মহামহিম,

নমস্কাৰ!

এই পদক্ষেপ অব্যাহত ৰখাৰ বাবে ৰাষ্ট্ৰপতি ইউন ছুক য়েঅলক ধন্যবাদ জনাইছোঁ। ''ছামিট ফৰ ডেমক্ৰেচী''য়ে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে, য'ত গণতন্ত্ৰসমূহে অভিজ্ঞতা ভাগ-বতৰা কৰে আৰু ইজনে সিজনৰ পৰা শিকে।

মহামহিম,

এতিয়াৰ পৰা কেইসপ্তাহমানৰ পাছত বিশ্বই ভাৰতৰ সৰ্ববৃহৎ গণতন্ত্ৰ উৎসৱৰ সাক্ষী হ’ব। প্ৰায় এক বিলিয়ন ভোটাৰে ভোটদান কৰাৰ আশা কৰা হৈছে, এইটোৱেই হ’ব মানৱ জাতিৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ নিৰ্বাচনী কচৰৎ। ভাৰতৰ জনসাধাৰণে পুনৰবাৰ গণতন্ত্ৰৰ প্ৰতি বিশ্বাস দৃঢ় কৰিব। ভাৰতবৰ্ষত গণতন্ত্ৰৰ এক প্ৰাচীন আৰু অখণ্ড সংস্কৃতি আছে। ই ভাৰতীয় সভ্যতাৰ প্ৰাণকেন্দ্ৰ হৈ আহিছে। ঐকমত্য-নিৰ্মাণ, মুক্ত বাৰ্তালাপ আৰু মুক্ত আলোচনাই সমগ্ৰ ভাৰতৰ ইতিহাসত প্ৰতিধ্বনিত হৈ আহিছে। সেইবাবেই মোৰ সহ নাগৰিকসকলে ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি গণ্য কৰে।

মহামহিম,

যোৱা এটা দশকত ভাৰতে ''सबका साथ सबका विकास सबका विश्वास सबका प्रयास'' - অৰ্থাৎ সৰ্বাংগীন বৃদ্ধিৰ বাবে সামূহিক প্ৰচেষ্টাৰে আগবাঢ়িছে। সমাজৰ সকলো শ্ৰেণী, বিশেষকৈ দৰিদ্ৰ, মহিলা, যুৱক-যুৱতী, আৰু কৃষকৰ সৈতে যোগাযোগ কৰাটো অন্তৰ্ভুক্তিৰ প্ৰকৃত মনোভাৱত আমাৰ শীৰ্ষ অগ্ৰাধিকাৰ হৈ আহিছে। আমি পৰিৱেশন ভিত্তিক শাসন ব্যৱস্থালৈ পৰিৱৰ্তিত হৈছোঁ, য’ত নাটনি, দুৰ্নীতি আৰু বৈষম্যৰ ঠাইত স্বচ্ছতা, জবাবদিহিতা আৰু সুযোগে স্থান লাভ কৰিছে। এই প্ৰচেষ্টাসমূহত প্ৰযুক্তিয়ে এক মহান কাৰক হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ ক্ষেত্ৰত ভাৰতৰ দ্ৰুত অগ্ৰগতিয়ে ৰাজহুৱা সেৱা প্ৰদানৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে আৰু বিত্তীয় অন্তৰ্ভুক্তি বৃদ্ধি কৰিছে। যুৱক-যুৱতী আৰু প্ৰযুক্তিৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰি ভাৰত দ্ৰুতগতিত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’-ছিষ্টেমলৈ বিকশিত হৈছে। তৃণমূল পৰ্যায়ত ১.৪ নিযুততকৈ অধিক নিৰ্বাচিত মহিলা প্ৰতিনিধি হৈছে মহিলা নেতৃত্বাধীন উন্নয়নৰ বাবে আমাৰ পৰিৱৰ্তনৰ এজেণ্ট।

 

 

