এই মাহৰ আৰম্ভণিতে, মই জীৱিকা নিধি ক্ৰেডিট সমবায় সমিতি মুকলি কৰাৰ সুযোগ পাইছিলো, এতিয়া, মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনাৰ সৈতে ইয়াৰ একত্ৰীকৰণৰ দ্বাৰা এই পদক্ষেপৰ শক্তি আৰু অধিক বৃদ্ধি হ'বঃ প্ৰধানমন্ত্ৰী
মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনাই কেন্দ্ৰীয় চৰকাৰৰ লাখপতি দিদি অভিযানক অধিক শক্তিশালী কৰিছেঃ প্ৰধানমন্ত্ৰী
যেতিয়া এখন চৰকাৰে কেন্দ্ৰত মহিলাসকলৰ সৈতে নীতি প্ৰস্তুত কৰে, ইয়াৰ লাভ সমাজৰ অন্যান্য অংশলৈও সম্প্ৰসাৰিত হয়, উজ্জ্বলা যোজনাৰ পৰিৱৰ্তনশীল প্ৰভাৱক এতিয়া সমগ্ৰ বিশ্বতে স্বীকৃতি দিয়া হৈছেঃ প্ৰধানমন্ত্ৰী
স্বাস্থ্যৱতী নাৰী, সবল পৰিয়াল অভিযানৰ অধীনত গাঁও আৰু চহৰসমূহত ৰক্তহীনতা, ৰক্তচাপ, ডায়েবেটিছ আৰু কৰ্কট ৰোগৰ দৰে গুৰুতৰ স্বাস্থ্য সমস্যাৰ পৰীক্ষাৰ বাবে ৪.২৫ লাখতকৈও অধিক স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
যেতিয়া এগৰাকী মহিলাৰ উন্নতি হয়, তেতিয়া সমগ্ৰ সমাজ আগবাঢ়ি যায়ঃ প্ৰধানমন্ত্ৰী
তেওঁ ঘোষণা কৰে যে এই ৭৫ লাখ মহিলাৰ প্ৰত্যেকৰে বেংক একাউণ্টত একেলগে ১০,০০০ টকা স্থানান্তৰ কৰা হৈছে।

আপোনালোক সকলোকে শুভেচ্ছা জনাইছো!

 

নৱৰাত্ৰিৰ এই শুভ দিনবোৰত বিহাৰৰ নাৰী শক্তিৰ লগত তেওঁলোকৰ আনন্দৰ সৈতে  যোগদান কৰাৰ সুযোগ পাইছো। মই ইয়াত পৰ্দাত চাই আছিলো,  লাখ লাখ মহিলা আৰু ভগ্নীক  দেখিছো । এই পৱিত্ৰ নৱৰাত্ৰিৰ উৎসৱত আপোনালোকৰ আশীৰ্বাদ আমাৰ সকলোৰে বাবে এক বৃহৎ শক্তি। আজি আপোনালোকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু আজিৰে পৰা 'মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা'ৰ শুভাৰম্ভ কৰা হৈছে বুলি ঘোষণৈা কৰিলো। মোক কোৱাৰ দৰে এই আঁচনিখনত এতিয়ালৈকে ৭৫ লাখ মহিলাই যোগদান কৰিছে। এইমাত্ৰ   ৭৫ লাখ মহিলাৰ বেংক একাউণ্টলৈ ১০,০০০ টকাকৈ পঠিওৱা হৈছে।

 

বন্ধুসকল,

 

