আজি ছত্তীশগড় নিজৰ আকাংক্ষাৰ এক নতুন শিখৰত থিয় দিছে; এই গৌৰৱ উপলক্ষে এই ৰাজ্যখনৰ সৃষ্টিৰ দূৰদৰ্শী তথা মহানুভৱী নেতা—ভাৰত ৰত্ন, শ্ৰদ্ধাৰ শ্ৰী অটল বিহাৰী বাজপেয়ী জীলৈ শ্ৰদ্ধাঞ্জলি জনাইছোঃ প্ৰধানমন্ত্ৰী
আজি সমগ্ৰ দেশখনে ঐতিহ্য আৰু উন্নয়ন দুয়োটাকে একেলগে আঁকোৱালি লৈ আগবাঢ়িছে: প্ৰধানমন্ত্ৰী
ভাৰত গণতন্ত্ৰৰ মাতৃঃ প্ৰধানমন্ত্ৰী
ভাৰত এতিয়া নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসবাদ নিৰ্মূলৰ দিশত আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
এই বিধানসভা কেৱল আইন প্ৰণয়নৰ স্থান নহয়, বৰঞ্চ ছত্তীশগড়ৰ ভাগ্য গঢ় দিয়াৰ এক সজীৱ কেন্দ্ৰ: প্ৰধানমন্ত্ৰী

ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা ডাঙৰীয়া, লোকসভাৰ অধ্যক্ষ ওম বিৰলা ডাঙৰীয়া, ছট্টিশগড় বিধানসভাৰ অধ্যক্ষ ৰমন সিং ডাঙৰীয়া, মুখ্যমন্ত্ৰী বিষ্ণুদেও ছাই ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ টোখন চাহু ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মা ডাঙৰীয়া আৰু অৰুণ ছাও ডাঙৰীয়া, বিৰোধী দলৰ নেতা চৰণ দাস মহন্ত ডাঙৰীয়া, অন্যান্য সন্মানীয় মন্ত্ৰী, জনপ্ৰতিনিধি, আৰু ইয়াত উপস্থিত থকা সকলোকে মোৰ উষ্ম সম্ভাষণ ও শুভেচ্ছা!

আজি ছট্টিশগড়ৰ উন্নয়ন যাত্ৰাৰ এক সোণালী অধ্যায়। ব্যক্তিগতভাৱে এয়া মোৰ বাবেও অতি বিশেষ আৰু আনন্দৰ দিন। বহু দশক ধৰি এই ভূমিৰ সৈতে আৱেগিকভাৱে জড়িত হৈ আছো। এগৰাকী দলীয় কৰ্মী হিচাপে মই ছট্টিশগড়ত বহু সময় কটাইছো আৰু ইয়াৰ মানুহৰ পৰা বহু গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিছোঁ। মোৰ জীৱন গঢ় দিয়াত এই ৰাজ্যৰ জনসাধাৰণ আৰু পৰিৱেশে ডাঙৰ ভূমিকা লৈছে। ছট্টিশগড় গঠনৰ প্ৰাৰম্ভিক ধাৰণাৰ পৰা আৰম্ভ কৰি, ইয়াক ৰাজ্য হিচাপে অস্তিত্বলৈ অনালৈকে, আৰু তাৰ পিছৰ যি অগ্ৰগতি, এই যাত্ৰাৰ প্ৰতিটো পৰ্যায় মই দেখিছো। আৰু আজি ছট্টিশগড় গঠনৰ ২৫ বছৰ পূৰ্ণ হোৱা সময়ততে পুনৰবাৰ এই ঐতিহাসিক মুহূৰ্তৰ অংশ হ’বলৈ পাই মই সন্মানিত অনুভৱ কৰিছো। এই ৰূপালী জয়ন্তী উপলক্ষে ৰাজ্যবাসীৰ বাবে নতুন বিধানসভা ভৱন উদ্বোধন কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই স্মৰণীয় `দিৱসৰ বাবে ছট্টিশগড়বাসী আৰু ৰাজ্য চৰকাৰলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ

