কোচি-লক্ষদ্বীপ দ্বীপপুঞ্জৰ চাবমেৰিন অপটিকেল ফাইবাৰ সংযোগৰ উদ্বোধন
কাডমতত নিম্ন উষ্ণতাৰ তাপীয় ডিচেলাইনেচন (LTTD) প্ৰকল্প উৎসৰ্গা
আগাট্টি আৰু মিনিকয় দ্বীপপুঞ্জৰ সকলো গৃহস্থীলৈ কাৰ্য্যকৰী ঘৰুৱা টেপ সংযোগ (FHTC) উৎসৰ্গা
কাৱৰাট্টিত সৌৰশক্তি প্ৰকল্প উৎসৰ্গা
প্ৰাথমিক স্বাস্থ্যসেৱা সুবিধা আৰু পাঁচ আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ পুনৰ বিকাশৰ আধাৰশিলা স্থাপন
“লক্ষদ্বীপৰ ভৌগোলিক অঞ্চল সৰু হ’লেও ইয়াৰ জনতাৰ অন্তৰ সাগৰৰ দৰে বিশাল”
“আমাৰ চৰকাৰে প্ৰত্যন্ত, সীমান্ত, উপকূলীয় আৰু দ্বীপ অঞ্চলসমূহক অগ্ৰাধিকাৰ হিচাপে বিবেচিত কৰিছে”
লগতে কৃষক আৰু মৎস্যজীৱী হিতাধিকাৰীসকলক পিএম কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰে।
তেখেতে লক্ষদ্বীপবাসীক আশ্বাস প্ৰদানেৰে কয় যে যিসকলে তেওঁলোকৰ অধিকাৰ কাঢ়ি নিবলৈ চেষ্টা কৰিছিল, তেওঁলোকক কোনো মূল্যৰ বিনিময়ত ৰেহাই দিয়া নহ’ব।
কাডমতস্থিত নিম্ন উষ্ণতাৰ তাপীয় ডিচেলাইনেচন (LTTD) প্ৰকল্পৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে লক্ষদ্বীপৰ প্ৰতিঘৰ গৃহস্থীতে পাইপেৰে পানী যোগানৰ কাম দ্ৰুত গতিত আগবাঢ়িছে।
তেখেতে লগতে কয় যে ইয়াৰদ্বাৰা লক্ষদ্বীপৰ যুৱক-যুৱতীসকলক বহুলাংশে উপকৃত কৰা হৈছে।

লাক্ষাদ্বীপৰ প্ৰশাসক শ্ৰী প্ৰভু পেটেলজী, স্থানীয় সাংসদ আৰু লাক্ষাদ্বীপত থকা মোৰ পৰিয়ালৰ সকলো সদস্যক শুভেচ্ছা জনাইছোঁ! নমস্কাৰম!

এলাৱাৰ্ক্কুম সুখম আনু এন্নু বিশ্বসিক্কুন্নু!

লাক্ষাদ্বীপত পুৱাৰ পৰিৱেশটো চাবলৈ পাই মই খুবেই সুখী হৈছো। লাক্ষাদ্বীপৰ সৌন্দৰ্য শব্দৰে বৰ্ণনা কৰাটো খুবেই কঠিন। মই সৌভাগ্যৱান যে এইবাৰ আগাট্টি, বাঙ্গাৰাম আৰু কাৱাৰাট্টিত মোৰ পৰিয়ালৰ সকলো সদস্যক লগ পোৱাৰ সুযোগ পাইছোঁ। লাক্ষাদ্বীপৰ ভৌগোলিক এলেকা সৰু হ'ব পাৰে, পিচে, লাক্ষাদ্বীপৰ জনতাৰ হৃদয় সাগৰৰ দৰেই বিশাল। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে মই কৃতজ্ঞ।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

স্বাধীনতাৰ পিছত কেবা দশক ধৰি কেন্দ্ৰৰ চৰকাৰসমূহে কেৱল তেওঁলোকৰ ৰাজনৈতিক দলবোৰৰ বিকাশক অগ্ৰাধিকাৰ দিছিল। দূৰৈত, সীমান্তত বা সাগৰৰ মাজত থকা ৰাজ্যবোৰৰ প্ৰতি কোনো মনোযোগ দিয়া নাছিল। যোৱা ১০ বছৰত আমাৰ চৰকাৰে সীমান্তৰ অঞ্চল, সাগৰৰ শেষ প্ৰান্তৰ অঞ্চলসমূহক প্ৰথমিকতা প্ৰদান কৰিছে। ভাৰতৰ প্ৰতিটো অঞ্চল আৰু প্ৰতিগৰাকী নাগৰিকৰ জীৱন সহজ কৰি তোলা, তেওঁলোকৰ বাবে সুবিধা নিশ্চিত কৰাটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ প্ৰাথমিকতা। আজি ইয়াত প্ৰায় ১২০০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি বহুকেইটা প্ৰকল্প উদ্বোধন কৰা হৈছে। এই প্ৰকল্পসমূহ ইণ্টাৰনেট, বিদ্যুৎ, পানী, স্বাস্থ্য আৰু শিশু যত্নৰ সৈতে সম্পৰ্কিত। এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

