‘জাহাঁ-ই-খুশ্ৰো’ অনুষ্ঠানৰ এক অনন্য সুবাস আছে, ই হৈছে হিন্দুস্তানৰ মাটিৰ সুবাস, সেই হিন্দুস্তান, যাক হজৰত আমিৰ খুশ্ৰোৱে স্বৰ্গৰ সৈতে তুলনা কৰিছিল: প্ৰধানমন্ত্ৰী
চুফী পৰম্পৰাই ভাৰতত নিজৰ বাবে এক অনন্য পৰিচিতি গঢ়ি তুলিছে: প্ৰধানমন্ত্ৰী
দেশৰ সভ্যতা আৰু সংস্কৃতিয়ে ইয়াৰ সংগীত আৰু গীতৰ পৰা কণ্ঠস্বৰ লাভ কৰে: প্ৰধানমন্ত্ৰী
হজৰত খুশ্ৰোৱে ভাৰতক তেওঁৰ সময়ত বিশ্বৰ সকলো প্ৰধান ৰাষ্ট্ৰতকৈ মহান বুলি বৰ্ণনা কৰিছিল, তেওঁ সংস্কৃতক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ভাষা বুলি গণ্য কৰিছিল: প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘সুন্দৰ নাৰ্চাৰী’ত অনুষ্ঠিত চুফী সংগীত মহোৎসৱ ‘জাহাঁ-ই-খুশ্ৰো ২০২৫’ত অংশগ্ৰহণ কৰে।

অনুষ্ঠানত উপস্থিত থকা ড০ কৰণ সিং জী, মুজাফ্ফৰ আলী জী, মীৰা আলী জী, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল!


আজি ‘জাহাঁ-ই-খুশ্ৰো’লৈ আহি সুখী হোৱাটো অতিকে স্বাভাৱিক। হজৰত আমিৰ খুশ্ৰো যি বসন্তৰ বাবে উন্মাদ আছিল, সেই বসন্ত আজি কেৱল দিল্লীৰ বতৰতে উপস্থিত থকা নাই, বৰঞ্চ ‘জাহাঁ-ই-খুশ্ৰো’ৰ পৰিৱেশটোতো বিৰাজমান হৈ আছে। হজৰত খুশ্ৰোৰ কথাত-


सकल बन फूल रही सरसों, सकल बन फूल रही सरसों,

अम्बवा फूटे टेसू फूले, कोयल बोले डार-डार...

গোটেইখন অৰণ্যত সৰিয়হ ফুলি আছে, আম গছ ফুলি আছে, টেচু ফুলি আছে, কুলিয়ে এটা ডালৰ পৰা আন এটালৈ জঁপিয়াই জঁপিয়াই গীত গাই আছে...

ইয়াৰ পৰিৱেশটোও ঠিক তেনেকুৱাই লাগিছে। সমাৱেশলৈ অহাৰ আগতে মই বজাৰ (তাহ বজাৰ)ত ঘূৰাৰ সুযোগ পাইছিলোঁ। তাৰ পিছত মই ‘বাগ-ই-ফিৰদৌছ’ত কিছু সংখ্যক বন্ধুৰ সৈতে শুভেচ্ছা বিনিময় কৰিলো। এতিয়া, ‘নজৰ-ই-কৃষ্ণ’ আৰু অন্যান্য অনুষ্ঠানকেইটা, অসুবিধাৰ মাজতো শিল্পীজনৰ বাবে মাইকৰ নিজা এক সামৰ্থ্য থাকে, কিন্তু তাৰ পাছতো, প্ৰকৃতিৰ সহায়ত তেওঁ যি অনুষ্ঠান পৰিৱেশন কৰিবলৈ চেষ্টা কৰিলে, হয়তো তেঁৱো অলপ হতাশেই হৈছিল। যিসকলে এই অনুষ্ঠানটো উপভোগ কৰিবলৈ আহিছিল তেওঁলোক হয়তো হতাশ হৈছিল। কিন্তু কেতিয়াবা কেতিয়াবা এনে ধৰণৰ কথাবোৰেও আমাক জীৱনৰ একোটা পাঠ দি যায়। মই বিশ্বাস কৰোঁ যে আজিৰ অনুষ্ঠানটোৱেও আমাক এটা পাঠ দান কৰিব।


