Inaugurates permanent campus of National Institute of Technology, Goa
Dedicates new campus of the National Institute of Watersports
Lays the foundation stone for Passenger Ropeway, along with associated tourism activities and 100 MLD Water Treatment Plant
Inaugurates a 100 TPD Integrated Waste Management Facility
Distributes appointment orders to 1930 new Government recruits across various departments under Rozgar Mela
Hands over sanction letters to beneficiaries of various welfare schemes
“Ek Bharat Shreshtha Bharat can be experienced during any season in Goa”
“Development of Goa is proceeding rapidly due to the Double -Engine government”
"Saturation is true secularism, Saturation is real social justice and Saturation is Modi’s guarantee to Goa and the country”
“Double engine government is making record investment on infrastructure along with running big schemes for poor welfare”
“Our government is working to improve connectivity in Goa and also to make it a logistics hub”
“All types of tourism in India are available in one country, on one visa”

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

গোৱাৰ ৰাজ্যপাল পি এছ শ্ৰীধৰণ পিল্লাই জী, ইয়াৰ যুৱ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত জী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মীসকল, অন্যান্য বিশিষ্ট ব্যক্তিসকল, আৰু গোৱাৰ মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল। সকলো গোৱাবাসীলৈ মোৰ সাদৰ নমস্কাৰ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মোৰ ওপৰত যেন সদায় থাকে।

 

বন্ধুসকল,

গোৱা ইয়াৰ ধুনীয়া সমুদ্ৰ তীৰৰ বাবে আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে জনাজাত। দেশ আৰু বিদেশৰ লাখ লাখ পৰ্যটকৰ প্ৰিয় ছুটীৰ স্থান গোৱাই। ইয়াত যিকোনো ঋতুতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতক অনুভৱ কৰিব পাৰি। ইয়াৰ সমান্তৰালকৈ গোৱাৰ আন এক পৰিচয়ো আছে। এই গোৱা ভূমিত বহুতো মহান সাধু, বিখ্যাত শিল্পী আৰু পণ্ডিতৰো জন্ম হৈছে। আজি মই তেওঁলোককো মনত পেলাব বিচাৰিছোঁ। সন্ত সোহিৰোবনাথ অম্বিয়ে, আদি নাট্যকাৰ কৃষ্ণভট্ট বন্দকাৰ, সুশ্ৰী কেশৰবাই কেৰকাৰ, আচাৰ্য ধৰ্মানন্দ কোসম্বী, আৰু ৰঘুনাথ মাছেলকাৰৰ দৰে ব্যক্তিত্বই গোৱাৰ পৰিচয় সমৃদ্ধ কৰিছে। ইয়াৰ পৰা কিছু দূৰৈত অৱস্থিত মংগেশী মন্দিৰৰ সৈতে ভাৰত ৰত্ন লতা মংগেশকাৰ জীৰ গভীৰ সম্পৰ্ক আছিল। আজি লতা দিদীৰো মৃত্যু বাৰ্ষিকী। তেখেতৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ। ইয়াতেই মডগাঁৱৰ দামোদৰ ছালত স্বামী বিবেকানন্দই নতুন প্ৰেৰণা লাভ কৰিছিল। ইয়াৰ ঐতিহাসিক লোহিয়া ময়দান এই কথাৰ প্ৰমাণ যে যেতিয়া দেশৰ বাবে কিবা এটা কৰাৰ কথা আহে তেতিয়া গোৱাবাসীয়ে কোনো সুৰুঙা নাৰাখে। কুনকোলিমত থকা চিফটেন্স মেমোৰিয়েল গোৱাৰ বীৰত্বৰ প্ৰতীক।

 