মোৰ পৰিয়ালৰ সদস্যসকল,

যোৱা ১০টা বছৰত কেন্দ্ৰীয় চৰকাৰে লাক্ষাদ্বীপৰ লোকসকলৰ জীৱন ধাৰণৰ সহজতা বৃদ্ধি কৰাৰ বাবে চেষ্টাৰ কোনো ত্ৰুটি ৰখা নাই। ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ (গ্ৰামীণ)ৰ অধীনত ১০০% হিতাধিকাৰীক সামৰি লোৱা হৈছে। প্ৰতিগৰাকী হিতাধিকাৰীক বিনামূলীয়া ৰেচন উপলব্ধ কৰোৱা হৈছে, আৰু ‘কৃষক ক্ৰেডিট কাৰ্ড’ আৰু ‘আয়ুষ্মান কাৰ্ড’ও প্ৰদান কৰা হৈছে। ইয়াত ‘আয়ুষ্মান আৰোগ্য মন্দিৰ’ আৰু ‘স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ’ও স্থাপন কৰা হৈছে। চৰকাৰৰ প্ৰয়াস হৈছে সকলোৱে চৰকাৰী আঁচনিৰ লাভসমূহ পোৱাটো নিশ্চিত কৰা। কেন্দ্ৰীয় চৰকাৰে ‘প্ৰত্যক্ষ লাভ স্থানান্তৰণ’ (ডিবিটি)ৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ধন প্ৰেৰণ কৰিছে। এই পদক্ষেপে স্বচ্ছতা আনিছে আৰু দুৰ্নীতি হ্ৰাস কৰিছে। মই আপোনালোকক আশ্বাস দিছো যে লাক্ষাদ্বীপৰ লোকসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰাসকলক কাকো ৰেহাই দিয়া নহ'ব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

২০২০ চনত, মই ‘গেৰাণ্টী’ দিছিলো যে ১০০০ দিনৰ ভিতৰত উচ্চ গতিৰ ইণ্টাৰনেট আপোনালোকৰ ওচৰলৈ আহিব। আজি ‘কোচি-লাক্ষাদ্বীপ ছাবমেৰিন অপ্টিকেল ফাইবাৰ প্ৰকল্প’ৰ উদ্বোধন কৰা হৈছে। এতিয়া, লাক্ষাদ্বীপেও ১০০ গুণ দ্ৰুত গতিত ইণ্টাৰনেটৰ সুবিধা লাভ কৰিব। ই চৰকাৰী সেৱা, স্বাস্থ্যসেৱা, শিক্ষা, ‘ডিজিটেল বেঙ্কিং’ আৰু অন্যান্য বহুতো সুবিধা উন্নত কৰিব। লাক্ষাদ্বীপত এটা ‘লজিষ্টিক সেৱা কেন্দ্ৰ’ৰ সম্ভাৱনাও বৃদ্ধি পাব। লাক্ষাদ্বীপৰ প্ৰতিটো ঘৰত পাইপযোগে পানী যোগান ধৰাৰ বাবেও কাম দ্ৰুতগতিত আগবাঢ়িছে। সাগৰৰ নিমখীয়া পানীক বিশুদ্ধ খোৱাপানীলৈ ৰূপান্তৰ কৰা নতুন প্ৰকল্পই এই অভিযানক আৰু আগুৱাই নিব। এই প্ৰকল্পটোৱে প্ৰতিদিনে ১.৫ লাখ লিটাৰ খোৱাপানী প্ৰদান কৰিব। ইয়াৰ বাবে পাইলট প্ৰকল্প ইতিমধ্যে কাৱাৰাট্টি, আগাট্টি আৰু মিনিকয় দ্বীপত স্থাপন কৰা হৈছে।

