প্ৰধানমন্ত্ৰীয়ে ১৪,২৬০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰাজি উদ্বোধন, আধাৰশিলা স্থাপন কৰে
ছত্তীশগড় দ্ৰুতগতিত উন্নয়নৰ পথত ধাৱমান হৈছেঃ প্ৰধানমন্ত্ৰী
আমি জনজাতীয় সমাজসমূহৰ অৱদানক সদায় গৌৰৱেৰে উদযাপন কৰা কাৰ্য্য নিশ্চিতকৰণৰ অৰ্থে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁঃ প্ৰধানমন্ত্ৰী
আমাৰ ছত্তীশগড় আৰু আমাৰ ৰাষ্ট্ৰখন মাওবাদী সন্ত্ৰাসবাদৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’বলৈ বেছি দিন নাইঃ প্ৰধানমন্ত্ৰী

ভাৰত মাতা কি   জয়!

 

ভাৰত মাতা কি   জয়!

 

জয় দন্তেশ্বৰী!

 

জয় মা মহামায়া!

 

জয় মা বামলেশ্বৰী!

 

জয় ছত্তীশগড় মহতাৰী!

 

ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা, ৰাজ্যৰ জনপ্ৰিয় আৰু শক্তিশালী মুখ্যমন্ত্ৰী বিষ্ণু দেৱ সাই, কেন্দ্ৰীয় কেবিনেটত মোৰ জ্যেষ্ঠ সহযোগী জুৱেল ওৰাং, দুৰ্গাজী সাহাছ, টা উ ৰাজ্য বিধানসভাৰ অধ্যক্ষ ৰমন সিং, উপ-মুখ্যমন্ত্ৰী অৰুণ সাহু, দুৰ্গা দাস উইকে, টোখান সাহু, ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ ৰমন সিং, উপ-মুখ্যমন্ত্ৰী অৰুণ সাহু, বিজয় শৰ্মা ,উপস্থিত মন্ত্ৰীসকল, জনপ্ৰতিনিধি আৰু ছত্তীশগড়ৰ  অসংখ্যক ভাই-ভনীসকলক

 

ছত্তীশগড় ভাই-ভনী সকলে হাত ওপৰলৈ  দাঙি কওক  জয় জোহাৰ!

 

আজি ছত্তীশগড় ৰাজ্যৰ বয়স ২৫ বছৰ হৈছে । এই উপলক্ষে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

ভাই-ভনীসকল,

 

ছত্তীশগড়ৰ ভাই-ভনীৰ লগতে ছত্তীশগড়ৰ ৰূপালী জয়ন্তী উদযাপনত অংশ লোৱাটো মোৰ বাবে এক সৌভাগ্যৰ কথা। আপোনালোকে সকলোৱে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মী হিচাপে ৰাজ্য গঠনৰ পূৰ্বে ছত্তীশগড়ৰ যাত্ৰা মই দেখিছো আৰু যোৱা ২৫ বছৰত এই যাত্ৰাৰ সাক্ষী হৈছো। গতিকে এই গৌৰৱময় মুহূৰ্তৰ অংশ হোৱাটো মোৰ বাবে আচৰিত অনুভৱ হয়।

 

বন্ধুসকল,

 

আমি ২৫ বছৰৰ যাত্ৰা সম্পূৰ্ণ কৰিলোঁ। ২৫ বছৰৰ এটা সময়সীমাৰ অন্ত পৰিল আৰু আজি আগন্তুক ২৫ বছৰৰ নতুন যুগত সূৰ্য্য উদয় হৈছে। মোৰ এটা  কাম কৰিবনে আপোনালোকে ? সকলোৱে কওক, মোৰ কাম হ’বনে?  মোবাইলটো উলিয়াই মোবাইলৰ ফ্লেচ লাইট অন কৰক আৰু এয়া আগন্তুক ২৫ বছৰৰ সূৰ্য্য উদয়ৰ আৰম্ভণি। প্ৰতিখন হাতত থকা মোবাইল ফোনটোৰ ফ্লেচ লাইট অন কৰক। চৌদিশে চাই চাই, নতুন সপোনৰ সূৰ্য্য উদয় হৈছে আপোনালোকৰ  আপোনাৰ হাতৰ তলুৱাত। আপোনালোকৰ সৈতে সংযুক্ত এই পোহৰেই আপোনালোকৰ ভাগ্যৰ উদয় ঘটাব ।