বন্ধুসকল,

এইবছৰ এটা গুৰুত্বপূৰ্ণ অনুষ্ঠানো অনুষ্ঠিত হ’ব। এই বছৰতে চেণ্ট ফ্ৰান্সিছ জেভিয়াৰৰ ধ্বংসাৱশেষৰ এক্সপ'জিচন যাক আপোনালোকে "গোয়ঞ্চো ছাইব" নামেৰে জানে সেয়াও অনুষ্ঠিত হ'ব। প্ৰতি ২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এই প্ৰদৰ্শনীয়ে আমাক শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰদান কৰে। মোৰ মনত আছে, জৰ্জিয়াৰ ৰাণী চেণ্ট কেটেভানৰ কথা মই মন কী বাততো উল্লেখ কৰিছোঁ। আমাৰ বৈদেশিক মন্ত্ৰীয়ে যেতিয়া চেণ্ট কুইন কেটেভানৰ পৱিত্ৰ ধ্বংসাৱশেষ জৰ্জিয়ালৈ লৈ গ’ল, তেতিয়া এনে লাগিল যেন সমগ্ৰ দেশখনেই ৰাজপথলৈ ওলাই আহিল। তেতিয়া চৰকাৰৰ ডাঙৰ ডাঙৰ প্ৰতিনিধি বিমানবন্দৰলৈ আহিছিল। গোৱাত খ্ৰীষ্টান সম্প্ৰদায় আৰু আন ধৰ্মৰ লোকসকলে যিদৰে একেলগে বাস কৰে, সেয়া এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ এক উৎকৃষ্ট নিদৰ্শন।

বন্ধুসকল,

কিছুদিন পূৰ্বে গোৱাৰ উন্নয়নৰ বাবে ১৩০০ কোটি টকাৰ আঁচনি উদ্বোধন কৰি আধাৰশিলা স্থাপন কৰা হৈছিল। শিক্ষা, স্বাস্থ্য আৰু পৰ্যটনৰ সৈতে জড়িত এই প্ৰকল্পসমূহে গোৱাৰ উন্নয়নক আৰু অধিক গতি প্ৰদান কৰিব। আজি ইয়াত ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় জল ক্ৰীড়া প্ৰতিষ্ঠানৰ চৌহদ উদ্বোধন কৰা হৈছে। ইয়াৰ ফলত ইয়াত পঢ়া-শুনা কৰাসকলৰ সুবিধা আৰু অধিক বৃদ্ধি পাব। আজি ইয়াত উদ্বোধন কৰা সংহত আৱৰ্জনা ব্যৱস্থাপনা সুবিধাই গোৱাক পৰিষ্কাৰ কৰি ৰখাত সহায় কৰিব। আজি ১৯০০ৰো অধিক যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পত্ৰ দিয়া হৈছে। এই সকলোবোৰ কল্যাণমূলক কামৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

ক্ষেত্ৰফল আৰু জনসংখ্যাৰ ফালৰ পৰা গোৱা সৰু হ’ব পাৰে, কিন্তু সামাজিক বৈচিত্ৰ্যৰ ফালৰ পৰা আমাৰ গোৱাখন বহুত ডাঙৰ। ইয়াত বিভিন্ন সমাজৰ মানুহ, বিভিন্ন ধৰ্ম অনুসৰণ কৰা মানুহে একেলগে থাকে, বহু প্ৰজন্মৰ বাবে। গতিকে একেখিনি গোৱা ৰাইজে যেতিয়া বাৰে বাৰে বিজেপি চৰকাৰ নিৰ্বাচন কৰে তেতিয়া ইয়াৰ বাৰ্তা সমগ্ৰ দেশলৈ যায়। বিজেপিৰ মন্ত্ৰ হৈছে সবকা সাথ-সবকা বিকাশ। দেশৰ একাংশ দলে সদায় ৰাইজৰ মাজত ভয় আৰু মিছা বিয়পোৱাৰ ৰাজনীতি কৰি আহিছে। কিন্তু গোৱাই এনে দলক উপযুক্ত উত্তৰ দিছে আৰু বাৰে বাৰে দিছে।