এই প্ৰক্ৰিয়া চলি থকাৰ সময়ত মই দুটা কথা চিন্তা কৰি আছিলো। প্ৰথমতে, নীতিশ কুমাৰৰ চৰকাৰে সঁচা অৰ্থত বিহাৰৰ ভগ্নী-কন্যাসকলৰ বাবে এনে এক উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এগৰাকী ভগ্নী বা কন্যাই যেতিয়া কৰ্মসংস্থাপন বা স্ব-নিয়োজিত হয় তেতিয়া তেওঁলোকৰ সপোনবোৰে নতুন ডেউকা লাভ কৰে আৰু সমাজত তেওঁলোকৰ সন্মান বাঢ়ি যায়। দ্বিতীয়টো চিন্তা মোৰ মনলৈ আহিল যে আমি যদি ১১ বছৰ আগতে জন ধন যোজনাৰ প্ৰতিশ্ৰুতি দিছিলো, যেতিয়া আপোনালোকে  মোক আপোনালোকৰ প্ৰধান সেৱক হিচাপে নিযুক্তি দিছিল, যদিহে দেশখনে জন ধন যোজনাৰ অধীনত ভগ্নী-কন্যাৰ বাবে ৩০ কোটিৰো অধিক একাউণ্ট খোলা নহ'লহেঁতেন , যদিহে এই বেংক একাউণ্টবোৰ আপোনালোকৰ মোবাইল ফোন আৰু আধাৰৰ সৈতে লিংক কৰা নহলহেঁতেন , তেন্তে আমি আজি আপোনালোকৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈইমান টকা পঠিয়াব পাৰিলোহেঁতেন নে ? এয়া  অসম্ভৱ হ’লহেঁতেন।  এজন প্ৰধানমন্ত্ৰীয়ে  চৰকাৰী ধনৰ লুটপাতৰ বিষয়ে  ইতিমধ্যে কৈছিল, তেতিয়াৰ দিনত পঞ্চায়তৰ পৰা আৰম্ভ কৰি সংসদলৈকে সকলোতে তেওঁ শাসন কৰিছিল। আৰু তেওঁলোকে কৈছিল যে দিল্লীৰ পৰা এটকা পঠিয়ালে মাত্ৰ ১৫ পইচাহে আপোনাৰ ওচৰলৈ যায় আৰু কোনোবাই ৮৫ পইচা চুৰি কৰি নিয়ে । আজি পঠোৱা ধন, সম্পূৰ্ণ ১০,০০০ টকা, আপোনাৰ একাউণ্টত জমা হ’ব; এটকাও কোনেও চুৰি কৰিব নোৱাৰে। আগতে চুৰি হৈছিল এই ধন, কি যে এক  বৃহৎ অন্যায় আপোনালোকৰ লগত কৰা হৈছিল ।

 

বন্ধুসকল,

 

ভনীয়েক সুস্থ, সুখী আৰু পৰিয়ালটো আৰ্থিকভাৱে শক্তিশালী হ’লে এজন ভাতৃয়ে সুখী অনুভৱ কৰে আৰু ইয়াৰ বাবে ভাতৃয়ে নিজৰ সামৰ্থ্য অনুসৰি সকলো কাম কৰিব পাৰে । আজি আপোনালোকৰ দুই ভাতৃ নৰেন্দ্ৰ আৰু নীতিশে আপোনালোকৰ সেৱা, সমৃদ্ধি, আত্মসন্মানৰ বাবে একেলগে অক্লান্তভাৱে কাম কৰি আছে। আজিৰ অনুষ্ঠানটোৱেই  ইয়াৰ উদাহৰণ।

 

মাতৃ আৰু ভগ্নীসকল,

 

