"ভাল্লালাৰৰ প্ৰভাৱ গোলকীয়"
"যেতিয়া আমি ভাল্লালাৰক স্মৰণ কৰো,তেতিয়া আমি তেওঁৰ যত্ন আৰু সহানুভূতিৰ মনোভাৱৰ কথা মনত পেলাও"
"ভাল্লালাৰে বিশ্বাস কৰিছিল যে ভোকাতুৰসকলৰ সৈতে খাদ্য ভাগ-বাটোৱাৰা কৰাটো সকলো দয়াৰ কাৰ্য্যৰ ভিতৰত আটাইতকৈ মহৎ"
"সামাজিক সংস্কাৰৰ ক্ষেত্ৰত ভাল্লালাৰ সময়তকৈ আগবাঢ়ি আছিল"
"ভাল্লালাৰৰ শিক্ষাৰ উদ্দেশ্য হৈছে এখন সমান সমাজৰ বাবে কাম কৰা"
"সময় আৰু স্থানসাপেক্ষে ভাৰতৰ সাংস্কৃতিক জ্ঞানৰ বৈচিত্ৰ্য মহান সাধুসকলৰ শিক্ষাৰ উমৈহতীয়া সূতাৰ দ্বাৰা সংযুক্ত যি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সামূহিক ধাৰণাত শক্তি যোগ কৰে"

নমস্কাৰ! বল্লালাৰ নামেৰেও পৰিচিত মহান শ্ৰী ৰামলিংগম স্বামী জীৰ দুশ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে এই কাৰ্য্যসূচীত ভাষণ দিবলৈ পাই সন্তোষ পাইছোঁ। ইয়াতকৈয়ো বিশেষ এয়ে যে এই অনুষ্ঠান বল্লালাৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ঠাই বাদালুৰত অনুষ্ঠিত হৈছে। বল্লালাৰ আমাৰ অন্যতম সন্মানীয় সন্ত। ১৯ শতিকাত তেওঁ এই পৃথিৱীলৈ আহিছিল। তেওঁৰ আধ্যাত্মিক অন্তৰ্দৃষ্টিয়ে আজিও লাখ-লাখ লোকক অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ প্ৰভাৱ বিশ্বব্যাপী। তেওঁৰ চিন্তা আৰু আদৰ্শৰ আধাৰত কেইবাটাও সংগঠনে কাম কৰি আছে। 

বন্ধুসকল,

আমি বল্লালাৰক মনত পেলোৱা মাত্ৰেকে তেওঁৰ যত্ন আৰু মমতাৰ মনোভাৱৰ কথা মনত পৰে। তেওঁ সহমানৱৰ প্ৰতি মমতাৰ আদৰ্শত বিশ্বাসী আছিল। তেওঁৰ অন্যতম গুৰুত্বপূৰ্ণ অৱদান আছিল ভোক নিবাৰণৰ প্ৰতি তেওঁৰ দৃঢ় দায়বদ্ধতা। মানুহ এজনে খালী পেটেৰে শুবলৈ যোৱাতকৈ তেওঁৰ বাবে মনো কষ্ট আন একো নাছিল। তেওঁৰ মতে ভোকাতুৰসকলক খাদ্য যোগান সকলো দয়াৰ কামৰ ভিতৰত অন্যতম উচ্চমানৰ কাম। এয়া এক আদৰ্শ যাৰ প্ৰতি আমি সকলো দায়বদ্ধ। আপোনালোকে হয়তো মনত পেলাব পাৰিব যে শতিকাত এবাৰ হোৱা ক’ভিড-১৯ মহামাৰীৰ সময়ত ৮০ কোটি সহভাৰতীয়ই বিনামূলীয়াকৈ ৰেচন লাভ কৰিছিল। 

