বিশিষ্ট অতিথি, উদ্ভাৱক, ব্যৱসায়িক নেতা, প্ৰযুক্তি  অনুৰাগী,

ষ্টাৰ্টআপ জগতৰ ব্যক্তিসকল ,

মহাশয়,মহাশয়া

নমস্কাৰ

বং জু,

ভিভাটেকৰ দশম সংস্কৰণৰ বাবে পেৰিছত উপস্থিত হৈ মই আনন্দিত হৈছো। ইউৰোপৰ এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ প্ৰযুক্তিৰ অনুষ্ঠান। ভিভা টেকৰ সফলতাৰ বাবে ৰাষ্ট্ৰপতি মেক্ৰন আৰু আয়োজকসকলক অভিনন্দন জনাইছো।

বন্ধুসকল,

২০২৬ বৰ্ষটো  ভাৰত আৰু ইউৰোপৰ বাবে এক বিশেষ বৰ্ষ। বছৰৰ আৰম্ভণিতে আমি ঐতিহাসিক ভাৰত ইউৰোপীয় ইউনিয়নৰ মুক্ত বাণিজ্য চুক্তি সম্পাদন কৰিলোঁ। এই চুক্তিয়ে আমাৰ বাণিজ্য আৰু বিনিয়োগৰ সম্প্ৰসাৰণ ঘটাব। আৰু, ই প্ৰতিভা, প্ৰযুক্তি আৰু পৰ্যটনৰ আদান-প্ৰদানৰ বাবে বহু পথ মুকলি কৰিব।

এই বছৰ ভাৰত-ফ্ৰান্স উদ্ভাৱন বৰ্ষৰ আৰম্ভণিৰ লগে লগে ফ্ৰান্সে ভাৰত আৰু ইউৰোপৰ টেক ইক’-চিষ্টেমক ওচৰলৈ লৈ যোৱা এখন গুৰুত্বপূৰ্ণ দলং হিচাপে কাম কৰি আছে, কেইদিনমান আগতে নাইচত অনুষ্ঠিত ভাৰত ইনোভেটছৰ পৰা আৰম্ভ কৰি আজি পেৰিছৰ ভিভা টেকলৈকে।

বন্ধুসকল,

২০২১ চনত যেতিয়া মই ভিভাটেকত ভাষণ দিছিলো   তেতিয়া বিশ্বই কভিড-১৯ৰ ব্যাঘাতৰ সন্মুখীন হৈছিল। আজি পৃথিৱীত আন ধৰণৰ বিঘিনি ঘটিছে। আৰু মই তেতিয়া  ভিভাটেক ২০২১ ত শ্বেয়াৰ কৰা বাৰ্তাটো পুনৰ কওঁ। য'ত প্ৰচলিত পদ্ধতি  বিফল হয়, তাত  উদ্ভাৱনে সহায় কৰিব পাৰে।

বন্ধুসকল,

যোৱা দশকত ভাৰতে এক দ্ৰুত পৰিৱৰ্তনৰ মাজেৰে পাৰ হৈ আহিছে, যিটো প্ৰযুক্তিৰ দ্বাৰা চালিত হৈছে। বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল পৰিচয় ব্যৱস্থা সৃষ্টিৰ পৰা আৰম্ভ কৰি, বিশ্বৰ সৰ্ববৃহৎ/ ডিজিটেল পেমেণ্ট প্লেটফৰ্মলৈকে। আমি আৰ্থিক অন্তৰ্ভুক্তি, শিক্ষা, টেলিমেডিচিন, কৃষি আদিৰ বাবে বৃহৎ পৰিসৰত প্ৰযুক্তি ব্যৱহাৰ কৰিছো।

ডিজিটেল পেমেণ্টৰ কথাই  চিন্তা কৰক। আমাৰ ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ বা ইউপিআইৰ বাবেই আজি ভাৰতত বিশ্বৰ আধা ৰিয়েল টাইম ডিজিটেল লেনদেন কৰা হয়। এতিয়া আপুনি ফ্ৰান্সতো ইউপিআই ব্যৱহাৰ কৰিব পাৰিব, আইফেল টাৱাৰ বা পেৰিছ বিমানবন্দৰতো।

এনে বিশ্বমানৰ ডিজিটেল ৰাজহুৱা সামগ্ৰীৰ কেইবাটাও উদাহৰণ আমাৰ হাতত আছে। ডিজিলকাৰ হৈছে বিশ্বৰ অন্যতম বৃহৎ ডিজিটেল ডকুমেণ্ট ৱালেট। ডিজিলকাৰৰ জৰিয়তে সাত কোটি ব্যৱহাৰকাৰীয়ে মূল উৎসৰ পৰা, যিকোনো সময়তে, যিকোনো ঠাইতে প্ৰামাণিক নথিপত্ৰসমূহ প্ৰৱেশ কৰিবলৈ সক্ষম হয়। আমি ডিজিলকাৰ প্লেটফৰ্মত দুহাজাৰৰো অধিক মানক নথিপত্ৰ অনবৰ্ড কৰিছো। ভাৰতত আমি আৰু ভৌতিক নথি-পত্ৰ, যেনে আপোনাৰ ড্ৰাইভিং লাইচেন্স বা বাহন পঞ্জীয়ন প্ৰমাণপত্ৰ সংৰক্ষণ আৰু সন্ধান কৰাৰ প্ৰয়োজন নাই।

