Lays foundation stone and dedicates to nation multiple development projects worth around Rs 12,800 Crores in Bettiah, Bihar
Inaugurates 109 km long Indian Oil’s Muzaffarpur - Motihari LPG Pipeline
Dedicates to nation Indian Oil’s LPG Bottling Plant & storage terminal in Motihari
Lays foundation stone for City Gas Distribution projects and Grain-based Ethanol projects
Lays foundation stone and dedicates multiple rail and road projects
Lays foundation stone for redevelopment of Bettiah Railway Station
Flags off two new train services between Narkatiaganj - Gaunaha and Raxaul - Jogbani
“Under the double engine government, Bihar is moving fast on the path of regaining its old glory”
“There can be no better place than Bettiah, Champaran to take the resolve of Viksit Bihar and Viksit Bharat”
“Whenever Bihar has been prosperous, India has been prosperous.
Therefore, Viksit Bihar is equally important for Viksit Bharat”
“NDA's double engine government is trying to ensure that the youth of Bihar get jobs right here in Bihar”
“For me, the whole of India is my home, every Indian is my family”
“To build a Viksit Bharat, everyone's efforts, everyone's inspiration and everyone's learning are needed”

মই মাতৃ সীতা আৰু লৱ-কুশৰ জন্মস্থান, মহৰ্ষি বাল্মিকীৰ দেশৰপৰা সকলোকে শুভেচ্ছা জনাইছোঁ! ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, মন্ত্ৰীসভাত মোৰ সতীৰ্থ নিত্যানন্দ ৰায় জী, উপ-মুখ্যমন্ত্ৰী বিজয় কুমাৰ সিনহা জী আৰু সম্ৰাট চৌধুৰী জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, জ্যেষ্ঠ নেতা বিজয় কুমাৰ চৌধুৰী জী আৰু সন্তোষ কুমাৰ সুমন জী, সাংসদ সঞ্জয় জয়ছোৱাল জী, ৰাধা মোহন জী, সুনীল কুমাৰ জী, ৰমা দেৱী জী আৰু সতীশ চন্দ্ৰ ডুবে জী, আন সকলো সন্মানীয় বিশিষ্ট ব্যক্তি আৰু মোৰ বিহাৰৰ মৰমৰ ভাই-ভনীসকল!

এইখনেই সেই ভূমি যিয়ে ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামত এক নতুন প্ৰাণ দিছিল, নতুন চেতনা বিয়পাইছিল। এই ভূমিয়েই মোহনদাস জীক মহাত্মা গান্ধীলৈ ৰূপান্তৰিত কৰিছিল। ‘বিকশিত বিহাৰৰপৰা বিকশিত ভাৰত’ৰ সংকল্পৰ বাবে, বেতিয়াতকৈ ভাল ঠাই হ’ব পাৰেনে, চম্পাৰনতকৈ ভাল ঠাই হ’ব পাৰেনে? আৰু আজি আপোনাসৱে এন ডি এৰ আমাৰ সকলো সহকৰ্মীক আশীৰ্বাদ দিবলৈ ওলাই আহিছে! আজি ভিন্ন বিধানসভা সমষ্টিৰ লগতে বিহাৰ লোকসভা সমষ্টিৰপৰাও হাজাৰ-হাজাৰ লোকে ‘বিকশিত ভাৰত’ সংকল্পৰ বাবে এই কাৰ্য্যসূচীত যোগদান কৰিছে। বিহাৰৰ সকলো ৰাইজক শুভেচ্ছা জনাইছোঁ। লগতে, দেৰিকৈ আহি পোৱাৰ বাবে ক্ষমা বিচাৰিছোঁ। মই বংগত আছিলোঁ আৰু আজিকালি বংগত থকা উৎসাহ একেবাৰে বেলেগ। ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰোড শ্ব'। সময় ৰাহি কৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু তথাপিও দেৰি হ’ল। আপোনালোক সকলোৰে অসুবিধাৰ বাবে ক্ষমা বিচাৰিছোঁ।

 