এই আঁচনিৰ বিষয়ে মোক কোৱাৰ সময়ত ইয়াৰ দৃষ্টিভংগীয়ে মোক গভীৰভাৱে আপ্লুত কৰিছিল। প্ৰতিটো পৰিয়ালৰ এগৰাকী মহিলাই নিশ্চিতভাৱে এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব।  প্ৰাৰম্ভিক স্তৰত ১০ হাজাৰ টকাৰ পিছত যদি মহিলাগৰাকীয়ে এই ১০ হাজাৰ টকা সঠিকভাৱে ব্যৱহাৰ কৰে, কিছু কৰ্মসংস্থাপনৰ সৃষ্টি কৰে, নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ ব্যৱসায় আৰম্ভ কৰে আৰু যদি সেয়া সফল বুলি প্ৰমাণিত হয় আৰু ভাল হয়, তেন্তে তেওঁক ২ লাখ টকা পৰ্যন্ত অতিৰিক্ত আৰ্থিক সাহায্য দিয়া হ’ব পাৰে। কল্পনা কৰকচোন আপোনালোকৰ বাবে এয়া  কিমান উল্লেখযোগ্য কৃতিত্ব।  এই আঁচনিৰ সহায়ত বিহাৰত থকা মোৰ ভনীহঁতে বিভিন্ন সৰু সৰু দোকান, যেনে- গেলামাল, বাচন-বৰ্তন, প্ৰসাধন সামগ্ৰী, খেলনা, ষ্টেচনাৰী, খুলি নিজাকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰিব। তেওঁলোকে গো পালন, হাঁহ-কুকুৰা পালন, মীন পালন, ছাগলী পালন, আৰু এনে বহুতো বৃত্তিত নিজকে নিয়োজিত  কৰিব পাৰিব। এই সকলোবোৰৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজন। এতিয়া আপোনালোকে হয়তো ভাবিব যে আপোনালোকে  টকাখিনি পাইছে, কিন্তু আপোনালোকে ইয়াক কেনেকৈ খৰচ কৰিব? গতিকে মই আপোনালোকক আশ্বস্ত কৰিছো, ই কেৱল টকা দিয়াৰ কথা নহয়;  প্ৰশিক্ষণো দিয়া হ’ব, কাম কৰিবলৈ শিকোৱা হ’ব। ইতিমধ্যে বিহাৰত জীৱিকা আত্মসহায়ক গোটৰ ইমান উৎকৃষ্ট ব্যৱস্থা আছে। ইয়াত প্ৰায় ১১ লাখ আত্মসহায়ক গোটে কাম কৰি আছে, অৰ্থাৎ ইতিমধ্যে এটা সুপ্ৰতিষ্ঠিত ব্যৱস্থা স্থাপন কৰা হৈছে। চলিত মাহৰ আৰম্ভণিতে জীৱিকা নিধি ক্ৰেডিট সমবায় সংঘ আৰম্ভ কৰাৰ সুযোগ পাইছিলোঁ। এতিয়া এই ব্যৱস্থাৰ শক্তিক মুখ্যমন্ত্ৰীৰ মহিলা নিয়োগ আঁচনিৰ সৈতে সংযুক্ত কৰা হ’ব। অৰ্থাৎ ইয়াৰ আৰম্ভণিৰ পৰাই এই আঁচনি সমগ্ৰ বিহাৰত, বিহাৰৰ প্ৰতিটো কোণত আৰু প্ৰতিটো পৰিয়াললৈ কাৰ্যকৰী হ’ব।

 

বন্ধুসকল,

 

কেন্দ্ৰীয় চৰকাৰৰ লাখপতি দিদি অভিযানকো নতুন শক্তি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ মহিলা নিয়োগ আঁচনিয়ে। কেন্দ্ৰীয় চৰকাৰে দেশত ৩ কোটি লাখপতি দিদী সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইতিমধ্যে দুই কোটিৰো অধিক ভগ্নী হৈ পৰিছে লাখপতি দিদি।  মই গ্ৰাম্য মহিলাৰ কথা কৈছো। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমে গাঁও, সমাজ, আনকি পৰিয়ালৰ মৰ্যাদাও উন্নত কৰিছে। বিহাৰতো লাখ লাখ মহিলা হৈ পৰিছে লাখপতি দিদি।  যিদৰে বিহাৰৰ ডাবল ইঞ্জিন চৰকাৰে এই আঁচনিখন আগুৱাই লৈ গৈছে, মোৰ দৃঢ় বিশ্বাস যে সেই দিনটো বহু দূৰৰ নহয় যেতিয়া দেশত যদি সৰ্বাধিক লাখপতি দিদি থাকিব,  আজি মই অনুভৱ কৰিছো যে সৰ্বাধিক লাখ লাখপতি দিদি কেৱল মোৰ বিহাৰতহে থাকিব।

 

মাতৃ আৰু ভগ্নীসকল,

 

