“The joint celebration symbolizes the immortal journey of that idea of ​​India, which keeps moving forward through different mediums in different periods”
“Our centres of energy are not mere pilgrimages, they are not just centers of faith, they are awakened establishments of the spirit of 'Ek Bharat, Shreshtha Bharat'”
“In India, our sages and Gurus always refined our thoughts and enhanced our behaviour”
“Shri Narayan Guru fought a logical and practical fight against the discrimination going on in the name of casteism. Today, with the same inspiration of Narayan Guru ji, the country is serving the poor, downtrodden, backward and is giving them their rights”
“Shri Narayan Guru was a radical thinker and a practical reformer”
“When we walk on the path of reforming the society, then a power of self-improvement is also awakened in the society ‘Beti Bachao, Beti Padhao’ is an example”

আপোনালোক সকলোকে নমস্কাৰ!

শ্রী নাৰায়ণ ধর্ম সংঘম ট্ৰাষ্টৰ সভাপতি স্বামী সচ্চিদানন্দজী, সাধাৰণ সচিব স্বামী ৰিতাম্ভৰনন্দজী, কেন্দ্রীয় মন্ত্রী পৰিষদৰ মোৰ সহকর্মী তথা কেৰালাৰ ভূমিপুত্রদ্বয় শ্রী ভি মুৰলীধৰণজী আৰু শ্রী ৰাজীৱ চন্দ্রশেখৰজী, শ্রী নাৰায়ণ গুৰু ধর্ম সংঘম ট্ৰাষ্টৰ বিষয়াসকল, দেশ-বিদেশৰ তীৰ্থযাত্ৰী তথা ভদ্র পুৰুষ-মহিলাসকল,

সাধু-সন্তসকলৰ চৰণধূলি আজি মোৰ ঘৰত পৰিছে, আপোনালোকে কল্পনা কৰিব নোৱাৰে, মই কিমান আনন্দিত।

 

एल्ला प्रियपट्टअ मलयालि-गल्कुम्एन्डेविनीतमाया नमस्कारम्। भारतत्तिन्डेआध्यात्मिकचैतन्यमाणश्रीनारायण गुरुदेवन्। अद्देहत्तिन्डेजन्मत्ताल्धन्य-मागपट्टअपुण्यभूमि आण केरलम्॥

শ্রী নাৰায়ণ গুৰুৰ আশীর্বাদ আৰু সাধু-সন্তসকলৰ কৃপাত আপোনালোকৰ মাজত উপস্থিত হোৱাৰ সুযোগ মোৰ আগতেও হৈছিল। শিৱগিৰিত আহি আপোনালোকৰ আশীর্বাদ লোৱাৰ সৌভাগ্যও মোৰ হৈছে৷ মই যেতিয়াই শিৱগিৰিলৈ গৈছো, প্রত্যেকবাৰ মই আধ্যাত্মিক এই ভূমিৰ মাহাত্ম্য উপলব্ধি কৰিছো৷ মই আজি অতিশয় আনন্দিত যে শিৱগিৰি তীর্থযাত্রাৰ ৯০সংখ্যক বৰ্ষপূৰ্তি আৰু ব্রহ্ম বিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী অনুষ্ঠানত মোক অংশগ্ৰহণৰ সুযোগ প্ৰদান কৰিলে৷