 

বন্ধুসকল,

২০২৫ বৰ্ষটো ভাৰতৰ অমৃত বৰ্ষ হিচাপেও পালন কৰা হৈছে। পঁয়সত্তৰ বছৰ পূৰ্বে ভাৰতে নিজৰ সংবিধান ভাৰতীয়ৰ বাবে উৎসৰ্গা কৰিছিল। এই ঐতিহাসিক উপলক্ষে সংবিধান সভাৰ বিশিষ্ট সদস্য ক্ৰমে পণ্ডিত ৰবিশংকৰ শুক্লা জী, বেৰিষ্টাৰ ঠাকুৰ ছেদিলাল জী, ঘনশ্যাম সিং গুপ্ত জী, কিশোৰী মোহন ত্ৰিপাঠী জী, ৰামপ্ৰসাদ পটাই জী, আৰু ৰঘুৰাজ সিং জীলৈ এই ভূমিৰ পৰা আন্তৰিক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। এই মহান নেতাসকল তেতিয়াৰ বহুলাংশে অনুন্নত অঞ্চলৰ পৰা আহিছিল, তথাপিও তেওঁলোকে দিল্লীত উপস্থিত হৈ ড০ বাবাছাহেব আম্বেদকাৰৰ দূৰদৰ্শী নেতৃত্বত আমাৰ সংবিধান গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

 

বন্ধুসকল,

আজি ছট্টিশগড়ৰ ইতিহাসৰ এক সোণালী অধ্যায়। এই ভৱিষ্যৎ আৰু আধুনিক বিধানসভা ভৱনটোৰ উদ্বোধন কেৱল এটা নতুন গাঁথনি উৎসৰ্গা কৰাই নহয়, ই জনসাধাৰণৰ সপোন, প্ৰচেষ্টা আৰু গৌৰৱৰো ২৫ বছৰীয়া উদযাপন। প্ৰগতি আৰু আকাংক্ষাৰ যাত্ৰাত আজি ছট্টিশগড় এক নতুন উচ্চতাত থিয় দিছে। এই গৌৰৱ আৰু ঐতিহাসিক মুহূৰ্তত যাৰ দূৰদৰ্শী চিন্তা আৰু মমতাই এই ৰাজ্য সৃষ্টিক সম্ভৱ কৰি তুলিছিল, তেওঁ ভাৰতৰত্ন, পূজনীয় অটল বিহাৰী বাজপেয়ী জীক গভীৰ শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।

 

বন্ধুসকল,

২০০০ চনত যেতিয়া অটল জীয়ে ছট্টিশগড় ৰাজ্য সৃষ্টি কৰিছিল, তেতিয়া সেয়া কেৱল প্ৰশাসনিক সিদ্ধান্তই নাছিল, উন্নয়নৰ নতুন দুৱাৰ মুকলি কৰাৰ লগতে ছট্টিশগড়ৰ প্ৰকৃত উদ্দেশ্য আৰু আত্মাক পৰিচয় দিয়াৰ এক দূৰদৰ্শী পদক্ষেপ আছিল। সেইবাবেই আজি আমি এই অনবদ্য নতুন বিধানসভা ভৱনটো উদ্বোধন কৰি অটল জীৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সময়ত মোৰ হৃদয় গভীৰ আৱেগেৰে ভৰি পৰিছে। ক’বলৈ মন গৈছে, “অটল জী, য’তেই নাথাকক, চাওক, আপোনাৰ সপোন বাস্তৱায়িত হৈছে।” আপুনি কল্পনা কৰা ছট্টিশগড় এতিয়া আত্মবিশ্বাসেৰে ভৰা আৰু অবিৰতভাৱে প্ৰগতি আৰু গৌৰৱৰ নতুন উচ্চতাত উপনীত হৈছে।