বন্ধুসকল,

নিজৰ বহু বছৰীয়া শাসনকালত গোৱাৰ বিজেপি চৰকাৰে সুশাসনৰ এটা আৰ্হি গঢ়ি তুলিছে। “স্বয়ংসম্পূৰ্ণ গোৱা” এই অভিযানক গোৱাই যিদৰে গতি দিছে, সেয়া সঁচাকৈয়ে অভূতপূৰ্ব। ইয়াৰ ফলস্বৰূপে আজি গোৱাৰ জনসাধাৰণক দেশৰ আটাইতকৈ সুখী মানুহৰ ভিতৰত গণ্য কৰা হৈছে। ডাবল ইঞ্জিনৰ বাবে গোৱাৰ উন্নয়নৰ বাহনখন দ্ৰুত গতিত আগবাঢ়িছে। গোৱা সেই ৰাজ্য য'ৰ ১০০ শতাংশ ঘৰত টেপৰ পানী যোগান পাই আছে। গোৱা সেই ৰাজ্য, য'ত ১০০ শতাংশ ঘৰত বিদ্যুৎ সংযোগ আছে। গোৱা সেই ৰাজ্য, য’ত ঘৰুৱা এলপিজিৰ কভাৰেজ ১০০ শতাংশ হৈছে। গোৱা হৈছে সেই ৰাজ্য, যি সম্পূৰ্ণৰূপে কেৰাচিনমুক্ত। গোৱা সম্পূৰ্ণৰূপে মুকলিত শৌচমুক্ত ৰাজ্যত পৰিণত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ বহু ডাঙৰ আঁচনিত গোৱাই ১০০ শতাংশ চেচুৰেচন লাভ কৰিছে। আৰু আমি সকলোৱে জানো, যেতিয়া চেচুৰেচন হয়, তেতিয়া বৈষম্যৰ অন্ত পৰে। যেতিয়া চেচুৰেচন হয়, তেতিয়া সম্পূৰ্ণ সুবিধা প্ৰতিজন হিতাধিকাৰীৰ ওচৰ পায়। যেতিয়া চেচুৰেচন থাকে তেতিয়া মানুহে নিজৰ অধিকাৰ পাবলৈ উৎকোচ দিব নালাগে। সেইবাবেই মই বাৰে বাৰে কওঁ যে চেচুৰেচন হৈছে প্ৰকৃত ধৰ্মনিৰপেক্ষতা। চেচুৰেচন হৈছে প্ৰকৃত সামাজিক ন্যায়। এই চেচুৰেচন গোৱাক, দেশক মোদীৰ গেৰাণ্টী। এই চেচুৰেচনৰ লক্ষ্যৰ বাবে এতিয়া দেশত বিকশিত ভাৰত সংকল্প যাত্ৰা চলোৱা হৈছে। গোৱাতো ৩০ হাজাৰতকৈ অধিক লোকে এই যাত্ৰাত যোগদান কৰে। চৰকাৰী আঁচনিৰ পৰা এতিয়াও যিসকল লোক বঞ্চিত হৈ আছিল, তেওঁলোকেও মোদীৰ গেৰাণ্টীৰ গাড়ীৰ জৰিয়তে যথেষ্ট সুবিধা লাভ কৰিছে।

ভাতৃ-ভগ্নীসকল,

কিছুদিন আগতে অহা বাজেটখনেও আমাৰ চেচুৰেচন আৰু দুখীয়াৰ সেৱাৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে। আপোনালোকে জানে যে আমি ৪ কোটি দৰিদ্ৰ পৰিয়ালক পকা ঘৰ দিয়াৰ লক্ষ্যত উপনীত হ'লোঁ। এতিয়া আমাৰ গেৰাণ্টী হৈছে যে আমি আৰু ২ কোটি পৰিয়ালৰ বাবে ঘৰ সাজি দিম। আৰু মই গোৱাৰ মোৰ বন্ধুসকল, আপোনালোককো কওঁ যে আপোনালোকৰ গাঁৱত, আপোনালোকৰ অঞ্চলত যদি কোনো পৰিয়াল পকা ঘৰ নোপোৱাকৈ ৰৈ গৈছে, আজিও যদি তেওঁলোক জুপুৰীত থাকে, তেন্তে তেওঁলোকক কওক যে মোদী জী আহিছিল, মোদী জীয়ে গেৰাণ্টী দিছে যে আপোনাৰ ঘৰটোও পকা হৈ যাব। এই বাজেটত পিএম আৱাস যোজনাৰ অধীনত ইয়াৰ সম্প্ৰসাৰণৰ ঘোষণা কৰা হৈছে। ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰা আয়ুষ্মান আঁচনিও আমি সম্প্ৰসাৰণ কৰিছোঁ। এতিয়া আশাকৰ্মী আৰু অংগনৱাড়ী শ্ৰমিকসকলেও লাভ কৰিছে বিনামূলীয়া চিকিৎসাৰ গেৰাণ্টী।