আপোনালোকৰ সৈতে মোৰ কেনে ধৰণৰ সম্পর্ক, সেয়া ময়ে নাজানো! কিন্তু, মই এই কথা কেতিয়াও পাহৰিব নোৱাৰো, যেতিয়া এক মর্মান্তিক দুর্ঘটনাই কেদাৰনাথজীৰ ওপৰত আঘাত হানিছিল। এই দুর্ঘটনাত সমগ্ৰ দেশৰ তীৰ্থযাত্ৰীসকলে জীৱন-মৃত্যুৰ সৈতে যুঁজ দিছিল৷ সেই সময়ত উত্তৰাখণ্ডত কংগ্রেছ চৰকাৰ আৰু দেশৰ প্রতিৰক্ষা মন্ত্রী আছিল শ্রী এ কে এণ্টনি৷ তদুপৰি, মই তেতিয়া গুজৰাটৰ মুখ্যমন্ত্রী আছিলো, শিৱগিৰি মঠৰ পৰা মোলৈ ফোন আহিছিল। ফোনতে খবৰ পালো কেদাৰনাথত বহু সাধু-সন্ত আৱদ্ধ হৈ পৰিছে৷ আনকি তেওঁলোকৰ সৈতে যোগাযোগ কৰাটোও অসম্ভৱ আছিল৷ শিৱগিৰি মঠৰ পৰা সেই ফোনত মোক কোৱা হৈছিল যে তেওঁলোকে কেদাৰনাথৰ পৰিস্থিতি সম্পর্কে একোৱেই নাজানে৷ সেয়েহে, তেওঁলোকক মোৰ সাহায্য প্রয়োজন। সেই ৰাজ্যত আৰু কেন্দ্রত শাসন ক্ষমতাত একেখন চৰকাৰ থকা সত্ত্বেও শিৱগিৰি মঠৰ পৰা মোৰ সাহায্য বিচৰা হৈছে- সেয়া মই কল্পনাও কৰিব পৰা নাছিলো৷ অৱশ্যে এয়া নাৰায়ণ গুৰুৰ কৃপা যে মই মহান কাম কৰাৰ সুযোগ পাইছিলো৷ কেৱল ইমানে নহয়, গুজৰাটত মোৰ ওচৰত সীমিত সম্পদ থকা সত্ত্বেও আৱদ্ধ সাধু-সন্তসকলক নিৰাপদে শিৱগিৰি মঠলৈ ঘূৰাই অনা হ’ল৷ শিৱগিৰি মঠৰ পৰা সেই ফোনে মোৰ মর্মস্পর্শ কৰিছিল আৰু মহৎ এই কর্মৰ বাবে মোকে বাছনি কৰাৰ বাবে মই আশীর্বাদধন্য হৈছিলো৷

 

আজি আৰু এটা পবিত্র মুহূর্তত মই আপোনালোকৰ সৈতে অংশগ্ৰহণ কৰাৰ সুযোগ পাইছো৷ শিৱগিৰি তীর্থযাত্রাৰ ৯০সংখ্যক বৰ্ষপূৰ্তি আৰু ব্রহ্ম বিদ্যালয়ৰ স্বৰ্ণ জয়ন্তী বর্ষ উদযাপন কেৱল এটা প্রতিষ্ঠানৰ আগুৱাই যোৱাৰ যাত্রা নহয়। আচলতে এয়া ভাৰতৰ সেই ধ্যান-ধাৰণাৰ এক চিৰন্তন যাত্রা, যি বিভিন্ন সময়ত বিভিন্ন ধৰণে দেশক আগুৱাই নিছে। ভাৰতৰ আদর্শক জীৱন্ত ৰাখি কেৰালাবাসীয়ে সদায় ভাৰতৰ আধ্যাত্মিক আৰু বিজ্ঞানধর্মী উন্নয়নৰ যাত্রাপথত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে৷ কেৱল ইমানেই নহয় প্রয়োজনৰ সময়ত কেৰালাবাসীয়ে অগ্রণী ভূমিকাও পালন কৰিছে৷ দশকৰ পৰ দশক ধৰি বার্কলাক দক্ষিণৰ কাশী বুলি কৈ আহিছে। কাশী দেশৰ উত্তৰৰে হওক বা দক্ষিণৰ, শিৱ চহৰ বাৰাণসীতে হওক বা বার্কলাৰ শিৱগিৰিত ভাৰতৰ আধ্যাত্মিক শক্তিৰ প্রতিটো কেন্দ্রৰ বাবেই দেশবাসীৰ হৃদয়ত বিশেষ স্থান আছে। এইবোৰ কেৱল তীর্থস্থান নহয়, আস্থাৰ কেন্দ্র নহয়, বৰঞ্চ এই সকলোবোৰ ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ মানসিকতাৰ এক জাগ্রত প্রতিষ্ঠান।

 