বন্ধুসকল,


এনে অনুষ্ঠানবোৰ দেশৰ কলা আৰু সংস্কৃতিৰ বাবে সঁচাকৈয়ে গুৰুত্বপূৰ্ণ, সেইবোৰে সান্ত্বনাও প্ৰদান কৰে। ‘জাহাঁ-ই-খুশ্ৰো’ৰ এই শৃংখলাটোৱে ২৫ বছৰ সম্পূৰ্ণ কৰিছে। এই ২৫টা বছৰত এই অনুষ্ঠানটোৱে মানুহৰ মনত স্থান লাভ কৰাটো হৈছে নিজেই ইয়াৰ আটাইতকৈ ডাঙৰ সফলতা। ইয়াৰ বাবে মই ড০ কৰণ সিং জী, মোৰ বন্ধু মুজাফ্ফৰ আলী জী, ভগ্নী মীৰা আলী জী আৰু অন্যান্য সহযোগীসকলক অভিনন্দন জনাইছোঁ। ‘জাহাঁ-ই-খুশ্ৰো’ৰ এই ফুলৰ তোড়া এনেদৰে ফুলি থাকক, মই ‘ৰুমি ফাউণ্ডেশ্যন’ আৰু আপোনালোক সকলোকে ইয়াৰ বাবে শুভ কামনা জনাইছোঁ। পবিত্ৰ ৰমজান মাহো পালেহিয়েই। মই আপোনালোক সকলোকে আৰু সকলো দেশবাসীক ৰমজানৰ শুভকামনা জনাইছোঁ। আজি মই ‘সুন্দৰ নাৰ্চাৰী’লৈ আহিছোঁ, সেয়ে ‘মহামহিম’ ৰাজকুমাৰ কৰিম আগা খানক স্মৰণ কৰাটো মোৰ বাবে নিতান্তই স্বাভাৱিক। ‘সুন্দৰ নাৰ্চাৰী’ সজোৱা আৰু সুন্দৰ কৰাত তেওঁৰ অৱদান লাখ লাখ কলাপ্ৰেমীৰ বাবে এক আশীৰ্বাদ হৈ উঠিছে।

 

বন্ধুসকল,

‘সৰখেজ ৰোজা’ গুজৰাটত চুফী পৰম্পৰাৰ এটা মুখ্য কেন্দ্ৰ হৈ আহিছে। এটা সময়ত, সময়ৰ আচোৰ লাগি ইয়াৰ অৱস্থাৰ অৱনতি ঘটিছিল। যেতিয়া মই মুখ্যমন্ত্ৰী আছিলোঁ  ইয়াৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত যথেষ্ট কাম কৰা হৈছিল আৰু খুব কম লোকেই জানিব যে এনে এটা সময় আছিল যেতিয়া ‘কৃষ্ণ উৎসৱ’ অতি ধুমধামেৰে উদযাপন কৰা হৈছিল আৰু ইয়াক বৃহৎ পৰিমাণে নিৰ্মাণ কৰা হৈছিল আৰু আজিও আমি সকলোৱে ইয়াত কৃষ্ণ ভক্তিৰ ৰঙত নিমজ্জিত হৈ আছিলোঁ। মই প্ৰায়েই ‘সৰখেজ ৰোজা’ত অনুষ্ঠিত বাৰ্ষিক চুফী সংগীত কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলোঁ। চুফী সংগীত হৈছে এক অংশীদাৰী ঐতিহ্য যাক আমি সকলোৱে জীৱন জুৰি শুনি আহিছো। আমি সকলোৱে এয়া শুনিয়েই ডাঙৰ হৈছো। এতিয়া ইয়াত উপস্থাপন কৰা ‘নজৰ-ই-কৃষ্ণ’ অনুষ্ঠানেও আমাৰ অংশীদাৰী ঐতিহ্যকে প্ৰতিফলিত কৰে।


