শ্ৰী স্বামী নাৰায়ণ জয় দেৱ, মহামহিম শ্বেখ নাহিয়ান আল মুবাৰক, সন্মানীয় মহন্ত স্বামী জী মহাৰাজ, ভাৰত আৰু ইউএই তথা বিশ্বৰ ভিন্ন দেশৰ বিশিষ্ট অতিথি আৰু বিশ্বৰ প্ৰতিটো কোণৰপৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰা মোৰ ভ্ৰাতৃ-ভগ্নীসকল!

আজি সংযুক্ত আৰৱ আমিৰাতে মানৱ ইতিহাসৰ এক নতুন সোণালী অধ্যায় লিখিছে। বছৰ-বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰমৰ বাস্তৱ ৰূপ প্ৰদান আৰু দীৰ্ঘদিনীয়া সপোন পূৰণেৰে আবুধাবিত এটি বিশাল আৰু ঐশ্বৰিক মন্দিৰ উদ্বোধন কৰা হৈছে। ভগৱান স্বামী নাৰায়ণৰ আশীৰ্বাদ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ সৈতে জড়িত হৈ আছে। তেওঁ য'তেই নাথাকক কিয়, তেওঁৰ আত্মাই নিশ্চয় শান্তি লাভ কৰিব। পূজ্য প্ৰমুখ স্বামীজীৰ সৈতে মোৰ সম্পৰ্ক এজন পিতৃ-পুত্ৰৰ সম্পৰ্ক লেখীয়া। তেওঁৰ সংগত থকাৰ সৌভাগ্য হৈছিল আৰু জীৱনৰ এছোৱা উল্লেখযোগ্য সময় পিতৃত্বৰ মৰম লাভৰ সৌভাগ্য হৈছিল। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যকালতো তেওঁৰ দিহা-পৰামৰ্শ লাভ কৰিছোঁ। লক্ষণীয়ভাৱে দিল্লীত অক্ষৰ ধাম স্থাপনৰ সময়ত তেওঁৰ নিৰ্দেশত আধাৰশিলা স্থাপন অনুষ্ঠানত মই উপস্থিত আছিলোঁ, মোৰ ৰাজনৈতিক জীৱন আৰম্ভৰ বহু আগতেই। যিদৰে তেওঁ যমুনাৰ পাৰত এক পবিত্ৰ মন্দিৰ প্ৰতিষ্ঠাৰে নিজৰ গুৰুৰ ইচ্ছা পূৰণ কৰিছিল, যিদৰে এজন ভক্তিময় শিষ্যৰ আদৰ্শক মূৰ্ত কৰি তুলিছিল, আজিও সেই একে শিষ্যত্ববোধেৰে মই আপোনালোকৰ সন্মুখত থিয় দিছোঁ, প্ৰমুখ স্বামী মহাৰাজৰ সপোন বাস্তৱায়িতকৰণত সহায়ৰ বাবে সন্তোষ পাইছোঁ। তদুপৰি, আজি বসন্ত পঞ্চমীৰ শুভ উৎসৱ আৰু শ্ৰদ্ধাৰ শাস্ত্ৰী জী মহাৰাজৰ জন্ম বাৰ্ষিকীও পালন কৰা হয়। বসন্ত পঞ্চমীয়ে মানৱ বুদ্ধি আৰু বিবেকৰ দেৱী সৰস্বতী দেৱীক উদযাপন কৰে। এই বুদ্ধিমত্তাই আমাক সহযোগিতা, সম্প্ৰীতি, ঐক্য আদি আদৰ্শক জীৱনৰ অংশ কৰিবলৈ প্ৰেৰণা যোগায়। মোৰ বিশ্বাস, এই মন্দিৰে মানৱতাৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ সূচনা কৰিব, যি বিশ্বৰ বাবে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু বৈশ্বিক ঐক্যৰ প্ৰতীক হ’ব।

 