 

বন্ধুসকল,

এই বাজেটত আমাৰ মাছমৰীয়া বন্ধুসকলৰ প্ৰতিও যথেষ্ট গুৰুত্ব দিয়া হৈছে। মৎস্য সম্পদ যোজনাৰ অধীনত প্ৰদান কৰা সাহায্য এতিয়া আৰু অধিক বৃদ্ধি কৰা হ’ব। ইয়াৰ দ্বাৰা মাছমৰীয়াসকলে অধিক সুবিধা আৰু সম্পদ লাভ কৰিব। ইয়াৰ ফলত সাগৰীয় খাদ্যৰ ৰপ্তানি বৃহৎ পৰিমাণে বৃদ্ধি পাব আৰু মাছমৰীয়াসকলে অধিক ধন লাভ কৰিব। এনে প্ৰচেষ্টাৰে মীন খণ্ডতেই লাখ লাখ নতুন চাকৰিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

বন্ধুসকল,

মাছমৰীয়াৰ স্বাৰ্থত যিমান কাম আগতে আমাৰ চৰকাৰে কৰিছিল, সিমান কাম কোনেও কৰা নাই। আমি মীনপালকৰ বাবে এটা সুকীয়া মন্ত্ৰালয় সৃষ্টি কৰিলোঁ। আমিয়েই মীন পালকসকলক কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধা প্ৰদান কৰিছিলোঁ। আমাৰ চৰকাৰে মাছমৰীয়াৰ বীমাৰ পৰিমাণ ১ লাখ টকাৰ পৰা ৫ লাখলৈ বৃদ্ধি কৰিছে। আমাৰ চৰকাৰে তেওঁলোকৰ নাও আধুনিকীকৰণৰ বাবে ৰাজসাহায্যও দিছে।

 

ভাতৃ-ভগ্নীসকল,

বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে দুখীয়াৰ কল্যাণৰ বাবে বৃহৎ আঁচনি চলোৱাৰ লগতে আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভিলেখ বিনিয়োগ কৰিছে। আপুনি নিজেই দেখিছে যে দেশত কিমান দ্ৰুতগতিত পথ, ৰে'লৱে আৰু বিমানবন্দৰৰ সম্প্ৰসাৰণ ঘটিছে। ইয়াৰ বাবে এইবাৰৰ বাজেটত ১১ লাখ কোটি টকা ৰখা হৈছে। আনহাতে ১০ বছৰৰ আগতে আন্তঃগাঁথনিৰ বাবে ২ লাখ কোটি টকাতকৈও কম খৰচ হৈছিল। য’তেই উন্নয়নমূলক প্ৰকল্প সংঘটিত হয় তাতেই নতুন নিয়োগৰ সুযোগৰ সৃষ্টি হয়। ইয়াৰ ফলত প্ৰতিজন ব্যক্তিৰ উপাৰ্জন বৃদ্ধি পায়।