বন্ধুসকল,

‘জাহাঁ-ই-খুশ্ৰো’ৰ এই অনুষ্ঠানৰ এক পৃথক সুবাস আছে। এই সুবাস হিন্দুস্তানৰ মাটিৰ। সেই হিন্দুস্তান যিখনক হজৰত আমিৰ খুশ্ৰোয়ে স্বৰ্গৰ লগত তুলনা কৰিছিল। আমাৰ হিন্দুস্তান হৈছে স্বৰ্গৰ সেই বাগিচা, য'ত সংস্কৃতিৰ প্ৰতিটো ৰং বিকশিত হৈছে। এই দেশৰ মাটিৰ প্ৰকৃতিত কিবা বিশেষ আছে। সম্ভৱতঃ সেইকাৰণে যেতিয়া চুফী পৰম্পৰা ভাৰতলৈ আহিছিল, তেতিয়াও এনে অনুভৱ হৈছিল যেন ই নিজৰ ভূমিৰ সৈতে সংযুক্ত হৈ পৰিছে। ইয়াত, বাবা ফৰিদৰ আধ্যাত্মিক আলোচনাই হৃদয়ক প্ৰশান্তি প্ৰদান কৰিছিল। হজৰত নিজামুদ্দিনৰ সমাৱেশে প্ৰেমৰ চাকি জ্বলাইছিল। হজৰত আমিৰ খুশ্ৰোৰ কথাবোৰে নতুন মুকুতা খচিত কৰিছিল আৰু ইয়াৰ ফলত হজৰত খুশ্ৰোৰ এই বিখ্যাত শাৰীবোৰত প্ৰকাশিত হৈছিল।

बन के पंछी भए बावरे, बन के पंछी भए बावरे,

ऐसी बीन बजाई सँवारे, तार तार की तान निराली,

झूम रही सब वन की डारी।

বনৰ চৰাইবোৰ উৰুলীকৃত হৈছে, বনৰ চৰাইবোৰ উৰুলীকৃত হৈছে, সাঁৱৰে ইমান ধুনীয়াকৈ বীণা বজাইছে, প্ৰতিডাল তাঁৰৰ সুৰ অনন্য, বনানীৰ সকলোৱেই নাচিবলৈ লৈছে।


চুফী পৰম্পৰাই ভাৰতত নিজৰ বাবে এক সুকীয়া পৰিচিতি গঢ়ি লৈছিল। চুফী সাধুসকলে নিজকে মছজিদ বা খানকাহতে সীমাবদ্ধ ৰখা নাছিল, তেওঁলোকে পবিত্ৰ কোৰাণৰ বৰ্ণবোৰ পাঠ কৰিছিল আৰু বেদবোৰো শুনিছিল। তেওঁলোকে আজানৰ শব্দত ভক্তিমূলক গীতৰ মধুৰতা সংযোজিত কৰিছিল আৰু সেয়েহে উপনিষদসমূহ সংস্কৃতত एकं सत् विप्रा बहुधा वदन्ति (একম সত্ বিপ্ৰা বহুধা বদন্তি) বুলি কৈছিল, হজৰত নিজামুদ্দিন আউলিয়াই हर कौम रास्त राहे, दीने व किब्ला गाहे (হৰ কৌম ৰাস্ত ৰাহে, দীন-ই-কিব্লা গাহে)ৰ দৰে চুফী গান গাই একে কথাকে কৈছিল। ভাষা, শব্দশৈলী ভিন্ন আছিল যদিও বাৰ্তাটো একে। মই সুখী যে আজি ‘জাহাঁ-ই-খুশ্ৰো’ একে পৰম্পৰাৰ এক আধুনিক পৰিচয় হৈ উঠিছে।

 