ভ্ৰাতৃ-ভগ্নীসকল,

ইউএইৰ মন্ত্ৰী, মহামহিম শ্বেখ নাহিয়ান আল মুবাৰকৰ উপস্থিতি আজি বিশেষভাৱে উল্লেখযোগ্য। তেওঁৰ আৱেগক স্পষ্ট কৰি দিয়া, তেওঁৰ ধাৰণাসমূহ উপস্থাপন আৰু আমাৰ আকাংক্ষাক সুদৃঢ়কৰণৰ অৰ্থে নিজৰ ভাষাৰে, বাকপটুতাৰে বৰ্ণনাৰ বাবে মই তেওঁৰ ওচৰত কৃতজ্ঞ।

বন্ধুসকল,
এই মন্দিৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ইউএই চৰকাৰে গ্ৰহণ কৰা প্ৰশংসনীয় ভূমিকাৰ শলাগ লৈছোঁ। এই বিশাল মন্দিৰৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ বাবে যদি কোনোবাই সৰ্বাধিক কৃতিত্বৰ যোগ্যতা লাভ কৰে, তেন্তে সেয়া হ’ল মোৰ ভ্ৰাতৃ, মহামহিম শ্বেখ মহম্মদ বিন জায়েদ। ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদৰ নেতৃত্বত সমগ্ৰ ইউএই চৰকাৰে কোটি-কোটি ভাৰতীয়ৰ আকাংক্ষা কিমান পূৰ্ণ-হৃদয়েৰে পূৰণ কৰিছে, সেই বিষয়ে মই সম্পূৰ্ণৰূপে জানো। ১৪০ কোটি ভাৰতীয়ৰ হৃদয়ত নিজকে প্ৰিয় কৰি তোলাই নহয়, প্ৰমুখ স্বামীজীৰ মন্দিৰৰ সপোন বাস্তৱত পৰিণতকৰণৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মহামহিম শ্বেখ মহম্মদ বিন জায়েদৰ অপৰিসীম উদাৰতাৰ প্ৰত্যক্ষ সাক্ষী হৈ এই প্ৰকল্পটোৰ আৰম্ভণিৰেপৰা ইয়াৰ ফলপ্ৰসূতালৈকে জড়িত হোৱাটো মোৰ সৰ্বোচ্চ সৌভাগ্য। তেওঁৰ প্ৰতি মোৰ অন্তহীন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ ভূমিকা আৰু ভাৰত-ইউএইৰ সম্পৰ্কৰ গভীৰতাক কেৱল ইউএই আৰু ভাৰতৰ জনসাধাৰণেই নহয়, সমগ্ৰ বিশ্বই স্বীকাৰ কৰে। ২০১৫ত ইউএই ভ্ৰমণৰ কথা মনত পৰিছে। তেতিয়া মই মহামহিম শ্বেখ মহম্মদৰ সৈতে এই মন্দিৰৰ ধাৰণাটোৰ বিষয়ে আলোচনা কৰিছিলোঁ। ভাৰতীয় জনসাধাৰণৰ আকাংক্ষা তেওঁৰ সন্মুখত উপস্থাপনৰ লগে-লগে তেওঁ তৎক্ষণাত আৰু উৎসাহেৰে মোৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তেওঁ ক্ষীপ্ৰতাৰে মন্দিৰৰ বাবে বিশাল মাটি আবন্টনেৰে নিজৰ অটল সমৰ্থন প্ৰদৰ্শন কৰিলে। তদুপৰি, মন্দিৰৰ লগত জড়িত আন এটা বিষয়ৰ সমাধান হ’ল। ২০১৮ত মোৰ ইউএই ভ্ৰমণৰ সময়ত ব্ৰহ্মবিহাৰী স্বামী জীয়ে উল্লেখ কৰা মতে স্থানীয় সন্তসকলে দুটা মন্দিৰৰ আৰ্হি উপস্থাপন কৰিছিল। এটা আৰ্হিত ভাৰতৰ প্ৰাচীন বৈদিক শৈলীৰপৰা অনুপ্ৰাণিত এক বিশাল মন্দিৰৰ চিত্ৰ অংকন কৰা হৈছিল, আনহাতে আনটো আৰ্হি আছিল এক সৰল ডিজাইন। তাৰ পিছত, ইউএই চৰকাৰে অনুমোদন জনোৱা ডিজাইনটো আগবঢ়াই নিয়া হ’ব বুলি সন্তসকলে কয়। মহামহিম শ্বেখ মহম্মদৰ সৈতে এই বিষয়ত আলোচনা কৰাৰ লগে-লগে তেওঁৰ স্থিতি ব্যক্ত কৰিছিল। তেওঁ কেৱল মন্দিৰৰ কল্পনা কৰাই নহয়, ইয়াক মন্দিৰৰ স্থাপত্যৰ প্ৰকৃত মূৰ্তি হিচাপেও কল্পনা কৰিছিল।

