"গায়ত্ৰী পৰিয়ালে আয়োজন কৰা অশ্বমেধ যজ্ঞ এক ভব্য সামাজিক অভিযানত পৰিণত হৈছে"
"বৃহত্তৰ ৰাষ্ট্ৰীয় আৰু বিশ্ব পদক্ষেপৰ সৈতে একত্ৰীকৰণে যুৱক-যুৱতীসকলক সৰু সৰু সমস্যাৰ পৰা মুক্ত কৰি ৰাখিব"
“বৰ্জনীয় সামগ্ৰীমুক্ত ভাৰত গঢ়ি তোলাৰ বাবে পৰিয়ালসমূহ প্ৰতিষ্ঠান হিচাপে শক্তিশালী হোৱাটো অতি প্ৰয়োজনীয়”
“এজন অনুপ্ৰাণিত যুৱকে দ্ৰব্যৰ অপব্যৱহাৰৰ দিশে পুনৰ গতি কৰিব নোৱাৰে"

গায়ত্ৰী পৰিয়ালৰ সকলো ভক্ত, সকলো সমাজকৰ্মী

উপস্থিত সাধক বন্ধুসকল,

দেৱী আৰু সজ্জনসকল,

গায়ত্ৰী পৰিয়ালৰ যিকোনো অনুষ্ঠান ইমান পৱিত্ৰতাৰ সৈতে জড়িত যে তাত উপস্থিত থকাটো নিজৰ বাবেই এক সৌভাগ্যৰ কথা। মই সুখী যে আজি মই দেৱ সাংস্কৃতিক বিশ্ববিদ্যালয়ে আয়োজন কৰা অশ্বমেধ যজ্ঞৰ অংশ হৈছোঁ। এই অশ্বমেধ যজ্ঞত অংশগ্ৰহণৰ বাবে গায়ত্ৰী পৰিয়ালৰ পৰা নিমন্ত্ৰণ লাভ কৰাৰ সময়ত, সময়ৰ অভাৱৰ বাবে মই এক দ্বিধাৰো সন্মুখীন হৈছিলোঁ। ভিডিঅ’ৰ জৰিয়তেও এই অনুষ্ঠানৰ সৈতে সংযোগ স্থাপনৰ এটা সমস্যা আছিল যে সাধাৰণ মানুহে অশ্বমেধ যজ্ঞক ক্ষমতাৰ সম্প্ৰসাৰণৰ সৈতে জড়িত কৰি চায়। আজিকালি নির্বাচনৰ এই দিনত অশ্বমেধ যজ্ঞৰ অন্য অৰ্থ অনুমান হোৱাটোও স্বাভাৱিক৷ কিন্তু পুনৰ মই দেখিলোঁ যে এই অশ্বমেধ যজ্ঞই আচাৰ্য শ্ৰীৰাম শৰ্মাৰ আৱেগক আগুৱাই লৈ গৈছে, অশ্বমেধ যজ্ঞক এক নতুন অৰ্থ দিছে, তেতিয়া মোৰ সকলো দ্বিধাদ্বন্দ্ব নোহোৱা হৈ গ’ল।

আজি গায়ত্ৰী পৰিয়ালৰ অশ্বমেধ যজ্ঞ সামাজিক সংকল্পৰ এক মহা অভিযানত পৰিণত হৈছে। এই অভিযানৰ জৰিয়তে ড্ৰাগছ আৰু নিচাৰ কবলৰ পৰা ৰক্ষা পোৱা লাখ লাখ যুৱক-যুৱতীৰ অপৰিসীম শক্তি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হ’ব। যুৱক-যুৱতী আমাৰ ৰাষ্ট্ৰৰ ভৱিষ্যৎ। যুৱক-যুৱতী গঢ়ি তোলাটোৱেই হৈছে ৰাষ্ট্ৰৰ ভৱিষ্যৎ গঢ়ি তোলা। এই অমৃতকালত ভাৰতক বিকশিত কৰাৰ দায়িত্ব তেওঁলোকৰ কান্ধত নিহিত হৈ আছে। এই যজ্ঞৰ বাবে গায়ত্ৰী পৰিয়াললৈ আন্তৰিকতাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। গায়ত্ৰী পৰিয়ালৰ শ শ সদস্যক মই নিজেই ব্যক্তিগতভাৱে চিনি পাওঁ। আপোনালোক সকলোৱে ভক্তিৰে সমাজখনক সবলীকৰণত নিয়োজিত। শ্ৰী ৰাম শৰ্মা জীৰ যুক্তি, তেওঁৰ তথ্য, দুষ্টতাৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁৰ সাহস, তেওঁৰ ব্যক্তিগত জীৱনৰ বিশুদ্ধতাই সকলোকে অনুপ্ৰাণিত কৰি আহিছে। আপোনালোকে আচাৰ্য শ্ৰী ৰাম শৰ্মা জী আৰু মাতা ভাগৱতী জীৰ সংকল্পক যিদৰে আগবঢ়াই লৈ গৈছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয়।