 

বন্ধুসকল,

২৫ বছৰ আগতে অটলজীৰ চৰকাৰে আপোনালোকক দিছিল সপোনৰ ছত্তীশগড়। ছত্তীশগড়ে উন্নয়নৰ নতুন উচ্চতা স্পৰ্শ কৰিব বুলিও সংকল্প লোৱা হৈছিল। আজি যোৱা ২৫ বছৰৰ যাত্ৰালৈ চাওঁতে মোৰ মূৰ গৌৰৱেৰে ওপৰলৈ তুলিব  পাৰিছো। আপোনালোক সকলো ছত্তীশগড়ৰ ভাই-ভনী সকলে একেলগে বহুতো সাফল্য অৰ্জন কৰিছে। ২৫ বছৰ আগতে যি বীজ সিঁচা হৈছিল, সেই বীজ আজি বিকাশৰ গছত পৰিণত হৈছে। আজি ছত্তীশগড় দ্ৰুত গতিত উন্নয়নৰ পথত আগবাঢ়িছে। আজিও ছত্তীশগড়ত গণতন্ত্ৰৰ নতুন মন্দিৰ, নতুন বিধানসভা ভৱন। ইয়ালৈ অহাৰ আগতেই জনজাতীয় সংগ্ৰহালয়টো উদ্বোধন কৰাৰ সুযোগ পাইছিলোঁ। এই মঞ্চই আধাৰশিলা স্থাপন কৰাৰ লগতে প্ৰায় ১৪ হাজাৰ কোটি টকাৰ আঁচনিৰ শুভাৰম্ভো কৰিছে। এই সকলোবোৰ উন্নয়নৰ কামৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।

 

বন্ধুসকল,

 

২০০০ চনৰ পিছত এটা গোটেই প্ৰজন্ম সলনি হৈছে। আজি ২০০০ চনৰ আৰম্ভণিৰ পুৰণি দিনবোৰ নেদেখা গোটেই প্ৰজন্মৰ যুৱক-যুৱতী আছে। ছত্তীশগড় নিৰ্মাণৰ সময়ত গাঁৱলৈ যোৱাটো কঠিন হৈ পৰিছিল। সেই সময়ত বহু গাঁৱৰ ৰাস্তাৰ নামো নাছিল। এতিয়া ছত্তীশগড়ৰ গাঁৱৰ পথৰ নেটৱৰ্ক ৪০,০০০ কিলোমিটাৰ পৰ্যন্ত হৈছে। বিগত এঘাৰ বছৰত ছত্তীশগড়ত ৰাষ্ট্ৰীয় ঘাইপথৰ অভূতপূৰ্ব সম্প্ৰসাৰণ ঘটিছে। নতুন নতুন এক্সপ্ৰেছৱে এতিয়া ছত্তীশগড়ৰ নতুন গৌৰৱ হৈ পৰিছে। পূৰ্বে ৰায়পুৰৰ পৰা বিলাসপুৰলৈ যাবলৈ কেইবা ঘণ্টা সময় লাগিছিল যদিও এতিয়া আধালৈ হ্ৰাস পাইছে। আজি ইয়াত ৪ লেনযুক্ত নতুন ঘাইপথ নিৰ্মাণ কৰা হৈছে। এই ঘাইপথটোৱে ছত্তীশগড়ৰ ঝাৰখণ্ডৰ পৰা সংযোগ আৰু অধিক উন্নত কৰিব।

 

বন্ধুসকল,

 