 

বন্ধুসকল,

এয়া কোনো তুচ্ছ কথা নহয়; এয়া এক উল্লেখযোগ্য কাম। ইয়াত কেৱল মন্দিৰ নিৰ্মাণৰ কথা নহয়; ইয়াত প্ৰকৃত মন্দিৰৰ সাৰমৰ্মক মূৰ্তকৰণ নিশ্চিত কৰা হৈছে। ভাৰতৰ সৈতে এই ভ্ৰাতৃত্ববোধ সঁচাকৈয়ে আমাৰ সৰ্বোচ্চ সম্পদ। আমি ইয়াত দেখা মন্দিৰৰ মহিমা মহামহিম শ্বেখ মহম্মদৰ ভৱিষ্যৎ দৰ্শনৰ প্ৰমাণ। এতিয়ালৈকে ইউএই বুৰ্জ খলিফা, ফিউচাৰ মিউজিয়াম, শ্বেখ জায়েদ মছজিদ আৰু আন-আন অত্যাধুনিক গঠনৰ বাবে বিখ্যাত আছিল। এতিয়া ইয়াৰ পৰিচয়ত আন এক সাংস্কৃতিক মাইলৰ খুঁটি সংযোজন কৰা হৈছে। মই নিশ্চিত যে ভৱিষ্যতে যথেষ্ট সংখ্যক ভক্তই ইয়ালৈ আহিব, ফলস্বৰূপে ইউএইলৈ অহা দৰ্শনাৰ্থীৰ আগমন বৃদ্ধি পাব আৰু মানুহৰ মাজত সংযোগ বৃদ্ধি পাব। সমগ্ৰ ভাৰত আৰু বিশ্বত বাস কৰা কোটি-কোটি ভাৰতীয়ৰ হৈ মই ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ আৰু ইউএই চৰকাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাক অশেষ ধন্যবাদ জনোৱাৰ লগতে ইউএইৰ জনসাধাৰণক তেওঁলোকৰ সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

 

বন্ধুসকল,

ভাৰত আৰু ইউএইৰ মাজৰ বন্ধুত্বক বিশ্বজুৰি পাৰস্পৰিক বিশ্বাস আৰু সহযোগিতাৰ আৰ্হি হিচাপে গণ্য কৰা হয়। বিশেষকৈ, শেহতীয়া বছৰকেইটাত আমাৰ সম্পৰ্কই অভূতপূৰ্ব শিখৰত উপনীত হৈছে। কিন্তু, ভাৰতে এই সম্পৰ্কক কেৱল সমসাময়িক প্ৰেক্ষাপটৰ ভিতৰতে চোৱা নাই। আমাৰ বাবে এই সম্পৰ্কৰ ভেটি হাজাৰ-হাজাৰ বছৰৰ আগৰ পৰাই বিস্তৃত। শতিকা আগতে আৰৱ বিশ্বই ভাৰত আৰু ইউৰোপৰ মাজত এক গুৰুত্বপূৰ্ণ বাণিজ্যিক সেতু হিচাপে কাম কৰিছিল। মোৰ গৃহ ৰাজ্য গুজৰাটৰ ব্যৱসায়ীসকলৰ বাবে আৰৱ বিশ্বই আছিল বাণিজ্যিক সম্পৰ্কৰ প্ৰধান কেন্দ্ৰ, আমাৰ পূৰ্বপুৰুষৰপৰা আৰম্ভ কৰি। সভ্যতাৰ এই সংযোগস্থলৰ পৰাই নতুন সুযোগৰ সৃষ্টি হয়, যাৰ ফলত শিল্প, সাহিত্য, সংস্কৃতিৰ নতুন পথৰ সূচনা হয়। সেয়েহে, আবুধাবিত নিৰ্মিত এই মন্দিৰৰ তাৎপৰ্য্য বিশেষ। এই মন্দিৰে আমাৰ প্ৰাচীন সম্পৰ্কত সতেজ সাংস্কৃতিক জীৱনশক্তি প্ৰোথিত কৰিছে।