কেন্দ্ৰীয় চৰকাৰৰ মুদ্ৰা যোজনা, দ্ৰোণ দিদি অভিযান, বীমা সখী অভিযান  আৰু বেংক দিদি অভিযানেও আপোনালোকৰ বাবে কৰ্মসংস্থাপন আৰু স্বনিয়োজনৰ সুবিধা বৃদ্ধি কৰিছে। আমাৰ লক্ষ্য এটা, আৰু আমি আজি এই লক্ষ্যৰে আগবাঢ়িছো: আপোনাৰ সপোন পূৰণ কৰা, আপোনাৰ পৰিয়ালৰ সপোন পূৰণৰ সৰ্বাধিক সুযোগ প্ৰদান কৰা, আপোনাৰ সন্তানৰ বাবে আপুনি কল্পনা কৰা উজ্জ্বল ভৱিষ্যত।

 

বন্ধুসকল,

 

আজি কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ প্রচেষ্টাত আমাৰ ভগ্নী-কন্যাৰ বাবে নতুন নতুন খণ্ড মুকলি হৈছে৷ আজি আমাৰ ছোৱালীবোৰে বৃহৎ সংখ্যক সেনা-আৰক্ষীত যোগদান কৰিছে; প্ৰতিগৰাকী মহিলাই গৌৰৱ  কৰিব; আজি আমাৰ ছোৱালীবোৰে যুদ্ধ বিমান উৰুৱাইছে।

 

কিন্তু বন্ধুসকল,

 

আমি পাহৰিব নালাগে যেতিয়া বিহাৰত আন দল  ক্ষমতাত আছিল সেয়া অপশাসন আছিল। সেই সময়ছোৱাত মোৰ বিহাৰৰ মাতৃ-ভগ্নীসকলে, এই ঠাইৰ নাৰীসকলে অৰাজকতা আৰু দুৰ্নীতিৰ বোজা বহন কৰিছিল। সেই সময়ত যেতিয়া বিহাৰৰ ডাঙৰ ডাঙৰ পথবোৰ ধ্বংসস্তূপ হৈ পৰিছিল আৰু দলংৰ অস্তিত্ব নাছিল, তেতিয়া আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল কোনে? এনে অসুবিধাৰ সৃষ্টি হ’লে আমি সকলোৱে জানো যে এই কষ্টৰ বোজা আমাৰ নাৰী, আমাৰ মা আৰু ভগ্নীয়েই প্ৰথমে বহন কৰে। আৰু বানপানীৰ সময়ত এই সমস্যা কিমান ভয়াৱহ হৈ পৰিছিল আপোনালোকে জানে। গৰ্ভৱতী মহিলাই সময়মতে চিকিৎসালয়ত উপস্থিত হ’ব পৰা নাছিল। জটিল পৰিস্থিতিত তেওঁলোকে উপযুক্ত চিকিৎসা লাভ কৰিব পৰা নাছিল। আমাৰ চৰকাৰে দিনে নিশাই আপোনালোকক এই কঠিন পৰিস্থিতি অতিক্ৰম কৰাত সহায় কৰি আহিছে। আমি বিচাৰো যে আপুনি এই অসুবিধাবোৰ অতিক্ৰম কৰক, আৰু বহু পৰিমাণে আজি আমি সেইখিনি লাভ কৰিছো। ডাবল ইঞ্জিন চৰকাৰখন ক্ষমতালৈ অহাৰ পাছত বিহাৰত ৰাস্তা-ঘাট নিৰ্মাণ হ’বলৈ আৰম্ভ কৰা দেখা গৈছে। আমি এতিয়াও বিহাৰৰ সংযোগ উন্নত কৰাৰ বাবে কাম কৰি আছো, যাৰ ফলত বিহাৰৰ মহিলাসকলৰ বহুখিনি সুবিধা হৈছে।

 

মাতৃ আৰু ভগ্নীসকল,

 

