Lays foundation stone and launches several sanitation and cleanliness projects worth about Rs 10,000 crore
“As we mark Ten Years of Swachh Bharat, I salute the unwavering spirit of 140 crore Indians for making cleanliness a 'Jan Andolan'”
“Clean India is the world's biggest and most successful mass movement in this century”
“Impact that the Swachh Bharat Mission has had on the lives of common people of the country is priceless”
“Number of infectious diseases among women has reduced significantly due to Swachh Bharat Mission”
“Huge psychological change in the country due to the growing prestige of cleanliness”
“Now cleanliness is becoming a new path to prosperity”
“Swachh Bharat Mission has given new impetus to the circular economy”
“Mission of cleanliness is not a one day ritual but a lifelong ritual”
“Hatred towards filth can make us more forceful and stronger towards cleanliness”
“Let us take an oath that wherever we live, be it our home, our neighbourhood or our workplace, we will maintain cleanliness”

কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী মনোহৰ লাল জী, শ্ৰী চি.আৰ.পাটিল জী, শ্ৰী টোখন চাহু জী, শ্ৰী ৰাজ ভূষণ জী, আন সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰ মহিলাসকল!

আজি পূজ্য বাপু আৰু লাল বাহাদুৰ শাস্ত্ৰী জীৰ জন্ম বাৰ্ষিকী। মা ভাৰতীৰ এই মহান পুত্ৰসকলক বিনম্ৰভাৱে প্ৰণাম জনাইছোঁ। ভাৰতৰ বাবে গান্ধীজী আৰু দেশৰ মহান ব্যক্তিসকলে যি সপোন দেখিছিল, সেই সপোন পূৰণৰ বাবে এই দিনটোৱে আমাক সকলোকে একত্ৰিতভাৱে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে।

বন্ধুসকল,

এই ২ অক্টোবৰত মই কৰ্তব্যবোধেৰে ভৰি পৰিছোঁ আৰু লগতে গভীৰভাৱে আৱেগিক হৈ পৰিছোঁ। আজি স্বচ্ছ ভাৰত অভিযানৰ ১০ বছৰ সম্পূৰ্ণ হ'ল। স্বচ্ছ ভাৰত অভিযানৰ এই যাত্ৰা কোটি-কোটি ভাৰতীয়ৰ অদম্য দায়বদ্ধতাৰ প্ৰতীক। বিগত ১০ বছৰত অগণন ভাৰতীয়ই এই অভিযানক আকোৱালি লৈ নিজৰ কৰি লৈছে, দৈনন্দিন জীৱনত ইয়াক সন্নিৱিষ্ট কৰিছে। ১০ বছৰীয়া এই মাইলৰ খুঁটিত মই প্ৰতিজন নাগৰিক, আমাৰ অনাময় কৰ্মী, আমাৰ ধৰ্মীয় নেতা, আমাৰ খেলুৱৈ, আমাৰ চেলিব্ৰিটি, এনজিঅ’ আৰু সংবাদ মাধ্যমৰ বন্ধুসকলক মোৰ আন্তৰিক কৃতজ্ঞতা আৰু প্ৰশংসা আগবঢ়াইছোঁ। আপোনালোক সকলোৱে মিলি স্বচ্ছ ভাৰত অভিযানক ইমান বৃহৎ ৰাজহুৱা আন্দোলন কৰি তুলিছে। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু প্ৰাক্তন উপ-ৰাষ্ট্ৰপতিসকলৰ প্ৰতি মই হৃদয়ৰপৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ, তেওঁলোকেও স্বচ্ছতা অভিযানৰে জড়িত হৈ এই কাৰ্য্যসূচীলৈ অৰিহণা যোগাই ৰাষ্ট্ৰখনক অপৰিসীম প্ৰেৰণা প্ৰদান কৰিছিল। ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিসকলক তেওঁলোকৰ অৱদানৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সমগ্ৰ দেশতে পৰিষ্কাৰ-পৰিচ্ছন্নতা সম্পৰ্কীয় কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে। চালিয়েই হওঁক, ফ্লেটেই হওঁক, সমাজেই হওঁক, মানুহে উৎসাহেৰে নিজৰ গাঁও, চহৰ, চুবুৰী চাফা কৰি আছে। বহু ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু আন-আন জনপ্ৰতিনিধিয়েও এই কাৰ্য্যসূচীত অংশগ্ৰহণেৰে নেতৃত্ব দিছে। কেৱল বিগত পষেকত সমগ্ৰ দেশৰ কোটি-কোটি লোকে স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰিছে। মোক জনোৱা হৈছে যে "সেৱা পখৱাড়া" (সেৱা পষেক)ৰ ১৫ দিনৰ ভিতৰত দেশজুৰি ২৭ লাখৰো অধিক কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছিল, য'ত ২৮ কোটিৰো অধিক লোকে অংশগ্ৰহণ কৰিছিল। আমি নিৰন্তৰ প্ৰচেষ্টাৰেহে ভাৰতক পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ। প্ৰতিজন ভাৰতীয়ৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