বন্ধুসকল,


যিকোনো দেশৰ সভ্যতা আৰু সংস্কৃতিয়ে গীত আৰু সংগীতৰ পৰা ইয়াৰ কণ্ঠস্বৰ লাভ কৰে। ই কলাৰ জৰিয়তে ইয়াৰ অভিব্যক্তি লাভ কৰে। হজৰত খুচশ্ৰোৱে কৈছিল যে ভাৰতৰ এই সংগীতত এক সম্মোহনবাদ আছে, এনে এক সম্মোহনবাদ যে অৰণ্যৰ হৰিণবোৰেও জীৱনৰ ভয় পাহৰি ঠাইতে থমকি ৰৈছিল। চুফী সংগীত ভাৰতীয় সংগীতৰ এইখন সাগৰলৈ এক পৃথক প্ৰবাহ হিচাপে আহিছিল আৰু এইখন সাগৰৰ এক সুন্দৰ লহৰ হৈ পৰিছিল। যেতিয়া চুফী সংগীত আৰু শাস্ত্ৰীয় সংগীতৰ সেই প্ৰাচীন ধাৰাবোৰ ইটোৱে সিটোৰ সৈতে সংযোজিত হৈছিল, আমি প্ৰেম আৰু ভক্তিৰ এক নতুন ধ্বনি শুনিবলৈ পাইছিলোঁ। এয়া আমি হজৰত খুশ্ৰোৰ কাৱালীত পাইছিলোঁ। ইয়াতেই আমি বাবা ফৰিদৰ দোহাত বিচাৰি পাইছিলোঁ। বুলেহ শ্বাহৰ কণ্ঠ, মীৰৰ গীত, ইয়াত আমি কবীৰ, ৰহিম আৰু ৰাসখানক পাইছিলো। এই সাধুসকল আৰু আউলিয়াসকলে ভক্তিক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। আপুনি সুৰদাস বা ৰহিম আৰু ৰাসখানৰ লিখনিয়েই পঢ়ক বা আপুনি চকু বন্ধ কৰি হজৰত খুশ্ৰোৰ গীতেই শুনক, যেতিয়া আপুনি গভীৰতালৈ যাব, আপুনি একে ঠাইতে উপস্থিত হ’বগৈ। এই ঠাইখন হৈছে আধ্যাত্মিক প্ৰেমৰ উচ্চতা য'ত মানুহৰ প্ৰতিবন্ধকতা ভংগ হয় আৰু মানুহ আৰু ঈশ্বৰৰ মিলন অনুভৱ কৰা হয়। আপোনালোকে দেখিছে, আমাৰ ৰাসখান এগৰাকী মুছলমান আছিল, কিন্তু তেওঁ এজন হৰিভক্ত আছিল।

ৰাসখানে কয়- प्रेम हरी को रूप है, त्यों हरि प्रेम स्वरूप। एक होई द्वै यों लसैं, ज्यौं सूरज अरु धूप॥

অৰ্থাৎ প্ৰেম আৰু হৰি দুয়ো একে ৰূপ, যেনে সূৰ্য আৰু ৰ'দ আৰু হজৰত খুশ্ৰোৰো এনে অনুভৱ হৈছিল। তেওঁ खुसरो दरिया प्रेम का-ত লিখিছিল, सो उलटी वा की धार। जो उतरा सो डूब गया, जो डूबा सो पार।। অৰ্থাৎ, কেৱল প্ৰেমত নিমজ্জিত হৈহে বৈষম্যৰ প্ৰতিবন্ধকতাবোৰ অতিক্ৰম কৰা হয়। ইয়াত পৰিৱেশিত অনুষ্টাতো আমি একেই অনুভৱ কৰিছোঁ।

 