ছত্তীশগড়ৰ ৰে'ল আৰু বিমান সংযোগৰ বাবেও ব্যাপক কাম কৰা হৈছে। আজি ছত্তীশগড়ত চলি আছে বন্দে ভাৰতৰ দৰে দ্ৰুত ৰেল। ৰায়পুৰ, বিলাসপুৰ, জগদলপুৰৰ দৰে চহৰসমূহ এতিয়া পোনপটীয়া বিমানযোগে সংযোগ কৰা হৈছে। এসময়ত ছত্তীশগড় কেৱল কেঁচামাল ৰপ্তানিৰ বাবেই পৰিচিত আছিল। আজি ছত্তীশগড় ঔদ্যোগিক ৰাজ্য হিচাপে নতুন ভূমিকাত অৱতীৰ্ণ হৈছে। 

 

বন্ধুসকল,

 

যোৱা ২৫ বছৰত ছত্তীশগড়ে যিখিনি অৰ্জন কৰিছে তাৰ বাবে প্ৰতিজন মুখ্যমন্ত্ৰী আৰু প্ৰতিখন চৰকাৰক অভিনন্দন জনাইছো। কিন্তু তাৰ কৃতিত্ব ড° ৰমন সিঙৰ।তেওঁ ছত্তীশগড়ক নেতৃত্ব দিছিল, যেতিয়া ৰাজ্যখনে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। মই সুখী যে আজি তেওঁ বিধানসভাৰ অধ্যক্ষ হিচাপে নিজৰ পথ প্ৰদৰ্শন কৰিছে আৰু বিষ্ণু দেৱ সাইৰ চৰকাৰে ছত্তীশগড়ৰ উন্নয়নক দ্ৰুত গতিত আগুৱাই লৈ গৈছে।

 

বন্ধুসকল,

 

আপোনালোকে মোক ভালদৰে চিনি পায়, আজিও মই গাড়ীৰ পৰা নামি থাকোঁতে বৰ পুৰণি মুখবোৰ চাই আছিলো, বৰ সন্তুষ্ট হৈছিলোঁ। মই চিনি নোপোৱা কোনো অঞ্চল প্ৰায়েই নাই আৰু সেয়েহে আপোনালোকেও মোক চিনি পায়।

 

বন্ধুসকল,

 

দৰিদ্ৰতা মই খুব ওচৰৰ পৰা দেখিছোঁ। মই জানো দুখীয়াৰ উদ্বিগ্নতা, দুখীয়াৰ কান্দোন। সেয়ে দেশে মোক সেৱা কৰাৰ সুযোগ দিলে দুখীয়াৰ কল্যাণৰ বিষয়ত  গুৰুত্ব দিলোঁ। দুখীয়াৰ বাবে ঔষধ, দুখীয়াৰ বাবে উপাৰ্জন, দুখীয়াৰ বাবে শিক্ষা আৰু দুখীয়াৰ বাবে জলসিঞ্চনৰ সুবিধা, আমাৰ চৰকাৰে এই বিষয়ত বহুত গুৰুত্ব দিছে। এটা উদাহৰণ দিম।

 

বন্ধুসকল,

 

২৫ বছৰ আগতে আমাৰ ছত্তীশগড়ত মাত্ৰ এখন চিকিৎসা মহাবিদ্যালয় আছিল, আজি ছত্তীশগড়ত ১৪ খন চিকিৎসা মহাবিদ্যালয় আছে, আমাৰ ৰায়পুৰত এইমছ আছে। ছত্তীশগড়ৰ পৰাই আৰম্ভ হৈছিল এই অভিযান। আজি ছত্তীশগড়ত চাৰে পাঁচ হাজাৰৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ আছে।

 

বন্ধুসকল,

 