আজিৰ এই গুৰুত্বপূৰ্ণ সন্ধিক্ষণত স্বচ্ছতাৰ সৈতে জড়িত প্ৰায় ১০ হাজাৰ কোটি টকা মূল্যৰ নতুন প্ৰকল্পৰাজিৰ শুভাৰম্ভ কৰা হৈছে। অমৰুট অভিযানৰ অধীনত দেশৰ বহু চহৰত পানী আৰু নলা পৰিশোধন প্লান্ট নিৰ্মাণ কৰা হ’ব। "নমামি গংগা"ৰ সৈতে জড়িত কামেই হওঁক বা "গোবৰধন" উদ্যোগৰ জৰিয়তে আৱৰ্জনাসমূহৰপৰা জৈৱ গেছ উৎপাদনেই হওঁক, এই পদক্ষেপসমূহে স্বচ্ছ ভাৰত অভিযানক নতুন শিখৰলৈ উন্নীত কৰিব। স্বচ্ছ ভাৰত অভিযান যিমানেই সফল হ'ব, সিমানেই আমাৰ দেশ উজ্জ্বল হ'ব।

 

বন্ধুসকল,

আজিৰপৰা হাজাৰ বছৰৰ পাছতো একবিংশ শতিকাৰ ভাৰতৰ অধ্যয়ন হ’লে স্বচ্ছ ভাৰত অভিযান নিঃসন্দেহে স্মৰণীয় হৈ থাকিব। স্বচ্ছ ভাৰত হৈছে এই শতিকাৰ সৰ্ববৃহৎ আৰু সফল জন-নেতৃত্বশীল, জন-চালিত ৰাজহুৱা আন্দোলন। এই মিছনে মোক জনতাৰ শক্তি দেখুৱাইছে, যাক মই ঐশ্বৰিক বুলি গণ্য কৰোঁ। মোৰ বাবে পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰাইজৰ শক্তিৰ উদযাপন হৈ পৰিছে। মোৰ আজি মনত পৰিছে, যেতিয়া এই অভিযানৰ আৰম্ভ হৈছিল, তেতিয়া লাখ-লাখ লোকে একেলগে চাফাই কামত নামিছিল। বিয়াৰপৰা আৰম্ভ কৰি ৰাজহুৱা অনুষ্ঠানলৈকে সকলোতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা আছিল। এগৰাকী বৃদ্ধা মাতৃয়ে নিজৰ ছাগলী বিক্ৰী কৰি শৌচাগাৰ নিৰ্মাণত অৰিহণা যোগোৱাৰ সমান্তৰালকৈ কোনোৱে নিজৰ মংগলসূত্ৰ বিক্ৰী কৰাৰ সমান্তৰালকৈ কোনোবাই শৌচাগাৰ নিৰ্মাণৰ বাবে মাটি দান কৰে। একাংশ অৱসৰপ্ৰাপ্ত শিক্ষকে তেওঁলোকৰ পেঞ্চন দান কৰিছিল আৰু সৈনিকসকলে নিজৰ অৱসৰৰ ধন পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে উৎসৰ্গা কৰিছিল। এই অনুদানসমূহ যদি মন্দিৰ বা আন কোনো অনুষ্ঠানত দিয়া হ’লহেঁতেন, তেন্তে বাতৰিকাকতত শিৰোনাম দখলেৰে এসপ্তাহ ধৰি আলোচনা হ’লহেঁতেন। কিন্তু ৰাষ্ট্ৰই জানিব লাগিব যে যিসকলৰ মুখ কেতিয়াও টিভিত দেখা নগ’ল, যাৰ নাম কেতিয়াও শিৰোনামত নাছিল, তেওঁলোকে সময়েই হওঁক বা ধন-সম্পত্তিয়েই হওঁক, এই আন্দোলনক নতুন শক্তি প্ৰদানেৰে অৱদান আগবঢ়াইছে। ইয়াৰদ্বাৰা আমাৰ ৰাষ্ট্ৰৰ চৰিত্ৰ প্ৰতিফলিত হয়।

এবাৰ ব্যৱহহৃত প্লাষ্টিক পৰিহাৰৰ কথা কওঁতে কোটি-কোটি লোকে বজাৰ কৰিবলৈ মৰাপাট আৰু কাপোৰৰ বেগ ব্যৱহাৰ কৰিবলৈ ধৰিলে। মই তেওঁলোকৰ প্ৰতি কৃতজ্ঞ। নহ’লে মই ইয়াক নিষিদ্ধকৰণৰ কথা কোৱা মাত্ৰেকে প্লাষ্টিক উদ্যোগৰ সৈতে জড়িতসকলে হয়তো প্ৰতিবাদ কৰিলেহেঁতেন, অনশন কৰিলেহেঁতেন। কিন্তু তেওঁলোকে কৰা নাছিল। অৰ্থনৈতিক ক্ষতিৰ সন্মুখীন হ’লেও সহযোগ কৰিলে। মোদীয়ে এবাৰ ব্যৱহৃত প্লাষ্টিক নিষিদ্ধ কৰিছে, নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে বুলি দাবী কৰি হয়তো প্ৰতিবাদ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে কৰা নাছিল। মই ধন্য যে তেওঁলোকৰ মনোযোগ তালৈ যোৱা নাছিল।

বন্ধুসকল,

আমাৰ চলচ্চিত্ৰ উদ্যোগটোও এই আন্দোলনত পিছ পৰি থকা নাই। ব্যৱসায়িক স্বাৰ্থত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে স্বচ্ছতাৰ বাৰ্তা বিয়পাই দিবলৈ উদ্যোগটোৱে ছবি নিৰ্মাণ কৰিছে। এই ১০ বছৰত আৰু মই অনুভৱ কৰোঁ যে এইটো এককালীন বিষয় নহয়, ই এক নিৰন্তৰ কাম, যিটো প্ৰতি মুহূৰ্ত আৰু প্ৰতিদিনে সম্পন্ন কৰিব লাগিব। আপোনালোকৰ মনত পৰে নে "মন কী বাত"ত মই প্ৰায় ৮০০ বাৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কথা উল্লেখ কৰিছোঁ। মানুহে নিজৰ প্ৰচেষ্টা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি থকা সমৰ্পণৰ বিষয়ে বুজাই লাখ-লাখ চিঠি প্ৰেৰণ কৰে।