 

বন্ধুসকল,

ছট্টিশগড় বিধানসভাৰ ইতিহাস সঁচা অৰ্থতে প্ৰেৰণাদায়ক। ২০০০ চনত যেতিয়া এই সুন্দৰ ৰাজ্যখনৰ সৃষ্টি হৈছিল, তেতিয়া ৰায়পুৰৰ ৰাজকুমাৰ মহাবিদ্যালয়ৰ যশপুৰ প্ৰেক্ষাগৃহত প্ৰথম বিধানসভা অধিৱেশন অনুষ্ঠিত হৈছিল। সেইবোৰ আছিল সীমিত সম্পদৰ সময়, কিন্তু সীমাহীন সপোনেৰে ভৰি থকা সময়। সেই সময়ত একমাত্ৰ আৱেগ আছিল যে আমি আমাৰ ভাগ্যক গঢ় দিম আৰু ইয়াক ক্ষীপ্ৰতাৰে উজ্জ্বলাই তুলিম। পিছলৈ এটা নতুন বিধানসভা ভৱন স্থাপন কৰা হয়, যিটো প্ৰথম অৱস্থাত আন এটা বিভাগৰ চৌহদৰ অংশ আছিল। তাৰ পৰাই আৰম্ভ হ’ল ছট্টিশগড়ৰ গণতান্ত্ৰিক যাত্ৰা, আশা আৰু সতেজ শক্তিৰে ভৰা। আৰু আজি ২৫ বছৰৰ পাছত একেটা গণতন্ত্ৰ আৰু একেখিনি জনসাধাৰণে একত্ৰিত হৈ আধুনিক, ডিজিটেল, আৰু আত্মনিৰ্ভৰশীল বিধানসভা চৌহদ উদ্বোধন কৰিছে, যিয়ে ৰাজ্যখনৰ যাত্ৰাৰ আন এক গৌৰৱময় মাইলৰ খুঁটি চিহ্নিত কৰিছে।

বন্ধুসকল,

এই ভৱনটো গণতন্ত্ৰৰ ৰম্যভূমি। ইয়াত প্ৰতিটো স্তম্ভ স্বচ্ছতাৰ প্ৰতীক হিচাপে থিয় দিছে, প্ৰতিটো কৰিডৰে আমাক জবাবদিহিতাৰ কথা মনত পেলাই দিছে, প্ৰতিটো কোঠাই জনসাধাৰণৰ কণ্ঠ প্ৰতিধ্বনিত কৰিছে। এই দেৱালবোৰৰ ভিতৰত লোৱা সিদ্ধান্তই আগন্তুক দশকবোৰৰ বাবে ছট্টিশগড়ৰ ভাগ্যক গঢ় দিব, আৰু ইয়াত কোৱা প্ৰতিটো শব্দই ৰাজ্যখনৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিব। মোৰ বিশ্বাস যে এই ভৱনটোৱে ছট্টিশগড়ৰ শাসনৰ হৃদয় হিচাপে কাম কৰি যাব, সেই ঠাই য’ত নীতি গঢ় দিয়া হয়, ভৱিষ্যতৰ কল্পনা কৰা হয়, আৰু ৰাজ্যৰ ভাগ্য আগন্তুক প্ৰজন্মৰ বাবে লিখা হয়।

