‘চুৰাট খাদ্য সুৰক্ষা সংপৃক্তকৰণ অভিযান’ কাৰ্যসূচী খাদ্য আৰু পুষ্টি সুৰক্ষাৰ বাবে ভাৰতৰ অভিযানত এক উল্লেখযোগ্য পদক্ষেপ: প্ৰধানমন্ত্ৰী
চুৰাটত আৰম্ভ কৰা খাদ্য সুৰক্ষা সংপৃক্ততা অভিযান দেশৰ আন জিলাসমূহৰ বাবেও এক অনুপ্ৰেৰণা হ'ব: প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে সদায় দৰিদ্ৰ লোকসকলৰ অংশীদাৰ হিচাপে থিয় দিছে: প্ৰধানমন্ত্ৰী
‘বিকশিত ভাৰত’ৰ যাত্ৰাত পুষ্টিকৰ খাদ্যৰ এক ডাঙৰ ভূমিকা আছে: প্ৰধানমন্ত্ৰী

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী চি আৰ পাটিল জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, ইয়াত উপস্থিত থকা সকলো জনপ্ৰতিনিধি, আৰু মোৰ চুৰাটৰ ভাই-ভনীসকল!

আশাকৰোঁ আপোনালোক সকলোৰে ভালেই আছে। এই দেশৰ জনসাধাৰণৰ লগতে বিশেষকৈ গুজৰাটৰ জনসাধাৰণৰ কৃপাত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ পোৱাটো সঁচাকৈয়ে এক সন্মানৰ কথা। পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটোৱেই মোৰ প্ৰথমবাৰৰ বাবে চুৰাট ভ্ৰমণ। গুজৰাটৰ পৰা পোৱা মৰম আৰু সমৰ্থনে মোৰ এই যাত্ৰাক গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে, আৰু ইয়াৰ বাবে মই চিৰদিনৰ বাবে কৃতজ্ঞ হৈ থাকিম। আজি চুৰাট ভ্ৰমণ কৰি থাকোঁতে এই চহৰখনৰ সজীৱ মনোভাৱৰ কথা মনত নেপেলোৱাকৈ থাকিব নোৱাৰিলোঁ৷ চুৰাট হৈছে এনে এখন ঠাই য’ত কাম আৰু দান-বৰঙণি একেলগে চলে, আৰু য’ত সমাজে ইজনে সিজনক সহায় কৰে, সামূহিক অগ্ৰগতিৰ উদযাপন কৰে। আজিৰ অনুষ্ঠানটো চুৰাটৰ এই আত্মা আৰু আৱেগক প্ৰচাৰৰ ক্ষেত্ৰত এক পদক্ষেপ।

বন্ধুসকল,

গুজৰাটৰ লগতে সমগ্ৰ দেশৰ এখন আগশাৰীৰ চহৰ হিচাপে চুৰাট বহু দিশত উদ্ভাসিত হৈ উঠিছে। এতিয়া চুৰাটে দৰিদ্ৰ আৰু অভাৱগ্ৰস্ত লোকসকলৰ খাদ্য আৰু পুষ্টিৰ সুৰক্ষা নিশ্চিত কৰাৰ অভিযানতো আগভাগ লৈছে। ইয়াত চুৰাটত ৰূপায়িত হৈ থকা খাদ্য সুৰক্ষা পৰিপূৰক অভিযানে সমগ্ৰ দেশৰ অন্যান্য জিলাসমূহৰ বাবেও আৰ্হি হিচাপে কাম কৰিব। এই অভিযানে প্ৰমাণ কৰে যে যেতিয়া জনসাধাৰণৰ ১০০% ই সুবিধা লাভ কৰে তেতিয়া সেই অভিযান নিশ্চিত হৈ পৰে, সফল হৈ পৰে। ই নিশ্চিত কৰে যে কোনো বৈষম্য নাথাকে, কোনো পিছ পৰি নাথাকে, আৰু তাত ক্ষোভ বা শোষণৰ কোনো স্থান নাথাকে৷ এই পদক্ষেপে তুষ্টিকৰণ আৰু ক্ষতিকাৰক প্ৰথাৰ পৰা আঁতৰি থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, ইয়াৰ পৰিৱৰ্তে সকলোৰে বাবে সম্পূৰ্ণ পূৰ্ণতাৰে উদাৰ মনোভাৱক সামৰি লয়। চৰকাৰে যেতিয়া পোনপটীয়াকৈ হিতাধিকাৰীৰ ওচৰলৈ হাত আগবঢ়াই দিয়ে, তেতিয়া কোনো লোক কেনেকৈ বাদ পৰিব? আৰু যেতিয়া কোনো পিছ পৰি নাথাকে, তেতিয়া কোনেও নিজকে অৱহেলিত অনুভৱ নকৰে। তদুপৰি যেতিয়া সকলোৰে বাবে সুবিধা নিশ্চিত কৰাটোৱেই লক্ষ্য হৈ পৰে, তেতিয়া ব্যৱস্থাটোক শোষণ কৰিবলৈ চেষ্টা কৰাসকলে স্বাভাৱিকতে একাষৰীয়া হৈ পৰে।