বন্ধুসকল,

নিচা এনে এক আসক্তি যে ইয়াক নিয়ন্ত্ৰণ নকৰিলে সেই ব্যক্তিজনৰ সমগ্ৰ জীৱন ধ্বংস কৰি পেলায়। ইয়াৰ ফলত সমাজ আৰু দেশৰ বৃহৎ ক্ষতি হয়। সেইবাবেই আমাৰ চৰকাৰে ৩-৪ বছৰ পূৰ্বে দেশজোৰা ড্ৰাগছমুক্ত ভাৰত অভিযান আৰম্ভ কৰিছিল। মোৰ মন কি বাত অনুষ্ঠানতো এই বিষয়টো উত্থাপন কৰি আহিছোঁ। এতিয়ালৈকে ভাৰত চৰকাৰৰ এই অভিযানত ১১ কোটিৰো অধিক লোকে যোগদান কৰিছে। মানুহক সচেতন কৰিবলৈ বাইক ৰেলী উলিওৱা হৈছে, শপত গ্ৰহণৰ কাৰ্যসূচী কৰা হৈছে, বাটৰ নাট কৰা হৈছে। চৰকাৰৰ সমান্তৰালকৈ সামাজিক সংগঠন আৰু ধৰ্মীয় অনুষ্ঠানসমূহো এই অভিযানৰ সৈতে জড়িত হৈ পৰিছে। এই অভিযানত গায়ত্ৰী পৰিয়াল নিজেই চৰকাৰৰ অংশীদাৰ। ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে বাৰ্তা যাতে দেশৰ চুকে-কোণে বিয়পি পৰে তাৰ বাবে এই প্ৰচেষ্টা। আমি দেখিছোঁ যে শুকান ঘাঁহৰ দ'মত যদি জুই লাগে, কোনোবাই তাৰ ওপৰত পানী ছটিয়াই দিয়ে, কোনোবাই বোকা পেলায়। বেছি বুদ্ধিমান মানুহে সেই শুকান ঘাঁহৰ স্তূপত জুইৰ পৰা বাকী থকা ঘাঁহবোৰ আঁতৰাবলৈ চেষ্টা কৰে। আজিৰ সময়ত গায়ত্ৰী পৰিয়ালৰ এই অশ্বমেধ যজ্ঞ এই অনুভূতিৰ বাবে উৎসৰ্গিত। আমিও আমাৰ যুৱক-যুৱতীসকলক ড্ৰাগছৰ পৰা বচাব লাগিব আৰু ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাসকলক মুক্ত কৰিব লাগিব।