এই উপলক্ষে মই শ্রী নাৰায়ণ ধর্ম সংঘম ট্রাষ্ট, স্বামী সচ্চিদানন্দজী, স্বামী ৰিতাম্ভৰানন্দজী আৰু স্বামী গুৰুপ্রসাদজীক মোৰ আন্তৰিক অভিনন্দন জনাইছো৷ এই তীর্থযাত্রা আৰু ব্রহ্ম স্বৰ্ণ জয়ন্তী উদযাপনৰ মাজত কোটি কোটি ভক্তৰ চিৰন্তন আস্থা আৰু অবিৰাম প্রয়াস জড়িত আছে। মই শ্রী নাৰায়ণ গুৰুৰ সকলো অনুগামী আৰু ভক্তক শুভেচ্ছা জনাইছো৷ আজি মই যেতিয়া সাধু-সন্ত আৰু গুণী আত্মাৰ মাজত পুনৰবাৰ উপস্থিত হোৱাৰ সুযোগ পাইছো, তেতিয়া মই এইকথা ক’ব বিচাৰো যে ভাৰতৰ বিশেষত্বই হ’ল সমাজৰ চেতনা যেতিয়া দুর্বল হৈ গৈ থাকে আৰু আধাৰৰ পৰিধি সম্প্ৰসাৰিত তেতিয়া নতুন আশাৰ আলোক লৈ গুণী আত্মাৰ আৱিৰ্ভাৱ হয়৷। বিশ্বৰ বহু দেশ আৰু সভ্যতা যেতিয়া ধর্মৰ পৰা বিচ্যুত হয়, তেতিয়া আধ্যাত্মিকতাবাদৰ স্থান লয় বস্তুবাদে। সেয়েহে, শূন্যতাৰ কোনো অস্তিত্ব নাই, বস্তুবাদে শূন্যতা পৰিপূর্ণ কৰে৷ কিন্তু এইবোৰৰ পৰা ভাৰত সম্পূর্ণ পৃথক। ভাৰতৰ সাধু-সন্ত আৰু গুৰু সকলে সদায় তেওঁলোকৰ চিন্তাভাৱনা আৰু ধ্যান-ধাৰণাৰে সংশোধন কৰিছে৷

 

শ্রী নাৰায়ণ গুৰুয়ে আধুনিকতাৰ কথা কৈছে। একেদৰে, তেওঁ ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধক সমৃদ্ধ কৰিবলৈ নিৰন্তৰ কাম কৰি গৈছে৷ তেওঁ এফালে যেনেকৈ শিক্ষা আৰু বিজ্ঞানৰ কথা কৈছে, আনফালে আকৌ আমাৰ হাজাৰ হাজাৰ বছৰৰ প্রাচীণ ধর্ম আৰু আস্থাৰ প্রতি ঐতিহ্যৰ কথাও গৌৰৱান্বিত কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। আজি শিৱগিৰি মন্দিৰৰ জৰিয়তে বৈজ্ঞানিক চিন্তাভাৱনাৰ উত্থান হৈছে৷ আনকি সাৰদা মঠতো দেৱী সৰস্বতীৰ পূজা-অৰ্চনা হৈছে৷ নাৰায়ণ গুৰুজী ধর্মচাৰণত পৰিমার্জন কৰিছে আৰু সময়ৰ লগে লগে তাত পৰিৱর্তন আনিছে৷

 

নাৰায়ণ গুৰুজীয়ে সমাজৰ কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ দিছিল আৰু সমগ্র দেশক বাস্তৱতাৰ সম্পর্কে অৱগত কৰিছে৷ কিন্তু সেই সময় পৰিস্থিতি অনুকূল নাছিল৷ কু-সংস্কাৰৰ বিৰুদ্ধে যুঁজ দিয়াটো সহজ কাম নাছিল৷ কিন্তু আজি আমি এইকথা কল্পনাও কৰিব নোৱাৰো যে নাৰায়ণ গুৰুজীয়ে সেয়া কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ জাতি বৈষম্যৰ বিৰুদ্ধেও যুঁজ দিছিল৷ আজি নাৰায়ণ গুৰুজীৰ সেই আদর্শত অনুপ্রাণিত হৈ দেশ দৰিদ্র, পিছপৰা আৰু বঞ্চিত লোকসকলৰ সেৱা কৰা হৈছে। এওঁলোকৰ প্রত্যেককে তেওঁলোকৰ প্রাপ্য অধিকাৰক আমি অগ্রাধিকাৰ প্ৰদান কৰিছো৷ সেইবাবে দেশে আজি ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্রয়াস’ মন্ত্ৰৰে আগুৱাই গৈছে৷