আমাৰ প্ৰচেষ্টা দুখীয়াক মৰ্যাদাপূৰ্ণ  জীৱন দিয়া। বস্তিৰ, মাটিৰ ঘৰত বাস কৰা  জীৱনে দুখীয়াক নিৰুৎসাহিত আৰু হতাশ কৰে। দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজিবলৈ সাহস আছে। সেয়ে আমাৰ চৰকাৰে প্ৰতিজন দৰিদ্ৰ লোকক এটা নিৰাপদ ঘৰৰ ব্যৱস্থা কৰাৰ সংকল্প গ্ৰহণ কৰিছে। বিগত ১১ বছৰত ৪ কোটি দৰিদ্ৰ লোকক পকী ঘৰ দিয়া হৈছে। এতিয়া আমি ৩ কোটি টকা আৰু এটা নতুন ঘৰ সাজিবলৈ দৃঢ়প্ৰতিজ্ঞ। আজিও ছত্তীশগড়ত ৩ লাখ ৫০ হাজাৰৰো অধিক পৰিয়াল নিজৰ নতুন ঘৰলৈ স্থানান্তৰিত হৈছে। প্ৰায় তিনি লাখ পৰিয়াললৈ ১২০০ কোটি টকাৰ কিস্তিও মুকলি কৰি দিয়া হৈছে।

 

বন্ধুসকল,

 

ইয়াৰ পৰা দেখা যায় যে ছত্তীশগড়ৰ বিজেপি চৰকাৰে, কিমান গুৰুত্বসহকাৰে দৰিদ্ৰ লোকক ঘৰৰ ব্যৱস্থা কৰিবলৈ কাম কৰি আছে। কেৱল যোৱা এটা বছৰত আমাৰ ছত্তীশগড়ত দৰিদ্ৰ লোকৰ সাত লাখ পকী ঘৰ নিৰ্মাণ কৰা হৈছে। আৰু এইবোৰ কেৱল অংক নহয়, প্ৰতিটো ঘৰতে এটা পৰিয়ালৰ সপোন, এটা পৰিয়ালৰ অপৰিসীম সুখ। সকলো হিতাধিকাৰী পৰিয়াললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

 

সহকৰ্মীসকল,

 

ছত্তীশগড়বাসীৰ জীৱন সহজ কৰি তোলাৰ লগতে আপোনালোকৰ অসুবিধা কমোৱাৰ বাবে আমাৰ চৰকাৰে অহৰহ কাম কৰি আছে। আজি ছত্তীশগড়ৰ গাঁৱে গাঁৱে বিদ্যুৎ যোগান ধৰা হৈছে। য'ত বিদ্যুৎ নাছিল, আজি সময় সলনি হৈছে, আজি ইণ্টাৰনেটৰ সুবিধা আছে। এটা সাধাৰণ পৰিয়ালৰ বাবে কেতিয়াও গেছ চিলিণ্ডাৰ হ’লে এল পি জি গেছ সংযোগ কৰাটো এটা অতি ডাঙৰ সপোন হ’লহেঁতেন৷ আধা সংখ্যক ঘৰত যেতিয়া গেছ চিলিণ্ডাৰ আহিছিল, তেতিয়া মানুহে দূৰৰ পৰা চাইছিল, এইখন ধনীলোকৰ  ঘৰ হ’ব, মোৰ ঘৰলৈ কেতিয়া আহিব? মোৰ বাবে মোৰ প্ৰতিটো পৰিয়াল দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়া পৰিয়াল আৰু সেয়েহে উজ্জ্বল গেছৰ চিলিণ্ডাৰটো তেওঁৰ ঘৰত উপস্থিত হ’ল। আজি গেছ সংযোগে আনকি ছত্তীশগড়ৰ গাঁৱৰ দুখীয়া, দলিত, পিছপৰা আৰু জনজাতীয় পৰিয়ালকো চুই গৈছে। এতিয়া আমাৰ প্ৰচেষ্টা, চিলিণ্ডাৰৰ দৰেই পাইপৰ পৰা পাকঘৰলৈ পানী আহে, পাইপৰ পৰাও সস্তা গেছ ডেলিভাৰী দিবলৈ আমি বদ্ধপৰিকৰ। আজি নাগপুৰ-ঝাৰছুগুৰা গেছ পাইপলাইন দেশৰ  বাবে উৎসৰ্গা কৰা হৈছে। এই প্ৰকল্পৰ বাবেও ছত্তীশগড়বাসীক অভিনন্দন জনাইছো।

 

সহকৰ্মীসকল,

 