বন্ধুসকল,

আজি দেশ আৰু জনসাধাৰণৰ সাফল্যৰ সাক্ষী হৈ থাকোঁতে এটা প্রশ্ন উত্থাপন হয়- আগতে কিয় এনে নহ’ল? স্বাধীনতা আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে আমাক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পথ দেখুৱাইছিল। তেওঁ আমাক কেৱল দেখুৱাই দিয়াই নহয়, শিকাইছিলো। তেন্তে স্বাধীনতাৰ পিছত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি কিয় গুৰুত্ব দিয়া নহ’ল? গান্ধীৰ নামত ক্ষমতা বিচাৰি আৰু তেওঁৰ নামত ভোট লাভ কৰাসকলে তেওঁৰ প্ৰিয় বিষয়— পৰিষ্কাৰ-পৰিচ্ছন্নতাক পাহৰি গ’ল। শৌচাগাৰৰ অভাৱক তেওঁলোকে দেশৰ বাবে সমস্যা হিচাপে নাভাবিলে, যেন তেওঁলোকে লেতেৰাক জীৱন-ধাৰণৰ পদ্ধতি হিচাপে মানি লৈছে। ফলত মানুহে লেতেৰা অৱস্থাত জীয়াই থাকিবলৈ বাধ্য হ’ল। লেতেৰা ৰুটিন জীৱনৰ এটা অংশ হৈ পৰিল। পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে আলোচনা হোৱা বন্ধ হৈ গ’ল। গতিকে, যেতিয়া মই লালকিল্লাৰ পৰা বিষয়টো উত্থাপন কৰিলোঁ, তেতিয়া ই ধুমুহাৰ সৃষ্টি কৰিলে। কিছুমানে মোক উপহাস কৰিলে, শৌচাগাৰ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কথা কোৱাটো ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাম নহয়। মোক উপহাস কৰিয়েই থাকে।

 

কিন্তু বন্ধুসকল,

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম কাম এই দেশৰ সাধাৰণ জনতাৰ জীৱন সহজ কৰি তোলা। মোৰ দায়িত্ব বুজি মই টয়লেটৰ কথা ক’লোঁ, চেনিটেৰী পেডৰ কথা ক’লোঁ। আৰু আজি আমি ইয়াৰ ফল দেখিবলৈ পাইছোঁ।

বন্ধুসকল,

১০ বছৰ আগলৈকে ভাৰতৰ ৬০ শতাংশৰো অধিক জনসংখ্যাই মুকলি ঠাইত শৌচ কৰিবলৈ বাধ্য হৈছিল। এয়া আছিল মানৱ মৰ্য্যাদাৰ অপমান। কেৱল সেয়াই নহয়, দেশৰ দৰিদ্ৰ, দলিত, আদিবাসী, পিছপৰা সমাজৰ প্ৰতি অপমান আছিল— যিটো অপমান প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি আহিছিল। শৌচাগাৰৰ অভাৱত আমাৰ ভগ্নী-কন্যাসকলে অপৰিসীম দুখ-কষ্টৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁলোকৰ হাতত কষ্ট আৰু অস্বস্তি সহ্য কৰাৰ বাহিৰে আন উপায় নাছিল। যিয়ে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি গুৰুতৰ বিপদৰ সৃষ্টি কৰিছিল। ঠাণ্ডাই হওঁক বা বৰষুণেই হওঁক, সূৰ্য্য উদয়ৰ আগতেই যাব লগা হৈছিল। মোৰ দেশৰ কোটি-কোটি মাতৃয়ে প্ৰতিদিনে এই কষ্টৰ মাজেৰে পাৰ হৈছিল। মুকলিকৈ শৌচ কৰাৰ ফলত সৃষ্টি হোৱা লেতেৰাবোৰে আমাৰ ল’ৰা-ছোৱালীৰ জীৱন বিপন্ন কৰি পেলালে। ই আছিল শিশুৰ মৃত্যুৰ এটা প্ৰধান কাৰণ। অস্বাস্থ্যকৰ পৰিস্থিতিৰ বাবে গাঁও আৰু বস্তিত ৰোগৰ প্ৰাদুৰ্ভাৱ সাধাৰণ আছিল।

বন্ধুসকল,

এনে পৰিস্থিতিত যিকোনো দেশ কেনেকৈ আগবাঢ়িব পাৰে? সেইবাবেই আমি সিদ্ধান্ত লৈছিলোঁ যে কথাবোৰ যিদৰে আছিল তেনেদৰে চলিব নোৱাৰে। আমি ইয়াক ৰাষ্ট্ৰীয় আৰু মানৱীয় প্ৰত্যাহ্বান হিচাপে গণ্য কৰি ইয়াৰ সমাধানৰ বাবে এক অভিযান আৰম্ভ কৰিলোঁ। ইয়াতেই ‘স্বচ্ছ ভাৰত অভিযান’ৰ বীজ সিঁচা হৈছিল। এই কাৰ্য্যসূচী, এই অভিযান, এই আন্দোলন, জনসচেতনতাৰ এই প্ৰচেষ্টা দুখৰ গৰ্ভৰ পৰাই জন্ম হৈছিল। আৰু দুখৰ পৰা জন্ম লোৱা মিছনবোৰ কেতিয়াও মৰি নাযায়। অতি কম সময়ৰ ভিতৰতে কোটি-কোটি ভাৰতীয়ই মহান কৃতিত্ব অৰ্জন কৰিলে। দেশত ১২ কোটিৰো অধিক শৌচাগাৰ নিৰ্মাণ কৰা হয়। ৪০ শতাংশৰো কম হোৱা শৌচাগাৰৰ কভাৰেজ এতিয়া ১০০ শতাংশ হৈছেগৈ।