 

বন্ধুসকল,

শ্রী নাৰায়ণ গুৰুজী কেৱল আধ্যাত্মিক চেতনাৰ অংগ নাছিল, তেওঁ আছিল আধ্যাত্মিক প্রেৰণাৰ এক উজ্বল জ্যোতিষ্ক। এইটো সঁচা যে শ্রী নাৰায়ণ গুৰুজী আছিল এগৰাকী সমাজ সংস্কাৰ, চিন্তাবিদ আৰু দূৰদৃষ্টিসম্পন্ন ব্যক্তিত্ব। তেওঁ সময়ৰ তুলনাত বহু আগুৱাইছিল৷ তেওঁ ভৱিষ্যৎ উপলব্ধি কৰিব পাৰিছিল৷ তেওঁ আছিল এক প্রগতিশীল চিন্তাবিদ তথা প্রকৃত সংস্কাৰক। তেওঁ কৈছিল যে আমি ইয়াত জোৰ কৰি একো কাঢ়ি নিয়াৰ বাবে অহা নাই। আমি জানিবলৈ আৰু শিকিবলৈ আহিছো৷ তেওঁ জানিছিল বিতৰ্কৰে সমাজত পৰিৱর্তন অনাটো অসম্ভৱ। সমাজৰ পৰিৱর্তন সম্ভৱ মানুহৰ সৈতে কাম কৰি, তেওঁলোকৰ অনুভূতি উপলব্ধি কৰি আৰু আমাৰ অনুভূতি তেওঁলোকক উপলব্ধি কৰাৰ মাধ্যমেৰে৷ তেওঁ কৈছিল আমি যেতিয়াই অন্য কোনো ব্যক্তিৰ সৈতে তর্ক-বিতর্ক আৰম্ভ কৰো, তেতিয়া উভয় পক্ষই নিজৰ যুক্তি প্রতিষ্ঠাৰ বাবে আৰু তর্ক-বিতর্ক কৰে৷ কিন্তু যেতিয়া আমি অন্য কোনো ব্যক্তিক বুজাৰ চেষ্টা কৰো, তেতিয়া সেই ব্যক্তিও আমাক উপলব্ধি কৰাৰ চেষ্টা কৰে৷ নাৰায়ণ গুৰুজীয়ে সদায় এই নীতিকে অনুসৰণ কৰিছিল৷ তেওঁ আনৰ অনুভূতি বুজাৰ চেষ্টা কৰিছে আৰু সেই অনুসৰি, মতামত দিছে৷

 

 

আমি যেতিয়া সমাজ সংস্কাৰৰ পথত যাত্রা আৰম্ভ কৰো, তেতিয়া নিজা উন্নতিৰ চেতনাও সমাজত জাগ্রত হয়। উদাহৰণস্বৰূপ ক’ব পাৰি আমাৰ চৰকাৰে ‘বেটি বঁচাও, বেটি পঢ়াও’ অভিযান আৰম্ভ কৰিছে। আগতেও দেশত এনে বহু আইন আছিল। কিন্তু, কন্যা শিশুৰ সংখ্যা বৃদ্ধিৰ ঘটনা শেহতীয়া বছৰসমূহত প্রতিফলিত হৈছে। চৰকাৰে সঠিক বিষয় সম্পর্কে সমাজক সজাগত কৰা আৰু অনুকূল পৰিৱেশ গঢ়ি তোলাৰ ফলত এইটো সম্ভৱ হৈছে৷ সাধাৰণ মানুহে যেতিয়া এইটো উপলব্ধি কৰিছে যে চৰকাৰে সঠিক কামেই কৰিছে, তেতিয়াৰ পৰাই পৰিস্থিতি দ্রুত উন্নতি ঘটিছে। ‘সবকা প্রয়াস’ প্ৰচেষ্টাৰ ফল আজি প্রকৃতাৰ্থত আমাৰ সন্মুখত প্রতিফলিত হৈছে। এয়াই সমাজৰ অগ্রগতিৰ একমাত্র উপায়। সেয়েহে, আমি যিমানে শ্রী নাৰায়ণ গুৰুজী সম্পর্কে পঢ়িম, জানিম আৰু উপলব্ধি কৰিম আমাৰ বিকাশৰ পথ সিমানেই সুগম হ’ব।