বন্ধুসকল,

আজি সমগ্ৰ জাতিটোৱে ‘বিৰাসত’ (ঐতিহ্য) আৰু ‘বিকাশ’ (উন্নয়ন) দুয়োটাকে আকোৱালি লৈ আগবাঢ়িছে। চৰকাৰৰ প্ৰতিটো নীতি আৰু সিদ্ধান্তত এই মনোভাৱ দেখা গৈছে। পবিত্ৰ চেংগোল আমাৰ নতুন সংসদত প্ৰেৰণা হিচাপে থিয় দিছে, ভাৰতৰ কালজয়ী মূল্যবোধৰ প্ৰতীক হৈ থিয় দিছে। সংসদৰ নতুন গেলেৰীসমূহে বিশ্বক ভাৰতীয় গণতন্ত্ৰৰ প্ৰাচীন শিপাৰ সৈতে সংযোগ কৰে, আনহাতে সংসদ চৌহদত থকা প্ৰতিমূৰ্তিসমূহে সকলোকে সোঁৱৰাই দিয়ে যে ভাৰতৰ গণতন্ত্ৰৰ শিপা সঁচাকৈয়ে কিমান গভীৰ আৰু চিৰস্থায়ী।

 

বন্ধুসকল,

মই আনন্দিত যে ভাৰতৰ এই দৃষ্টিভংগী আৰু মনোভাৱ ছট্টিশগড়ৰ নতুন বিধানসভা ভৱনতো প্ৰতিফলিত হৈছে।

বন্ধুসকল,

ছট্টিশগড়ৰ নতুন বিধানসভা চৌহদ ৰাজ্যখনৰ চহকী সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰকৃত প্ৰতিফলন। এই ভৱনৰ প্ৰতিটো কোণে ছট্টিশগড়ৰ পবিত্ৰ ভূমিত জন্ম লোৱা মহান ব্যক্তিসকলৰ প্ৰেৰণা কঢ়িয়াই লৈ ফুৰে। বঞ্চিত আৰু প্ৰান্তীয়সকলক অগ্ৰাধিকাৰ দিয়া, আৰু ‘চবকা সাথ, চবকা বিকাশ’ নিশ্চিত কৰা, সকলোৰে অংশগ্ৰহণ আৰু সৰ্বাংগীন বিকাশ হৈছে বিজেপি চৰকাৰৰ অধীনত সুশাসনৰ চিহ্ন। এই আদৰ্শই আমাৰ সংবিধানৰ মনোভাৱকো মূৰ্ত কৰি তুলিছে। এই মূল্যবোধ আমাৰ ঋষি, দ্ৰষ্টা, মহান নেতাসকলৰ চিৰন্তন শিক্ষা।

বন্ধুসকল,

এই ভব্য অট্টালিকাটো নিৰীক্ষণ কৰি থাকোঁতে ইয়াৰ ডিজাইনত বাষ্টাৰ শিল্পৰ সুন্দৰ উপস্থিতি লক্ষ্য কৰিলোঁ। ই মোক সেই সময়ৰ কথা মনত পেলাই দিলে, কেইমাহমানৰ আগতে, যেতিয়া মই থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীক বাষ্টাৰ শিল্পৰ এটা টুকুৰা উপহাৰ দিছিলোঁ। বাষ্টাৰৰ এই অনন্য শিল্পৰূপ ভাৰতৰ সৃষ্টিশীলতা, কাৰুকাৰ্য্য, আৰু সাংস্কৃতিক শক্তিৰ গৌৰৱময় প্ৰতীক।