বন্ধুসকল,

দেশৰ সাধাৰণ নাগৰিকৰ জীৱনত স্বচ্ছ ভাৰত অভিযানৰ প্ৰভাৱ অমূল্য। শেহতীয়াকৈ এখন বিখ্যাত আন্তঃৰাষ্ট্ৰীয় আলোচনীত এক অধ্যয়ন প্ৰকাশ পাইছে। এই অধ্যয়ন আমেৰিকাৰ ৱাশ্বিংটনৰ আন্তৰ্জাতিক খাদ্য নীতি গৱেষণা প্ৰতিষ্ঠান, কেলিফৰ্ণিয়া বিশ্ববিদ্যালয় আৰু অহাইঅ’ ষ্টেট বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে কৰিছিল। ইয়াত দেখা গ’ল যে স্বচ্ছ ভাৰত অভিযানে বছৰি ৬০,০০০ৰ পৰা ৭০,০০০ শিশুৰ জীৱন ৰক্ষা কৰিছে। আমি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ জৰিয়তে, জাবৰ-জোঁথৰ আঁতৰাই, লেতেৰা নিৰ্মূল কৰি ৬০,০০০-৭০,০০০ শিশুৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ – ঈশ্বৰৰ পৰা ইয়াতকৈ ডাঙৰ আশীৰ্বাদ কি হ’ব পাৰে? ডব্লিউ এইচ অ’ৰ তথ্য অনুসৰি ২০১৪ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ৩ লাখ লোকৰ জীৱন ৰক্ষা কৰা হৈছিল, যাক অন্যথা ডায়েৰিয়াৰ ফলত হেৰুৱাবলগীয়া হ’লহেঁতেন। এয়া মানৱ সেৱাৰ কৰ্তব্যত পৰিণত হৈছে বন্ধুসকল।

ইউনিচেফৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ঘৰতে শৌচাগাৰ নিৰ্মাণৰ বাবে এতিয়া ৯০ শতাংশতকৈ অধিক মহিলাই নিজকে সুৰক্ষিত অনুভৱ কৰিছে। স্বচ্ছ ভাৰত অভিযানৰ বাবে মহিলাৰ সংক্ৰমণৰ ফলত হোৱা ৰোগসমূহো যথেষ্ট হ্ৰাস পাইছে। আৰু ইয়াতেই শেষ নহয়। হাজাৰ-হাজাৰ বিদ্যালয়ত ছোৱালীৰ বাবে সুকীয়াকৈ শৌচাগাৰ নিৰ্মাণ কৰাৰ বাবে ছোৱালীৰ ড্ৰপআউটৰ হাৰ হ্ৰাস পাইছে। ইউনিচেফৰ আন এক অধ্যয়নত দেখা গৈছে যে গড়ে গ্ৰাম্য পৰিয়ালসমূহে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে বছৰি প্ৰায় ৫০,০০০ টকা ৰাহি কৰে। পূর্বে এই ধন সঘনাই হোৱা অসুস্থতাৰ চিকিৎসাৰ বাবে ব্যয় কৰা হয় বা বেমাৰৰ বাবে কাম কৰিব নোৱাৰাৰ বাবে হেৰুৱাবলগীয়া হয়।

 

বন্ধুসকল,

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিলে শিশুৰ জীৱন ৰক্ষা পৰিব পাৰে আৰু মই আপোনালোকক আৰু এটা উদাহৰণ দিব বিচাৰিছোঁ। কেইবছৰমানৰ আগতে গোৰখপুৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত শ-শ শিশুৰ এনকেফেলাইটিছ ৰোগত মৃত্যু হোৱা বুলি অহৰহ ব্ৰেকিং নিউজৰ বাতৰি প্ৰকাশ পাইছিল। কিন্তু এতিয়া লেতেৰাৰ বিদায় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ আগমনৰ লগে-লগে সেই খবৰবোৰো নাইকিয়া হৈ গৈছে। ইয়াৰ এটা প্ৰধান কাৰণ হ’ল স্বচ্ছ ভাৰত অভিযানে কঢ়িয়াই অনা জনসচেতনতা আৰু তাৰ পিছত হোৱা পৰিষ্কাৰ-পৰিচ্ছন্নতা।