বন্ধুসকল,

যুগ-যুগ ধৰি ৰাষ্ট্ৰখনক নেতৃত্ব দিয়া আৰু মা-ভাৰতীক কেইবাজনো প্ৰতিভাৱান ব্যক্তিত্ব জন্ম দিয়া এখন ভূমি বিহাৰ। আৰু এটা সত্য, বিহাৰ যেতিয়াই সমৃদ্ধিশালী হৈছে, তেতিয়াই ভাৰত সমৃদ্ধিশালী হৈছে। ‘বিকশিত ভাৰত’ৰ বাবে বিহাৰৰ বিকাশ সমানেই জৰুৰী। মই এই কথা জানিবলৈ পাই সুখী যে ডাবল ইঞ্জিন চৰকাৰ ঘূৰি অহাৰ পিছত বিহাৰত উন্নয়ন সম্পৰ্কীয় কাম-কাজ আৰু অধিক ত্বৰান্বিত হৈছে। আজি বিহাৰে লাভ কৰিছে প্ৰায় ১৩ হাজাৰ কোটি টকা মূল্যৰ আঁচনিৰ উপহাৰ। ইয়াৰ ভিতৰত ৰেল, পথ, ইথানল প্লান্ট, চহৰৰ গেছ যোগান, এল পি জি গেছৰ সৈতে জড়িত প্ৰকল্পৰ লগতে আন কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পও আছে। ‘বিকশিত ভাৰত’ৰ বাবে আমি এই গতি অক্ষুণ্ণ ৰাখিব লাগিব আৰু এই গতিৰে আগবাঢ়িব লাগিব। এই প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন।

বন্ধুসকল,

স্বাধীনতাৰ পিছৰ দশকবোৰত বিহাৰে এক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। বিহাৰত যেতিয়া জংঘল ৰাজৰ উন্মেষ ঘটিছিল, তেতিয়া এই প্ৰত্যাহ্বানে আৰু অধিক গুৰুতৰ ৰূপ ধাৰণ কৰিছিল। জংঘলৰাজ অনাসকলে কেৱল নিজৰ পৰিয়ালক লৈ চিন্তা কৰিছিল, বিহাৰৰ লাখ-লাখ শিশুৰ ভৱিষ্যৎ নষ্ট কৰিছিল। বিহাৰৰ মোৰ ডেকা বন্ধুসকলে জীৱিকাৰ সন্ধানত আন ৰাজ্যৰ আন চহৰলৈ গৈছিল, আনহাতে ইয়াত মাত্ৰ এটা পৰিয়ালেহে গা কৰি উঠিছিল। কেৱল চাকৰিৰ বিনিময়ত মাটি দখল কৰা হৈছিল। সাধাৰণ মানুহক এনেদৰে লুণ্ঠন কৰাসকলক কোনোবাই ক্ষমা কৰিব পাৰিবনে? তেওঁলোকক ক্ষমা কৰিব পাৰিনে? এনে মানুহক ক্ষমা কৰিব পাৰিনে? জংঘল ৰাজক বিহাৰলৈ অনাৰ দায়িত্বত থকা পৰিয়ালটোৱেই হৈছে বিহাৰৰ যুৱক-যুৱতীসকলৰ বাবে আটাইতকৈ অভিশাপস্বৰূপ। জংঘলৰাজৰ দায়িত্বত থকা পৰিয়ালটোৱে বিহাৰৰ লাখ-লাখ যুৱকৰ ভাগ্য কাঢ়ি লৈছে। এই জংঘলৰাজৰপৰা উদ্ধাৰ কৰি বিহাৰক এতিয়াৰ পৰ্য্যায়লৈ আনিছে এন ডি এ চৰকাৰে।