 

বন্ধুসকল,

শ্ৰী নাৰায়ণ গুৰুজীয়ে কৈছিল

औरु जाथि

औरु मथम

औरु दैवं मनुष्यानु

শ্রী নাৰায়ণ গুৰুজীয়ে এক জাতি, এক ধর্ম আৰু এক ঈশ্বৰৰ কথা কৈছিল৷ সেয়েহে আমি যদি নাৰায়ণ গুৰুজীৰ এই মতাদর্শ গভীৰভাবে অনুভৱ কৰো, তেতিয়াহ’লে ইয়াৰ জৰিয়তে যি বার্তা নিহিত হৈ আছে, সেয়া উপলব্ধি কৰিব পাৰিম। তেওঁৰ এই বার্তাই আত্মনির্ভৰ ভাৰত গঢ়াৰ পথ আৰু অধিক সুগম কৰিব। শ্রী নাৰায়ণ গুৰুজীৰ এক জাতি, এক ধর্ম আৰু এক ঈশ্বৰৰ আদর্শই আমাৰ দেশপ্রেমৰ চেতনাক এক নতুন আধ্যাত্মিক মাত্রা প্ৰদান কৰে। আমাৰ দেশপ্রেম কেৱল ক্ষমতা প্রদর্শন নহয়, বৰঞ্চ আমাৰ দেশাত্মবোধ ভাৰত মাতাৰ পুজা কৰা তথা দেশবাসীৰ সেৱাত ব্রতী থকা৷ আমি এই উপলব্ধিৰে যদি আগুৱাই যাও আৰু শ্রী নাৰায়ণ গুৰুজীৰ বার্তা অনুসৰণ কৰো, তেতিয়া হ’লে বিশ্বৰ কোনো শক্তিয়ে ভাৰতীয়সকলৰ মাজত বিভেদ সৃষ্টি কৰিব নোৱাৰে। আমি এইটো কথাও জানো যে ভাৰতীয়সকলে যদি সংঘবদ্ধ হয়, তেতিয়া হ’লে কোনো লক্ষ্যই আমাৰ বাবে অসম্ভৱ নহয়।

 

বন্ধুসকল,

 

শ্রী নাৰায়ণ গুৰুজীয়ে স্বাধীনতাৰ বহুত আগতেই তীর্থযাত্রাৰ পৰম্পৰাৰ আৰম্ভ কৰিছল৷ দেশে এতিয়া স্বাধীনতা লাভৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে অমৃত মহোৎসৱ উদযাপন কৰিছে। ঠিক একে সময়তে আমি এইটোও স্মৰণ কৰিম যে আমাৰ স্বাধীনতা সংগ্রাম কেৱল প্রতিবাদ আৰু ৰাজনৈতিক ৰণকৌশলৰ মাজতে সীমাবদ্ধ নাছিল৷ এই সংগ্রাম কেবল দাসত্বৰ বান্ধোনৰ পৰা মুক্ত কৰাই নহয়, বৰঞ্চ কিদৰে চিন্তাভাৱনা আৰু আলোচনাৰ জৰিয়তে আমি দেশক স্বাধীন কৰিব পাৰো, সেই দিশতো গুৰুত্ব দিয়া হৈছিল। এইদৰেই আমাৰ স্বাধীনতা সংগ্রামৰ সময়ৰ পৰা বহু চিন্তাভাৱনা আৰু আদর্শৰ সূচনা হৈছে৷ আমি প্রতিটো যুগতে নতুন চিন্তাবিদ পাইছো। আনকি, ভাৰতৰ বাবে সৃজনশীল ধ্যান-ধাৰণা আৰু দৃষ্টিভংগীও পাইছো। দেশৰ বিভিন্ন অংশৰ পৰা নেতাসকল আৰু মহান ব্যক্তিসকলে এজনে আনজনৰ সৈতে সাক্ষাৎ কৰিছিল আৰু পৰস্পৰে পৰস্পৰৰ পৰা জনাৰ চেষ্টা কৰিছিল।

 

