Lays foundation stone for Raghunathpur Thermal Power Station Phase II (2x660 MW) located at Raghunathpur in Purulia
Inaugurates the Flue gas desulfurization (FGD) system of Unit 7 & 8 of Mejia Thermal Power Station
Inaugurates road project for four laning of Farakka-Raiganj Section of NH-12
Dedicates to nation four rail projects worth more than Rs 940 crore in West Bengal
“It is our effort that West Bengal becomes self-reliant for its present and future electricity needs”
“West Bengal acts as the Eastern Gate for the country and many eastern states”
“Government is working for modern infrastructure of Roadways, Railways, Airways and Waterways”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ নাদিয়া জিলাৰ কৃষ্ণনগৰত ১৫,০০০ কোটি টকা ব্যয়সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উন্নয়নমূলক প্ৰকল্পসমূহ বিদ্যুৎ, ৰে'ল আৰু স্থলপথখণ্ডৰ সৈতে সম্পৰ্কিত।

 

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ এই অনুষ্ঠান পশ্চিম বংগক বিকশিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত আন এক পদক্ষেপ হিচাপে চিহ্নিত হৈছে। তেওঁ আৰামবাগত কালি অনুষ্ঠিত কাৰ্যক্ৰমৰ কথা স্মৰণ কৰে য'ত তেওঁ ৰে'ল, বন্দৰ আৰু পেট্ৰ'লিয়াম খণ্ডত ৭,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিছিল। আজিও প্ৰধানমন্ত্ৰীয়ে কয়, "মই সৌভাগ্যৱান কিয়নো ১৫,০০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু পশ্চিম বংগৰ নাগৰিকৰ জীৱন সহজ কৰি তুলিবলৈ বিদ্যুৎ, পথ আৰু ৰে'লখণ্ডক সামৰি বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে।" তেওঁ কয় যে এই প্ৰকল্পসমূহে পশ্চিম বংগৰ উন্নয়নত গতি প্ৰদান কৰিব আৰু যুৱপ্ৰজন্মৰ বাবে উন্নত নিযুক্তিৰ সুযোগ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে নাগৰিকসকলক অভিনন্দন জনায়।

 

উন্নয়নৰ প্ৰক্ৰিয়াত বিদ্যুতৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম বংগক ইয়াৰ বিদ্যুতৰ চাহিদাৰ ক্ষেত্ৰত স্বাৱলম্বী কৰি তুলিবলৈ চৰকাৰে কাম কৰি আছে। তেওঁ কয় যে ‘দামোদৰ ভেলী কৰ্পোৰেশ্যন’ৰ কয়লাভিত্তিক তাপ বিদ্যুৎ প্ৰকল্প পুৰুলিয়া জিলাৰ ৰঘুনাথপুৰত অৱস্থিত ‘ৰঘুনাথপুৰ তাপ বিদ্যুৎ কেন্দ্ৰ’ৰ ‘দ্বিতীয় পৰ্যায়’ (২x ৬৬০ মেগাৱাট)য়ে ৰাজ্যখনৰ বাবে ১১,০০০ কোটি টকাৰো অধিক বিনিয়োগ আকৰ্ষিত কৰিব। ইয়াৰ ফলত ৰাজ্যখনৰ বিদ্যুতৰ প্ৰয়োজনীয়তা পূৰণ হ'ব আৰু অঞ্চলটোৰ অৰ্থনৈতিক বিকাশো অধিক হাৰত ত্বৰান্বিত হব বুলি তেওঁ কয়। তদুপৰি, তেওঁ কয় যে প্ৰায় ৬৫০ কোটি টকা ব্যয়েৰে বিকশিত ‘মেজিয়া তাপবিদ্যুত কেন্দ্ৰ’ৰ ‘গোট ৭ আৰু ৮ৰ ফ্লু গেছ ডিছালফিউৰাইজেশ্যন (এফজিডি) প্ৰণালী’ পৰিৱেশগত সমস্যাৰ প্ৰতি ভাৰতে প্ৰদৰ্শন কৰা সচেতনতাৰ এক উদাহৰণ।

প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম বংগই দেশৰ বাবে 'পূব দুৱাৰ' হিচাপে ভূমিকা পালন কৰে আৰু ইয়াৰ জৰিয়তে দেশৰ পূব অংশৰ বাবে সুযোগৰ অপৰিসীম সম্ভাৱনা আছে। সেয়েহে, চৰকাৰে পথ, ৰে'লপথ, বায়ুপথ আৰু জলপথৰ আধুনিক সংযোগৰ বাবে কাম কৰি আছে। তেওঁ কয় যে আজি উদ্বোধন কৰা ‘ৰাষ্ট্ৰীয় ঘাইপথ-১২’ (১০০ কিলোমিটাৰ)ৰ ‘ফাৰাক্কা-ৰায়গঞ্জ শাখাৰ চাৰি লেনযুক্ত পথ প্ৰকল্প’ৰ বাজেট আছিল প্ৰায় ২০০০ কোটি টকা আৰু ই ভ্ৰমণৰ সময় পূৰ্বৰ সময়ৰ আধালৈ হ্ৰাস কৰিব। ই ওচৰৰ চহৰসমূহত যান-বাহন চলাচল সহজ কৰিব আৰু কৃষকসকলক অঞ্চলটোত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰাত সহায় কৰিব।