বৰ্তমান বিহাৰত এখন প্ৰদৰ্শনী অনুষ্ঠিত হৈ আছে আৰু মই নিশ্চিতভাৱে ৩০ বছৰৰ তলৰ সেই মাতৃ-ভগ্নীসকলক এই প্ৰদৰ্শনীখন চাবলৈ উৎসাহিত কৰিম। মোক কোৱা হৈছে যে এই প্ৰদৰ্শনীত পুৰণি বাতৰি কাকতৰ শিৰোনাম আছে।  ৩০ বছৰৰ তলৰ সকলে পৰিস্থিতি কিমান ভয়াৱহ আছিল তাৰ কোনো ধাৰণা নাই । আনকি বয়সীয়াল লোকেও, আনকি বৃদ্ধসকলেও মনত ৰাখিব সেই অপশাসনৰ সময়ত বিহাৰত কেনে আতংকই  বিৰাজ কৰিছিল। সেই সময়ত কোনো ঘৰেই নিৰাপদ নাছিল। নক্সালবাদী হিংসাৰ আতংকই বিৰাজ কৰিছিল। এই যন্ত্ৰণাৰ বোজা মহিলাসকলে বহন কৰিছিল। দুখীয়াৰ পৰা আৰম্ভ কৰি ডাক্তৰ আৰু আই এ এছ বিষয়ালৈকে কোনেও ৰেহাই পোৱা নাছিল।

 

বন্ধুসকল,

 

আজি নীতিশ কুমাৰৰ নেতৃত্বত যেতিয়া আইনৰ শাসন পুনৰ ঘূৰি আহিছে, তেতিয়া মোৰ মা, ভগ্নী, কন্যা, মহিলাসকলে আটাইতকৈ বেছি সকাহ অনুভৱ কৰিছে। আজি বিহাৰৰ কন্যা সন্তানে নিৰ্ভয়ে ঘৰত এৰি থৈ গুচি যায়। মই মাত্ৰ চাৰিগৰাকী ভনীৰ কথা শুনি আছিলো। ভনী ৰঞ্জিতা, ভগ্নী ৰীতা, নূৰজাহান বানু আৰু আমাৰ পুতুল দেৱীয়ে যিদৰে ইমান আত্মবিশ্বাসেৰে কথা কৈছে, নীতিশ কুমাৰৰ চৰকাৰৰ আগতে এয়া সম্ভৱ নহ'লহেঁতেন। গভীৰ নিশাও কাম কৰাৰ বিলাসীতা তেওঁলোকৰ নাথাকিলহেঁতেন। বিহাৰলৈ আহিলেই ইমান বৃহৎ সংখ্যক মহিলা আৰক্ষী বিষয়া নিয়োজিত হোৱা দেখি গভীৰ সন্তুষ্টি অনুভৱ কৰো। সেয়ে আজি আমি সকলোৱে একত্ৰিত হৈ প্ৰতিশ্ৰুতি দিব লাগিব যে আমি আৰু কেতিয়াও বিহাৰক সেই অন্ধকাৰত পৰিবলৈ নিদিওঁ। মা আৰু ভগ্নীহঁত, মোৰ এই কথাবোৰ লিখি থওক। আমাৰ সন্তানক ধ্বংসৰ পৰা বচাবলৈ এয়াই একমাত্ৰ উপায়।

 

মাতৃ আৰু ভগ্নীসকল,

 