বন্ধুসকল,

এন ডি এৰ ডাবল ইঞ্জিন চৰকাৰে বিহাৰৰ যুৱক-যুৱতীসকলে যাতে ইয়াতেই কৰ্মসংস্থাপন লাভ কৰে তাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আজি যি হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপন কৰা হৈছে, সেয়াই হৈছে ইয়াৰ আঁৰৰ অন্তৰ্নিহিত মনোভাৱ। কাৰণ, এই প্ৰকল্পবোৰৰ আটাইতকৈ বেছি লাভৱান কোন? সৰ্বাধিক হিতাধিকাৰী হ’ব সেই যুৱক-যুৱতীসকল, যিসকলে কৰ্মসংস্থাপন বিচাৰিছে আৰু বিদ্যালয়-মহাবিদ্যালয়ত পঢ়া-শুনা কৰিছে। আজি গংগাৰ ওপৰেৰে ৬ লেনযুক্ত কেবল ষ্টেড দলঙৰ আধাৰশিলা স্থাপন কৰা হৈছে। বিহাৰত ২২ হাজাৰ কোটিৰো অধিক মূল্যৰ এক ডজনৰো অধিক দলঙৰ কাম চলি আছে, ইয়াৰে পাঁচখন দলং গংগাৰ ওপৰত নিৰ্মাণ কৰা হৈছে। এই দলং আৰু বহল পথসমূহে উদ্যোগসমূহৰ উন্নয়ন আৰু প্ৰতিষ্ঠাৰ বাট মুকলি কৰে। নিৰ্মাণ হৈ থকা এই আন্তঃগাঁথনি নিয়োগৰ এক উল্লেখযোগ্য মাধ্যম। ই শ্ৰমিক, চালক, সেৱা সম্পৰ্কীয় কৰ্মী, অভিযন্তা আৰু আন বহুতো খণ্ডৰ বাবে চাকৰিৰ সৃষ্টি কৰে। অর্থাৎ চৰকাৰে যি হাজাৰ কোটি টকা বিনিয়োগ কৰিছে, সেয়া অৱশেষত বিহাৰৰ সাধাৰণ পৰিয়াললৈ যাব। ইয়াৰ ফলত বালি, শিল, ইটা, চিমেন্ট আৰু তীখাৰ দৰে উদ্যোগ বৃদ্ধি পাব আৰু কাৰখানা আৰু সৰু দোকানসমূহ একেদৰেই লাভৱান হ’ব।

 

বন্ধুসকল,

যিবোৰ নতুন ৰেল চলি আছে সেইবোৰ সকলো ‘মেড ইন ইণ্ডিয়া’। অৰ্থাৎ এই পদক্ষেপসমূহৰ জৰিয়তে ভাৰতৰ জনসাধাৰণেও কৰ্মসংস্থাপন লাভ কৰিছে। বিহাৰত এন ডি এ চৰকাৰেও ৰেল ইঞ্জিন নিৰ্মাণ কৰা আধুনিক কাৰখানা স্থাপন কৰিছে। আজি সমগ্ৰ বিশ্বতে ডিজিটেল ইণ্ডিয়াক লৈ বহু কথাই চৰ্চা হৈছে। আৰু আৰু এটা কথা ক’ব পাৰোনে? আজি বহু উন্নত দেশ আছে য’ত এনে ডিজিটেল ব্যৱস্থা নাই যিটো বেতিয়া আৰু চম্পাৰনৰ দৰে ঠাইত উপলব্ধ। বহিঃৰাষ্ট্ৰৰ নেতাই মোক লগ পালে মোক সুধিছে, ‘মোদী জী, ইমান সোনকালে এই সকলোবোৰ কেনেকৈ সম্পন্ন কৰিলে?’ মই তেওঁলোকক কওঁ যে এই কাম মোদীৰ নহয়, ভাৰতৰ যুৱক-যুৱতীয়েহে কৰিলে। ভাৰতৰ প্ৰতিজন যুৱক-যুৱতীক প্ৰতিটো খোজতে কাষত থিয় দিয়াৰ নিশ্চয়তাহে দিছে মোদীয়ে। আৰু আজি বিহাৰৰ যুৱক-যুৱতীসকলকো ‘বিকশিত ভাৰত’ৰ এই নিশ্চয়তা দিছোঁ। আৰু আপোনালোক সকলোৱে জানে যেতিয়া মোদীয়ে নিশ্চয়তা দিয়ে, তাৰ মানে নিশ্চয়তা পূৰণ হয়।

বন্ধুসকল,

এফালে নতুন ভাৰত গঢ়া হৈছে, আনফালে আৰজেডি, কংগ্ৰেছ আৰু তেওঁলোকৰ ইণ্ডি মিত্ৰজোঁট আজিও ২০ শতিকাতে জীয়াই আছে। এন ডি এ চৰকাৰে কৈছে যে আমি প্ৰতিটো ঘৰক সৌৰ ঘৰলৈ ৰূপান্তৰিত কৰিব বিচাৰোঁ। আমি বিচাৰো প্ৰতিটো ঘৰৰ ছাদত এটা সৌৰ উদ্যোগ হওঁক। এইদৰে সেই ঘৰটোৱেও বিনামূলীয়াকৈ বিদ্যুৎ উপাৰ্জন আৰু লাভ কৰিব পাৰে। কিন্তু ইণ্ডি মিত্ৰজোঁট এতিয়াও বন্তিৰ পোহৰৰ ওপৰত নিৰ্ভৰ কৰি আছে। বিহাৰত যেতিয়ালৈকে বন্তিৰ শাসন চলি আছিল, তেতিয়ালৈকে মাত্ৰ এটা পৰিয়ালৰ দৰিদ্ৰতা দূৰ হ’ল, মাত্ৰ এটা পৰিয়ালহে সমৃদ্ধিশালী হ’ল।