বন্ধুসকল,

চুফী পৰম্পৰাই কেৱল মানুহৰ মাজৰ আধ্যাত্মিক দূৰত্বকে আঁতৰোৱা নাই, পৃথিৱীৰ দূৰত্বও হ্ৰাস কৰিছে। মোৰ মনত আছে যেতিয়া মই ২০১৫ চনত আফগানিস্তানৰ সংসদলৈ গৈছিলো, মই তাত ৰুমীক অতি আৱেগিক শব্দত স্মৰণ কৰিছিলোঁ। আঠ শতিকাৰ আগতে ৰুমীৰ জন্ম তাত বাল্খ প্ৰদেশত হৈছিল। মই নিশ্চিতভাৱে ইয়াত ৰুমিৰ লিখনিৰ এটা হিন্দী অনুবাদ দোহাৰিব বিচাৰিম কাৰণ এই শব্দবোৰ আজিও সমানেই প্ৰাসংগিক। ৰুমীয়ে কৈছিল, শব্দক গুৰুত্ব দিয়ক, মাত মাতিবলৈ নহয়, কিয়নো ফুল বৰষুণত জন্ম হয়, ধুমুহাত নহয়। তেওঁৰ আৰু এটা কথা মোৰ মনত আছে, যদি মই এইটো স্থানীয় শব্দত কওঁ, ইয়াৰ অৰ্থ হৈছে, মই পূৱৰ পৰা বা পশ্চিমৰ পৰা নহয়, মই সাগৰৰ পৰা অহা নাই বা মই ভূমিৰ পৰা অহা নাই, মোৰ বাবে কোনো ঠাই নাই, কোনো নাই, মই কোনো ঠাইৰ অন্তৰ্ভুক্ত নহয়, অৰ্থাৎ, মই সকলোতে আছোঁ। এই চিন্তা, এই দৰ্শন আমাৰ বসুধৈৱ কুটুম্বকমৰ ভাৱনাতকৈ পৃথক নহয়। যেতিয়া মই বিশ্বৰ বিভিন্ন দেশত ভাৰতক প্ৰতিনিধিত্ব কৰোঁ তেতিয়া এই চিন্তাবোৰে মোক শক্তি প্ৰদান কৰে। মোৰ মনত আছে, যেতিয়া মই ইৰানলৈ গৈছিলো, যুটীয়া সংবাদমেলৰ সময়ত মই তাত মিৰ্জা গালিবৰ এটা দোহা আবৃত্তি কৰিছিলোঁ-

जनूनत गरबे, नफ्से-खुद, तमाम अस्त।

ज़े-काशी, पा-बे काशान, नीम गाम अस्त॥

অৰ্থাৎ যেতিয়া আমি সাৰ পাওঁ, আমি দেখিছো কাশী আৰু কাশানৰ মাজৰ দূৰত্ব মাত্ৰ আধা খোজ। প্ৰকৃততে, আজিৰ পৃথিৱীত, য'ত যুদ্ধই মানৱতাৰ ইমান ডাঙৰ ক্ষতি কৰিছে, এই বাৰ্তাটো অতি উপযোগী হ'ব পাৰে।

 

বন্ধুসকল,

হজৰত আমিৰ খুশ্ৰোক 'টুটি-ই-হিন্দ' বুলি কোৱা হয়। ভাৰতৰ প্ৰশংসাত তেওঁ গোৱা গীতবোৰ, ভাৰতৰ প্ৰেমত, হিন্দুস্তানৰ মাহাত্ম্য আৰু আকৰ্ষণৰ বৰ্ণনা তেওঁৰ নুহ-চিপিহৰ নামৰ গ্ৰন্থত পোৱা যায়। হজৰত খুশ্ৰোৱে ভাৰতক সেই সময়ৰ পৃথিৱীৰ সকলো ডাঙৰ দেশসমূহতকৈ ডাঙৰ বুলি বৰ্ণনা কৰিছিল। তেওঁ সংস্কৃতক পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ভাষা বুলি অভিহিত কৰিছিল। তেওঁ ভাৰতৰ ঋষিসকলক মহান পণ্ডিততকৈয়ো মহান বুলি গণ্য কৰিছিল। ভাৰতৰ শূন্য, গণিত, বিজ্ঞান আৰু দৰ্শনৰ জ্ঞানসমূহ কেনেকৈ বিশ্বৰ অন্য প্ৰান্তত উপনীত হৈছিলগৈ? ভাৰতীয় গণিত কেনেকৈ আৰৱত উপস্থিত হৈছিল আৰু তাত হিন্দচা নামেৰে পৰিচিত হৈছিল? হজৰত খুশ্ৰোৱে কেৱল তেওঁৰ গ্ৰন্থত এই কথা উল্লেখ কৰাই নহয়, ইয়াৰ বাবে গৌৰৱান্বিত হৈছে। যদি আমি আজি আমাৰ অতীতৰ সৈতে পৰিচিত যেতিয়া দাসত্বৰ দীঘলীয়া সময়ছোৱাত ইমান খিনি ধ্বংস হৈছিল, তেন্তে হজৰত খুশ্ৰোৰ লিখনিবোৰে ইয়াত এক ডাঙৰ ভূমিকা পালন কৰে।