বর্তমান প্রযুক্তিৰ যুগত আমাৰ বাবে এনে ভবাটো অতি সহজ৷ সেই সময়ত ছ’চিয়েল মিডিয়া আৰু ম’বাইলো নাছিল৷ তৎসত্ত্বেও কিদৰে আধুনিক ভাৰতৰ ৰূপৰেখা প্রণয়ন কৰিব পৰা যায়, তাক লৈ মহান নেতাসকল আৰু চিন্তাবিদসকল মগ্ন আছিল৷ আপোনালোকে জানে যে দেশৰ পূব প্রান্তৰ পৰা গুৰুদেব ৰবীন্দ্রনাথ ঠাকুৰে ১৯২২ চনত দেশৰ দক্ষিণ প্রান্তলৈ আহি নাৰায়ণ গুৰুজীক সাক্ষাৎ কৰিছিল৷ সাক্ষাতৰ পাছত গুৰুদেৱে কৈছিল, আজিলৈকে মই নাৰায়ণ গুৰুজীৰ দৰে মহান আৰু কোনো আধ্যাত্মিক ব্যক্তিত্বৰ সংস্পর্শলৈ অহা নাই৷ ১৯২৫চনত দেশৰ পশ্চিমপ্রান্তত গুজৰাটৰ পৰা মহাত্মা গান্ধী ইয়ালৈ আহিছিল৷ তেওঁ শ্রী নাৰায়ণ গুৰুজীক সাক্ষাৎ কৰিছিল৷ এই সাক্ষাতে গান্ধীজীক ব্যাপক ধৰণে প্রভাৱিত কৰিছিল। আনকি, স্বয়ং স্বামী বিবেকানন্দও ইয়ালৈ আহি নাৰায়ণ গুৰুজীৰ সান্নিধ্য লৈছিল৷ অসংখ্য মহান ব্যক্তিত্বই নাৰায়ণ গুৰুজীৰ চৰণলৈ অহাৰ সৌভাগ্য পাইছে৷ তেওঁলোকৰ সৈতে বিভিন্ন বিষয়ত গভীৰ আলাপ-আলোচনা হৈছে৷ আচলতে শ শ বছৰৰ দাসত্বৰ পাছত নাৰায়ণ গুৰুজীৰ সৈতে এই সকলো আলোচনা আছিল এখন নতুন ভাৰত নিৰ্মাণ বীজ ৰোপণৰ দৰে৷ অসংখ্য সামাজিক, ৰাজনৈতিক আৰু আধ্যাত্মিক ব্যক্তিত্ব একত্রিত হৈ দেশত সজাগতাৰ বার্তা প্রচাৰ কৰিছে আৰু দেশক সঠিক দিশত আগুৱাই নিবলৈ সকলোকে উজ্জীৱিত কৰিছিল৷ আজি আমি যিখন ভাৰতক দেখিছো স্বাধীনতাৰ ৭৫ বছৰত যি যাত্রাপথ আমি দেখিছো, সেই সকলোবোৰে মহান আৰু ব্যক্তিত্বৰ সুচিন্তিত আৰু সুপৰিকল্পিত চিন্তাভাৱনাৰ ফল৷

 

বন্ধুসকল,

স্বাধীনতাৰ সময়ত আমাৰ সাধু-সন্তসকলে যি দিক নিৰ্দেশা কৰিছিল, ভাৰতে আজি সেই লক্ষ্য পূৰণৰ পথত আগুৱাই গৈছে। এতিয়া আমাৰ নতুন লক্ষ্য আৰু নতুন সংকল্প গ্রহণ কৰাৰ সময়৷ দেশে ২৫বছৰৰ পাছত স্বাধীনতা লাভৰ শতবর্ষ উদযাপন কৰিব। ১০বছৰ পাছত আমি শিৱগিৰি তীর্থযাত্রাৰ শতবার্ষিকী উদযাপন কৰিম। শতবর্ষৰ এই যাত্রাপথত আমাৰ সাফল্যসমূহ সমগ্ৰ বিশ্বত প্ৰসাৰিত কৰিব লাগিব৷ একেদৰে আমাৰ চিন্তাভাৱনাও বিশ্ব কল্যাণৰ স্বার্থত হ’ব লাগিব৷

 

