মহতাৰী বন্দনা যোজনাৰ অধীনত প্ৰথম কিস্তি বিতৰণ কৰে
ছত্তীশগড়ত ৰাজ্যখনৰ যোগ্য বিবাহিত মহিলাসকলক প্ৰতি মাহে ডিবিটি হিচাপে ১০০০টকা বিত্তীয় সাহায্য প্ৰদান কৰাৰ আঁচনি

নমস্কাৰ জী,

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰীযুত বিষ্ণু দেৱ সাই জী, ৰাজ্য চৰকাৰৰ সকলো মন্ত্ৰী, বিধায়কগণ, উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকল, জয়-জোহাৰ।

 

মা দন্তেশ্বৰী, মা বম্লেশ্বৰী আৰু মা মহামায়াক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। ছত্তীশগড়ৰ মাতৃ-ভগ্নীসকললৈও মোৰ প্ৰণাম। দুসপ্তাহ আগতে মই ছত্তীশগড়ত ৩৫ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু লোকাৰ্পণ কৰিছিলোঁ। আৰু আজি মোৰ নাৰী শক্তিক সবলীকৰণ কৰিবলগা মহতাৰী বন্দন যোজনা সমৰ্পিত কৰাৰ সৌভাগ্য হৈছে। মহতাৰী বন্দন যোজনাৰ অধীনত ছত্তীশগড়ৰ ৭০ লাখৰো অধিক মাতৃ-ভগ্নীক প্ৰতিমাহে ১০০০ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল। প্ৰতিশ্ৰুতি পূৰণ কৰিলে বিজেপি চৰকাৰে। আজি মহতাৰী বন্দন যোজনাৰ অধীনত ৬৫৫ কোটি টকাৰ প্ৰথম কিস্তি মুকলি কৰা হৈছে। আৰু মই পৰ্দাত দেখিছোঁ, লাখ লাখ ভগ্নীক দেখা গৈছে, বেলেগ বেলেগ স্থানত ইমান বৃহৎ সংখ্যাত আপোনালোক সকলো ভগ্নীক একেলগে দেখাটো, আপোনালোকৰ আশীৰ্বাদ লাভ কৰাটো, আমাৰ সৌভাগ্যৰ কথা। দৰাচলতে আজি অনুষ্ঠানটো ইমানেই গুৰুত্বপূৰ্ণ যে, মই ছত্তীশগড়লৈ আপোনালোকৰ মাজলৈ যাব লাগিছিল। কিন্তু বিভিন্ন কাৰ্যসূচীৰ বাবে মই ইয়াত উত্তৰ প্ৰদেশত আছোঁ। আৰু মাতৃ-ভগ্নীসকল, মই বৰ্তমান কাশীৰ পৰা কৈ আছোঁ। আৰু যোৱা নিশা বাবা বিশ্বনাথক প্ৰণাম কৰি আৰু তেওঁৰ পূজা কৰি সকলো দেশবাসীৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ। আৰু চাওক, আজি মই বাবা বিশ্বনাথৰ ভূমিৰ পৰা, পৱিত্ৰ কাশী নগৰৰ পৰা আপোনালোক সকলোৰে লগত কথা পতাৰ সুযোগ পাইছোঁ আৰু সেইবাবেই মই আপোনালোকক কেৱল অভিনন্দন দিয়াই নহয়, বাবা বিশ্বনাথেও আপোনালোক সকলোকে আশীৰ্বাদ দি আছে আৰু মই, পৰশি শিৱৰাত্ৰি আছিল, সেয়ে শিৱৰাত্ৰিৰ বাবে ৮ মাৰ্চৰ নাৰী দিৱসত এই কাৰ্যসূচী আয়োজন কৰাটো সম্ভৱ নহ'ল। গতিকে এফালে ৮ মাৰ্চ নাৰী দিৱস, শিৱৰাত্ৰিৰ দিৱস আৰু আজি বাবা ভোলেৰ নগৰৰ পৰা বাবা ভোলেৰ আশীৰ্বাদো ১০০০ টকা গৈ আছে, তাতোকৈ ডাঙৰ শক্তি বাবা ভোলেৰ আশীৰ্বাদো গৈ আছে। আৰু মই প্ৰতিগৰাকী মহতাৰীক ক’ম...আপোনালোক সকলোৰে একাউণ্টত এতিয়া প্ৰতিমাহে কোনো কষ্ট নোহোৱাকৈ এই টকা আহি থাকিব। আৰু এয়া মোৰ ভৰষা ছত্তীশগড়ৰ বিজেপি চৰকাৰৰ ওপৰত আৰু সেইবাবেই মই এই গেৰাণ্টী দিছোঁ।