বন্ধুসকল,

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বৰ্ধিত সন্মানে দেশত এক উল্লেখযোগ্য মানসিক পৰিৱৰ্তনো আনিছে। আজি এই কথা উল্লেখ কৰাটো গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰিছোঁ। আগতে চাফাই কামৰ লগত জড়িত লোকক কেনেকৈ চোৱা হৈছিল আমি সকলোৱে জানো। সমাজৰ এটা বৃহৎ অংশই বিশ্বাস কৰিছিল যে ইয়াক পৰিষ্কাৰ কৰাটো আন কাৰোবাৰ দায়িত্ব, চাফা কৰাসকলক হেয়জ্ঞান কৰি অহংকাৰৰ ভাৱনাৰে জীয়াই আছিল। কিন্তু যেতিয়া আমি সকলোৱে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰচেষ্টাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া চাফাইৰ লগত জড়িতসকলেও অনুভৱ কৰিলে যে তেওঁলোকে কৰা কামটো গুৰুত্বপূৰ্ণ আৰু আনসকলো তেওঁলোকৰ প্ৰচেষ্টাৰ অংশ হৈ পৰিছে। ইয়াৰ ফলত এক বৃহৎ মানসিক পৰিৱৰ্তন ঘটিল। স্বচ্ছ ভাৰত অভিযানে পৰিয়াল আৰু অনাময় কৰ্মীসকলৰ প্ৰতি অপৰিসীম সন্মান আৰু মৰ্যাদা কঢ়িয়াই আনিছে, তেওঁলোকৰ অৱদানক লৈ গৌৰৱ অনুভৱ কৰাইছে। আজি তেওঁলোকে আমাক সন্মানবোধেৰে চায়। তেওঁলোকে এতিয়া গৌৰৱ অনুভৱ কৰিছে যে তেওঁলোকে কেৱল পেট ভৰোৱাৰ কাম কৰাই নহয়, ৰাষ্ট্ৰখনক উজ্জ্বল কৰি তোলাতো অৰিহণা যোগাইছে। স্বচ্ছ ভাৰত অভিযানে লাখ-লাখ অনাময় কৰ্মীক গৌৰৱ আৰু মৰ্যাদাৰ ভাব প্ৰদান কৰিছে। আমাৰ চৰকাৰ অনাময় কৰ্মীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে তেওঁলোকক এক মৰ্যাদাপূৰ্ণ জীৱন প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। চেপ্টিক টেংকত হাতেৰে প্ৰৱেশৰ ফলত হোৱা বিপদ দূৰ কৰাৰ বাবেও আমি কাম কৰি আছোঁ। চৰকাৰ, ব্যক্তিগত খণ্ড আৰু জনসাধাৰণে একেলগে কাম কৰি আছে আৰু বহুতো নতুন ষ্টাৰ্টআপৰ উত্থান ঘটিছে, নতুন প্ৰযুক্তি আনিছে।

বন্ধুসকল,

স্বচ্ছ ভাৰত অভিযান কেৱল পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে এক কাৰ্যসূচী নহয়; ইয়াৰ পৰিসৰ ব্যাপকভাৱে সম্প্ৰসাৰিত হৈছে। ই এতিয়া পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দ্বাৰা পৰিচালিত সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিছে। স্বচ্ছ ভাৰত অভিযানেও বৃহৎ পৰিসৰৰ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে। বিগত কেইবছৰমানৰ পৰা কোটি-কোটি শৌচাগাৰ নিৰ্মাণৰ ফলত বহু খণ্ড উপকৃত হৈছে, মানুহক চাকৰিৰ সুবিধা প্ৰদান কৰিছে। গাঁৱত ৰাজমিস্ত্ৰী, প্লাম্বাৰ, শ্ৰমিক আৰু বহুতে নতুন সুযোগ বিচাৰি পাইছে। ইউনিচেফৰ অনুমান অনুসৰি, এই অভিযানৰ বাবে প্ৰায় ১.২৫ কোটি লোকে কিছু অৰ্থনৈতিক লাভ বা কৰ্মসংস্থাপন লাভ কৰিছে। নতুন প্ৰজন্মৰ মহিলা ৰাজমিস্ত্ৰীও এই অভিযানৰ উৎপাদন। আগতে আমি কেতিয়াও মহিলা ৰাজমিস্ত্ৰীৰ কথা শুনা নাছিলোঁ, কিন্তু এতিয়া মহিলা ৰাজমিস্ত্ৰীয়ে কাম কৰা দেখিবলৈ পোৱা গৈছে।

স্বচ্ছ প্ৰযুক্তিৰ সহায়ত আমাৰ যুৱক-যুৱতীসকলৰ বাবে উন্নত চাকৰি আৰু সুযোগৰ উন্মেষ ঘটিছে। আজি প্ৰায় ৫ হাজাৰ ষ্টাৰ্টআপ ক্লীন টেকত পঞ্জীয়ন কৰা হৈছে। আৱৰ্জনা-সম্পত্তি, আৱৰ্জনা সংগ্ৰহ আৰু পৰিবহণ, পানীৰ পুনৰ ব্যৱহাৰ আৰু পুনঃব্যৱহাৰ আদি ক্ষেত্ৰত পানী আৰু অনাময় খণ্ডত বহু সুযোগৰ সৃষ্টি হৈছে। অনুমান কৰা হৈছে যে এই দশকৰ শেষলৈকে এই খণ্ডত ৬৫ লাখ নতুন চাকৰিৰ সৃষ্টি হ’ব আৰু নিঃসন্দেহে স্বচ্ছ ভাৰত অভিযানে ইয়াত উল্লেখযোগ্য ভূমিকা পালন কৰিব।

 