ভাই-ভনীসকল,

আজি সমগ্র বিশ্বই বহু অভিন্ন প্ৰত্যাহ্বান আৰু সংকটৰ সন্মুখীন হৈছে। ক’ৰোনা মহামাৰীৰ সময়ত আমি ইয়াৰ আভাস পাইছো। সমগ্র মানৱজাতিৰ ভৱিষ্যৎ প্রশ্নৰ উত্তৰ কেৱল ভাৰতৰ অভিজ্ঞতা আৰু ভাৰতৰ সাংস্কৃতিক সম্ভাৱনাৰ পৰাই পাব পাৰি৷ আধ্যাত্মিক গুৰুসকলৰ মহান পৰম্পৰাই এই ক্ষেত্রত ডাঙৰ ভূমিকা পালন কৰিব পাৰে৷ আমাৰ নতুন প্রজন্মই আধ্যাত্মিক উপদেশ আৰু শিৱগিৰি তীর্থযাত্রাৰ মহৎ প্রয়াসৰ পৰা বহু কথা শিকিব পাৰে৷ শিৱগিৰি তীর্থযাত্রাৰ সদায়েই অব্যাহত থাকিব বুলি মোৰ বিশ্বাস। সৰ্বাংগীন কল্যাণ, একতা আৰু প্রগতিশীলতাৰ প্রতীক এই তীর্থযাত্রাই ভাৰতক ইয়াৰ গন্তব্যত উপনীত কৰাৰ এক উপযুক্ত মাধ্যম হৈ উঠিব। আপোনালোক সকলো ইয়াত উপস্থিত হৈছে, সেইবাবে মই আপোনালোকক আন্তৰিক কৃতজ্ঞতা জনাইছো। আপোনালোকৰ সকলো সপোন আৰু দৃঢ় সংকল্পৰ সৈতে জড়িত হ’ব পাৰিলে মই নিজকে সৌভাগ্যবান বুলি ভাৱিম৷ আপোনালোক সকলোকে আদৰণি জনাইছো৷ পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছো৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India likely clocked 8%+ growth in early 2026, and remains resilient despite oil shock fears: World Bank official

Media Coverage

India likely clocked 8%+ growth in early 2026, and remains resilient despite oil shock fears: World Bank official
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights 12 years of transformative initiatives centered on Garib Kalyan and human empowerment
June 08, 2026

Prime Minister Shri Narendra Modi today highlighted that over the last 12 years, India has witnessed many transformations, stating that at the core of these changes is the welfare of the poor and downtrodden. The Prime Minister noted that the government has always been inspired by Antyodaya and its effort has always been to ensure that the benefits of development reach those who were left behind for decades.

Shri Modi observed that from Jan Dhan accounts and Direct Benefit Transfer to Swachh Bharat, PM Awas Yojana, Jal Jeevan Mission, Ayushman Bharat and more, every initiative has been driven by a simple objective of ensuring people have dignity and opportunity.

The Prime Minister expressed gladness that technology has played a vital role in ensuring a better quality of life for the poor. Shri Modi pointed out that through Direct Benefit Transfer and digital platforms, support is reaching people directly and transparently. The Prime Minister affirmed that this has reduced leakages, improved efficiency, and strengthened trust in governance, adding that this is how the journey of furthering Garib Kalyan has become a collective movement towards human empowerment and realising the dream of a Viksit Bharat.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, India has witnessed many transformations and at the core of these changes is the welfare of the poor and downtrodden. We have always been inspired by Antyodaya and our effort has always been to ensure that the benefits of development reach those who were left behind for decades. From Jan Dhan accounts and Direct Benefit Transfer to Swachh Bharat, PM Awas Yojana, Jal Jeevan Mission, Ayushman Bharat and more, every initiative has been driven by a simple objective of ensuring people have dignity and opportunity.
#12YearsOfGaribKalyan”

“It is also gladdening that technology has played a vital role in ensuring a better quality of life for the poor. Through Direct Benefit Transfer and digital platforms, support is reaching people directly and transparently. This has reduced leakages, improved efficiency and strengthened trust in governance. This is how the journey of furthering Garib Kalyan has become a collective movement towards human empowerment and realising our dream of a Viksit Bharat.

#12YearsOfGaribKalyan"