বন্ধুসকল,

আজি মোদীয়ে সঁচা কথা কওঁতে তেওঁৰ ওপৰত গালি-গালাজ নিক্ষেপ কৰে। দুৰ্নীতিগ্ৰস্ত ব্যক্তিৰ ইণ্ডি মিত্ৰজোঁটৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল মোদীৰ পৰিয়াল নাই। ইণ্ডি মিত্ৰজোঁটৰ বংশবাদী নেতাক লুটপাতৰ অনুজ্ঞাপত্ৰ দিব লাগে বুলি কয়। তেওঁলোকক লুটপাতৰ অনুজ্ঞাপত্ৰ দিয়া উচিত নেকি? তেওঁলোকে কৰিব লাগেনে? আজি যদি ভাৰত ৰত্ন কৰ্পুৰী ঠাকুৰ জীয়াই থাকিলহেঁতেন তেন্তে তেওঁলোকে মোদীক যি প্ৰশ্ন কৰি আছে, তেওঁকো সেই প্ৰশ্নটো সুধিলেহেঁতেন। বংশ আৰু দুৰ্নীতিৰ সমৰ্থকসকলে শ্ৰদ্ধাৰ বাপু, বাবা চাহেব আম্বেদকাৰকো সমালোচনা কৰিলেহেঁতেন। এই নেতাসকলে নিজৰ পৰিয়ালক প্ৰচাৰ কৰা নাছিল বৰঞ্চ দেশৰ প্ৰতিটো পৰিয়ালৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।

 

বন্ধুসকল,

আজি আপোনালোকৰ সন্মুখত থিয় হৈ আছে অতি কম বয়সতে ঘৰৰ পৰা ওলাই অহা এজন ব্যক্তি। বিহাৰৰ যিকোনো ব্যক্তি যিকোনো ৰাজ্যত থাকিব পাৰে, কিন্তু ছঠ পূজা আৰু দীপাৱলীৰ বাবে সদায় ঘৰলৈ উভতি যায়। কিন্তু শৈশৱতে ঘৰ এৰি যোৱা মোদী... মোৰ বাবে সমগ্ৰ ভাৰত মোৰ ঘৰ, প্ৰতিজন ভাৰতীয় মোৰ পৰিয়াল। সেইবাবেই আজি প্ৰতিজন ভাৰতীয়ই কৈছে, প্ৰতিজন দৰিদ্ৰ লোক, প্ৰতিজন যুৱকে কৈছে -- 'মই মোদীৰ পৰিয়াল! মই মোদীৰ পৰিয়াল! আমি মোদীৰ পৰিয়াল!’

বন্ধুসকল,

মই দৰিদ্ৰ নাৰায়ণৰ প্ৰতিটো চিন্তা লাঘৱ কৰিব বিচাৰোঁ। সেইবাবেই মোদীয়ে দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া ৰেচন আৰু স্বাস্থ্যসেৱা আগবঢ়াইছে। মহিলাৰ জীৱনৰ অসুবিধাবোৰ কমাব বিচাৰোঁ। সেইবাবেই মোদীয়ে মহিলাৰ নামত পকী ঘৰৰ ব্যৱস্থা কৰিছে, শৌচাগাৰ, বিদ্যুৎ, গেছ সংযোগ, পাইপেৰে পানী যোগানৰ ব্যৱস্থা কৰিছে। মই মোৰ দেশৰ যুৱক-যুৱতীসকলৰ এক উন্নত ভৱিষ্যৎ বিচাৰোঁ। সেইবাবেই মোদীয়ে অভিলেখ সংখ্যক চিকিৎসা মহাবিদ্যালয়, এইমছ, আই আই টি, আই আই এম, আধুনিক শিক্ষানুষ্ঠান গঢ়ি তুলিছে। মই বিচাৰোঁ আমাৰ কৃষকৰ আয় বৃদ্ধি আৰু তেওঁলোকক সবলীকৰণ কৰা। সেইবাবেই মোদীয়ে আমাৰ কৃষকসকলক শক্তি আৰু সাৰ প্ৰদানকাৰীলৈ ৰূপান্তৰিত কৰিছে। আজি বিহাৰকে ধৰি সমগ্ৰ দেশতে ইথানল প্লান্ট স্থাপন কৰা হৈছে। মাত্ৰ কেইদিনমানৰ আগতে এন ডি এ চৰকাৰে আৰম্ভ কৰিছিল বিশ্বৰ সৰ্ববৃহৎ শস্যৰ গুদাম আঁচনি। ইয়াৰ অধীনত বিহাৰকে ধৰি সমগ্ৰ দেশতে হাজাৰ-হাজাৰ গুদাম নিৰ্মাণ কৰা হ’ব। বিহাৰৰ ক্ষুদ্ৰ কৃষক পৰিয়ালৰ জীৱন সহজ কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত হাজাৰ-হাজাৰ কোটি টকাৰ সাহায্যও প্ৰদান কৰা হৈছে।