বন্ধুসকল,

আবুধাবিৰ এই বিশাল মন্দিৰটো কেৱল পূজাৰ স্থানেই নহয়; ই মানৱতাৰ সহভাজজিত ঐতিহ্যৰ প্ৰতীক। ইয়াত ভাৰত আৰু আৰৱৰ মাজত থকা পাৰস্পৰিক স্নেহ সন্নিৱিষ্ট হৈছে আৰু ভাৰত-ইউএইৰ সম্পৰ্কৰ আধ্যাত্মিক মাত্ৰা প্ৰতিফলিত কৰা হৈছে। এই উল্লেখযোগ্য কৃতিত্বৰ বাবে মই বিএপিএছ সংস্থা আৰু ইয়াৰ সদস্যসকলক প্ৰশংসা কৰিছোঁ। হৰি ভক্তসকলৰ প্ৰতি মোৰ প্ৰশংসা প্ৰকাশ কৰিছোঁ। বিশ্বজুৰি মন্দিৰ স্থাপন কৰিছে বিএপিএছ সংস্থাৰ সদস্যসকলে, আমাৰ পূজনীয় ঋষিসকলৰ নিৰ্দেশনাত। এই মন্দিৰসমূহত বৈদিক পৰম্পৰাৰ প্ৰতি নিখুঁত মনোযোগৰ সৈতে আধুনিক দৃষ্টিভংগীৰ মিল আছে। স্বামীনাৰায়ণ সন্ন্যাস পৰম্পৰাই প্ৰাচীন নীতিক অনুসৰণেৰে আধুনিক জগতখনক কেনেকৈ আঁকোৱালি ল’ব পাৰি তাৰ উদাহৰণ দাঙি ধৰিছে। আপোনালোকৰ সাংগঠনিক দক্ষতা, ব্যৱস্থাগত দক্ষতা, প্ৰতিজন ভক্তৰ প্ৰতি সংবেদনশীলতাৰপৰা সকলোৱে মূল্যৱান শিক্ষা লাভ কৰিব পাৰে। এই সকলোবোৰ ভগৱান স্বামীনাৰায়ণৰ কৃপাৰ প্ৰকাশ। এই গুৰুত্বপূৰ্ণ উপলক্ষে ভগৱান স্বামীনাৰায়ণলৈ মোৰ বিনম্ৰ প্ৰণাম। আপোনালোক সকলোলৈ আৰু দেশ-বিদেশৰ সকলো ভক্তলৈ অভিনন্দন।

 

বন্ধুসকল,

এয়া ভাৰতৰ বাবে অমৃত কালৰ সময়, যিয়ে আমাৰ বিশ্বাস আৰু সংস্কৃতিৰ বাবেও এক সোণালী যুগ চিহ্নিত কৰিছে। যোৱা মাহত অযোধ্যাত এক বিশাল ৰাম মন্দিৰৰ যুগ-যুগ ধৰি দেখি অহা সপোন পূৰণ হ’ল। ৰামলালাই এতিয়া তেওঁৰ স্থানত জিৰণি লৈছে আৰু ইয়াৰদ্বাৰা বিয়পি পৰা প্ৰেম আৰু আৱেগ সমগ্ৰ ভাৰতবৰ্ষতে আৰু প্ৰতিজন ভাৰতীয়ৰ মাজত প্ৰতিধ্বনিত হৈয়েই আছে। আৰু, আজি মোৰ মৰমৰ বন্ধু ব্ৰহ্মবিহাৰী স্বামীয়ে উল্লেখ কৰে যে মোদী জী হৈছে অগ্ৰণী পুৰোহিত। মন্দিৰৰ পুৰোহিত হোৱাৰ অৰ্হতা মোৰ আছে নে নাই ক’ব নোৱাৰোঁ, কিন্তু ভাৰত মাতাৰ ভক্ত হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰোঁ। মোক প্ৰদান কৰা সময়ৰ প্ৰতিটো মুহূৰ্ত আৰু ঈশ্বৰে উপহাৰ দিয়া মোৰ শৰীৰৰ প্ৰতিটো কণা কেৱল মা ভাৰতীৰ প্ৰতি উৎসৰ্গা কৰিছোঁ। ১৪০ কোটি দেশবাসী মোৰ পূজনীয় দেৱতা।