ভাতৃ-ভগ্নীসকল,

যেতিয়া মাতৃ-ভগ্নীক সৱলীকৰণ কৰা হয়, তেতিয়া সমগ্ৰ পৰিয়ালটো ক্ষমতাশালী হয়। গতিকে ডাবল ইঞ্জিন চৰকাৰৰ অগ্ৰাধিকাৰ আমাৰ মাতৃ-ভগ্নীসকলৰ কল্যাণ। আজি পৰিয়ালটোৱে এটা পকা ঘৰ পাইছে – আৰু সেয়াও মহিলাৰ নামত! উজ্জ্বলাৰ সস্তীয়া গেছ চিলিণ্ডাৰ পোৱা যায় - সেয়াও মহিলাৰ নামত! ৫০ শতাংশতকৈও অধিক জন ধনৰ একাউণ্ট – সেয়াও আমাৰ মাতৃ-ভগ্নীৰ নামত!

 

যি মুদ্ৰা ঋণ লাভ কৰি আছে তাৰ ভিতৰত ৬৫ শতাংশতকৈও অধিক আমাৰ মহিলা আৰু ভগ্নী, মাতৃ-ভগ্নী, বিশেষকৈ ন-জোৱান কন্যাসকলে পদক্ষেপ লৈছে, অগ্ৰসৰ হৈছে। আৰু এই ঋণ লৈ তেওঁলোকৰ কাম আৰম্ভ কৰিছে! যোৱা ১০ বছৰত আমাৰ চৰকাৰে আত্মসহায়ক গোটৰ ১০ কোটিতকৈও অধিক মহিলাৰ জীৱন সলনি কৰিছে। আমাৰ চৰকাৰৰ প্ৰচেষ্টাত এতিয়ালৈকে সমগ্ৰ দেশতে ১ কোটিতকৈও অধিক লাখপতি দিদিৰ সৃষ্টি হৈছে। এক কোটিতকৈও অধিক লাখপতি দিদি হোৱা আৰু প্ৰতিখন গাঁৱতে এয়া কিমান বিশাল অৰ্থনৈতিক শক্তি হৈ পৰিছে। আৰু কিন্তু এই সফলতা দেখি আমি এক বৃহৎ জাঁপ দিয়াৰ সিদ্ধান্ত লৈছোঁ। আমি সংকল্প লৈছোঁ যে আমি দেশৰ ৩ কোটি ভগ্নীক লাখপতি দিদি কৰাৰ লক্ষ্যত উপনীত হ'ম। নমো ড্ৰোন দিদি আঁচনিয়েও মহিলা সবলীকৰণৰ নতুন পথ মুকলি কৰিছে। আৰু মাতৃ-ভগ্নীসকল, কাইলৈকে মই নমো ড্ৰোন দিদিৰ এটা ডাঙৰ অনুষ্ঠান আয়োজন কৰিবলৈ ওলাইছোঁ। পুৱা ১০-১১ বজাত টিভিৰ সৈতে সংযুক্ত হওক। চাওক নমো ড্ৰোন দিদিয়ে কি আচৰিত কাম কৰি আছে। আপুনিও ইয়াক চাবলৈ পাব আৰু ভৱিষ্যতে আপুনিও উৎসাহেৰে ইয়াত যোগদান কৰিব। আৰু এই আঁচনি ‘নমো ড্ৰোন দিদি’ৰ অধীনত বিজেপি চৰকাৰে ভগ্নীসকলক ড্ৰোন প্ৰদান কৰাৰ লগতে ড্ৰোন পাইলটৰ প্ৰশিক্ষণো প্ৰদান কৰিব। আৰু মই এগৰাকী ভগ্নীৰ সাক্ষাৎকাৰ চাইছিলোঁ। তেওঁ কৈছিল যে মই চাইকেল চলাবও নাজানিছিলোঁ আৰু আজি মই ড্ৰোন দিদি পাইলট হৈ পৰিছোঁ। চাওক, ইয়াৰ দ্বাৰা খেতিৰ আধুনিকীকৰণ হ’ব আৰু ভগ্নীসকলেও অতিৰিক্ত উপাৰ্জন লাভ কৰিব। মই এই আঁচনিখন কাইলৈ নিজেই দিল্লীৰ পৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু সেইবাবেই আপোনালোক সকলোকে আকৌ এবাৰ মোৰ লগত যোগদান কৰিবলৈ অনুৰোধ জনালোঁ।