বন্ধুসকল,

স্বচ্ছ ভাৰত অভিযানে চাৰ্কুলাৰ অৰ্থনীতিক এক নতুন গতিও প্ৰদান কৰিছে। আমি এতিয়া ঘৰতে উৎপন্ন হোৱা আৱৰ্জনাবোৰৰ পৰা পচন সাৰ, জৈৱ গেছ, বিদ্যুৎ আৰু পথ নিৰ্মাণৰ বাবে কয়লাৰ দৰে সামগ্ৰী উৎপাদন কৰিছোঁ। আজি গোবৰধন যোজনাই গ্ৰামাঞ্চল আৰু নগৰ উভয়তে বৃহৎ পৰিৱৰ্তন আনিছে। এই আঁচনিৰ অধীনত গাঁৱে-ভূঞে শ-শ জৈৱ গেছ উদ্যোগ স্থাপন কৰা হৈছে। এতিয়া গোবৰধন যোজনাৰ কৃপাত আৰু গাখীৰ উৎপাদন নকৰা বা খেতিপথাৰত কাম নকৰা পশুধনবোৰো উপাৰ্জনৰ উৎস হ’ব পাৰে। তদুপৰি ইতিমধ্যে সমগ্ৰ দেশতে শ-শ চিবিজি প্লান্ট স্থাপন কৰা হৈছে। আজি কেইবাটাও নতুন উদ্যোগ উদ্বোধন কৰা হৈছে আৰু নতুন প্ৰকল্প আৰম্ভ কৰা হৈছে।

বন্ধুসকল,

এই দ্ৰুতগতিত পৰিৱৰ্তিত সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহ আমি বুজাটো গুৰুত্বপূৰ্ণ। আমাৰ অৰ্থনীতি বৃদ্ধি আৰু নগৰীকৰণ বৃদ্ধিৰ লগে-লগে আৱৰ্জনা সৃষ্টিও বৃদ্ধি পাব, যাৰ ফলত অধিক জাবৰৰ সৃষ্টি হ’ব। অৰ্থনীতিৰ বৰ্তমানৰ "ব্যৱহাৰ আৰু পেলোৱা" আৰ্হিটোৱেও এই সমস্যাত অৰিহণা যোগায়। আমি ইলেক্ট্ৰনিক আৱৰ্জনাকে ধৰি নতুন ধৰণৰ আৱৰ্জনাসমূহৰ সন্মুখীন হ’ম। গতিকে আমি আমাৰ ভৱিষ্যতৰ কৌশল উন্নত কৰিব লাগিব। আমি নিৰ্মাণৰ ক্ষেত্ৰত এনে প্ৰযুক্তি বিকশিত কৰিব লাগিব যিয়ে পুনঃব্যৱহাৰযোগ্য সামগ্ৰীৰ অধিক ব্যৱহাৰ কৰিব পাৰে। আমাৰ কলনী, হাউছিং কমপ্লেক্স আৰু অট্টালিকাবোৰ এনেদৰে ডিজাইন কৰিব লাগিব যাতে আমাক যিমান পাৰি শূন্য আৱৰ্জনাবোৰৰ ওচৰলৈ লৈ যায়। যদি আমি ইয়াক শূন্য আৱৰ্জনালৈ আনিব পাৰোঁ তেন্তে সঁচাকৈয়ে ই বহুত ভাল হ’ব।

আমি নিশ্চিত কৰিব লাগিব যে পানী অপচয় নহয় আৰু পৰিশোধিত বর্জ্য পানী যাতে ফলপ্ৰসূভাৱে পুনৰ ব্যৱহাৰ কৰা হয়। নমামি গংগা প্ৰকল্প আমাৰ বাবে এক আৰ্হি। এই পদক্ষেপৰ ফলস্বৰূপে গংগা নদী এতিয়া বহুত পৰিষ্কাৰ হৈ পৰিছে। অমৃত মিছন আৰু অমৃত সৰোবৰ অভিযানেও যথেষ্ট পৰিৱৰ্তন আনিছে। এইবোৰ হৈছে চৰকাৰ আৰু জনসাধাৰণৰ অংশগ্ৰহণে কঢ়িয়াই অনা পৰিৱৰ্তনৰ শক্তিশালী আৰ্হি। অৱশ্যে এয়াই যথেষ্ট নহয় বুলি মোৰ বিশ্বাস। আমি পানী সংৰক্ষণ, পানী পৰিশোধন আৰু আমাৰ নদীসমূহ পৰিষ্কাৰ কৰাৰ বাবে নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত বিনিয়োগ অব্যাহত ৰাখিব লাগিব। স্বচ্ছতা পৰ্যটনৰ লগত কিমান ঘনিষ্ঠভাৱে জড়িত আমি সকলোৱে জানো। গতিকে আমাৰ পৰ্যটনস্থলী, পবিত্ৰ স্থান, ঐতিহ্য ক্ষেত্ৰসমূহো পৰিষ্কাৰ কৰি ৰাখিব লাগিব।

বন্ধুসকল,

যোৱা ১০ বছৰত আমি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত বহুখিনি সাফল্য লাভ কৰিছোঁ। কিন্তু আৱৰ্জনা সৃষ্টি কৰাটো যেনেকৈ দৈনন্দিন কাম, পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটোও দৈনন্দিন অভ্যাস হ’ব লাগে। কোনো ব্যক্তি বা জীৱই ক’ব নোৱাৰে যে তেওঁলোকে কেতিয়াও আৱৰ্জনা সৃষ্টি নকৰে। যদি আৱৰ্জনা অনিবাৰ্য, তেন্তে পৰিষ্কাৰ-পৰিচ্ছন্নতাও নিশ্চয় অনিবাৰ্য। আমি এই কাম কেৱল এদিন বা এটা প্ৰজন্মৰ বাবে নহয়, আগন্তুক প্ৰজন্মৰ বাবেও অব্যাহত ৰাখিব লাগিব। যেতিয়া প্ৰতিজন নাগৰিকে পৰিষ্কাৰ-পৰিচ্ছন্নতাক নিজৰ দায়িত্ব আৰু কৰ্তব্য বুলি বুজে তেতিয়া এই দেশৰ জনসাধাৰণৰ ওপৰত মোৰ বিশ্বাস আছে যে পৰিৱৰ্তন নিশ্চিত। দেশখন জিলিকি থকাটো নিশ্চিত।