মোৰ পৰিয়ালৰ সদস্যসকল,

বন্ধুসকল, লাক্ষাদ্বীপ ভ্ৰমণৰ সময়ত মই আলী মাণিকফানক লগ পোৱাৰ সুযোগ পাইছিলো। তেওঁৰ গৱেষণা আৰু উদ্ভাৱনে সমগ্ৰ অঞ্চলটোলৈ বৃহৎ সমৃদ্ধি আনিছে। এইটো আমাৰ চৰকাৰৰ বাবে অতি আনন্দৰ বিষয় যে আলী মানিকফানক ২০২১ চনত ‘পদ্মশ্ৰী’ৰে সন্মানিত কৰা হৈছিল। ভাৰত চৰকাৰে যুৱসকলৰ বাবে উদ্ভাৱন আৰু উচ্চ শিক্ষাৰ বাবে নতুন পথ সৃষ্টি কৰি আছে। আজিও ইয়াত থকা যুৱক-যুৱতীসকলক ‘লেপটপ’ প্ৰদান কৰা হৈছে আৰু ছোৱালীহঁতে চাইকেল লাভ কৰিছে। বহু বছৰ ধৰি লাক্ষাদ্বীপত কোনো উচ্চ শিক্ষা প্ৰতিষ্ঠান নাছিল, যাৰ ফলত যুৱক-যুৱতীসকলে শিক্ষাৰ বাবে বাহিৰলৈ যাবলৈ বাধ্য হৈছিল। আমাৰ চৰকাৰে এতিয়া লাক্ষাদ্বীপত উচ্চ শিক্ষাৰ বাবে নতুন প্ৰতিষ্ঠান মুকলি কৰিছে। এণ্ড্ৰোট আৰু কাদমত দ্বীপপুঞ্জত কলা আৰু বিজ্ঞানৰ বাবে নতুন মহাবিদ্যালয় স্থাপন কৰা হৈছে, আৰু মিনিকয়ত এখন নতুন পলিটেকনিক নিৰ্মাণ কৰা হৈছে, যিয়ে ইয়াত শিক্ষাৰ্থীসকলক যথেষ্ট উপকৃত কৰিছে।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

বন্ধুসকল, হজ যাত্ৰীসকলৰ সুবিধাৰ বাবে আমাৰ চৰকাৰে কৰা প্ৰচেষ্টাই লাক্ষাদ্বীপৰ লোকসকলকো উপকৃত কৰিছে। হজ যাত্ৰীসকলৰ বাবে ভিছা নিয়মসমূহ সৰল কৰা হৈছে, আৰু হজ সম্পৰ্কীয় বেছিভাগ লেনদেন এতিয়া ডিজিটেল কৰা হৈছে। মহিলাসকলক এতিয়া ‘মেহৰাম’ অবিহনেই হজলৈ যোৱাৰ অনুমতি দিয়া হৈছে। এই প্ৰচেষ্টাৰ ফলত, ‘উমৰা’লৈ যোৱা ভাৰতীয় তীৰ্থযাত্ৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।

মোৰ পৰিয়ালৰ সদস্যসকল,

আজি, ভাৰতে সামুদ্ৰিক খাদ্যৰ বাবেও বিশ্ববজাৰত ইয়াৰ অংশ বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে। এইটোৱে লাক্ষাদ্বীপকো লাভান্বিত কৰিছে। ইয়াৰ পৰা টুনা মাছ এতিয়া জাপানলৈ নিয়াৰ দিহা কৰা হৈছে। ইয়াৰ পৰা উচ্চ মানৰ মাছ ৰপ্তানি কৰাৰ বহুতো সম্ভাৱনা আছে, যি আমাৰ মাছ ধৰা সম্প্ৰদায়সমূহৰ জীৱন সলনি কৰিব পাৰে। সামুদ্ৰিক শাক-পাচলিৰ খেতিৰ সম্ভাৱনাও ইয়াত অন্বেষণ কৰা হৈছে। লাক্ষাদ্বীপৰ বিকাশৰ সময়ত আমাৰ চৰকাৰে ইয়াৰ পৰিৱেশৰ যাতে ক্ষতি নহয় তাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দি আছে। বেটাৰী শক্তি সংৰক্ষণ প্ৰণালীৰে নিৰ্মিত সৌৰশক্তি প্ৰকল্পটো এই প্ৰচেষ্টাৰ অংশ। এইটো লাক্ষাদ্বীপৰ ‘প্ৰথম বেটাৰী সমৰ্থিত সৌৰশক্তি প্ৰকল্প’। ই বিদ্যুৎ উৎপাদনৰ বাবে ডিজেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব, যাৰ ফলত প্ৰদূষণ হ্ৰাস হ'ব আৰু সামুদ্ৰিক পৰিস্থিতিতন্ত্ৰৰ ওপৰত নিম্নতম প্ৰভাৱ পৰিব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