যেতিয়া এখন চৰকাৰে মহিলাক কেন্দ্ৰ কৰি নীতি প্ৰণয়ন কৰে, তেতিয়া সমাজৰ প্ৰতিটো খণ্ডই লাভাৱান্বিত  হয়, সমগ্ৰ পৰিয়ালটোৱেই লাভাৱান্বিত  হয়। উদাহৰণস্বৰূপে, উজ্জ্বলা যোজনাই কঢ়িয়াই অনা গভীৰ পৰিৱৰ্তন সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰি আছে। এসময়ত গাঁৱে-ভূঞে গেছ সংযোগ এটা দূৰৰ সপোন আছিল, চহৰবোৰতো একেই পৰিস্থিতি আছিল। মোৰ দুখীয়া মা, ভনীয়েক, ছোৱালীবোৰে পাকঘৰতে কাহ মাৰি জীৱনটো কটালে। হাওঁফাওঁৰ ৰোগ সাধাৰণ আছিল, আনকি দৃষ্টিশক্তিও হেৰুৱাবলগীয়া হৈছিল। একাংশ পণ্ডিতে কয় যে যিসকল মাতৃ-ভগ্নীয়ে দীৰ্ঘ সময় চৌকা ধোঁৱাত কটায়, তেওঁলোকে দিনটোত ৪০০ টা চিগাৰেটৰ সমতুল্য উশাহ লয়। এতিয়া কওকচোন, কেন্সাৰ নহৈ কি হ’ব? সকলোকে বচাবলৈ আমি উজ্জ্বলা যোজনাৰ প্ৰৱৰ্তন কৰিলোঁ, প্ৰতিটো ঘৰলৈ গেছ চিলিণ্ডাৰ ডেলিভাৰী কৰিলোঁ। বিহাৰত আমাৰ ভনীয়েকহঁতৰ জীৱন খৰি কঢ়িয়াই পাৰ হৈছিল। কষ্টবোৰ কম নাছিল: বৰষুণৰ সময়ত তিতা কাঠ জ্বলি নজ্বলে ,  বানপানীৰ সময়ত খৰি ডুব যাব। ল’ৰা-ছোৱালীবোৰে কিমান  ভোকত শুবলৈ যাব বা ভূজা (ভাজি ভাত) খাই ৰাতিটো কটাব।

 

বন্ধুসকল,

 

এই দুৰ্দশাৰ কথা  কোনো কিতাপতে লিখা হোৱা নাই; আমাৰ বিহাৰত থকা ভনীহঁতে এয়া বুজি পায় । মোৰ প্ৰতিগৰাকী ভগ্নীয়ে এই কষ্টৰ মাজেৰে পাৰ হৈ গৈছে। কিন্তু যেতিয়া এন ডি এ চৰকাৰে কেন্দ্ৰত ভগ্নীসকলক লৈ চিন্তা আৰু পৰিকল্পনা আৰম্ভ কৰিলে, তেতিয়া ছবিখন সলনি হ’বলৈ ধৰিলে। গেছ সংযোগে একেলগে লাখ লাখ ঘৰত উপনীত হ’ল। আজি লাখ লাখ ভগ্নীয়ে আৰামত চৌকাত ৰন্ধা-বঢ়া কৰি আছে। ধোঁৱামুক্ত হোৱাৰ লগতে হাওঁফাওঁ আৰু চকুৰ ৰোগৰ পৰা উপশম পাইছে। এতিয়া শিশুসকলে প্ৰতিদিনে ঘৰতে গৰম খাদ্য লাভ কৰিছে। উজ্জ্বলা গেছ সংযোগে কেৱল বিহাৰৰ পাকঘৰেই নহয়, মহিলাসকলৰ জীৱনকো উজ্জ্বল কৰি তুলিছে।

 

মাতৃ আৰু ভগ্নীসকল

 

আপোনালোকৰ সকলো সমস্যা দূৰ কৰাটো আমাৰ দায়িত্ব। কোভিড-১৯ মহামাৰীৰ কঠিন সময়ত আমি বিনামূলীয়া শস্য আঁচনিখন আৰম্ভ কৰিলোঁ। কাৰণ মোৰ এটা লক্ষ্য আছিল যে কোনো শিশুৱে ভোকত শুব নালাগে। কিন্তু এই আঁচনিখনে আপোনাক ইমানেই সহায় কৰিলে যে আমি ইয়াক আগবঢ়াই নিয়াৰ সিদ্ধান্ত ললোঁ। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা এতিয়াও চলি আছে আৰু এই আঁচনিৰ বাবেই বিহাৰৰ ৮৫ নিযুততকৈও অধিক আৰ্তজনে বিনামূলীয়া ৰেচন লাভ কৰিছে। এই আঁচনিখনে আপোনাৰ ইমান চিন্তা লাঘৱ কৰিছে। আন এটা উদাহৰণ দিওঁ। বিহাৰৰ বৃহৎ অঞ্চলত ঊখুৱা  কৰা চাউল পছন্দ কৰা হয়।  আগতে আমাৰ মা আৰু ভনীয়ে  চৰকাৰী ৰেচনত লাহী  চাউল দিয়া হৈছিল। বাধ্যবাধকতাৰ বাবে তেওঁলোকে বজাৰত উখুৱা চাউলখিনি লাহী চাউলৰ সৈতে বিনিময় কৰিছিল। সমস্যাটো আছিল যে ২০ কেজি উখুৱা চাউলৰ বাবে তেওঁলোকে মাত্ৰ ১০ কেজি লাহী  চাউলহে পাইছিল। আমি এই বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিলোঁ। এতিয়া চৰকাৰে ৰেচনত উখুৱা কৰা চাউলো যোগান ধৰিবলৈ আৰম্ভ কৰিছো।