 

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মিছন এদিনীয়া কাম নহয়, বৰঞ্চ আজীৱন অভ্যাস। আমি ইয়াক প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আগবঢ়াই নিব লাগিব। পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰতিজন নাগৰিকৰ বাবে স্বাভাৱিক প্ৰবৃত্তি হ’ব লাগে। ই আমাৰ দৈনন্দিন জীৱনৰ অংশ হ’ব লাগে আৰু আমি মলিৰ প্ৰতি অসহিষ্ণুতা গঢ়ি তুলিব লাগে। আমি সহ্য কৰা উচিত নহয় বা আনকি আমাৰ চৌপাশৰ লেতেৰাও দেখা উচিত নহয়।

আমি দেখিছোঁ যে ঘৰৰ সৰু ল’ৰা-ছোৱালীয়ে কেনেকৈ নিজৰ বয়োজ্যেষ্ঠসকলক বস্তুবোৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ প্ৰেৰণা দিয়ে। বহুতে মোক কয় যে তেওঁলোকৰ নাতি-নাতিনী বা সন্তানে প্ৰায়ে তেওঁলোকক সোঁৱৰাই দিয়ে, "মোদী জীয়ে কোৱা কথাবোৰ চাওঁকচোন। আপুনি কিয় আৱৰ্জনা পেলাইছে?" গাড়ীৰ খিৰিকীৰ পৰা বটল এটা দলিয়াই দিয়াত বাধা দিয়ে। এই আন্দোলনে তেওঁলোকৰ মাজতো এটা বীজ ৰোপণ কৰিছে। সেয়েহে আজি যুৱক-যুৱতীসকলক ক’ব বিচাৰিছোঁ যে আমি দায়বদ্ধ হৈ থাকোঁ, আনক বুজাই দি উৎসাহিত কৰি যাওঁ আৰু একত্ৰিত হওঁ আহক। দেশ পৰিষ্কাৰ নোহোৱালৈকে আমি ৰৈ থাকিব নালাগে। যোৱা ১০ বছৰৰ সফলতাই আমাক দেখুৱাইছে যে সেয়া সম্ভৱ, আমি ইয়াক লাভ কৰিব পাৰোঁ আৰু আমি ভাৰত মাক মলিৰ পৰা বচাব পাৰোঁ।

 

বন্ধুসকল,

আজি ৰাজ্য চৰকাৰসমূহক এই অভিযান জিলা, ব্লক, গাঁও, চুবুৰী আৰু ৰাজপথ পৰ্যায়লৈ লৈ যাবলৈয়ো আহ্বান জনালোঁ। আমাৰ বিভিন্ন জিলা আৰু ব্লকত পৰিষ্কাৰ বিদ্যালয়, পৰিষ্কাৰ চিকিৎসালয়, পৰিষ্কাৰ কাৰ্যালয়, পৰিষ্কাৰ চুবুৰী, পৰিষ্কাৰ পুখুৰীৰ বাবে প্ৰতিযোগিতা হ’ব লাগে। ইয়াৰ ফলত প্ৰতিযোগিতামূলক পৰিবেশৰ সৃষ্টি হ’ব আৰু মাহেকীয়া বা ত্ৰৈমাসিক ভিত্তিত পুৰস্কাৰ আৰু প্ৰমাণপত্ৰ দিব লাগে। ভাৰত চৰকাৰে কেৱল ২-৪খন চহৰক পৰিষ্কাৰ বা ২-৪খন জিলাক পৰিষ্কাৰ বুলি ঘোষণা কৰিলেই যথেষ্ট নহয়। আমি এই কথাটো প্ৰতিটো অঞ্চললৈ লৈ যোৱাটো প্ৰয়োজন। আমাৰ পৌৰসভাসমূহে ৰাজহুৱা শৌচাগাৰসমূহ যাতে ভালদৰে ৰক্ষণাবেক্ষণ কৰা হয়, সেইটো অহৰহ নিশ্চিত কৰিব লাগে আৰু আমি তেওঁলোকক ইয়াৰ বাবে পুৰস্কৃত কৰা উচিত। ব্যৱস্থাবোৰ পুৰণি পদ্ধতিলৈ ঘূৰি অহাতকৈ বেয়া একোৱেই নাই। মই সকলো স্থানীয় সংস্থাক আহ্বান জনাইছোঁ যে পৰিষ্কাৰ-পৰিচ্ছন্নতাক অগ্ৰাধিকাৰ দি ইয়াক নিজৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হিচাপে লওঁক।

 

আহক, আমি সকলোৱে মিলি এক অংগীকাৰ গ্ৰহণ কৰোঁ। মই মোৰ সহ নাগৰিকসকলক এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিব খুজিছোঁ যে আমি য’তেই নাথাকো কিয়—ঘৰেই হওঁক, ওচৰ-চুবুৰীয়াই হওঁক বা কৰ্মক্ষেত্ৰই হওঁক—আমি লেতেৰা সৃষ্টি নকৰোঁ, সহ্যও নকৰোঁ। পৰিষ্কাৰ-পৰিচ্ছন্নতা আমাৰ স্বাভাৱিক অভ্যাসত পৰিণত হওঁক। আমি যেনেকৈ আমাৰ উপাসনাস্থলীসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখোঁ, তেনেকৈ আমাৰ চৌপাশৰ প্ৰতিও একে আৱেগ গঢ়ি তুলিব লাগিব। ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ যাত্ৰাত আমি গ্ৰহণ কৰা প্ৰতিটো প্ৰচেষ্টাই "পৰিষ্কাৰে সমৃদ্ধিৰ দিশলৈ নিয়ে" এই মন্ত্ৰটোক সুদৃঢ় কৰি তুলিব। আকৌ এবাৰ আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নৱ উদ্যম আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যাওঁ আৰু আৱৰ্জনা সৃষ্টি নকৰাৰ প্ৰতিজ্ঞা গ্ৰহণেৰে, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে যি কৰিব পাৰোঁ আৰু কেতিয়াও নিজৰ দায়িত্বৰপৰা পিছুৱাই নগৈ পূজ্য বাপুক শ্ৰদ্ধাঞ্জলি জনাওঁ আহক। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আপোনালোকক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s growth: by the numbers, for the numbers, of the numbers