স্বাধীনতাৰ 'অমৃত কাল'ৰ সময়ত 'বিকশিত ভাৰত'ৰ বিকাশত লাক্ষাদ্বীপৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ভাৰত চৰকাৰে লাক্ষাদ্বীপক আন্তৰ্জাতিক পৰ্যটন মানচিত্ৰত গুৰুত্ব সহকাৰে স্থান দিয়াৰ প্ৰচেষ্টা চলাই আছে। শেহতীয়াকৈ ইয়াত অনুষ্ঠিত হোৱা ‘জি-২০’ বৈঠকখনে লাক্ষাদ্বীপক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিছে। স্বদেশ দৰ্শন আঁচনিৰ অধীনত লাক্ষাদ্বীপৰ বাবে এক ‘গন্তব্য-নিৰ্দিষ্ট মাষ্টাৰ প্লেন’ প্ৰস্তুত কৰা হৈছে। এতিয়া, লাক্ষাদ্বীপে ‘নীলা পতাকা’ প্ৰাপক দুটা সমুদ্ৰতীৰক লৈ গৌৰৱ কৰে। মোক জনোৱা হৈছে যে দেশৰ প্ৰথম ‘ৱাটাৰ ভিলা প্ৰকল্প’টো কাদমত আৰু চুহেলি দ্বীপপুঞ্জত বিকশিত কৰা হৈছে।

লাক্ষাদ্বীপো ক্ৰুজ পৰ্যটনৰ বাবে এটা মুখ্য গন্তব্য স্থান হৈ উঠিছে। যোৱা পাঁচ বছৰত ইয়ালৈ অহা পৰ্যটকৰ সংখ্যা প্ৰায় পাঁচগুণ বৃদ্ধি পাইছে। আপোনাৰ মনত থাকিব যে মই দেশৰ জনসাধাৰণক বিদেশ ভ্ৰমণৰ পৰিকল্পনা কৰাৰ আগতে ভাৰতৰ কমেও ১৫ খন ঠাই ভ্ৰমণ কৰিবলৈ আহ্বান জনাইছিলো। যিসকলে বিভিন্ন দেশৰ দ্বীপসমূহ অন্বেষণ কৰিব বিচাৰে আৰু বিভিন্ন ৰাষ্ট্ৰৰ সাগৰৰ প্ৰতি আকৰ্ষিত হয়, মই তেওঁলোকক প্ৰথমে লাক্ষাদ্বীপ ভ্ৰমণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই বিশ্বাস কৰোঁ যে যিকোনো ব্যক্তিয়ে ইয়াত সুন্দৰ সমুদ্ৰতীৰৰ সাক্ষী হ'লে আন দেশ ভ্ৰমণ কৰাৰ কথা পাহৰি যাব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

মই আপোনালোক সকলোকে আশ্বাস দিছো যে কেন্দ্ৰীয় চৰকাৰে জীৱনধাৰণৰ প্ৰতিটো সম্ভাৱ্য পদক্ষেপ, ভ্ৰমণ আৰু ব্যৱসায় কৰাৰ সহজতা অব্যাহত ৰাখিব। লাক্ষাদ্বীপে 'উন্নত ভাৰত'ৰ বিকাশত এক শক্তিশালী ভূমিকা পালন কৰিব। এই বিশ্বাসৰেই উন্নয়ন প্ৰকল্পমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ!

আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI goes live at Eiffel Tower and French airports as India-France digital ties strengthen

Media Coverage

UPI goes live at Eiffel Tower and French airports as India-France digital ties strengthen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes during the visit of Hon’ble Prime Minister to Slovakia
June 15, 2026

Memorandum of Understanding/Letter of Intent

S.No.Title

1.

MoU on cooperation in the field of Labour Migration

2.

Letter of Intent promoting cooperation in the Defence field

3.

MoU on Digital Technologies

4.

MoU on Cooperation in the field of Higher Education and Research

5.

MoU on Audio-visual Creation

6.

Establishment of first ever ICCR Chair in Artificial Intelligence at the Technical University of Kosice

7.

Memorandum of Understanding in the field of Quantum Communication and Critical Infrastructure Protection

8.

MoU between National Institute of Naturopathy, Pune, Ministry of Ayush, and Slovak Health Spa Piestany

9

Agreement between Indian Institute of Technology, Delhi and Slovak Technical University for cooperation in student exchange programs, scholarships and research collaboration

10

Tourism cooperation between Association of Tour Operators

11

Agreement on Scientific Cooperation between the Indian National Science Academy (INSA) and the Slovak Academy of Sciences (SAS)

Announcements

1.

Elevation of bilateral relationship to Comprehensive Partnership

2.

Establishment of Joint Working Group in Counter Terrorism

3.

Establishment of Consular Dialogue