বন্ধুসকল,

আমাৰ চৰকাৰে গোৱাত কানেক্টিভিটি উন্নত কৰাৰ লগতে ইয়াক লজিষ্টিক হাব হিচাপে গঢ়ি তোলাৰ বাবেও কাম কৰি আছে। আমি গোৱাত নিৰ্মাণ কৰা মনোহৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা অবিৰতভাৱে সংযোগ হৈ আছে। যোৱা বছৰ দেশৰ দ্বিতীয় দীৰ্ঘতম কেবল দলং - নিউ জুৱাৰী ব্ৰিজৰ লোকাৰ্পণ কৰা হৈছিল। গোৱাত আন্তঃগাঁথনিৰ দ্ৰুত বিকাশ, নতুন পথ, নতুন দলং, নতুন ৰে'লপথ, নতুন শিক্ষানুষ্ঠান, এই সকলোবোৰে ইয়াৰ উন্নয়নক এক নতুন গতি প্ৰদান কৰিবলৈ গৈ আছে।

 

বন্ধুসকল,

প্ৰকৃতি, সংস্কৃতি আৰু ঐতিহ্যৰ ক্ষেত্ৰত ভাৰত সদায় চহকী। পৃথিৱীৰ মানুহে বিভিন্ন ধৰণৰ পৰ্যটনৰ বাবে বিভিন্ন দেশলৈ যায়। ভাৰতত প্ৰতিটো প্ৰকাৰৰ পৰ্যটন, এখন দেশতে এটা ভিছাত উপলব্ধ। কিন্তু ২০১৪ চনৰ আগতে দেশত থকা চৰকাৰখনে এই সকলোবোৰৰ প্ৰতি বিশেষ গুৰুত্ব নিদিলে। পূৰ্বৰ চৰকাৰসমূহৰ পৰ্যটনস্থলীৰ উন্নয়নৰ বাবে, আমাৰ বিলৰ উন্নয়নৰ বাবে, দ্বীপসমূহৰ উন্নয়নৰ কোনো দৃষ্টিভংগী নাছিল। ভাল পথ, ভাল ৰে'ল, বিমানবন্দৰৰ অভাৱত বহু পৰ্যটন স্থান অচিনাকি হৈ থাকিল। আমি যোৱা ১০ বছৰত এই সকলোবোৰ অভাৱ দূৰ কৰিবলৈ চেষ্টা কৰিছোঁ। গোৱাৰ ডাবল ইঞ্জিন চৰকাৰেও ইয়াত পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি কৰিছে। আমাৰ প্ৰচেষ্টা হৈছে গোৱাৰ অভ্যন্তৰীণ অঞ্চলত ইক’ টুৰিজিমক প্ৰসাৰিত কৰা। ইয়াৰ দ্বাৰা সেই অঞ্চলসমূহত বসবাস কৰা লোকসকলে প্ৰত্যক্ষভাৱে লাভৱান হ’ব। যেতিয়া পৰ্যটক গোৱাৰ গাঁৱত উপস্থিত হ’ব তেতিয়া তাত অধিক কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। পানাজিৰ পৰা ৰীছ মাগোছলৈ সংযোগ কৰা ৰ’পৱে নিৰ্মাণৰ পিছত ইয়াত পৰ্যটকৰ সংখ্যা আৰু বৃদ্ধি পাব। এই প্ৰকল্পৰ সৈতে আধুনিক সুবিধাসমূহো গঢ়ি তোলা হ’ব। ফুড ক’ৰ্ট, ৰেষ্টুৰেণ্ট, ৱেটিং ৰুমকে ধৰি বিভিন্ন সা-সুবিধাৰ সৈতে ই গোৱাৰ নতুন আকৰ্ষণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব।