বন্ধুসকল,

এই বিধানসভাৰ দেৱালত বাবা গুৰু ঘাচিদাস জীৰ বাৰ্তা প্ৰতিধ্বনিত হৈছে,  “মণিখে-মণিখে এক সমন” (প্ৰতিজন মানুহ সমান), চবকা সাথ, চবকা বিকাশ, চবকা সন্মান (সকলোৰে লগত, সকলোৰে বাবে বিকাশ, আৰু সকলোৰে প্ৰতি সন্মান)ৰ প্ৰকৃত মনোভাৱ প্ৰতিফলিত কৰা এক কালজয়ী শিক্ষা। এই ভৱনৰ প্ৰতিটো দুৱাৰমুখতে মাতা ছাবাৰীয়ে শিকোৱা উষ্মতা আৰু নম্ৰতাক মূৰ্ত কৰি তুলিছে, প্ৰতিজন অতিথি আৰু প্ৰতিজন নাগৰিকক মৰম আৰু সন্মানেৰে আদৰি ল’বলৈ আমাক সোঁৱৰাই দিছে। এই বিধানসভাৰ প্ৰতিখন আসনে সন্ত কবীৰে শিকোৱা সত্য আৰু সাহসৰ মনোভাৱ কঢ়িয়াই লৈ ফুৰে, ৰাজহুৱা জীৱনত সততা আৰু নিৰ্ভীকতাৰ প্ৰেৰণা যোগায়। আৰু এই ভৱিষ্যৎ গাঁথনিৰ ভেটিতে নিহিত হৈ আছে মহাপ্ৰভু বল্লভাচাৰ্য্য জীৰ উদাৰ সংকল্প, “নৰ সেৱা, নাৰায়ণ সেৱা”, অৰ্থাত্ মানৱতাৰ সেৱা কৰাটোৱেই হৈছে ঈশ্বৰৰ সেৱাৰ প্ৰকৃত ৰূপ বুলি বিশ্বাস।

 

 

বন্ধুসকল,

ভাৰত গণতন্ত্ৰৰ মাতৃ। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমাৰ জনজাতীয় জনগোষ্ঠীসমূহে দৈনন্দিন জীৱনত গণতান্ত্ৰিক পৰম্পৰাৰ দ্বাৰা জীৱন নিৰ্বাহ কৰি আহিছে আৰু সেয়া পালন কৰি আহিছে। সততে বাষ্টাৰৰ ‘আদিম সংসাদ’ (প্ৰাচীন সংসদ) বুলি কোৱা মুৰিয়া দৰবাৰ এই চহকী ঐতিহ্যৰ জীৱন্ত নিদৰ্শন হিচাপে থিয় দিছে। যুগ যুগ ধৰি এই পৰম্পৰাই মানুহক একত্ৰিত কৰি সমাজৰ কল্যাণৰ বাবে আলোচনা, বিবেচনা, সামূহিক সমাধান বিচাৰি উলিয়াই আহিছে। মই সঁচাকৈয়ে আনন্দিত যে এই নতুন বিধানসভা ভৱনেও মুৰিয়া দৰবাৰৰ মনোভাৱ আৰু পৰম্পৰাক সন্মান আৰু সংৰক্ষণ কৰিব, গণতন্ত্ৰৰ এই আধুনিক মন্দিৰৰ ভিতৰত ইয়াক উচিত স্থান আৰু সন্মান প্ৰদান কৰিৰ।

বন্ধুসকল,

এফালে এই বিধানসভাৰ প্ৰতিটো চুকত আমাৰ মহান ব্যক্তিত্বৰ আদৰ্শ আৰু মূল্যবোধ প্ৰতিফলিত হৈছে আৰু আনফালে ইয়াৰ অধ্যক্ষৰ চকীখন ৰমন সিং জীৰ দৰে অভিজ্ঞ আৰু সক্ষম নেতৃত্বই শোভা বঢ়াইছে। এজন নিষ্ঠাবান দলীয় কৰ্মীয়ে, কঠোৰ পৰিশ্ৰম, দায়বদ্ধতা, আৰু সততাৰ জৰিয়তে গণতান্ত্ৰিক ব্যৱস্থাক প্ৰকৃত মনোভাৱেৰে শক্তিশালী আৰু ৰক্ষা কৰিবলৈ কেনেকৈ উঠিব পাৰে তাৰ এক উজ্জ্বল উদাহৰণ ৰমন জী।