 

বন্ধুসকল,

ইণ্ডি মিত্ৰতাৰ সৈতে জড়িতসকলে জানে যে নিৰ্বাচনৰ পিছত তেওঁলোকৰ ক’লৈকো যাবলৈ নাই। তেওঁলোকে পৰাজয় অনুভৱ কৰি আনকি ভগৱান ৰামকো লক্ষ্য কৰি লৈছে। বেতিয়াত মাতৃ সীতা আৰু লৱ-কুশৰ উপস্থিতি অনুভৱ কৰা হয়। ভগৱান শ্ৰী ৰাম আৰু ৰাম মন্দিৰৰ বিৰুদ্ধে ইণ্ডি মিত্ৰজোঁটৰ ৰাইজে যিদৰে মাত মাতিছে সেয়া বিহাৰৰ ৰাইজে চাই আছে। আৰু ভগৱান শ্ৰীৰামক অপমান কৰা সকলক সমৰ্থন কৰা ৰাইজক বিহাৰৰ ৰাইজেও লক্ষ্য লৈছে। এইসকলে ৰাম মন্দিৰ নিৰ্মাণৰ বিৰুদ্ধে চেষ্টা চলাইছিল। আজি ভাৰতে নিজৰ ঐতিহ্য আৰু সংস্কৃতিক সন্মান জনোৱাৰ লগে-লগে এইসকল লোকে সমস্যাত ভুগিছে।

 

বন্ধুসকল,

এই অঞ্চল প্ৰকৃতিপ্ৰেমী, থাৰু জনগোষ্ঠীৰ বসতি প্ৰধান। থাৰু সমাজত প্ৰকৃতিৰ সৈতে প্ৰগতিৰ জীৱনশৈলী আমাৰ সকলোৰে বাবে এক শিক্ষা। আজি যদি ভাৰতে প্ৰকৃতি সংৰক্ষণ কৰি আগবাঢ়িছে, তেন্তে ইয়াৰ আঁৰৰ প্ৰেৰণা থাৰুৰ দৰে সম্প্ৰদায় আছে। সেইবাবেই মই কওঁ ‘বিকশিত ভাৰত’ৰ বিকাশৰ বাবে আমাক সকলোৰে প্ৰচেষ্টা, সকলোৰে প্ৰেৰণা আৰু সকলোৰে শিক্ষণৰ প্ৰয়োজন। কিন্তু এনে হ’বলৈ হ’লে এন ডি এ চৰকাৰে ৪০০ (আসন) অতিক্ৰম কৰাটো অতি প্ৰয়োজনীয়। হয় নে নহয়? কিমান? ৪০০... কিমান? ৪০০... দেশক তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ - ৪০০ (আসন)ৰ ওপৰত এন ডি এ হ’ব লাগিব! দৰিদ্ৰতাৰ পৰা মানুহক মুক্ত কৰিবলৈ - এন ডি এ ৪০০ (আসন)ৰ ওপৰত হ’ব লাগিব! যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰিৰ সুযোগ প্ৰদান কৰিবলৈ - ৪০০ (আসন)ৰ ওপৰত এন ডি এ হ’ব লাগিব! দৰিদ্ৰক পকী ঘৰ প্ৰদান কৰিবলৈ - এনডিএ... ৪০০ (আসন)ৰ ওপৰত হ’ব লাগিব! এক কোটি ঘৰত সৌৰ পেনেল স্থাপনৰ বাবে - ৪০০ (আসন)ৰ ওপৰত এন ডি এ হ’ব লাগিব! তিনি কোটি ‘লাখপতি দিদি’ গঢ়িবলৈ -- ৪০০ (আসন)ৰ ওপৰত এন ডি এ হ’ব লাগিব! দেশৰ চুকে-কোণে বন্দে ভাৰত ৰেল চলাবলৈ - ৪০০ (আসন)ৰ ওপৰত এন ডি এ হ’ব লাগিব! ‘বিকশিত ভাৰত-বিকশিত বিহাৰ’ৰ বাবে - এন ডি এ... ৪০০ (আসন)ৰ ওপৰত হ’ব লাগিব!