 

বন্ধুসকল,

এই পৰিপূৰক পদ্ধতিৰ বাবেই ইয়াৰ প্ৰশাসনে ২.২৫ লাখৰো অধিক নতুন হিতাধিকাৰী চিনাক্ত কৰিবলৈ সক্ষম হৈছে। ইয়াৰে এটা উল্লেখযোগ্য অংশৰ ভিতৰত বৃদ্ধ মাতৃ আৰু ভগ্নী, জ্যেষ্ঠ নাগৰিক, বিধৱা, আৰু ‘দিব্যাঙ্গজন’ (বিভিন্নভাৱে সক্ষম ব্যক্তি) আদি অন্তৰ্ভুক্ত হৈছে। এই সকলো ব্যক্তিকে এতিয়া এই বিশেষ পদক্ষেপত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়াৰে পৰা এই নতুন পৰিয়ালৰ সদস্যসকলেও লাভ কৰিব বিনামূলীয়া ৰেচন আৰু পুষ্টিকৰ খাদ্য। সকলো হিতাধিকাৰীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

"ৰোটি, কাপড়া, ঔৰ মকান" (অন্ন, বস্ত্ৰ, আৰু বাসস্থান) এই কথাষাৰৰ সৈতে আমি সকলো পৰিচিত। ইয়াত আলোকপাত কৰা হৈছে যে কাপোৰ আৰু বাসস্থানতকৈ খাদ্যৰ গুৰুত্ব বহু বেছি। যেতিয়া এগৰাকী দুখীয়া মানুহে চিন্তা কৰে যে তেওঁলোকৰ পৰৱৰ্তী সাজ আহাৰ ক’ৰ পৰা আহিব, তেতিয়া ই এনে এক যন্ত্ৰনা হৈ পৰে যিটোৰ বিষয়ে মই কিতাপত পঢ়াৰ প্ৰয়োজন নাই, সেয়া মৰ্মে মৰ্মে মই অনুভৱ কৰিব পাৰো। সেইবাবেই, শেহতীয়া বছৰবোৰত আমাৰ চৰকাৰে অভাৱগ্ৰস্ত লোকৰ খাদ্য সুৰক্ষাক শীৰ্ষ অগ্ৰাধিকাৰ হিচাপে গ্ৰহণ কৰিছে। দৰিদ্ৰ পৰিয়ালত যদি চৌকা নজ্বলে, সন্তানে যদি চকুলো টুকি ভোকত টোপনি যায়, সেয়া ভাৰতে আৰু সহ্য কৰিব নোৱাৰা কথা৷ সেইবাবেই প্ৰতিজন ব্যক্তিৰ বাবে খাদ্য আৰু বাসস্থানৰ সুবিধা নিশ্চিত কৰাটো আমাৰ অগ্ৰাধিকাৰ হৈয়েই আছে।

বন্ধুসকল,

আমাৰ চৰকাৰখন যে দুখীয়াৰ প্ৰকৃত মিত্ৰ হিচাপে থিয় দিছে, অদম্য নিষ্ঠাৰে তেওঁলোকৰ সেৱা কৰি আছে, সেই কথা জানি আজি মই এক পৰম সন্তুষ্টি অনুভৱ কৰিছো। ক’ভিড-১৯ মহামাৰীৰ সময়ত, যেতিয়া আমাৰ দেশৰ নাগৰিকসকলক আটাইতকৈ বেছি সহায়ৰ প্ৰয়োজন হৈছিল, তেতিয়াই আমি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা শীৰ্ষক মানৱতাৰ অনুভৱেৰে সিক্ত আঁচনিখন আৰম্ভ কৰিছিলোঁ, যাতে প্ৰতিটো দুখীয়া পৰিয়ালত চৌকা জ্বলি থাকে। এই পদক্ষেপ বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ পদক্ষেপ আৰু প্ৰকৃতাৰ্থতেই অনন্য, যিয়ে আজিও মানুহক উপকৃত কৰি আছে। গুজৰাট চৰকাৰে এই আঁচনিখন আৰু অধিক সম্প্ৰসাৰণ কৰাত মই আনন্দিত হৈছো। আয়ৰ সীমা বৃদ্ধি কৰি গুজৰাটে অধিক হিতাধিকাৰীয়ে ইয়াৰ সুবিধা লাভ কৰাটো সম্ভৱ কৰি তুলিছে। আজি কেন্দ্ৰীয় চৰকাৰে প্ৰতি বছৰে ২.২৫ লাখ কোটি টকাৰো অধিক ধন আবণ্টন দিয়ে যাতে প্ৰতিটো দৰিদ্ৰ ঘৰৰ চৌকা জ্বলি থাকে।