বন্ধুসকল,

আমাৰ চৰকাৰে এতিয়া গোৱাক এক নতুন প্ৰকাৰৰ পৰ্যটন স্থলী হিচাপেও গঢ়ি তুলিছে। এয়া হৈছে কনফাৰেন্স টুৰিজিম। ঠিক আজি পুৱা মই ভাৰত শক্তি সপ্তাহৰ অনুষ্ঠানত আছিলোঁ। গোৱাতো জি-২০ৰ বহু গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। বিগত বছৰবোৰত গোৱাত ডাঙৰ ডাঙৰ কূটনৈতিক বৈঠকৰো আয়োজন কৰা হৈছে। বিশ্ব টেবুল টেনিছ চেম্পিয়নশ্বিপ, ৱৰ্ল্ড বিচ ভলীবল ট্যুৰ, সোতৰ অনূৰ্ধ্ব মহিলা ফুটবল বিশ্বকাপ...সাতত্ৰিশতম ৰাষ্ট্ৰীয় খেল… ছয়ত্ৰিশতম নেশ্যনেল গেমছ…এই সকলোৰে আয়োজনো গোৱাতেই কৰা হয়। এনে প্ৰতিটো অনুষ্ঠানৰ লগে লগে গোৱাৰ নাম আৰু গোৱাৰ পৰিচয় সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। আগন্তুক বছৰবোৰত ডাবল ইঞ্জিন চৰকাৰে গোৱাক এনেধৰণৰ অনুষ্ঠানৰ এটা ডাঙৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ গৈ আছে। আৰু আপুনিও জানে, এনে প্ৰতিটো অনুষ্ঠানে গোৱাবাসীক কৰ্মসংস্থাপন প্ৰদান কৰে আৰু ইয়াৰ জনসাধাৰণৰ উপাৰ্জন বৃদ্ধি কৰে।

 

বন্ধুসকল,

গোৱাত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় খেলৰ বাবে ইয়াত যি আধুনিক ক্ৰীড়া আন্তঃগাঁথনি গঢ়ি তোলা হৈছে, সেইটোৱেও ইয়াৰ ক্ৰীড়া-ব্যক্তি আৰু খেলুৱৈসকলৰ বাবে যথেষ্ট সহায় কৰিব। মোক কোৱা হৈছে যে যেতিয়া গোৱাত বিকশিত ভাৰত সংকল্প যাত্ৰা চলি আছিল, সেই সময়ত ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা গোৱাৰ খেলুৱৈসকলকো সন্মানিত কৰা হৈছিল। গোৱাৰ এনে প্ৰতিগৰাকী যুৱ খেলুৱৈক আকৌ এবাৰ অভিনন্দন জনাইছোঁ।

আৰু বন্ধুসকল,

যেতিয়া ইমানবোৰ খেলৰ কথা চলি থাকে, তেতিয়া কোনে পাহৰিব পাৰে গোৱাৰ ফুটবল? আজিও গোৱাৰ ফুটবল খেলুৱৈ আৰু ইয়াৰ ফুটবল ক্লাবসমূহৰ দেশ আৰু বিশ্বত নিজস্ব পৰিচয় আছে। ফুটবলৰ দৰে ক্ৰীড়ালৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে আমাৰ চৰকাৰে দুবছৰ পূৰ্বে গোৱাৰ ব্ৰহ্মানন্দ সংখোৱাকাৰ জীক পদ্ম বঁটাৰে সন্মানিত কৰিছিল। আজি আমাৰ চৰকাৰে খেলো ইণ্ডিয়াৰ জৰিয়তে ইয়াত ফুটবলকে ধৰি বহু খেলৰ প্ৰচাৰ কৰিছে।

বন্ধুসকল,

ক্ৰীড়া আৰু পৰ্যটনৰ বাহিৰেও যোৱা কেইবছৰমানৰ পৰা সমগ্ৰ দেশতে গোৱাৰ আন এক পৰিচয়ৰ সৃষ্টি হৈছে। আমাৰ চৰকাৰে গোৱাক এটা ডাঙৰ শিক্ষাৰ কেন্দ্ৰ হিচাপে প্ৰচাৰ কৰিছে। ইয়াৰ বহু প্ৰতিষ্ঠান দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সপোনৰ প্ৰতিষ্ঠানত পৰিণত হৈছে। আজিৰ পৰা আৰম্ভ হোৱা নতুন শিক্ষানুষ্ঠানসমূহে গোৱাৰ যুৱক-যুৱতীসকলকো দেশত সৃষ্টি হৈ থকা নতুন সুযোগসমূহৰ বাবে সাজু কৰি তুলিব। আমাৰ চৰকাৰে যুৱ প্ৰজন্মৰ বাবেও বাজেটত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। গৱেষণা আৰু উদ্ভাৱনৰ বাবে এক লাখ কোটি টকাৰ পুঁজি সৃষ্টি কৰা হ’ব। ইয়াৰ দ্বাৰা প্ৰযুক্তিৰ ক্ষেত্ৰত উদ্ভাৱনক প্ৰসাৰিত হ’ব। আৰু ইয়াৰ দ্বাৰা উদ্যোগ, আমাৰ যুৱক-যুৱতীসকল উপকৃত হ’ব।