বন্ধুসকল,  

বল্লালাৰে শিক্ষণ আৰু শিক্ষাৰ শক্তিত বিশ্বাস কৰিছিল। গুৰু হিচাপে তেওঁৰ দুৱাৰখন সদায় খোলা আছিল। তেওঁ অগণন লোকক পথ প্ৰদৰ্শন কৰিছিল। কুৰালক অধিক জনপ্ৰিয়কৰণৰ বাবে তেওঁৰ প্ৰচেষ্টা বহুলভাৱে জনা যায়। আধুনিক পাঠ্যক্ৰমক তেওঁ দিয়া গুৰুত্বও সমানেই বিচাৰ্য্যৰ বিষয়। তেওঁ বিচাৰিছিল যুৱক-যুৱতীসকলে তামিল, সংস্কৃত আৰু ইংৰাজী ভাষাত পাৰ্গত হ’ব লাগে। যোৱা ৯ বছৰত ভাৰতৰ শিক্ষাৰ আন্তঃগাঁথনিত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে। ৩ দীঘলীয়া দশকৰো অধিক সময়ৰ অন্তত ভাৰতে লাভ কৰিছে ৰাষ্ট্ৰীয় শিক্ষা নীতি। এই নীতিয়ে সমগ্ৰ শৈক্ষিক পৰিবেশৰ ৰূপান্তৰ ঘটাইছে। উদ্ভাৱন, গৱেষণা আৰু উন্নয়নৰ দিশত গুৰুত্ব দিয়া হৈছে। যোৱা ৯ বছৰত স্থাপন কৰা বিশ্ববিদ্যালয়, অভিযান্ত্ৰিক আৰু চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যাই অভিলেখ সৃষ্টি কৰিছে। এতিয়া যুৱক-যুৱতীসকলে নিজৰ স্থানীয় ভাষাত অধ্যয়নেৰে চিকিৎসক আৰু অভিযন্তা হ’ব পাৰে। ইয়াৰ ফলত যুৱ-প্ৰজন্মৰ বাবে কেইবাটাও সুযোগ মুকলি হৈছে। 

বন্ধুসকল, 

সমাজ সংস্কাৰৰ কথা আহিলে বল্লালাৰ নিজৰ সময়তকৈ আগবাঢ়ি আছিল। বল্লালাৰৰ ঈশ্বৰৰ প্ৰতি দৃষ্টিভংগী আছিল ধৰ্ম, জাতিৰ উৰ্ধত। তেওঁ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো পৰমাণুতে ঈশ্বৰত্ব দেখিছিল। তেওঁ মানৱ জাতিক এই ঐশ্বৰিক সংযোগক চিনি পাবলৈ আৰু লালন-পালন কৰিবলৈ আহ্বান জনায়। তেওঁৰ শিক্ষাৰ লক্ষ্য আছিল সম-সমাজৰ বাবে কাম কৰা। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াসৰ প্ৰতি মোৰ বিশ্বাস অধিক দৃঢ় হৈ উঠে যেতিয়া মই বল্লালাৰক শ্ৰদ্ধাঞ্জলি জনাওঁ। আজি মোৰ বিশ্বাস যে বিধায়িনী সংস্থাত মহিলাৰ বাবে আসন সংৰক্ষণ কৰা নাৰী শক্তি বন্দন অধিনিয়ম গৃহীতকৰণত তেওঁ আশীৰ্বাদ দিলেহেঁতেন। বল্লালাৰৰ ৰচনাসমূহ পঢ়িবলৈ আৰু বুজিবলৈয়ো সহজ। সেয়েহে তেওঁ জটিল আধ্যাত্মিক প্ৰজ্ঞা সহজ শব্দৰে প্ৰকাশ কৰিব পাৰিছিল। মহান সন্তসকলৰ শিক্ষাৰ উমৈহতীয়া সূত্ৰৰদ্বাৰা সংযুক্ত সময় আৰু স্থানৰ মাজেৰে আমাৰ সাংস্কৃতিক প্ৰজ্ঞাৰ বৈচিত্ৰ্যই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আমাৰ সামূহিক ধাৰণাটোক শক্তিশালী কৰি তোলে। 

এই পূণ্য অনুষ্ঠানত তেওঁৰ আদৰ্শ পূৰণৰ প্ৰতি আমাৰ দায়বদ্ধতা পুনৰবাৰ ব্যক্ত কৰিব খুজিছোঁ। আহক, আমি তেওঁৰ প্ৰেম, দয়া আৰু ন্যায়ৰ বাৰ্তা বিয়পাই দিওঁ। আমাৰ চৌপাশৰ কোনো লোক যাতে ভোকত নাথাকে তাৰ প্ৰতি লক্ষ্য ৰাখোঁ। প্ৰতিজন শিশুৱে গুণগত শিক্ষা লাভ কৰাটো নিশ্চিত কৰোঁ আহক। মহান সাধুজনৰ দুশতম জন্ম বাৰ্ষিকীত পুনৰবাৰ শ্ৰদ্ধাঞ্জলি জনাই আপোনালোকক শুভেচ্ছা জনালোঁ। 

ধন্যবাদ। 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rs 6,000 Crore Earned, 12.33 Crore Sq Ft Freed: Inside Government's Big Clean-Up

Media Coverage

Rs 6,000 Crore Earned, 12.33 Crore Sq Ft Freed: Inside Government's Big Clean-Up
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 আগষ্ট 2026
August 24, 2026

Beyond Announcements: Real Milestones Proving India’s Rise Across Defence, Tech & Economy Under the Leadership of PM Modi