ছত্তীশগড়ত জনজাতীয় লোকৰ বৃহৎ জনসংখ্যা আছে । গৌৰৱময় ইতিহাস থকা এইখন এখন থলুৱা সমাজ। যিয়ে ভাৰতৰ ঐতিহ্য আৰু উন্নয়নত যথেষ্ট অৱদান আগবঢ়াইছে। খিলঞ্জীয়া জনগোষ্ঠীৰ এই অৱদানৰ বাবে আমি অহৰহ কাম কৰি আছো, সমগ্ৰ দেশলৈ, সমগ্ৰ বিশ্বৰ প্ৰতি। দেশজুৰি জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ সংকলন প্ৰস্তুত  কৰাই হওক, সংগ্ৰহালয় নিৰ্মাণ কৰাই হওক বা ভগৱান বীৰছা মুণ্ডাৰ জন্মদিনক জনজাতি গৌৰৱ দিৱস হিচাপে ঘোষণা কৰাই হওক, আমাৰ প্ৰচেষ্টা হৈছে জনজাতীয় সমাজলৈ অৰিহণা যোগোৱা।

 

সহকৰ্মীসকল,

 

আজি আমি এই শৃংখলত আৰু এখোজ আগুৱাই গৈছো। আজি দেশে আজি শ্বহীদ বীৰ নাৰায়ণ সিং জনজাতি স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় লাভ কৰিছে। ইয়াত স্বাধীনতাৰ পূৰ্বে ১৫০ বছৰতকৈও অধিক সময় জনজাতীয় সমাজৰ সংগ্ৰামৰ ইতিহাস দেখুওৱা হৈছে। আমাৰ জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলে কেনেকৈ স্বাধীনতাৰ বাবে যুঁজিছিল, ইয়াৰ প্ৰতিটো সবিশেষ ইয়াত দেখা পোৱা যায়। মোৰ সম্পূৰ্ণ বিশ্বাস যে এই সংগ্ৰহালয়ে আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।

 

বন্ধুসকল,

 

আমাৰ চৰকাৰে এফালে থলুৱা  ঐতিহ্য সংৰক্ষণ কৰি আনফালে থলুৱাৰ উন্নয়ন আৰু কল্যাণৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে। ধর্তি আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযান, উন্নয়নৰ এক নতুন পোহৰে দেশৰ হাজাৰ হাজাৰ জনজাতীয় গাঁৱলৈ গৈ আছে৷ এইখন প্ৰায় আশী হাজাৰ কোটি, আশী হাজাৰ কোটিৰ আঁচনি! পূৰ্বে কেতিয়াও জনজাতীয় অঞ্চলত এই পৰিসৰত কাম কৰা হোৱা নাছিল। একেদৰে প্ৰথমবাৰৰ বাবে অতি পিছপৰা জনজাতিবোৰৰ উন্নয়নৰ বাবে কোনো ৰাষ্ট্ৰীয় পৰিকল্পনা নাই। পি এম-জনমন যোজনাৰ অধীনত পিছপৰা জনজাতিৰ হাজাৰ হাজাৰ বসতিস্থলত উন্নয়নৰ কাম চলি আছে।

 

বন্ধুসকল,

 

জনজাতীয় সমাজে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি বনজ সামগ্ৰী সংগ্ৰহ কৰি আহিছে। বন-সম্পত্তিৰ কেন্দ্ৰ হিচাপে বন-উৎপাদনৰ পৰা অধিক উপাৰ্জনৰ সুযোগ সৃষ্টি কৰা আমাৰ চৰকাৰেই। টেণ্ডুপট্টা ক্ৰয়ৰ উন্নত ব্যৱস্থা কৰা হৈছে, আজি ছত্তীশগড়ৰ টেণ্ডুপট্টা সংগ্ৰাহকসকলে পূৰ্বতকৈ অধিক ধন লাভ কৰিছে।

 

সহকৰ্মীসকল,

 