 

 মা আৰু ভনীসকল

আমাৰ দেশত নাৰীৰ সম্পত্তিৰ মালিক হোৱাৰ পৰম্পৰা কেতিয়াও হোৱা নাই। মানুহৰ নামত এখন ঘৰ, মানুহৰ নামত দোকান, মানুহৰ নামত মাটি, মানুহৰ নামত গাড়ী, মানুহৰ নামত স্কুটী; সকলো পুৰুষৰ  নামত আছিল। কিন্তু যেতিয়া মই পি এম আৱাস যোজনা আৰম্ভ কৰিছিলো তেতিয়া মই এটা নিয়ম কৰি দিছিলো যে মোৰ মা, ভগ্নী, ছোৱালীও পি এম আৱাস যোজনাৰ ঘৰৰ মালিক হ’ব। আজি বিহাৰত ৫০ লাখৰো অধিক পি এম ঘৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰে অধিকাংশই মহিলাৰ মালিকানাধীন। আপোনালোকেই আপোনালোকৰ ঘৰৰ প্ৰকৃত মালিক।

 

বন্ধুসকল,

 

আমি সকলোৱে জানো যে যেতিয়া এগৰাকী ভগ্নীৰ স্বাস্থ্যৰ অৱনতি ঘটে তেতিয়া ইয়াৰ প্ৰভাৱ সমগ্ৰ পৰিয়ালতে পৰে। এটা সময় আছিল যেতিয়া মহিলাসকলে বেমাৰ-আজাৰ সহ্য কৰিছিল, কেতিয়াও পৰিয়ালক নকৈছিল। পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, যিমানেই তীব্ৰ জ্বৰ বা পেটৰ বিষ নহওক কিয়, তেওঁলোকে কাম কৰি থাকিল। কিয়? কাৰণ তেওঁলোকে নিবিচাৰিছিল যে পৰিয়ালটোৰ ধন তেওঁলোকৰ চিকিৎসাৰ বাবে খৰচ হওক। ই ল’ৰা-ছোৱালী আৰু পৰিয়ালটোৰ ওপৰত বোজা দিব, গতিকে মাক-ভনীয়েকে সহ্য কৰিছিল। আপোনাৰ পুত্ৰই আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে এই উদ্বেগক সম্বোধন কৰিলে। আজি বিহাৰৰ লাখ লাখ মহিলাই ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিছে। গৰ্ভৱতী মহিলাৰ বাবে মাত্ৰু বন্দনা আঁচনিখনেও পোনপটীয়াকৈ মাতৃৰ একাউণ্টলৈ ধন স্থানান্তৰ কৰে। যাতে সেই ৯ মাহৰ সময়ছোৱাত তেওঁ ভাল পুষ্টি লাভ কৰিব পাৰে, যাতে তেওঁৰ  গৰ্ভত বৃদ্ধি পোৱা শিশুটিও সুস্থ হৈ থাকে আৰু প্ৰসৱত  কোনো সংকট নাথাকেআৰু মাতৃ বা সন্তানৰ জীৱন ৰক্ষা পৰে।

 