বন্ধুসকল,

আমাৰ ‘বিকশিত ভাৰত’ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পুষ্টিকৰ খাদ্যই অতি গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। আমাৰ উদ্দেশ্য হৈছে প্ৰতিটো পৰিয়ালক পৰ্যাপ্ত পৰিমাণৰ পুষ্টি প্ৰদান কৰা, যাৰ ফলত আমি সমগ্ৰ দেশতে পুষ্টিহীনতা আৰু ৰক্তহীনতা দূৰ কৰিব পাৰো। প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ জৰিয়তে দেশৰ প্ৰায় ১২ কোটি স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে পুষ্টিকৰ আহাৰ লাভ কৰে। সক্ষম অংগনবাড়ী কাৰ্যসূচীয়ে সৰু ল’ৰা-ছোৱালী, মাতৃ, আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মাত্ৰুবন্দনা যোজনাৰ অধীনত গৰ্ভৱতী মহিলাসকলে আৰ্থিক সহায় লাভ কৰে, যাৰ ফলত তেওঁলোকে সুস্থ গৰ্ভাৱস্থাৰ বাবে প্ৰয়োজনীয় উপযুক্ত পুষ্টিৰ সুবিধা লাভ কৰাটো নিশ্চিত কৰে।

 

বন্ধুসকল,

পুষ্টিৰ অৰ্থ কেৱল ভাল খাদ্য গ্ৰহণ কৰাই নহয়; পৰিষ্কাৰ-পৰিচ্ছন্নতাও ইয়াৰ বাবে এক গুৰুত্বপূৰ্ণ উপাদান। সেইবাবেই আমাৰ চৰকাৰে অনাময় ব্যৱস্থাৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে৷ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কথা আহিলেই চুৰাটে ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত শীৰ্ষ চহৰৰ ভিতৰত স্থান লাভ কৰে। এই উল্লেখযোগ্য সাফল্যৰ বাবে চুৰাটবাসীলৈ মোৰ অভিনন্দন জ্ঞাপন কৰিলোঁ।

বন্ধুসকল, 

আমাৰ লক্ষ্য হৈছে সমগ্ৰ দেশৰ প্ৰতিখন চহৰ আৰু গাঁৱতেই লেতেৰা নিৰ্মূল আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাৰ দিশত সক্ৰিয়ভাৱে কাম কৰা। আজি বিশ্বৰ বহু প্ৰতিষ্ঠানে স্বীকাৰ কৰিছে যে স্বচ্ছ ভাৰত অভিযানে গ্ৰামাঞ্চলৰ ৰোগ হ্ৰাস কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছে। তদুপৰি এতিয়া দেশৰ জল মন্ত্ৰালয়ৰ তদাৰক কৰা চি আৰ পাটিল জীৰ নেতৃত্বত হৰ ঘৰ জল অভিযান কাৰ্যকৰী কৰা হৈছে। প্ৰতিটো ঘৰতে বিশুদ্ধ পানী পোৱাৰ লগে লগে আমি বহুতো পানীজনিত ৰোগ যথেষ্ট পৰিমাণে হ্ৰাস পোৱা দেখিবলৈ পাইছো।

বন্ধুসকল,

আজি আমাৰ বিনামূলীয়া ৰেচন আঁচনিখনে লাখ লাখ মানুহৰ জীৱন সহজ কৰি তুলিছে। প্ৰাপ্য হিতাধিকাৰীসকলে এতিয়া তেওঁলোকৰ সম্পূৰ্ণ অংশৰ খাদ্য শস্য লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু আজিৰ পৰা ১০ বছৰ আগতে এইটো সম্ভৱপৰ নাছিল। কল্পনা কৰিব পাৰিনে? আমাৰ দেশত ৫ কোটিৰো অধিক ভুৱা ৰেচন কাৰ্ডৰ গৰাকী আছিল! গুজৰাটত আমি "ভূতীয়া কাৰ্ড" বুলি কওঁ। কোনো অস্তিত্ব নথকা মানুহৰ নাম আছিল ৫ কোটি, তথাপিও তেওঁলোকৰ হাতত ৰেচন কাৰ্ড আছিল। এই ভুৱা পৰিচয়বোৰৰ সহায়ত প্ৰকৃত হিতাধিকাৰী—দৰিদ্ৰসকলৰ বাবে আবণ্টিত খাদ্য সামগ্ৰী চুৰি কৰা হৈছিল। কিন্তু তোমালোক সকলোৱে মোক এই কথা শিকাইছিলা, আৰু মই কি কৰিলোঁ? মই সেই ব্যৱস্থা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিলোঁ। আমি এই ৫ কোটি ভুৱা নাম সমগ্ৰ ব্যৱস্থাটোৰ পৰা আঁতৰাই সমগ্ৰ ৰেচন বিতৰণ ব্যৱস্থাটোক আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰিলোঁ। এতিয়া যেতিয়া আপুনি চৰকাৰী ৰেচনৰ দোকান এখনলৈ যায় তেতিয়া আপুনি আপোনাৰ উচিত অংশ লাভ কৰে। আমি ৰেচন কাৰ্ডৰ সৈতে জড়িত আন এটা ডাঙৰ সমস্যা সফলতাৰে সমাধান কৰিছো।