মই অতিশয় আনন্দিত যে আজি আমাৰ ছত্তীশগড় নক্সালবাদ-মাওবাদী সন্ত্ৰাসৰ শিকলিৰ পৰা মুক্ত হৈছে। নক্সালবাদৰ কাৰণে আপোনালোকে  ৫০-৫৫ বছৰ ধৰি যি কষ্ট পাইছে সেয়া বেদনাদায়ক। আজি সংবিধান দেখুৱাই দিয়া, সামাজিক ন্যায়ৰ নামত ঘঁৰিয়ালৰ চকুপানী   উলিওৱাসকলে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে দশক দশক ধৰি আপোনালোকৰ লগত অন্যায় কৰিছে।

 

 

সহকৰ্মীসকল,

 

মাওবাদী সন্ত্ৰাসৰ বাবে ছত্তীশগড়ৰ জনজাতীয় অঞ্চলসমূহ দীৰ্ঘদিন ধৰি পথৰ পৰা বঞ্চিত হৈ আছিল। ল’ৰা-ছোৱালীয়ে স্কুল পোৱা নাছিল, বেমাৰীয়ে  হস্পিতাল পোৱা নাছিল আৰু যি আছিল সেয়াও উৰুৱাই দিয়া হৈছিল । ডাক্তৰ, শিক্ষকক হত্যা কৰা হৈছিল। তেওঁলোকে  দশক দশক ধৰি দেশখন শাসন কৰিলে, আপোনালোকক  নিজাববীয়াকৈ এৰি দিলে, তেওঁলোকে মানুহক এনেদৰে এৰি দি নিজে এয়াৰ কণ্ডিচনাৰ কোঠাত বহি নিজৰ জীৱনটো উপভোগ কৰি থাকিল।

 

সহকৰ্মীসকল,

 

এই হিংসাৰ খেলত মোদীয়ে নিজৰ জনজাতীয় ভাই-ভনীক ধ্বংস  কৰিবলৈ এৰি দিব  নোৱাৰিলে। লাখ লাখ মাতৃ-ভগ্নীক সন্তানৰ বাবে কান্দি থকা চাব নোৱাৰিলে। সেয়ে ২০১৪ চনত যেতিয়া আপুনি আমাক সুযোগ দিছিল তেতিয়া আমি ভাৰতক মাওবাদী সন্ত্ৰাসৰ পৰা মুক্ত কৰাৰ সংকল্প লৈছিলো। আৰু আজি দেশে ইয়াৰ ফল দেখিবলৈ পাইছে। ১১ বছৰ আগতে দেশৰ বহু  জিলা মাওবাদী সন্ত্ৰাসৰ কবলত আছিল আৰু এতিয়া মাত্ৰ তিনিখন জিলাহে  আছে, য’ত মাওবাদী সন্ত্ৰাস এতিয়াও অলপ আছে । দেশবাসীক মই নিশ্চয়তা দিছো যে সেই দিনটো বহু দূৰত নহয় যেতিয়া আমাৰ ছত্তীশগড়, আমাৰ ভাৰত, এই ভাৰতৰ প্ৰতিটো কোণত মাওবাদী সন্ত্ৰাসৰ পৰা মুক্ত হ’ব।

 

বন্ধুসকল,

 

 ছত্তীশগড়ৰ পৰা যিসকল সতীৰ্থ হিংসাৰ পথত নামিছিল, তেওঁলোকে এতিয়া সক্ৰিয়ভাৱে অস্ত্ৰ-শস্ত্ৰ সমৰ্পন কৰিছে। কিছুদিন পূৰ্বে কাংকেৰত বিশজনতকৈও অধিক নক্সাল মূলসুঁতিলৈ ঘূৰি আহিছে। ইয়াৰ পূৰ্বে অক্টোবৰত বাষ্টাৰত ২০০ৰো অধিক নক্সালে আত্মসমৰ্পণ কৰিছিল বিগত কেইমাহমানৰ ভিতৰত সমগ্ৰ দেশতে মাওবাদী সন্ত্ৰাসবাদৰ সৈতে জড়িত কেইবা ডজন লোকে আত্মসমৰ্পণ কৰিছে। তেওঁলোকৰ বহুতৰে নামত আগতে লাখ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা  হৈছিল। এতিয়া তেওঁলোকে  বন্দুক এৰি, অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি দেশৰ সংবিধান মানি লৈছে।