বন্ধুসকল,

অযোধ্যাত আমি অনুভৱ কৰা গভীৰ আনন্দক অধিক সমৃদ্ধ কৰিছে আজি আমি আবুধাবিত দেখা পোৱা সুখৰ ঢৌৱে। মই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰোঁ যে প্ৰথমে অযোধ্যাত মহিমামণ্ডিত শ্ৰীৰাম মন্দিৰ আৰু এতিয়া আবুধাবিৰ এই মন্দিৰটো প্ৰত্যক্ষ কৰিলোঁ।

 

বন্ধুসকল,

আমাৰ বেদত কোৱা হৈছে যে পণ্ডিতসকলে একেজন ঈশ্বৰক, একেটা সত্যকে ভিন্ন ধৰণে ব্যাখ্যা কৰে। এই দৰ্শন ভাৰতৰ মূল চেতনাত শিপাই আছে। সেয়েহে, আমি সকলোকে আঁকোৱালি লোৱাই নহয়, সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি বৈচিত্ৰ্যক বিভাজনৰ উৎস হিচাপে নহয়, বৰঞ্চ আমাৰ অনন্য শক্তি হিচাপেহে গ্ৰহণ কৰোঁ। এই বিশ্বাসে বিশ্ব সংঘাত আৰু প্ৰত্যাহ্বানৰ সন্মুখত আমাৰ আস্থাক শক্তিশালী কৰে, মানৱতাৰ প্ৰতি আমাৰ আস্থাক সুদৃঢ় কৰে। এই মন্দিৰৰ প্ৰতিটো খোজতে বৈচিত্ৰ্যৰ প্ৰতি আস্থাৰ আভাস দেখা পাব। মন্দিৰ নিৰ্মাণত সকলো ধৰ্মৰ লোকে অৰিহণা যোগাইছে। ইয়াৰ উপৰিও, মন কৰিবলগীয়া যে মন্দিৰৰ সাতটা স্তম্ভ বা মিনাৰেই ইউএইৰ সাত আমিৰাতৰ প্ৰতীক। এই মনোভাৱে ভাৰতীয় জনসাধাৰণৰ সাৰমৰ্মক প্ৰতিফলিত কৰে, কিয়নো আমি য’লৈকে যাওঁ, তাতেই আমি ঠাইখনৰ সংস্কৃতি আৰু মূল্যবোধক সন্মান আৰু প্ৰশংসা কৰোঁ। মহামহিম শ্বেখ মহম্মদৰ জীৱনত মূৰ্ত সকলোৰে প্ৰতি এই একে সন্মানৰ ভাৱৰ সাক্ষী হোৱাটো আনন্দদায়ক। মোৰ ভ্ৰাতৃ, মোৰ বন্ধু শ্বেখ মহম্মদ বিন জায়েদেও আমি সকলো ভ্ৰাতৃ-ভগ্নী বুলি এক দৃষ্টিভংগী ৰাখিছে। তেওঁ আবুধাবিত হাউচ অৱ আব্ৰাহামিক ফেমিলি স্থাপন কৰিছিল, য’ত এটা মছজিদ, এটা গীৰ্জা আৰু এটা ছিনাগগ আছে। আৰু এতিয়া আবুধাবিৰ ভগৱান স্বামী নাৰায়ণৰ এই মন্দিৰে বৈচিত্ৰ্যত ঐক্যৰ ধাৰণাটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

 