চুৰাটত ওড়িশা, তেলেংগানা, মহাৰাষ্ট্ৰ, বিহাৰ, উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ পৰা অহা হাজাৰ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকে কাম কৰে। মই তেওঁলোকৰ মুখবোৰ দেখিবলৈ পাওঁ। এটা সময়ত এখন ৰাজ্যত দিয়া ৰেচন কাৰ্ড আন এখন ৰাজ্যত বৈধ নাছিল। আমি "এক দেশ, এক ৰেচন কাৰ্ড" আঁচনি ৰূপায়ণ কৰি এই সমস্যাৰ সমাধান কৰিলোঁ। এতিয়া আপোনাৰ ৰেচন কাৰ্ড যিয়েই নহওক কিয়, আপুনি দেশৰ যিকোনো ঠাইতে আপোনাৰ প্ৰাপ্য সুবিধাসমূহ লাভ কৰিব পাৰিব। ইতিমধ্যে চুৰাটৰ বহু প্ৰব্ৰজিত শ্ৰমিকে এই ব্যৱস্থাৰ সুফল লাভ কৰিবলৈ সক্ষম হৈছে। এই কথাৰ প্ৰমাণ যে যেতিয়া সঠিক উদ্দেশ্যৰে নীতি ৰচনা কৰা হয় তেতিয়া ই সঁচাকৈয়ে দুখীয়াক লাভৱান্বিত কৰে আৰু তেওঁলোকৰ জীৱন উন্নীত কৰে।

বন্ধুসকল,

বিগত দশকত আমি সমগ্ৰ দেশৰ দৰিদ্ৰ লোকসকলক সৱলীকৰণৰ এক অভিযানৰ সৈতে কাম কৰি আহিছো। আমি অভাৱগ্ৰস্তসকলক কেন্দ্ৰ কৰি এক সুৰক্ষামূলক ঢাল নিৰ্মাণ কৰিছো, যাতে তেওঁলোকে আৰু আনৰ ওচৰত হাত পাতিব নালাগে কৰিব নালাগে বা আনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। পকী ঘৰ, শৌচাগাৰ, গেছ সংযোগ, টেপৰ পানীৰ সংযোগ আদিৰ ব্যৱস্থাই দৰিদ্ৰসকলৰ মাজত এক নতুন আত্মবিশ্বাসৰ ভাৱ জগাই তুলিছে। তদুপৰি আমি দৰিদ্ৰ পৰিয়ালৰ বাবে বীমাৰ সুৰক্ষাৰ এক বিশেষ পৰিকাঠামো সৃষ্টি কৰিলোঁ। প্ৰথমবাৰৰ বাবে প্ৰায় ৬০ কোটি ভাৰতীয়ক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ নিশ্চয়তা প্ৰদান কৰা হৈছে। পূৰ্বতে দৰিদ্ৰ পৰিয়ালসমূহে জীৱন বীমা বা দুৰ্ঘটনাৰ বীমা থকাৰ কথা কেতিয়াও কল্পনাও কৰিব পৰা নাছিল, কিন্তু আমাৰ চৰকাৰে নিশ্চিত কৰিছিল যে দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীয়ে এই গুৰুত্বপূৰ্ণ সুৰক্ষা কভাৰৰ সুবিধাখিনি যেন লাভ কৰে। আজি ৩৬ কোটিৰো অধিক লোকে চৰকাৰী বীমা আঁচনিত নামভৰ্তি কৰিছে। আপুনি জানি আচৰিত হ’ব যে ইতিমধ্যে ১৬ হাজাৰ কোটি টকাৰো অধিক ধন দৰিদ্ৰ পৰিয়ালক বীমাৰ দাবী হিচাপে প্ৰদান কৰা হৈছে। অৰ্থাৎ এই ধনে সংকটৰ সময়ত তেওঁলোকক গুৰুত্বপূৰ্ণ সহায় আগবঢ়াইছে।

