“India and Sri Lanka are embarking on a new chapter in diplomatic and economic relations”
“Ferry service brings alive all historical and cultural connections”
“Connectivity is not only about bringing two cities closer. It also brings our countries closer, our people closer and our hearts closer”
“Partnership for progress and development is one of the strongest pillars of India - Sri Lanka bilateral relationship”
“Projects implemented with Indian assistance in Sri Lanka have touched the lives of the people”

মান্যবৰ, ভ্ৰাতৃ-ভগ্নীসকল, নমস্কাৰ!

বন্ধুসকল,

এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত আপোনালোকৰ সৈতে মিলিত হোৱাটো সৌভাগ্যৰ কথা। ভাৰত আৰু শ্ৰীলংকাৰ কূটনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্কত আমি এক নতুন অধ্যায় আৰম্ভ কৰিছোঁ। নাগপত্তনম আৰু কংকেচন্থুৰাইৰ মাজত ফেৰী সেৱাৰ শুভাৰম্ভণি, আমাৰ সম্পৰ্ক সুদৃঢ়কৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।

বন্ধুসকল,

ভাৰত আৰু শ্ৰীলংকাৰ মাজত সংস্কৃতি, বাণিজ্য আৰু সভ্যতাৰ গভীৰ সম্পৰ্কৰ ইতিহাস আছে। নাগপত্তনম আৰু ইয়াৰ ওচৰৰ চহৰসমূহ শ্ৰীলংকাকে প্ৰমুখ্য কৰি বহু দেশৰ সৈতে সাগৰীয় বাণিজ্যৰ বাবে দীৰ্ঘদিন ধৰি পৰিচিত। প্ৰাচীন তামিল সাহিত্যত ঐতিহাসিক পূমপুহাৰ বন্দৰক হাব হিচাপে উল্লেখ কৰা হৈছে। পতিনাপ্পলাই আৰু মণিমেকলাইৰ দৰে সংগম যুগৰ সাহিত্যত ভাৰত আৰু শ্ৰীলংকাৰ মাজত চলাচল কৰা নাও আৰু জাহাজৰ কথা কোৱা হৈছে। মহাকবি সুব্ৰহ্মণ্য ভাৰতীয়ে তেওঁৰ গীত ‘সিন্ধু নাধিয়িন মিছাই’ত, আমাৰ দুয়োখন দেশক সংযোগ কৰা এখন দলঙৰ কথা কৈছিল। এই ফেৰী সেৱাই এই সকলোবোৰ ঐতিহাসিক আৰু সাংস্কৃতিক সংযোগক সজীৱ কৰি তুলিছে।

বন্ধুসকল,

শেহতীয়াকৈ ৰাষ্ট্ৰপতি ৰনিল বিক্রমসিংহৰ ভ্ৰমণৰ সময়ত আমি যৌথভাৱে আমাৰ অৰ্থনৈতিক অংশীদাৰিত্বৰ বাবে এক দৃষ্টিভংগীৰ কথা ব্যক্ত কৰিছোঁ। এই অংশীদাৰিত্বৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে সংযোগ। সংযোগ মানে কেৱল দুখন চহৰক ওচৰলৈ অনাই নহয়। ইয়াৰ উপৰিও ই আমাৰ দেশক ওচৰলৈ লৈ যায়, আমাৰ মানুহক ওচৰলৈ আৰু আমাৰ হৃদয়ক ওচৰলৈ লৈ যায়। সংযোগে বাণিজ্য, পৰ্যটন আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক বৃদ্ধি কৰে। ইয়াৰ উপৰিও, দুয়োখন দেশৰ যুৱক-যুৱতীসকলৰ বাবে সুযোগৰ সৃষ্টি কৰে।

 

বন্ধুসকল,

২০১৫ত শ্ৰীলংকা ভ্ৰমণৰ পিছত আমি দিল্লী আৰু কলম্বোৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হোৱা প্ৰত্যক্ষ কৰিলোঁ। পিছত, আমি শ্ৰীলংকাৰপৰা তীৰ্থস্থান কুশনগৰত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বিমানৰ অৱতৰণ উদযাপন কৰিলোঁ। চেন্নাই আৰু জাফনাৰ মাজত পোনপটীয়া বিমান সেৱা ২০১৯ ৰপৰা আৰম্ভ হৈছিল। এতিয়া নাগপত্তনম আৰু কংকেচন্থুৰাইৰ মাজত ফেৰী সেৱা এই দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

বন্ধুসকল,

সংযোগৰ বাবে আমাৰ দৃষ্টিভংগী পৰিবহণ খণ্ডৰ বাহিৰলৈ গৈছে। ভাৰত আৰু শ্ৰীলংকাই ফিন-টেক আৰু শক্তিৰ দৰে বিস্তৃত ক্ষেত্ৰত ঘনিষ্ঠভাৱে সহযোগিতা কৰিছে। ভাৰতত ইউপিআইৰ বাবে এক গণ আন্দোলন আৰু ডিজিটেল পেমেন্ট জীৱনশৈলীত পৰিণত হৈছে। আমি ইউপিআই আৰু লংকা পে’ক সংযোগ কৰি ফিন-টেক খণ্ডৰ সংযোগৰ ওপৰত কাম কৰি আছোঁ। আমাৰ উন্নয়নৰ যাত্ৰাক শক্তিশালী কৰিবলৈ আমাৰ দেশসমূহৰ বাবে শক্তি সুৰক্ষা অতি গুৰুত্বপূৰ্ণ। আমি শক্তিৰ সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধিৰ বাবে আমাৰ শক্তি গ্ৰীডসমূহ সংযোগ কৰিছোঁ।