বন্ধুসকল,

আমি এই ঐতিহ্যক সমৃদ্ধ কৰি থাকিব লাগিব। মই সন্তুষ্ট যে ‘জাহাঁ-ই-খুশ্ৰো’ৰ দৰে প্ৰচেষ্টাই এই দায়িত্ব ভালদৰেই পালন কৰি আছে আৰু ২৫ বছৰ ধৰি এই কামটো নিৰন্তৰভাৱে কৰাটো এটা সৰু কৃতিত্ব নহয়। মই মোৰ বন্ধুক বহুত অভিনন্দন জনাইছোঁ। এই অনুষ্ঠানটো আয়োজন কৰাৰ বাবে মই আপোনালোক সকলোকে আকৌ এবাৰ অভিনন্দন জনাইছোঁ। কিছু অসুবিধা স্বত্বেও, মই এই অনুষ্ঠানটো উপভোগ কৰাৰ অকণমান সুযোগ পালো, ইয়াৰ বাবে মই মোৰ বন্ধুৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুত ধন্যবাদ! বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Moody’s projects stable outlook for India's banking sector, NPAs to remain low

Media Coverage

Moody’s projects stable outlook for India's banking sector, NPAs to remain low
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates people of Chhattisgarh for special celebration of ‘Bastar Pandum’ festival
February 10, 2026

The Prime Minister, Shri Narendra Modi has congratulated the people of Chhattisgarh for special celebration of ‘Bastar Pandum’ festival, between February 7 and 9 in Chhattisgarh. During the festival, the rich culture, traditions, and tribal heritage of Bastar were showcased in a magnificent way. Shri Modi stated that such events play a vital role in preserving our cultural heritage and empowering local communities.

"Earlier, whenever the name of Bastar was mentioned, images of Maoism, violence, and backwardness in development would come to mind. But now the situation has completely changed. Today, Bastar is known not only for its development but also for the growing self-confidence of its local people. My only wish is that the coming time for this region be filled with the spirit of peace, progress, and cultural pride", Shri Modi stated.

Responding to a post by Union Minister, Shri Amit Shah on X, Shri Modi said:

"7 से 9 फरवरी के बीच छत्तीसगढ़ में ‘बस्तर पंडुम’ का विशेष आयोजन किया गया। इस उत्सव के दौरान बस्तर की समृद्ध संस्कृति, परंपरा और जनजातीय विरासत का भव्य रूप दिखा। इस प्रयास से जुड़े अपने सभी परिवारजनों को मेरी हार्दिक बधाई। ऐसे आयोजन हमारी सांस्कृतिक विरासत को संरक्षित करने और स्थानीय समुदायों को सशक्त बनाने में अहम भूमिका निभाते हैं।

पहले जब बस्तर का नाम लिया जाता था तो माओवाद, हिंसा और विकास में पिछड़ेपन की छवि उभरती थी। लेकिन अब हालात बिल्कुल बदल चुके हैं। आज बस्तर विकास के साथ-साथ स्थानीय लोगों के बढ़ते आत्मविश्वास के लिए जाना जाता है। मेरी यही कामना है कि यहां का आने वाला समय शांति, प्रगति और सांस्कृतिक गौरव की भावना से परिपूर्ण हो।"