মোৰ মা আৰু ভনীসকল

আপোনাৰ স্বাস্থ্য আমাৰ প্ৰাধান্য। আমি ১৭ ছেপ্টেম্বৰৰ বিশ্বকৰ্মা জয়ন্তীৰ পৰা মহিলাৰ স্বাস্থ্য উন্নত কৰাৰ বাবে এক বৃহৎ অভিযান আৰম্ভ কৰিছো। ইয়াৰ নাম "সুস্থ মহিলা, শক্তিশালী পৰিয়াল অভিযান"। এই অভিযানৰ অধীনত গাঁও-নগৰত ৪ লাখ ৫০ হাজাৰৰো অধিক স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা হৈছে।ইয়াত  ৰক্তহীনতা, ৰক্তচাপ, ডায়েবেটিছ, কেন্সাৰ আদি গুৰুতৰ ৰোগৰ পৰীক্ষা কৰা হৈছে। এই অভিযানৰ জৰিয়তে এই পৰ্যন্ত এক কোটিৰো অধিক মহিলাই বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ সুবিধা  লাভ কৰিছে। আজি বিহাৰৰ সকলো মহিলাকে এই শিবিৰসমূহত নিজৰ  পৰীক্ষা কৰিবলৈ আহ্বান জনাইছো। কিছুমান লোকৰ ভুল ধাৰণা আছে যে স্বাস্থ্য পৰীক্ষা কৰোৱাব নালাগে। কিন্তু কোনো ৰোগ ধৰা পেলোৱাটো উপকাৰী, ক্ষতিকাৰক নহয়। গতিকে পৰীক্ষা কৰোৱাটো  অতি প্ৰয়োজনীয়।

 

বন্ধুসকল,

 

উৎসৱৰ বতৰ। চলি আছে নৱৰাত্ৰি। দীপাৱলী ওচৰ চাপি আহিছে, আৰু ষঠ  পূজা দূৰৈত নহয়। আমাৰ ভনীয়েকহঁতে দিনে-ৰাতিয়ে ঘৰখন চলাবলৈ টকা-পইচা কেনেকৈ ৰাহি  কৰিব পাৰি সেই কথা চিন্তা কৰিয়েই কটায়। এই উদ্বেগ দূৰ কৰিবলৈ এন ডি এ চৰকাৰে এটা ডাঙৰ পদক্ষেপ লৈছে। নৱৰাত্ৰিৰ প্ৰথম দিন ২২ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ দেশতে জি এছ টিৰ হাৰ হ্ৰাস কৰা হৈছে। এতিয়া দৈনন্দিন সামগ্রী যেনে টুথপেষ্ট, চাবোন, শ্বেম্পু, ঘি  আৰু খাদ্য সামগ্রী আগতকৈ সস্তা হ’ব৷ শিশুৰ শিক্ষাৰ বাবে ষ্টেচনাৰী, উৎসৱমুখৰ সাজ-পোছাকৰ বাবে কাপোৰ-কানি, জোতাও, মূল্য হ্ৰাস কৰা হৈছে। ঘৰ আৰু পাকঘৰৰ বাজেট পৰিচালনা কৰা মহিলাসকলৰ বাবে ই এক বৃহৎ সকাহ। আমাৰ ভগ্নীসকলৰ বোজা লঘু কৰি উৎসৱৰ সময়ত তেওঁলোকৰ মুখলৈ আনন্দ কঢ়িয়াই অনাটো নিজৰ দায়িত্ব বুলি গণ্য কৰে ডাবল ইঞ্জিন চৰকাৰে।

 

বন্ধুসকল,

 

বিহাৰৰ মহিলাসকলে যেতিয়াই সুযোগ পাইছে, তেতিয়াই তেওঁলোকে নিজৰ সাহস আৰু দৃঢ়তাৰে উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। আপোনালোকে প্ৰমাণ কৰি দিছে যে যেতিয়া নাৰীৰ উন্নতি হয় তেতিয়া সমগ্ৰ সমাজখনেই আগবাঢ়ি যায়। মুখ্যমন্ত্রীৰ মহিলা নিয়োগ আঁচনিৰ বাবে বিহাৰবাসীক পুনৰবাৰ আন্তৰিক অভিনন্দন জনাইছোঁ৷ আপোনালোক সকলোলৈ মোৰ শুভেচ্ছা  জনালোঁ।

আপোনালোকক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govt sets up six sector groups to fast-track ‘Make in India 2.0’ push

Media Coverage

Govt sets up six sector groups to fast-track ‘Make in India 2.0’ push
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
June 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, June 28th. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.