বন্ধুসকল,

প্ৰগতি আৰু উন্নয়নৰ বাবে অংশীদাৰিত্ব আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ অন্যতম শক্তিশালী স্তম্ভ। আমাৰ দৃষ্টিভংগী হৈছে উন্নয়নক সকলোৰে ওচৰলৈ লৈ যোৱা, এজনো যেন বাদ পৰি নাথাকে। এই দৃষ্টিভংগীৰে সংগতি ৰাখি শ্ৰীলংকাত ভাৰতীয় সাহায্যৰে ৰূপায়ণ কৰা প্ৰকল্পসমূহে জনসাধাৰণৰ জীৱনক স্পৰ্শ কৰিছে। উত্তৰ উপকূলত গৃহ নিৰ্মাণ, পানী, স্বাস্থ্য আৰু জীৱিকাৰ সহায়ৰ সৈতে জড়িত কেইবাটাও প্ৰকল্প সম্পূৰ্ণ হৈছে। মই আনন্দিত যে আমি কংকেচন্থুৰাই বন্দৰৰ উন্নীতকৰণৰ বাবে সমৰ্থন আগবঢ়াইছোঁ। উত্তৰৰপৰা দক্ষিণলৈ সংযোগ কৰা ৰে’লপথৰ পুনৰুদ্ধাৰেই হওঁক; আইকনিক জাফনা সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ; সমগ্ৰ শ্ৰীলংকাত জৰুৰীকালীন এম্বুলেন্স সেৱাৰ আৰম্ভণিয়েই হওঁক বা ডিক ওয়াৰ মাল্টি-স্পেচিয়েলিটি চিকিৎসালয়খনেই হওঁক, আমি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ দৃষ্টিভংগীৰে কাম কৰি আছোঁ।

বন্ধুসকল,

আপোনাসৱ সকলোৰে জ্ঞাত যে ভাৰতে শেহতীয়াকৈ জি-২০ সন্মিলন অনুষ্ঠিত কৰিছিল। আমাৰ বসুধৈৱ কুটুম্বকম দৃষ্টিভংগীক আন্তঃৰাষ্ট্ৰীয় সমাজে আদৰণি জনাইছে। এই দৃষ্টিভংগীৰে এটা অংশ হৈছে আমাৰ চুবুৰীয়াসকলক প্ৰথম স্থান দিয়া, প্ৰগতি আৰু সমৃদ্ধিৰ ভাগ-বতৰা কৰা। জি-২০ সন্মিলনৰ সময়ত ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ আৰম্ভ কৰা হয়। এয়া এক গুৰুত্বপূৰ্ণ সংযোগ কৰিডৰ, যিয়ে সমগ্ৰ অঞ্চলটোত ব্যাপক অৰ্থনৈতিক প্ৰভাৱৰ সৃষ্টি কৰিব। আমি আমাৰ দুয়োখন দেশৰ মাজত বহুমুখী সংযোগ সুদৃঢ়কৰণৰ লগে-লগে শ্ৰীলংকাৰ জনসাধাৰণো ইয়াৰ জৰিয়তে উপকৃত হ’ব। আজি ফেৰী সেৱাৰ সফল আৰম্ভণিৰ বাবে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি, চৰকাৰ আৰু জনসাধাৰণক ধন্যবাদ জনাইছোঁ। আজিৰ আৰম্ভণিৰ লগে-লগে আমি ৰামেশ্বৰম আৰু তালাইমন্নাৰৰ মাজত ফেৰী সেৱা পুনৰ আৰম্ভ কৰাৰ দিশতো কাম কৰিম।

 

বন্ধুসকল,

আমাৰ জনসাধাৰণৰ পাৰস্পৰিক লাভৰ অৰ্থে আমাৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ়কৰণৰ ক্ষেত্ৰত শ্ৰীলংকাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ ভাৰত অংগীকাৰবদ্ধ হৈ আছে। ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India expands LNG sourcing network from 6 to 15 countries, crude oil from 27 to 41 amid geopolitical risks

Media Coverage

India expands LNG sourcing network from 6 to 15 countries, crude oil from 27 to 41 amid geopolitical risks
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to release the Autobiography of Former President Shri Ram Nath Kovind on 12 August
August 11, 2026
Title of the Autobiography: “Triumph of the Indian Republic: My Life, My Struggles”

Prime Minister Shri Narendra Modi will release the autobiography of former President of India, Shri Ram Nath Kovind, titled “Triumph of the Indian Republic: My Life, My Struggles”, on 12 August, 2026, at 9:30 AM at Vigyan Bhavan, New Delhi. Prime Minister will also address the gathering on the occasion.

The release of the autobiography by the Prime Minister will mark a significant occasion celebrating the life and contributions of one of India’s most distinguished public figures. The autobiography offers a deeply personal account of Shri Ram Nath Kovind’s remarkable life journey, tracing his experiences, struggles and achievements from his early years to his distinguished public life and eventual service as the 14th President of India. The book provides insights into the values, experiences and circumstances that shaped his journey and public service.