বন্ধুসকল,

আমি যিমানেই আমাৰ দেশৰ যুৱক-যুৱতীসকলক ডাঙৰ ডাঙৰ লক্ষ্যৰে সংযোগ কৰিম, সিমানেই তেওঁলোকে সৰু সৰু ভুলৰ পৰা আঁতৰি থাকিব। আজি দেশে এখন উন্নত ভাৰতৰ লক্ষ্যত কাম কৰি আছে, আজি দেশে আত্মনিৰ্ভৰ হোৱাৰ লক্ষ্যত কাম কৰি আছে। আপোনালোকে দেখিছে, ভাৰতৰ অধ্যক্ষতাত ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যৎ’ বিষয়ক জি-২০ সন্মিলনৰ আয়োজন কৰা হৈছিল। আজি বিশ্বই ‘এটা সূৰ্য্য, এখন পৃথিৱী, এক গ্ৰীড’ৰ দৰে যৌথ প্ৰকল্পত কাম কৰিবলৈ সাজু হৈছে। ‘এখন পৃথিৱী, এক স্বাস্থ্য’ৰ দৰে মিছনে আজি আমাৰ ভাগ-বতৰা কৰা মানৱীয় সংবেদনশীলতা আৰু সংকল্পৰ সাক্ষী হৈ আছে। আমি যিমানেই দেশৰ যুৱক-যুৱতীসকলক এনে ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী অভিযানত জড়িত কৰিম, সিমানেই যুৱক-যুৱতীসকলে ভুল পথৰ পৰা ৰক্ষা পৰিব। আজি চৰকাৰে ক্ৰীড়াক ইমানেই প্ৰচাৰ কৰিছে...আজি চৰকাৰে ইমানেই বিজ্ঞান আৰু গৱেষণাক প্ৰচাৰ কৰিছে...চন্দ্ৰযানৰ সফলতাই যুৱ প্ৰজন্মৰ মাজত কিদৰে প্ৰযুক্তিৰ প্ৰতি নতুন উন্মাদনা সৃষ্টি কৰিছে...আপুনি দেখিছে...এনে প্ৰত্যেকটো প্ৰয়াস, এনে প্ৰতিটো অভিযানে, দেশৰ যুৱক-যুৱতীসকলক নিজৰ শক্তিক সঠিক দিশত আগুৱাই নিবলৈ অনুপ্ৰাণিত কৰে। ফিট ইণ্ডিয়া আন্দোলন হওক...খেলো ইণ্ডিয়া প্ৰতিযোগিতা হওক...এই প্ৰচেষ্টা, এই অভিযানসমূহে দেশৰ যুৱক-যুৱতীসকলক প্ৰেৰণা দিয়ে। আৰু এজন অনুপ্ৰাণিত যুৱকে ড্ৰাগছৰ ফালে মুখ কৰিব নোৱাৰে। দেশৰ যুৱ শক্তিৰ সম্পূৰ্ণ সুবিধা ল’বলৈ চৰকাৰে মেৰা যুৱ ভাৰত নামেৰে এটা বৃহৎ সংগঠনো গঢ়ি তুলিছে। মাত্ৰ ৩ মাহত প্ৰায় ১.৫ কোটি যুৱকে এই সংগঠনত যোগদান কৰিছে। ইয়াৰ লগে লগে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাত যুৱ শক্তিৰ সঠিক ব্যৱহাৰ হ’ব।

বন্ধুসকল,

ড্ৰাগছ আসক্তিৰ এই সমস্যাৰ পৰা দেশক মুক্ত কৰাত পৰিয়ালৰো ডাঙৰ ভূমিকা আছে। আমাৰ পাৰিবাৰিক মূল্যবোধেও ডাঙৰ ভূমিকা পালন কৰে। আমি ড্ৰাগছ আসক্তিক টুকুৰা টুকুৰকৈ চাব নোৱাৰো। যেতিয়া পৰিয়ালটো এটা প্ৰতিষ্ঠান হিচাপে দুৰ্বল হয়, যেতিয়া পৰিয়ালৰ মূল্যবোধৰ অৱনতি ঘটে, তেতিয়া ইয়াৰ প্ৰভাৱ সকলোতে দেখা যায়। যেতিয়া পৰিয়ালৰ সামূহিক মনোভাৱ কমি যায়... যেতিয়া পৰিয়ালৰ সদস্যসকলে বহু দিন ইজনে সিজনক লগ নাপায়, একেলগে নবহে... যেতিয়া তেওঁলোকে সুখ-দুখ ভগাই নলয়... তেতিয়া এইধৰণৰ বিপদ বাঢ়ি যায় আগলৈ। যদি পৰিয়ালৰ প্ৰতিজন সদস্যই নিজৰ মোবাইলত ব্যস্ত হৈ থাকে, তেন্তে নিজৰ পৃথিৱীখন খুব সৰু হৈ পৰিব। সেয়েহে দেশখনক ড্ৰাগছমুক্ত কৰিবলৈ হ’লে পৰিয়ালটো এটা প্ৰতিষ্ঠান হিচাপে সবল হোৱাটোও সমানেই জৰুৰী।

বন্ধুসকল,

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ সময়ত মই কৈছিলোঁ যে এতিয়া ভাৰতৰ হাজাৰ বছৰৰ নতুন যাত্ৰা আৰম্ভ হৈছে। আজি স্বাধীনতাৰ অমৃত কালত আমি সেই নতুন যুগৰ পদধ্বনি শুনিবলৈ পাইছোঁ। মই নিশ্চিত যে ব্যক্তিগত নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ এই মহান অভিযানত আমি নিশ্চিতভাৱে সফল হ'ম। এই সংকল্পৰে পুনৰবাৰ গায়ত্ৰী পৰিয়াললৈ বহুত বহুত শুভকামনা।

আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”