 

আন্তঃগাঁথনিগত দৃষ্টিকোণৰ পৰা ৰেলৱে পশ্চিম বংগৰ গৌৰৱময় ইতিহাসৰ অংশ হৈ আহিছে বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে অৱশ্যে ৰাজ্যখনৰ ঐতিহ্য আৰু সম্ভাৱনীয়তাসমূহ পূৰ্বৰ চৰকাৰসমূহে সঠিক ধৰণে আগবঢ়োৱা নাছিল বুলি আক্ষেপ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে বিগত ১০টা বছৰত পশ্চিম বংগৰ ৰে'ল আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে তেওঁৰ চৰকাৰৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে আৰু পূৰ্বৰ তুলনাত দুগুণ ধন খৰচ কৰাৰ কথা উল্লেখ কৰে। তেওঁ আজিৰ উপলক্ষ সন্দৰ্ভত মন্তব্য কৰি কয় যে আজি চাৰিটা ৰে'ল প্ৰকল্প ৰাজ্যখনৰ আধুনিকীকৰণ আৰু উন্নয়নৰ বাবে সমৰ্পিত কৰা হৈছে আৰু ‘বিকশিত বংগ’ৰ সংকল্পসমূহ সম্পূৰ্ণ কৰাত সহায় কৰিছে। তেওঁ নাগৰিকসকলক শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ সামৰণি মাৰে।

পশ্চিম বংগৰ ৰাজ্যপাল ড০ চি ভি আনন্দ বসু আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰ এই অনুষ্ঠানত উপস্থিত আছিল।

পটভূমি

প্ৰধানমন্ত্ৰীয়ে পুৰুলিয়া জিলাৰ ৰঘুনাথপুৰত অৱস্থিত ‘ৰঘুনাথপুৰ তাপ বিদ্যুৎ কেন্দ্ৰ’ৰ দ্বিতীয় পৰ্যায় (২x৬৬০ মেগাৱাট)ৰ আধাৰশিলা স্থাপন কৰে। ‘দামোদৰ ভেলী কৰ্পোৰেশ্যন’ৰ এই কয়লা-ভিত্তিক তাপ বিদ্যুৎ প্ৰকল্পত অত্যন্ত দক্ষ অতিকে সুক্ষ্ম প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। নতুন প্ৰকল্পটো দেশৰ শক্তি সুৰক্ষা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ'ব।

 

প্ৰধানমন্ত্ৰীয়ে ‘মেজিয়া তাপবিদ্যুত কেন্দ্ৰ’ৰ ‘গোট ৭ আৰু ৮’ৰ ‘ফ্লু গেছ ডিছালফিউৰাইজেশ্যন (এফজিডি) প্ৰণালী’ উদ্বোধন কৰে। প্ৰায় ৬৫০ কোটি টকা ব্যয়েৰে বিকশিত ‘এফজিডি প্ৰণালী’য়ে ‘ফ্লু গেছ’ৰ পৰা ‘ছালফাৰ ডাই অক্সাইড’ আঁতৰ কৰিব আৰু পৰিষ্কাৰ ‘ফ্লু গেছ’ উৎপাদন কৰিব আৰু ‘জিপচাম’ গঠন কৰিব, যাক চিমেণ্ট উদ্যোগত ব্যৱহাৰ কৰিব পাৰি।

প্ৰধানমন্ত্ৰীয়ে ‘ৰাষ্ট্ৰীয় ঘাইপথ-১২’ (১০০ কিলোমিটাৰ)ৰ ‘ফাৰাক্কা-ৰায়গঞ্জ শাখা’ৰ চাৰি লেনযুক্ত পথ প্ৰকল্পও উদ্বোধন কৰে। প্ৰায় ১৯৮৬ কোটি টকা ব্যয়েৰে বিকশিত এই প্ৰকল্পটোৱে যান-জঁট হ্ৰাস কৰিব, যোগাযোগ উন্নত কৰিব আৰু উত্তৰ বংগ আৰু উত্তৰ-পূব অঞ্চলৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাব।

প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগত ৯৪০ কোটি টকাৰো অধিক মূল্যৰ চাৰিটা ৰে'ল প্ৰকল্প ৰাষ্ট্ৰ নামত উচৰ্গা কৰে, যাৰ ভিতৰত আছে দামোদৰ- ‘মহিশিলা ৰে'লপথৰ দৈতকৰণ প্ৰকল্প’; ‘ৰামপুৰহাট আৰু মুৰাৰাইৰ মাজত তৃতীয় শাৰী’; ‘বজাৰচাউ-আজিমগঞ্জ ৰে’লপথৰ দ্বৈতকৰণ’; আৰু ‘আজিমগঞ্জ–মুৰ্শিদাবাদক সংযোগ কৰা নতুন শাৰী’। এই প্ৰকল্পসমূহে ৰে'ল সংযোগ উন্নত কৰিব, মালবাহী ৰেলৰ চলাচলত সহায় কৰিব আৰু অঞ্চলটোত অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশত অৰিহণা যোগাব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India