈকে চাওক, কিমান সুযোগ সৃষ্টি হৈছে। মাত্ৰ কেইমাহমানৰ আগতে শ্ৰীনগৰত প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মাৰাথন দৌৰ অনুষ্ঠিত হৈছিল। যিয়েই সেই ছবিবোৰ দেখিলে তেওঁ আনন্দৰে ভৰি পৰিছিল আৰু মোৰ মনত আছে, সেই মাৰাথনত মুখ্যমন্ত্ৰী জীয়েও অংশগ্ৰহণ কৰিছিল, ইয়াৰ ভিডিঅ’ও ভাইৰেল হৈছিল, আৰু মইও মুখ্যমন্ত্ৰী জীক বিশেষভাৱে অভিনন্দন জনাইছিলোঁ, যেতিয়া মই তেওঁক লগে লগে দিল্লীত লগ পাইছিলোঁ। সাক্ষাতৰ সময়ত মই তেওঁৰ উৎসাহ দেখা পাইছিলোঁ, উদ্দীপনা দেখিবলৈ পাইছিলোঁ আৰু মাৰাথনৰ বিষয়ে তেওঁ মোক বহুত বিশদভাৱে কৈ আছিল।

 

বন্ধুসকল,

সঁচাকৈয়ে এয়া নতুন জম্মু-কাশ্মীৰৰ এক নতুন যুগ। শেহতীয়াকৈ চল্লিশ বছৰৰ পাছত কাশ্মীৰত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট লীগ অনুষ্ঠিত হৈছে। তাৰ আগতে আমি ডাল লেকৰ চাৰিওফালে গাড়ী দৌৰৰ সেই সুন্দৰ দৃশ্যবোৰো দেখিছোঁ। এক প্ৰকাৰে আমাৰ এই গুলমাৰ্গ ভাৰতৰ শীতকালীন খেলৰ ৰাজধানী হৈ পৰিছে। গুলমাৰ্গত অনুষ্ঠিত হৈছে চাৰিখন খেলো ইণ্ডিয়া শীতকালীন গেমছ। পঞ্চম খেলো ইণ্ডিয়া শীতকালীন গেমছো অহা মাহৰ পৰা আৰম্ভ হ’ব। কেৱল যোৱা ২ বছৰত সমগ্ৰ দেশৰ পৰা আঢ়ৈ হাজাৰ খেলুৱৈ বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে জম্মু-কাশ্মীৰলৈ আহিছে। জম্মু-কাশ্মীৰত নব্বৈটাতকৈও অধিক খেলো ইণ্ডিয়া চেণ্টাৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ চাৰেচাৰি হাজাৰ যুৱকে প্ৰশিক্ষণ লৈ আছে।

বন্ধুসকল,

আজি জম্মু-কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ বাবে সকলোফালে নতুন নতুন সুযোগৰ সৃষ্টি হৈছে। জম্মু আৰু অৱন্তীপৰাত এইমছৰ কাম-কাজ দ্ৰুত গতিত আগবাঢ়িছে। অৰ্থাৎ এতিয়া দেশৰ আন এটা প্ৰান্তলৈ চিকিৎসাৰ বাবে যোৱাৰ বাধ্যবাধকতা কম হ’ব। জম্মুত আইআইটি-আইআইএম আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উৎকৃষ্ট চৌহদত অধ্যয়ন চলি আছে। আমাৰ বিশ্বকৰ্মা বন্ধুসকলে জম্মু-কাশ্মীৰৰ কাৰুকাৰ্য আৰু শিল্পকৰ্মক আগুৱাই লৈ গৈছে, তেওঁলোকক পিএম বিশ্বকৰ্মা আৰু জম্মু-কাশ্মীৰ চৰকাৰৰ অন্য আঁচনিৰ পৰা সহায় পাই আছে। ইয়ালৈ নতুন উদ্যোগ অনাটো আমাৰ অহৰহ প্ৰচেষ্টা। ইয়াত বিভিন্ন উদ্যোগৰ লোকে প্ৰায় ১৩ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ গৈ আছে। ইয়াৰ দ্বাৰা ইয়াৰ হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিব। জম্মু-কাশ্মীৰ বেংকেও এতিয়া বহুত ভাল কাম আৰম্ভ কৰিছে। যোৱা ৪ বছৰত জম্মু-কাশ্মীৰ বেংকৰ ব্যৱসায় ১ লাখ ৬০ হাজাৰ কোটি টকাৰ পৰা ২ লাখ ৩০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। অৰ্থাৎ এই বেংকৰ ব্যৱসায় বাঢ়িছে আৰু ঋণ দিয়াৰ ক্ষমতাও বৃদ্ধি পাইছে। ইয়াত সকলো, যুৱক-যুৱতী, কৃষক-মালি, দোকানী-ব্যৱসায়ী, ইয়াৰ দ্বাৰা উপকৃত হৈছে।