বন্ধুসকল,

আজি এই পবিত্ৰ স্থানৰপৰা আন এটা ভাল খবৰ জনাবলৈ পাই আনন্দিত হৈছোঁ। আজি পুৱা ইউএইৰ উপ-ৰাষ্ট্ৰপতি, মহামহিম শ্বেখ মহম্মদ বিন ৰছিদে ডুবাইত ভাৰতীয় শ্ৰমিকসকলৰ বাবে এখন চিকিৎসালয় নিৰ্মাণৰ বাবে ভূমি দানৰ কথা ঘোষণা কৰে। তেখেতৰ প্ৰতি আৰু মোৰ ভাতৃ মহামহিম শ্বেখ মহম্মদ বিন জায়েদৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

আমাৰ বেদসমূহে সেই প্ৰজ্ঞা প্ৰদান কৰে যে আমাৰ চিন্তাসমূহ একত্ৰিত হ'ব লাগে, আমাৰ মন সংযুক্ত হ'ব লাগে আৰু আমাৰ সংকল্পসমূহ একাকাৰ হ'ব লাগে। মানৱ ঐক্যৰ এই আহ্বানে আমাৰ আধ্যাত্মিকতাৰ মৌলিক সত্তা গঠন কৰিছে। আমাৰ মন্দিৰসমূহে এই শিক্ষা আৰু সংকল্পসমূহৰ কেন্দ্ৰ হিচাপে কাম কৰে। এই মন্দিৰত আমি বেদৰ শ্লোক পাঠ কৰি জীৱৰ মাজত সদিচ্ছা থাকিব লাগে, জগতৰ কল্যাণ হ’ব লাগে বুলি এক কণ্ঠেৰে ঘোষণা কৰোঁ। এই শ্লোকে আমাক "বসুধৈৱ কুটুম্বকম"ৰ নীতি শিকাই – সমগ্ৰ বিশ্বখনেই আমাৰ পৰিয়াল। এই নীতিৰদ্বাৰা পৰিচালিত হৈ ভাৰত বিশ্ব শান্তিৰ প্ৰসাৰৰ বাবে উৎসৰ্গিত। এইবাৰ ভাৰতৰ অধ্যক্ষতাত জি-২০ দেশসমূহে ‘এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যৎ’ৰ সংকল্পক অধিক সুদৃঢ় কৰি আগুৱাই লৈ গৈছে। আমাৰ এই প্ৰচেষ্টাৰ উদাহৰণ ‘এক সূৰ্য্য, এক বিশ্ব, এক গ্ৰীড’ৰ দৰে অভিযান। আমাৰ সংস্কৃতি আৰু বিশ্বাসে আমাক বিশ্ব কল্যাণৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ মন্ত্ৰৰে ভাৰতে এই দিশত কাম কৰি আছে। মোৰ বিশ্বাস যে আবুধাবিৰ এই মন্দিৰে মূৰ্ত কৰি তোলা মানৱীয় দৃষ্টিভংগীয়ে আমাৰ সংকল্পসমূহক সজীৱ কৰি তুলিব আৰু সেইসমূহ বাস্তৱায়িত কৰিব। ইয়াৰ লগে-লগে উপস্থিত সকলোকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই বিশাল মন্দিৰটো মই সামগ্ৰিকভাৱে মানৱতাৰ বাবে উৎসৰ্গা কৰিছোঁ। শ্ৰদ্ধাৰ মহন্ত স্বামী জীলৈ প্ৰণাম আৰু শ্ৰদ্ধাৰ প্ৰমুখ জী স্বামীলৈ শ্ৰদ্ধা তথা সকলো ভক্তলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Media Coverage

"One Earth, One Family": Oman lauds India's vision for peace, dialogue at BRICS Summit 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Women’s Cricket Team on winning Asia Cup
September 14, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Women’s Cricket Team on winning the Asia Cup.

The Prime Minister said that the team’s confidence, consistency and remarkable spirit were on full display throughout the tournament.

Shri Modi expressed hope that this triumph would inspire millions of youngsters across the country to play more and shine.

In a post on X, Shri Modi said;

“A proud moment for Indian cricket!

Congratulations to the Women’s team on winning the Asia Cup. Their confidence, consistency and remarkable spirit were on full display throughout the tournament.

May this triumph inspire millions of youngsters across the country to play more and shine.”