 

বন্ধুসকল,

যিসকলক কোনেও কেতিয়াও গুৰুত্ব নিদিলে, তেওঁলোকক মোদীয়ে তেওঁলোকৰ যতন ল’লে। সেইদিনবোৰ মনত আছেনে? দুখীয়া মানুহে যেতিয়া ব্যৱসায় আৰম্ভ কৰিবলৈ বিচাৰিছিল, তেতিয়া বেংকে তেওঁলোকক ঋণ প্ৰদান কৰাটো দূৰৈৰ কথা, দুৱাৰদলিৰ পৰাও সোমাবলৈ নিদিছিল! বেংকে গেৰাণ্টি দাবী কৰিছিল, কিন্তু দুখীয়াই ক’ত পায় গেৰাণ্টি? তেওঁলোকৰ বাবে কোনে গেৰাণ্টি দিব? গতিকে, দুখীয়া মাতৃৰ এই পুত্ৰই সিদ্ধান্ত ল’লে যে মোডী নিজেই তেওঁলোকৰ বেংক গেৰাণ্টি হ’ব! এই দৰিদ্ৰ ব্যক্তিসকলৰ গেৰাণ্টাৰ বা নিশ্চয়তাকাৰী হৈ মই মুদ্ৰা যোজনা আৰম্ভ কৰিলোঁ। আজি মুদ্ৰা যোজনাৰ অধীনত কোনো জামিন অবিহনেই ৩২ লাখ কোটি টকা প্ৰদান কৰা হৈছে। যিসকলে আমাক দৈনিক সমালোচনা কৰে, তেওঁলোকে ৩২ লাখ কোটি টকা লিখিবলৈ চেষ্টা কৰক—এই পৰিমাণটোত কিমান শূন্য আছে সেই কথাও তেওঁলোকে উপলব্ধি কৰিব নোৱাৰিব! সংসদত যিসকলৰ আসন শূন্য, তেওঁলোকে কেতিয়াও এই সংখ্যাবোৰ বুজিয়েই নাপাব! কিন্তু মোদীয়ে দায়িত্ব লৈ কোনো জামিন নোহোৱাকৈ মানুহক দিলে ৩২ লাখ কোটি টকা।

বন্ধুসকল,

পূৰ্বতে আমাৰ পদপথৰ ব্যৱসায়ীসকলক, হকাৰসকলক, ফুটপাথৰ কাম কৰা লোকসকলক সহায় কৰিবলৈ কোনো নাছিল। কল্পনা কৰকচোন এজন দুখীয়া শাক-পাচলি বিক্ৰেতা— তেওঁক সামগ্ৰী কিনিবলৈ ৰাতিপুৱাই ১০০০ টকাৰ প্ৰয়োজন হৈছিল। তেওঁ এজন ধনদাতা বা মানিলেণ্ডাৰৰ ওচৰলৈ গ’ল, যিজনে তেওঁৰ খাটাবহীত ১০০০ টকা লিখি থৈ দিলে যদিও মাত্ৰ ৯০০ টকাহে গতাই দিলে। গোটেই দিনটোৰ কষ্টৰ অন্তত যেতিয়া বিক্ৰেতাজনে সন্ধিয়া ঋণ পৰিশোধ কৰিবলৈ উভতি আহিল, তেতিয়া ধনদাতাই সম্পূৰ্ণ ১০০০ টকা দাবী কৰিলে! এতিয়া, সেই দুখীয়া মানুহজনে কেতিয়াবা কেনেকৈ জীৱিকা নিৰ্বাহ কৰিব পাৰিলেহেঁতেন? সন্তানক কেনেকৈ খুৱাব পাৰিলেহেতেন? ইয়াৰ সমাধানৰ বাবে আমাৰ চৰকাৰে স্বনিধি যোজনা আৰম্ভ কৰিলে, যাৰ ফলত পদপথৰ ব্যৱসায়ীসকলে প্ৰত্যক্ষ বেংক ঋণ লাভ কৰিব পাৰিছে। এইবাৰৰ বাজেটে ইয়াক আৰু এখোজ আগুৱাই লৈ গ’ল আৰু পদপথৰ বিক্ৰেতা আৰু হকাৰৰ বাবে বিশেষ ক্ৰেডিট কাৰ্ড ব্যৱস্থাৰ কথা ঘোষণা কৰে। একেদৰে বিশ্বকৰ্মাৰ সংগীসকলকো আমি পাহৰা নাই—প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমাৰ দেশৰ সেৱা কৰা শিল্পী আৰু দক্ষ শ্ৰমিকসকলক আমি পাহৰা নাই। প্ৰথমবাৰৰ বাবে এনে হাজাৰ হাজাৰ ব্যক্তিয়ে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰিছে। তেওঁলোকৰ কলাক উন্নত কৰিবলৈ আধুনিক সঁজুলি আৰু নতুন ডিজাইনৰ দক্ষতা প্ৰদান কৰা হৈছে। আৰ্থিক সাহায্যও প্ৰদান কৰা হৈছে, যাৰ ফলত তেওঁলোকে নিজৰ পৰম্পৰাগত ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে। "সবকা সাথ, সবকা বিকাশ"ৰ সঁচা অৰ্থ এইটোৱেই! দশক দশক ধৰি ভাৰতীয়সকল "গৰিবী হাটাও" (দৰিদ্ৰতা নিৰ্মূল কৰক) শ্লোগান শুনি শুনি ক্লান্ত হৈ পৰিছিল। প্ৰতিটো নিৰ্বাচনৰ সময়ত "গৰিবী হাটাও" শ্লোগান আওৰোৱা হৈছিল, তথাপিও দৰিদ্ৰতা কেতিয়াও নাইকিয়া হোৱা নাছিল। কিন্তু আপোনালোকে মোক এনে এজন ব্যক্তিলৈ ৰূপান্তৰিত কৰিলে যিয়ে নিশ্চিত কৰিলে যে ভাৰতৰ ২৫ কোটিৰো অধিক দৰিদ্ৰ পৰিয়াল এতিয়া দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হৈছে।