বন্ধুসকল,

জম্মু-কাশ্মীৰৰ অতীত এতিয়া উন্নয়নৰ বৰ্তমানলৈ পৰিৱৰ্তিত হৈছে। বিকশিত ভাৰতৰ সপোন তেতিয়াহে পূৰণ হ’ব যেতিয়া ইয়াৰ শিখৰত প্ৰগতিৰ মুকুতা গোঁথা হ’ব। কাশ্মীৰ দেশৰ মুকুট, ভাৰতৰ তাজ। সেইবাবেই মই বিচাৰোঁ এই তাজ অধিক ধুনীয়া হওক, এই তাজ অধিক সমৃদ্ধিশালী হওক। আৰু মই এইটো দেখি সুখী যে এই কামত মই ইয়াৰ যুৱক-যুৱতী, বয়োজ্যেষ্ঠ, পুত্ৰ-কন্যাৰ সহযোগিতা অহৰহ পাই আহিছোঁ। আপুনি আপোনাৰ সপোনক বাস্তৱত পৰিণত কৰিবলৈ, জম্মু-কাশ্মীৰৰ প্ৰগতিৰ বাবে, ভাৰতৰ প্ৰগতিৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে। মই আপোনালোকক পুনৰ আশ্বাস দিছোঁ, মোদীয়ে আপোনালোকৰ লগত খোজত খোজ মিলাই চলিব। আপোনাৰ সপোনৰ বাটত অহা প্ৰতিটো বাধা আঁতৰাব।

বন্ধুসকল,

আকৌ এবাৰ আজিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে জম্মু-কাশ্মীৰৰ মোৰ প্ৰতিটো পৰিয়াললৈ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ সহযোগী নীতিনজীয়ে, মনোজ সিনহাজীয়ে আৰু মুখ্যমন্ত্রীজীয়ে যি দ্ৰুতগতিত অগ্ৰগতি হৈ আছে, যি দ্ৰুতগতিত উন্নয়ন হৈ আছে, যি নতুন নতুন প্ৰকল্প হ’বলৈ গৈ আছে, তাৰ বিতংভাৱে বৰ্ণনা কৰিছে। আৰু সেইবাবেই মই পুনৰাবৃত্তি নকৰোঁ। মই আপোনালোকক ইমানেই ক’ব পাৰোঁ যে এতিয়া এই দূৰত্ব নাইকিয়া হ’ল, এতিয়া আমি একেলগে সপোনো উপভোগ লাগিব, সংকল্পও ল’ব লাগিব আৰু সফলতাও লাভ কৰিব লাগিব। মোৰ আপোনালোক সকলোলৈ বহুত বহুত শুভকামনা।

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s electronics exports up 11.62% to $5.09 billion in May

Media Coverage

India’s electronics exports up 11.62% to $5.09 billion in May
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi highlights India's defence transformation over the last decade
June 17, 2026

The Prime Minister, Shri Narendra Modi has highlighted the significant transformation witnessed in India’s defence capabilities over the last decade.

Shri Modi said that India’s defence capabilities have undergone a major transformation, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

The Prime Minister noted that the progress made in the defence sector over the last 12 years reflects India’s growing focus on strengthening national security through self-reliance.

The Prime Minister further stated that India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

The Prime Minister wrote on X;

“India’s defence capabilities have witnessed significant transformation over the last decade, guided by the vision of self-reliance and powered by innovation, technology and indigenous manufacturing.

This thread gives a glimpse of the strides India has made in the defence sector over the last 12 years.

#12YearsOfSurakshitBharat”

“This thread explains how India has strengthened its defence capabilities across air, land and sea, advanced indigenous technologies and built a stronger foundation for self-reliance and national security.

#12YearsOfSurakshitBharat”