আন এটা উদাহৰণ হ’ল গতিশীল মঞ্চ। প্ৰযুক্তিৰ সহায়ত আমি একক জিআইএছ ভিত্তিক মানচিত্ৰত এক হাজাৰ ছশতকৈও অধিক ভৌগোলিক তথ্যৰ স্তৰ   একত্ৰিত কৰিছো। আমি আন্তঃগাঁথনিৰ বাবে এক সংহত, তথ্য-চালিত, সমগ্ৰ চৰকাৰী পৰিকল্পনা মঞ্চ তৈয়াৰ কৰিছো। এতিয়া আগতে বহু মাহ সময় লোৱা প্ৰকল্প জৰীপ, কেইসপ্তাহমানৰ ভিতৰতে সম্পূৰ্ণ  হ’ব পাৰে।

বন্ধুসকল,

ছবছৰৰ আগতে আমি এক কাৰ্যসূচী আৰম্ভ কৰিছিলো, যিটো প্ৰযুক্তিয়ে মৰ্যাদা আৰু অৰ্থনৈতিক নিৰাপত্তা প্ৰদান কৰাৰ এক শক্তিশালী উদাহৰণ। ড্ৰোন, ভূ-স্থানীয় মেপিং আৰু আধুনিক জৰীপ প্ৰযুক্তিৰ সংমিশ্ৰণেৰে গ্ৰাম্য পৰিয়ালসমূহক অভিলেখ সৃষ্টি কৰে। একত্ৰিশ নিযুততকৈও অধিক প্ৰপাৰ্টি কাৰ্ড প্ৰস্তুত কৰা হৈছে, প্ৰায় দুইলাখ গাঁৱত। ইয়াৰ ফলত পৰিয়ালসমূহে নিজৰ সম্পত্তিক আৰ্থিক সম্পত্তি হিচাপে ব্যৱহাৰ কৰাত সহায় লাভ কৰিছে।  চৰকাৰে বিশাল পৰিসৰত জনসাধাৰণৰ মংগল  সাধণ কৰাৰ বিপৰীতে আমাৰ ষ্টাৰ্ট-আপসমূহে প্ৰতিটো খণ্ডতে মানৱ জীৱনক ৰূপান্তৰিত কৰিছে।

বন্ধুসকল,

সৰলাবেন নামৰ এটা এআই এপ্লিকেচনে লাখ লাখ মহিলা দুগ্ধ পালকৰ সৈতে নিজৰ ভাষাত কথা পাতে, পশুধনৰ স্বাস্থ্য আৰু ব্যৱস্থাপনাৰ ওপৰত বিশেষজ্ঞৰ নিৰ্দেশনা দিয়ে।

ভাৰতীয় মহিলাসকলক ড্ৰ’ন পাইলট হিচাপে প্ৰশিক্ষণ দিয়া হৈছে, সাৰ চটিওৱা আৰু শস্য নিৰীক্ষণৰ বাবে। উপগ্ৰহৰ তথ্যই লাখ লাখ মাছমৰীয়াক আটাইতকৈ আশাব্যঞ্জক মাছ ধৰা অঞ্চললৈ লৈ গৈছে, যিয়ে তেওঁলোকক ইন্ধন ৰাহি কৰাত, সময় হ্ৰাস কৰাত আৰু ধৰাৰ উন্নতি কৰাত সহায় কৰিছে।আমাৰ প্ৰযুক্তিৰ সমাধানে তৃণমূল পৰ্যায়ত সমৃদ্ধি প্ৰদান কৰিছে।

বন্ধুসকল,

মহাকাশ প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি পাৰমাণৱিক শক্তিলৈকে আমি মানৱ সামৰ্থ্যৰ সীমা সম্প্ৰসাৰণ কৰিছো।

ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুৰ ওচৰত অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে।  শেহতীয়াকৈ ভাৰতৰ প্ৰ’ট’টাইপ ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰে জটিলতা লাভ কৰিছে। ই আমাক আমাৰ বিশাল থ’ৰিয়াম মজুতৰ ব্যৱহাৰকে ধৰি আমাৰ তিনি পৰ্যায়ৰ পাৰমাণৱিক শক্তিৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ লক্ষ্যৰ পিনে কাষ চপাই নিছে।

বন্ধুসকল,

দুই লাখৰো অধিক ষ্টাৰ্ট-আপৰ সৈতে ভাৰত বিশ্বৰ অন্যতম সজীৱ পৰিৱেশ ব্যৱস্থা হিচাবে পৰিগণিত হৈছে। আপোনালোক সকলোকে ভাৰত মণ্ডপ দৰ্শন কৰিবলৈ আহ্বান জনাইছো।