 

বন্ধুসকল,

চুৰাটত বৃহৎ সংখ্যক মধ্যবিত্ত পৰিয়ালে বসবাস কৰে আৰু দেশৰ উন্নয়নত মধ্যবিত্ত শ্ৰেণীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সেইবাবেই বিগত দশকত আমাৰ চৰকাৰে মধ্যবিত্ত শ্ৰেণীক সবলীকৰণৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে৷ এইবাৰৰ বাজেটতো সেই প্ৰতিশ্ৰুতি অব্যাহত আছে। শেহতীয়াকৈ আয়কৰ ৰেহাইৰ ফলত দোকানী, ব্যৱসায়ী, আৰু বেতনভোগী কৰ্মচাৰীসকল বহুখিনি উপকৃত হ’ব। এতিয়া ১২ লাখ টকা পৰ্যন্ত আয় সম্পূৰ্ণ কৰমুক্ত কৰা হৈছে— যিটো লাভ আগতে কোনেও কল্পনা কৰিব নোৱাৰিলেহেঁতেন, কিন্তু আমি সেয়া সম্ভৱ কৰি তুলিলোঁ। ইয়াৰ উপৰিও বেতনভোগী ব্যক্তিৰ বাবে ১২.৭৫ লাখ টকা পৰ্যন্ত আয় কৰমুক্ত কৰা হৈছে। আমি কৰৰ স্তৰসমূহ পুনৰ্গঠন কৰিছো যাতে প্ৰতিজন কৰদাঁতা লাভৱান হয়। ফলত দেশৰ লগতে, গুজৰাট, আৰু চুৰাটৰ মধ্যবিত্ত পৰিয়ালসমূহৰ ব্যৱহাৰযোগ্য আয়ো অধিক হ’ব৷ এতিয়া তেওঁলোকে নিজৰ প্ৰয়োজনীয়তাৰ বাবে অধিক খৰচ কৰিব পাৰিব আৰু সন্তানৰ ভৱিষ্যতত বিনিয়োগ কৰিব পাৰিব।