 

বন্ধুসকল,

 

মাওবাদী সন্ত্ৰাসৰ অন্ত পৰাৰ কথাই  অসম্ভৱক সম্ভৱ কৰি তুলিছে। য’ত এসময়ত বোমা-বন্দুকৰ ভয় আছিল, তাত পৰিস্থিতি সলনি হৈছে। বিজাপুৰৰ চিলকাপল্লী গাঁৱে সাত দশকৰ ভিতৰত প্ৰথমবাৰৰ বাবে বিদ্যুৎ লাভ কৰিছে। আবু ঝামাৰৰ ৰেকাৱায়া গাঁৱত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে এখন বিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ হৈছে। আৰু এসময়ত সন্ত্ৰাসৰ দুৰ্গ বুলি কোৱা  গাঁওখনে আজি উন্নয়নৰ সোৱাদ লাভ কৰিছে। এতিয়া ৰঙা পতাকাৰ ঠাইখন গৌৰৱেৰে ভৰি পৰিছে। আজি বাষ্টাৰৰ দৰে অঞ্চলত কোনো ভয় নাই, আছে উদযাপনৰ পৰিৱেশ। তাত বাষ্টাৰ পাণ্ডুম, বাষ্টাৰ অলিম্পিকৰ দৰে অনুষ্ঠান অনুষ্ঠিত হৈ আছে।

 

বন্ধুসকল,

 

আপোনালোকে কল্পনা কৰিব পাৰে, যেতিয়া আমি নক্সালবাদৰ দৰে প্ৰত্যাহ্বানৰ সৈতে   যোৱা ২৫ বছৰত ইমানখিনি অগ্ৰগতি লাভ কৰিছো, তেতিয়া এই প্ৰত্যাহ্বানৰ অন্ত পৰাৰ পিছত আমাৰ গতি কিমান দ্ৰুত হ’ব।

 

বন্ধুসকল,

 

আগন্তুক বছৰবোৰ ছত্তীশগড়ৰ বাবে অতি গুৰুত্বপূৰ্ণ। আমি এখন উন্নত ভাৰত গঢ়িব বিচাৰো। ইয়াৰ বাবে ছত্তীশগড়ৰ উন্নয়ন কৰাটো অতি প্ৰয়োজনীয়। ছত্তীশগড়ৰ নৱ প্ৰজন্মক  ক’ম যে এই সময় নৱ প্ৰজন্মৰ  সতীৰ্থসকল, এই সময় এইবাৰ আপোনালোকৰ। এনে কোনো কঠিন  লক্ষ্য নাই যিটো আপুনি লাভ কৰিব নোৱাৰে। মই আপোনালোকক আশ্বস্ত কৰিছো, এয়া মোদীৰ নিশ্চয়তা, মোদীয়ে আপোনালোকৰ প্ৰতিটো খোজ, প্ৰতিটো সংকল্পৰ বাবে থিয় দিছে। আমি একেলগে ছত্তীশগড়ক আগুৱাই লৈ যাম, দেশ আগুৱাই যাব। এই আত্মবিশ্বাসেৰে আকৌ এবাৰ ছত্তীশগড়ৰ প্ৰতিগৰাকী ভাই-ভনীক শুভেচ্ছা জনাইছো। বহুত বহুত ধন্যবাদ, মোৰ লগত সম্পূৰ্ণ জোৰেৰে দুয়োহাত ওপৰলৈ তুলি কওক ভাৰত মাতা কি   জয়!

! ভাৰত মাতা কি   জয়! ভাৰত মাতা কি   জয়!! ভাৰত মাতা কি   জয়!

! ভাৰত মাতা কি   জয়!

! অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India remains among best-performing major economies: S&P Global

Media Coverage

India remains among best-performing major economies: S&P Global
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 এপ্ৰিল 2026
April 19, 2026

Building a Stronger Bharat: Infrastructure Revolution, Economic Resilience & Inclusive Welfare Under PM Modi