দুই লাখৰো অধিক ষ্টাৰ্ট-আপৰ সৈতে ভাৰত বিশ্বৰ অন্যতম সজীৱ পৰিৱেশ ব্যৱস্থা হিচাবে পৰিগণিত হৈছে। আপোনালোক সকলোকে ভাৰত মণ্ডপ দৰ্শন কৰিবলৈ আহ্বান জনাইছো।

ইয়াত ভাৰতৰ অপৰিসীম শক্তিৰ অনুভৱ পাব৷ সেয়া বিশ্বৰ প্ৰথম একক-টুকুৰা থ্ৰীডি প্ৰিণ্টেড ৰকেট ইঞ্জিনেই হওক, উন্নত জেনেটিক-ইঞ্জিনিয়াৰিং থেৰাপীয়েই হওক, কেন্সাৰ আৰু অন্যান্য জটিল ৰোগ ধৰা পেলোৱা বা চাইবাৰ তথা নেটৱৰ্ক সুৰক্ষা উন্নত কৰা এআই সমাধানেই হওক, স্ব-চালিত  ৰবটেই হওক, স্মাৰ্ট চিটিয়েোই হওক বা গতিশীলতাৰ সমাধানেই হওক।এই সকলোবোৰ আপোনালোকে ইণ্ডিয়া পেভিলিয়নত দেখিবলৈ পাব। বিভিন্ন খণ্ডত আমাৰ ষ্টাৰ্ট-আপসমূহে সুন্দৰ উদ্ভাৱন কৰিছে।

বন্ধুসকল,

প্ৰযুক্তিৰ কথা আহিলে উদ্ভাৱনৰ লগতে গুৰুত্বপূৰ্ণ কথাটো হ’ল প্ৰৱেশৰ সুবিধা। প্ৰযুক্তিয়ে অগ্ৰগতিৰ সূচনা কৰিব পাৰে, তেতিয়াহে যেতিয়া ইয়াক গণতান্ত্ৰিক কৰা হয়। ভাৰতৰ মতে এই ব্যাঘাতৰ যুগত প্ৰযুক্তিয়ে সকলোৰে বাবে যোগান ধৰিব লাগিব।

এআইৰ উদাহৰণেই লওঁ আহক। এআইয়ে জীৱন উন্নত কৰিব লাগিব, প্ৰৱেশৰ সুবিধা বিস্তাৰিত কৰিব লাগিব, বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰিব লাগিব আৰু লগতে আমাক এটা সুস্থ গ্ৰহ বজাই ৰখাত সহায় কৰিব লাগিব। ভিভাটেক ২০২৬ত এআই কান্ট্ৰী পাৰ্টনাৰ হিচাপে আমাৰ অংশগ্ৰহণে এই দৃষ্টিভংগীকে প্ৰতিফলিত কৰে। ভাৰতৰ বাবে এআই  মানে “অল ইনক্লুছিভ।”

বন্ধুসকল,

ভাৰত এখন মুকলি সমাজ আৰু বিশ্বৰ সৰ্ববৃহৎ প্ৰতিভাৰ ভাণ্ডাৰ। আমি নিয়মসমূহ সৰল কৰিছো আৰু ব্যৱসায় কৰাত সহজতা নিশ্চিত কৰিছো। উদ্ভাৱনৰ পৰা বাণিজ্যিকীকৰণলৈকে আমি ৫০ বিলিয়ন ডলাৰৰ ওপৰত লক্ষ্য নিৰ্ধাৰণ কৰা উদগনিৰ জৰিয়তে ব্যক্তিগত উদ্যোগক সহায় কৰি আছো। আমি বিশ্বৰ অন্যতম সুলভ তথ্য আৰু কম খৰচী সেউজ শক্তিও প্ৰদান কৰিছো।

আমাৰ পন্থা স্পষ্ট। আমাৰ চৰকাৰে সক্ষম কৰিব আৰু উদ্যোগে উদ্ভাৱন কৰিব। ষ্টাৰ্টআপসমূহ বাধাপ্ৰাপ্ত  হ'লে সেয়া দূৰ কৰিবলৈ বিশ্বজুৰি  অংশীদাৰসকলে আমাৰ সৈতে সহযোগিতা কৰিব। একেলগে আমি আগৰ তুলনাত অধিক দ্ৰুতগতিত আগবাঢ়িম। এইক্ষেত্ৰত  ইয়াত উপস্থিত থকা  সকলোকে আগভাগ ল’বলৈ আহ্বান জনাইছো।

ভাৰতৰ সৈতে কাম কৰক আৰু সকলোৰে বাবে সেৱাৰ যোগান ধৰক ।

ধন্যবাদ। আপোনালোকক অশেষ ধন্যবাদ।

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India’s Rs 175 crore Diving Support Craft projects strengthen Navy’s underwater capabilities

Media Coverage

How India’s Rs 175 crore Diving Support Craft projects strengthen Navy’s underwater capabilities
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026