বন্ধুসকল,

চুৰাট উদ্যোগীসকলৰ এখন চহৰ, য’ত অসংখ্য ক্ষুদ্ৰ ব্যৱসায় আৰু এমএছএমই আছে, যিয়ে লাখ লাখ লোকক কৰ্মসংস্থাপন প্ৰদান কৰি আহিছে। আমাৰ চৰকাৰে স্থানীয় যোগান শৃংখল শক্তিশালী কৰাত মনোনিৱেশ কৰিছে, যাৰ বাবে এম এছ এম ইসমূহে যথেষ্ট সহায় লাভ কৰিছে। প্ৰথমে আমি এম এছ এম ইৰ সংজ্ঞা সলনি কৰিলোঁ, ইয়াৰ বিকাশৰ বাবে নতুন সুযোগ সৃষ্টি কৰিলোঁ। এইবাৰৰ বাজেটে এই সংজ্ঞা আৰু অধিক বিকশিত কৰিছে। যোৱা কেইবছৰমানৰ পৰা আমি এম এছ এম ইসমূহৰ বাবে ঋণ লাভ কৰাটো সহজ কৰি তুলিছো৷ এই বাজেটত এম এছ এম ই সমূহক সহায় কৰিবলৈ ৫ লাখ টকাৰ সীমাৰেখাৰে বিশেষ ক্ৰেডিট কাৰ্ড প্ৰৱৰ্তন কৰা হৈছে, যাৰ ফলত তেওঁলোকক যথেষ্ট আৰ্থিক সহায় আগবঢ়োৱা হৈছে। আমাৰ প্ৰচেষ্টা হৈছে পৰ্যাপ্ত পৰিমাণৰ অনুসূচিত জাতি/জনজাতীয় যুৱক-যুৱতীক উদ্যোগী হ’বলৈ আৰু এম এছ এম ই খণ্ডত প্ৰৱেশ কৰিবলৈ উৎসাহিত কৰা। ইয়াত মুদ্ৰা আঁচনিৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। প্ৰথমবাৰৰ বাবে এইবাৰৰ বাজেটত দলিত, আদিবাসী, আৰু মহিলাৰ বাবে ২ কোটি টকা পৰ্যন্ত ঋণৰ কথা ঘোষণা কৰা হৈছে। ইয়াৰ দ্বাৰা চুৰাট আৰু গুজৰাটৰ যুৱক-যুৱতীসকল যথেষ্ট উপকৃত হ’ব। এই সুযোগসমূহ গ্ৰহণ কৰিবলৈ আপোনালোক সকলোকে আহ্বান জনাইছো—মই প্ৰতিটো খোজতে আপোনালোকৰ লগত আছো।

 

বন্ধুসকল,

ভাৰতৰ উন্নয়নত অৰিহণা যোগোৱা বিভিন্ন খণ্ডত চুৰাটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমি চহৰখনত বস্ত্ৰশিল্প, ৰাসায়নিক পদাৰ্থ, আৰু অভিযান্ত্ৰিকতাৰ সৈতে জড়িত উদ্যোগসমূহৰ বিকাশ নিশ্চিত কৰিছো। আমাৰ দৃষ্টিভংগী হৈছে চুৰাটক বিশ্বমানৰ সংযোগেৰে বিশ্বস্তৰীয় ব্যৱসায়িক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা। ইয়াৰ বাবে আমি চুৰাট বিমানবন্দৰত এটা নতুন সংহত টাৰ্মিনেল বিল্ডিং গঢ়ি তুলিছো। ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰ, দিল্লী-মুম্বাই এক্সপ্ৰেছৱে, আৰু আগন্তুক বুলেট ট্ৰেইনৰ দৰে বৃহৎ আন্তঃগাঁথনি প্ৰকল্পসমূহ চুৰাটৰ বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও চুৰাট মেট্ৰ’ই চহৰখনৰ সংযোগ আৰু অধিক বৃদ্ধি কৰিব, যাৰ ফলত ই ত্বৰান্বিত গতিৰে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ সংযোগী চহৰ হিচাপে পৰিগণিত হ’ব। এই প্ৰচেষ্টাসমূহে চুৰাটৰ লোকসকলৰ জীৱন সহজ কৰি তোলাই নহয়, তেওঁলোকৰ জীৱনৰ মানদণ্ডও যথেষ্ট উন্নত কৰিছে।

বন্ধুসকল,

আপোনালোকে হয়তো মনত পেলাব পাৰিছে যে কিছুদিন আগতে আমাৰ দেশৰ মহিলাসকলক তেওঁলোকৰ সফলতাৰ কাহিনী, কৃতিত্ব, আৰু প্ৰেৰণাদায়ক জীৱন যাত্ৰাৰ অনুপম কাহিনীবোৰ NaMo App ত শ্বেয়াৰ কৰিবলৈ আহ্বান জনাইছিলো। ইতিমধ্যে বহু ভগ্নী-কন্যাই নিজৰ কাহিনী প্ৰকাশ কৰিছে বুলি জনাবলৈ পাই আনন্দিত হৈছোঁ। কাইলৈ ​​নাৰী দিৱস উপলক্ষে মই মোৰ ছ’চিয়েল মিডিয়া একাউণ্টসমূহ এনে কিছুমান প্ৰেৰণাদায়ক মহিলাৰ হাতত গতাই দিম। এই মহিলাসকলে দেশৰ উন্নয়ন আৰু সমাজত বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁলোকৰ কাহিনীয়ে সমগ্ৰ দেশৰ আন বহু মাতৃ, ভগ্নী, কন্যাক অনুপ্ৰাণিত কৰিব। নাৰী দিৱস হৈছে ‘নাৰী শক্তি’ৰ কৃতিত্ব উদযাপনৰ এক বিশেষ অনুষ্ঠান। আমি দেখিবলৈ পাওঁ যে দেশৰ প্ৰতিটো খণ্ডতে কেনেদৰে প্ৰভাৱ পেলাইছে ‘নাৰী শক্তি’য়ে, আৰু গুজৰাট ইয়াৰ উজ্জ্বল উদাহৰণ। কাইলৈ ​​নৱছাৰিত ‘নাৰী শক্তি’ৰ ওপৰত নিবেদিত এক বৃহৎ অনুষ্ঠানতো অংশগ্ৰহণ কৰিম। আনকি আজিৰ চুৰাটৰ কাৰ্যসূচীয়েও মহিলাসকলক উপকৃত কৰিব, আৰু মই দেখিছোঁ যে বৃহৎ সংখ্যক মাতৃ-ভগ্নীয়ে আমাক আশীৰ্বাদ দিবলৈ ইয়াত সমবেত হৈছে।