আকৌ এবাৰ আপোনালোক সকলোকে অশেষ ধন্যবাদ জনাইছোঁ। আমি সমস্বৰে কওঁ আহক -

ভাৰত মাতা কী—জয়!

দুয়োখন হাত ওপৰলৈ তুলি সম্পূৰ্ণ শক্তিৰে কওঁ আহক --

ভাৰত মাতা কী—জয়!

ভাৰত মাতা কী—জয়!

ভাৰত মাতা কী—জয়!

আপোনালোকক অশেষ ধন্যবাদ জনালোঁ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jal Jeevan Mission 2.0: Beyond pipes & pumps

Media Coverage

Jal Jeevan Mission 2.0: Beyond pipes & pumps
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves Regional Connectivity Scheme – Modified UDAN with a total outlay of Rs.28,840 crore
March 25, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi has approved the launch and implementation of the Regional Connectivity Scheme – Modified UDAN for a period of ten years from FY 2026-27 to FY 2035-36 with a total outlay of Rs.28,840 crore with the budgetary support of the Government of India.

Impact:

  • Enhanced regional air connectivity to underserved and unserved areas
  • Boost to economic growth, trade and tourism in Tier-2 and Tier-3 cities.
  • Support affordable air travel for common citizens.
  • Improved emergency response and healthcare access in remote and hilly regions.
  • Greater viability and sustainability for regional aerodromes and airline operators.
  • Promotion of the indigenous aerospace sector under Atmanirbhar Bharat.

  • Progress towards Viksit Bharat 2047 goal.

The key components of the scheme are as under:

(a) Development of Aerodromes (CAPEX)

Under the Modified UDAN Scheme, it is proposed to develop 100 airports from existing unserved airstrips to enhance regional connectivity, in line with the Viksit Bharat 2047 vision of infrastructure expansion and transforming India into a globally competitive aviation ecosystem with a total outlay of Rs.12,159 crore over the next eight years.

(b) Operation & Maintenance (O&M) of Aerodromes

Given the high recurring O&M costs and limited revenue streams for Regional Connectivity Scheme (RCS)-only aerodromes, the Scheme proposes to provide O&M support for three years capped at Rs.3.06 crore per annum per airport and Rs.0.90 crore per annum per heliport/water aerodrome, estimated at Rs.2,577 crore for around 441 aerodromes.

(c) Development of Modern Helipads

To address connectivity challenges in hilly, remote, island and aspirational regions, the Scheme proposes developing 200 modern helipads at Rs.15 crore each, amounting to a total requirement of Rs.3,661 crore over the next eight years (inflation-adjusted), focused on priority and aspirational districts to improve last-mile connectivity and emergency response.

(d) Viability Gap Funding (VGF)

Under the Regional Connectivity Scheme, airline operators receive financial support in the form of VGF for operating awarded routes. Recognising the need for longer market development, VGF support to airline operators is proposed amounting to Rs.10,043 crore over 10 years.

(e) Atmanirbhar Bharat Aircraft Acquisition

To address the shortage of small fixed-wing aircraft and helicopters required for operations in remote and difficult terrains and to advance the Atmanirbhar Bharat vision, the scheme also proposes to procure two HAL Dhruv helicopters for Pawan Hans and two HAL Dornier aircraft for Alliance Air.

Background:

The original UDAN Scheme was launched in October 2016 with the objective of making air travel affordable and strengthening connectivity to Tier-2 and Tier-3 cities. Over nine years of implementation:

  • 663 routes have been operationalised across 95 airports, heliports and water aerodromes (as on 28 February 2026).
  • More than 3.41 lakh flights have been operated, carrying 162.47 lakh passengers.
  • Connectivity has been established in remote, hilly and island regions, boosting tourism, healthcare access and emergency services.

  • The scheme has fostered growth in regional airlines and diverse fleet operations, laying a strong foundation for the Modified UDAN Scheme.