Media Coverage

India’s growth: by the numbers, for the numbers, of the numbers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to Visit Gujarat and Maharashtra on 8th September
September 07, 2026
PM to Lay Foundation Stones, Inaugurate and Dedicate to the Nation Development Projects Worth More Than ₹35,000 Crore in Vadodara
PM to Dedicate Three Key Sections of Western Dedicated Freight Corridor to the Nation, Marking Completion of the Project
PM to Lay Foundation Stone for three Railway Projects and three Highway Projects
PM to Inaugurate Global Fintech Fest 2026 in Mumbai
Theme of GFF 2026: “Potential to Impact: Agentic AI, Tokenisation, Quantum - Trusted, Connected, Global Systems for Inclusive Finance”

Prime Minister Shri Narendra Modi will visit Gujarat and Maharashtra on 8th September 2026. At around 12 noon, Prime Minister will lay the foundation stones, inaugurate and dedicate to the nation various development projects worth more than ₹35,000 crore in Vadodara. He will also address the gathering on the occasion.

At around 5:45 PM, Prime Minister will inaugurate Global Fintech Fest (GFF) 2026 in Mumbai and address the gathering as well.

PM in Vadodara

Prime Minister will dedicate to the nation three important sections of the Western Dedicated Freight Corridor (WDFC), covering 326 route kilometres and developed at a cost of more than ₹20,700 crore. These include the New Sanand (N)- New Makarpura, New Umbergaon-New Saphale and New Saphale- New JNPT sections.

The direct connectivity of Jawaharlal Nehru Port Authority (JNPA) will facilitate faster movement of EXIM cargo, strengthen connectivity between industrial centres and ports, reduce logistics costs and help decongest Mumbai’s railway network.

With the commissioning of these sections, the Dedicated Freight Corridor (DFC) network will stand fully operational across its entire length. The dedicated freight infrastructure will further strengthen the country’s logistics ecosystem by improving multimodal connectivity, reducing transit time and facilitating seamless movement of cargo across different regions.

Prime Minister will also flag off freight train services from New Sanand (North), New Makarpura, New Umbergaon and New JNPT, Mumbai. In addition, he will flag off a new passenger train service between Tanda Road and Vadodara (Pratapnagar).

Prime Minister will dedicate to the nation the Jobat–Tanda Road new rail line, developed as part of the Chhota Udepur–Dhar project. The new rail line will connect remote and tribal areas of Alirajpur with the national rail network.

Prime Minister will lay the foundation stone for three railway projects spanning 329 kilometres and costing more than ₹9,700 crore. These include the Vadodara-Ratlam third and fourth lines, Miyagam Karjan-Choranda–Malsar gauge conversion and the Vishwamitri-Dabhoi doubling project. The projects will enhance passenger and freight capacity, ease congestion and strengthen connectivity between Gujarat and Madhya Pradesh.

Prime Minister will lay the foundation stone for three National Highway projects costing around ₹1,780 crore. These include six-laning of the Kamrej-Chalthan section of NH-48; construction of additional structures, including major bridges over the Tapi and Narmada, on the Vadodara-Surat section of NH-48; and grade-separated structures at Abhava, Mindhola and Khajod junctions on NH-53.

Prime Minister will also lay the foundation stone for and inaugurate various Government of Gujarat projects worth around ₹2,600 crore. Major projects for which the foundation stone will be laid include Vadodara Urban Development Authority Ring Road Phase II and a 110 MW floating solar project at Kadana Dam, construction of new office of Vadodara Municipal Corporation, among others. Projects to be inaugurated include housing projects under the Pradhan Mantri Awas Yojana (PMAY) and a water-supply project for 11 villages in eastern Vadodara, among others.

PM in Mumbai

Prime Minister will inaugurate Global Fintech Fest (GFF) 2026, one of the world’s largest and most influential annual fintech conferences.

The seventh edition of the Global Fintech Fest is being held from 8th to 11th September 2026 in Mumbai. Since 2020, GFF has emerged as an international thought leadership platform bringing together policymakers, regulators, central banks, financial institutions, fintechs, technology companies, investors, academia and other global stakeholders to deliberate on shaping the future of finance.

The theme of GFF 2026 is “Potential to Impact: Agentic AI, Tokenisation, Quantum - Trusted, Connected, Global Systems for Inclusive Finance.”

GFF 2026 has been designed as a convergence point for policy, regulation, technology, capital and industry on a common platform. It seeks to build on India’s leadership in digital payments and financial inclusion and move from potential to impact. The discussions will focus on how Agentic AI, programmable finance, quantum technologies and other critical and emerging technologies can create trusted, inclusive and measurable outcomes for citizens, enterprises and economies globally.