 

ভাতৃ-ভগ্নীসকল,

পৰিয়ালটো সমৃদ্ধিশালী তেতিয়া হয়, যেতিয়া পৰিয়ালটো সুস্থ হৈ থাকে। আৰু ঘৰৰ মহিলাসকল সুস্থ হৈ থাকিলেহে পৰিয়ালটো সুস্থ হৈ থাকে। আগতে গৰ্ভাৱস্থাত মাতৃ আৰু সন্তানৰ মৃত্যু এক বৃহৎ চিন্তাৰ বিষয় আছিল। গৰ্ভাৱস্থাৰ সময়ত গৰ্ভৱতী মহিলাক বিনামূলীয়াকৈ টীকাকৰণ আৰু ৫ হাজাৰ টকাৰ সাহায্য প্ৰদানৰ পৰিকল্পনা কৰিছিলোঁ। আশা আৰু অংগনৱাড়ী শ্ৰমিকসকলক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা প্ৰদান কৰা হৈছে। আগতে ঘৰত শৌচাগাৰ নথকাৰ বাবে ভগ্নী-কন্যাই যন্ত্ৰণা আৰু অপমান ভোগ কৰিবলগীয়া হৈছিল। আজি প্ৰতিটো ঘৰতে মাতৃ-ভগ্নীৰ বাবে সন্মানৰ স্থান আছে। ইয়াৰ ফলত তেওঁলোকৰ সমস্যা হ্ৰাস পোৱাৰ লগতে ৰোগৰ পৰাও সকাহ পোৱা গৈছে।

 