মহামহিম,

আজি ভাৰতে কেৱল নিজৰ ১.৪ বিলিয়ন জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰাই নহয়, গণতন্ত্ৰই যে প্ৰদান কৰে আৰু গণতন্ত্ৰই শক্তিশালী কৰে, সেই আশাও বিশ্ববাসীক প্ৰদান কৰি আছে। ভাৰতীয় সংসদে যেতিয়া মহিলা বিধায়কৰ বাবে নূন্যতম এক তৃতীয়াংশ প্ৰতিনিধিত্ব নিশ্চিত কৰিবলৈ আইন প্ৰণয়ন কৰিছিল, তেতিয়া ই সমগ্ৰ গণতান্ত্ৰিক বিশ্বৰ মহিলাসকলক আশাৰ সঞ্চাৰ কৰিছিল। বিগত ১০ বছৰত যেতিয়া ভাৰতে ২৫ কোটি লোকক দৰিদ্ৰতাৰ পৰা উলিয়াই আনিলে, তেতিয়া ই গণতন্ত্ৰক ইতিবাচক পৰিৱৰ্তনৰ এজেণ্ট হিচাপে বিশ্বব্যাপী বিশ্বাসক অধিক শক্তিশালী কৰি তুলিলে। ভাৰতে যেতিয়া ১৫০খনতকৈও অধিক দেশলৈ কোভিডৰ ঔষধ আৰু ভেকচিন যোগান ধৰিছিল, তেতিয়া ইয়াত গণতন্ত্ৰৰ নিৰাময় শক্তিৰ প্ৰতিফলন ঘটিছিল। যেতিয়া ভাৰতে চন্দ্ৰযানক সফলতাৰে চন্দ্ৰত অৱতৰণ কৰিছিল, তেতিয়া ভাৰতৰ বাবে সেয়া কেৱল গৌৰৱৰ মুহূৰ্ত নাছিল, গণতন্ত্ৰৰ জয়ো আছিল। জি-২০ৰ অধ্যক্ষতাৰ সময়ত যেতিয়া ভাৰতে গ্ল’বেল ছাউথৰ কণ্ঠ বৃদ্ধি কৰিছিল, তেতিয়া ই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত পৰামৰ্শমূলক সিদ্ধান্ত গ্ৰহণৰ গুৰুত্ব দেখুৱাইছিল। এতিয়া যি সময়ত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পথত আগবাঢ়িছে, সেয়েহে ই বিশ্বৰ লাখ লাখ লোকক এক উজ্জ্বল ভৱিষ্যতৰ আশাৰ সঞ্চাৰ কৰিছে। ২০৪৭ চনৰ ভিতৰত ভাৰতে উন্নত ৰাষ্ট্ৰ হোৱাৰ সংকল্প লোৱাৰ লগে লগে ই দেখুৱাইছে যে গণতন্ত্ৰই আকাংক্ষা কৰিব পাৰে, অনুপ্ৰাণিত কৰিব পাৰে, আৰু সাধন কৰিব পাৰে।

মহামহিম,

অস্থিৰতা আৰু পৰিৱৰ্তনৰ যুগত গণতন্ত্ৰই বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইয়াৰ বাবে আমি একেলগে কাম কৰিব লাগিব। আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা আৰু প্ৰতিষ্ঠানসমূহক অধিক সমাৱেশী, গণতান্ত্ৰিক, অংশগ্ৰহণমূলক আৰু ন্যায্য কৰি তোলাৰ প্ৰচেষ্টাত গণতান্ত্ৰিক দেশসমূহে নেতৃত্ব দিয়া উচিত। এনে ভাগ-বতৰা কৰা প্ৰচেষ্টাৰ জৰিয়তেহে আমি আমাৰ জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰিব পাৰিম। আৰু, আমি আগন্তুক প্ৰজন্মৰ বাবেও এক সুৰক্ষিত, সুস্থিৰ আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ ভেটি স্থাপন কৰিম। এই সাধনাত ভাৰতে নিজৰ অভিজ্ঞতা সকলো সতীৰ্থ গণতন্ত্ৰৰ সৈতে ভাগ-বতৰা কৰিবলৈ সাজু হৈ আছে।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves extension of PM-KISAN scheme with outlay of ₹3.15 trillion

Media Coverage

Cabinet approves extension of PM-KISAN scheme with outlay of ₹3.15 trillion
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Yash Vir Singh on winning Bronze in Men’s Javelin at Commonwealth Games 2026
August 01, 2026

The Prime Minister, Shri Narendra Modi has congratulated Yash Vir Singh on winning the Bronze medal in the Men’s Javelin event at the Glasgow Commonwealth Games 2026.

The Prime Minister said that Yash Vir Singh produced an impressive throw, reflecting his zeal and dedication.

Shri Modi expressed confidence that his achievement would inspire many young athletes and wished him the very best for his future endeavours.

The Prime Minister wrote on X;

“Congratulations to Yash Vir Singh for winning the Bronze in the Men’s Javelin event! He produced an impressive throw, reflecting his zeal and dedication. His achievement will inspire many young athletes. All the best to him for the endeavours ahead.

#CWG2026”