 

বন্ধুসকল,

মিনি ভাৰত হিচাপে আৰু বিশ্বমানৰ চহৰ হিচাপে চুৰাট বিকশিত হৈ থাকিব, আৰু আমি এই কাঙ্খিত লক্ষ্যৰ দিশত অক্লান্তভাৱে কাম কৰি যাম। জীৱনমুখী মানুহেৰে ভৰি থকা চুৰাটৰ দৰে ঠাইখন সকলোবোৰ উৎকৃষ্টতাৰ যোগ্য ঠাই। আকৌ এবাৰ সকলো হিতাধিকাৰীলৈ আন্তৰিক অভিনন্দন! মোৰ চুৰাটৰ ভাই-ভনীসকললৈ বহুত বহুত ধন্যবাদ! আমি আকৌ লগ হ’ম। ৰাম-ৰাম!

 

পুনৰ অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PMAY-U Nears 1.25 Crore Homes: Top 10 States With The Highest PMAY-U Completion Rates

Media Coverage

PMAY-U Nears 1.25 Crore Homes: Top 10 States With The Highest PMAY-U Completion Rates
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 52nd PRAGATI Meeting
June 24, 2026
PM reviews four key infrastructure projects worth around ₹30,000 crore spanning four states across Road, Power, Industrial Corridor and Metro Rail sectors
PM emphasises use of PM GatiShakti National Master Plan and timely updation of project, utility and infrastructure data on the portal for efficient planning
PM asks Ministries and State Governments to resolve pending issues in a mission-mode manner and ensure close monitoring
PM reviews TB Mukt Bharat Abhiyan and emphasizes need to leverage latest digital technologies including AI
PM reviews grievances related to Cyber Crime and Digital Arrest and stresses timely action, coordinated response and e-Zero FIR registration mechanism

Prime Minister Shri Narendra Modi chaired the 52nd meeting of PRAGATI, the ICT-enabled, multi-modal platform aimed at fostering Pro-Active Governance and Timely Implementation, by seamlessly integrating efforts of the Central and State Governments, earlier today at Seva Teerth.

During the meeting, the Prime Minister reviewed four critical infrastructure projects across the Road, Power, Industrial Corridor and Metro Rail sectors, covering four States and costing around ₹30,000 crore. These projects, important for economic growth, regional connectivity, industrial development and public welfare, were reviewed with focus on timelines, inter-agency coordination, issue resolution and timely completion.

Prime Minister underlined that delays in infrastructure projects not only lead to cost escalation, but also deprive people and industries of timely benefits. He asked the concerned Ministries and State Governments to resolve pending issues in a mission-mode manner and ensure close monitoring at the highest level.

Prime Minister emphasised the use of PM GatiShakti National Master Plan for efficient planning and timely implementation of infrastructure projects. He also underlined the need for regular and timely updation of project details, utilities, infrastructure layers, clearances and other field-level information on the portal. He further emphasised that the platform must reflect the latest ground situation so that bottlenecks can be identified in advance, inter-agency coordination can be improved and decisions can be taken on the basis of reliable, real-time data.

Prime Minister reviewed TB Mukt Bharat Abhiyan and emphasised the need to leverage latest digital technologies including Artificial Intelligence. He suggested a team of NCC cadets and MY Bharat volunteers, for awareness, patient follow-up and community mobilisation.

Prime Minister also reviewed grievances related to Cyber Crime and Digital Arrest. He expressed concern over the rising misuse of digital platforms to defraud citizens and stressed that such matters require coordinated, sensitive and time-bound handling by all concerned agencies. He noted that citizens should not be made to run from one department or agency to another. He also emphasized the need for clear ownership, faster response, better coordination among law enforcement agencies, banks and digital platforms, and stronger public awareness campaigns.

Prime Minister observed that in cases involving cyber fraud, timely action is crucial to prevent financial loss and restore public confidence. He asked all stakeholders to work in close coordination to strengthen prevention, reporting, investigation and grievance redressal mechanisms. He also emphasised that States should work towards enabling e-Zero FIR mechanisms for faster registration and response in cyber fraud cases.