 

ভাতৃ-ভগ্নীসকল,

গোৱাৰ দ্ৰুত উন্নয়নৰ বাবে সকলোৰে প্ৰচেষ্টা প্ৰয়োজনীয়। গোৱাৰ পৰিয়ালৰ সকলো সদস্যৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মোৰ বিশ্বাস যে মোদীৰ গেৰাণ্টীৰে গোৱাৰ প্ৰতিটো পৰিয়ালৰ জীৱন উন্নত হ'ব। আকৌ এবাৰ আপোনালোক সকলোকে এই উন্নয়নমূলক কামৰ বাবে অভিনন্দন জনাইছোঁ।

বহুত বহুত ধন্যবাদ।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

ভাৰত মাতা কী জয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A big deal: The India-EU partnership will open up new opportunities

Media Coverage

A big deal: The India-EU partnership will open up new opportunities
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi interacts with Energy Sector CEOs
January 28, 2026
CEOs express strong confidence in India’s growth trajectory
CEOs express keen interest in expanding their business presence in India
PM says India will play decisive role in the global energy demand-supply balance
PM highlights investment potential of around USD 100 billion in exploration and production, citing investor-friendly policy reforms introduced by the government
PM calls for innovation, collaboration, and deeper partnerships, across the entire energy value chain

Prime Minister Shri Narendra Modi interacted with CEOs of the global energy sector as part of the ongoing India Energy Week (IEW) 2026, at his residence at Lok Kalyan Marg earlier today.

During the interaction, the CEOs expressed strong confidence in India’s growth trajectory. They conveyed their keen interest in expanding and deepening their business presence in India, citing policy stability, reform momentum, and long-term demand visibility.

Welcoming the CEOs, Prime Minister said that these roundtables have emerged as a key platform for industry-government alignment. He emphasized that direct feedback from global industry leaders helps refine policy frameworks, address sectoral challenges more effectively, and strengthen India’s position as an attractive investment destination.

Highlighting India’s robust economic momentum, Prime Minister stated that India is advancing rapidly towards becoming the world’s third-largest economy and will play a decisive role in the global energy demand-supply balance.

Prime Minister drew attention to significant investment opportunities in India’s energy sector. He highlighted an investment potential of around USD 100 billion in exploration and production, citing investor-friendly policy reforms introduced by the government. He also underscored the USD 30 billion opportunity in Compressed Bio-Gas (CBG). In addition, he outlined large-scale opportunities across the broader energy value chain, including gas-based economy, refinery–petrochemical integration, and maritime and shipbuilding.

Prime Minister observed that while the global energy landscape is marked by uncertainty, it also presents immense opportunity. He called for innovation, collaboration, and deeper partnerships, reiterating that India stands ready as a reliable and trusted partner across the entire energy value chain.

The high-level roundtable saw participation from 27 CEOs and senior corporate dignitaries representing leading global and Indian energy companies and institutions, including TotalEnergies, BP, Vitol, HD Hyundai, HD KSOE, Aker, LanzaTech, Vedanta, International Energy Forum (IEF), Excelerate, Wood Mackenzie, Trafigura, Staatsolie, Praj, ReNew, and MOL, among others. The interaction was also attended by Union Minister for Petroleum and Natural Gas, Shri Hardeep Singh Puri and the Minister of State for Petroleum and Natural Gas, Shri Suresh Gopi and senior officials of the Ministry.