ভাতৃ-ভগ্নীসকল,

নিৰ্বাচনৰ পূৰ্বে বহু দলে ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে। আকাশৰ পৰা সকলো তৰা আনি আপোনালোকৰ চৰণত ৰখাৰ কথা কয়। কিন্তু, বিজেপিৰ দৰে স্পষ্ট উদ্দেশ্য থকা দল এটাইহে প্ৰতিশ্ৰুতি পূৰণ কৰে। সেইবাবেই বিজেপি চৰকাৰ গঠনৰ ইমান কম সময়ৰ ভিতৰতে মহতাৰী বন্দন যোজনাৰ এই প্ৰতিশ্ৰুতি পূৰণ হৈছে। আৰু সেইবাবেই আমাৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ জী, তেওঁৰ সমগ্ৰ দল আৰু ছত্তীশগড় চৰকাৰক যিমানেই অভিনন্দন জনাম সেয়া কম হ'ব। আৰু এই কাৰণেই মানুহে কয় – মোদীৰ গেৰাণ্টী মানে হৈছে, গেৰাণ্টী পূৰণৰ গেৰাণ্টী! নিৰ্বাচনৰ সময়ত আমি ছত্তীশগড়ৰ সমৃদ্ধিৰ বাবে দিয়া গেৰাণ্টী পূৰণৰ বাবে বিজেপি চৰকাৰে অহৰহ কাম কৰি আছে। মই গেৰাণ্টী দিছিলোঁ যে ছত্তীশগড়ত আমি ১৮ লাখ, সংখ্যাটো বহুত ডাঙৰ, ১৮ লাখ পকা ঘৰ সাজিম। চৰকাৰ গঠনৰ দ্বিতীয় দিনাই আমাৰ বিষ্ণুদেৱ সাই জী, তেওঁৰ কেবিনেট আৰু ছত্তীশগড় চৰকাৰে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰি কাম আৰম্ভ কৰি দিয়ে। ছত্তীশগড়ৰ ধান খেতিয়কক ২ বছৰৰ বাকী থকা বোনাছ দিয়াৰ গেৰাণ্টী দিছিলোঁ। ছত্তীশগড় চৰকাৰে অটল জীৰ জন্মদিনত কৃষকৰ একাউণ্টত ৩,৭০০ কোটি টকাৰ বোনাছ জমা কৰে। মই এটা গেৰাণ্টী দিছিলোঁ যে আমাৰ চৰকাৰে ইয়াত প্ৰতি কুইণ্টলত ৩,১০০ টকাৰ হাৰত ধান ক্ৰয় কৰিব। আমাৰ চৰকাৰে প্ৰতিশ্ৰুতি পূৰণ কৰি ১৪৫ লাখ টন ধান ক্ৰয় কৰি এক নতুন অভিলেখ গঢ়ি তোলাত মই সুখী। ইয়াৰ উপৰিও, কৃষক উন্নতি যোজনা আৰম্ভ কৰা হৈছে। এই আঁচনিৰ অধীনত এইবাৰ ক্ৰয় কৰা ধানৰ পাৰ্থক্যৰ পৰিমাণ অতি সোনকালে কৃষক ভাইসকলক প্ৰদান কৰা হ’ব। আগন্তুক ৫ বছৰত জনকল্যাণৰ এই কামবোৰ নিৰ্ণায়কভাৱে আগুৱাই নিব। এই ক্ষেত্ৰত আপোনালোক সকলো মাতৃ-ভগ্নীৰ বৃহৎ অংশগ্ৰহণ হ'ব। মোৰ বিশ্বাস যে ছত্তীশগড়ৰ ডাবল ইঞ্জিন চৰকাৰে আপোনালোকক এনেদৰে সেৱা আগবঢ়াই যাব আৰু নিজৰ সকলো গেৰাণ্টী পূৰণ কৰি যাব। আৰু মই আকৌ এবাৰ, গ্ৰীষ্মকাল আৰম্ভ হৈছেই। মোৰ সন্মুখত থকা লাখ লাখ ভগ্নীক দেখি আছোঁ। এই দৃশ্য অভূতপূৰ্ব, স্মৰণীয় দৃশ্য। ভাব হৈছে যে আজি যদি মই আপোনালোকৰ মাজত থাকিলোঁ হেঁতেন। কিন্তু আপোনালোক সকলোৱে মোক ক্ষমা কৰিব, কিন্তু মই বাবা বিশ্বনাথৰ ধামৰ পৰা কৈ আছোঁ, কাশীৰ পৰা কৈ আছোঁ। সেয়ে লগতে বাবাৰ আশীৰ্বাদো প্ৰেৰণ কৰি আছোঁ। মোৰ ফালৰ পৰা আপোনালোকক বহুত বহুত ধন্যবাদ, বহুত বহুত শুভকামনা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort

Media Coverage

‘Give mothers, sisters their due rights’: PM Modi pushes for women's reservation from the ramparts of Red Fort
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 আগষ্ট 2026
August 16, 2026

Aatmanirbhar Ambitions Meet Global Alliances: The Modi Doctrine in Action