বন্ধুসকল,

ক্ৰিকেটত আমি প্ৰায়ে দেখিবলৈ পাওঁ যে এসময়ত অধিনায়ক হিচাপে দলটোক নেতৃত্ব দিয়া এজন খেলুৱৈয়ে পিছলৈ দলৰ সদস্য হিচাপে খেলি থাকে, কিন্তু ৰাজনীতিত এনে উদাহৰণ বিৰল। তথাপিও ৰমন সিং জীয়ে এই মনোভাৱক নিখুঁতভাৱে মূৰ্ত কৰি তুলিছে। এসময়ৰ অধিনায়ক হিচাপে তেওঁ এতিয়া চত্তীশগড়ৰ প্ৰগতিৰ বাবে একে নিষ্ঠা, নম্ৰতা, দায়বদ্ধতাৰে সেৱা আগবঢ়াই আহিছে। তেওঁৰ এই আদৰ্শ ৰাজ্যৰ সেৱা আৰু উন্নয়নৰ প্ৰতি নিষ্ঠাবান প্ৰতিজন কৰ্মীৰ বাবে এক প্ৰকৃত প্ৰেৰণা।

বন্ধুসকল,

ৰাষ্ট্ৰকবি নিৰলা জীয়ে এবাৰ তেওঁৰ পদত সৰস্বতী দেৱীক প্ৰাৰ্থনা কৰিছিল: प्रिय स्वतंत्र-रव अमृत-मंत्र नव भारत में भर दे (প্ৰিয় স্বাধীনতাৰ জপৰ অমৃতেৰে নতুন ভাৰত ভৰাই তোলা)। এইবোৰ কেৱল কাব্যিক শাৰী নাছিল, এয়া আছিল নতুন, মুক্ত ভাৰত গঢ়াৰ মন্ত্ৰ। তেওঁ এটা নতুন ছন্দ, নতুন গতি আৰু নতুন কণ্ঠৰ কথা কৈছিল যে পৰম্পৰাত ভাৰতৰ দৃষ্টিভংগী গভীৰভাৱে শিপাই থাকিলেও ভৱিষ্যতৰ প্ৰতি আত্মবিশ্বাস আৰু উদ্দেশ্যেৰে আগবাঢ়ি যোৱা উচিত। আজি আমি ছট্টিশগড়ৰ এই নতুন বিধানসভা ভৱনত থিয় হৈ থাকোঁতে সেই একেই মনোভাৱ আমাৰ চৌপাশে সজীৱ যেন অনুভৱ হৈছে। এই ভৱনটোৱেই সেই ‘নতুন কণ্ঠ’ৰ প্ৰতীক, য’ত পুৰণি অভিজ্ঞতাৰ প্ৰতিধ্বনি নতুন সপোনৰ শক্তিৰ সৈতে নিৰৱচ্ছিন্নভাৱে মিলি যায়। এই শক্তি আৰু প্ৰেৰণাৰে আমি সকলোৱে মিলি ‘বিকাশ’ (উন্নয়ন)ৰ পথত আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ লগতে নিজৰ ‘বিৰাসত’ (ঐতিহ্য)ৰ সৈতে গভীৰভাৱে সংযুক্ত হৈ থকা এখন ভাৰত গঢ়ি তুলিব লাগিব,  আৰু ছট্টিশগড়ৰ ভেটি স্থাপন কৰিব লাগিব।

 

বন্ধুসকল,

‘নাগৰিক দেৱো ভৱ’ হৈছে আমাৰ সুশাসনৰ পথ প্ৰদৰ্শক মন্ত্ৰ। সেইবাবেই এই বিধানসভাত লোৱা প্ৰতিটো সিদ্ধান্ত জনসাধাৰণৰ কল্যাণত শিপাই থাকিব লাগিব। ইয়াত এনে আইন প্ৰণয়ন কৰা উচিত যিয়ে সংস্কাৰ ত্বৰান্বিত কৰে, মানুহৰ জীৱন সৰল কৰে, আৰু অপ্ৰয়োজনীয় চৰকাৰী হস্তক্ষেপ হ্ৰাস কৰে। চৰকাৰৰ অনুপস্থিতি বা অতিৰিক্ততা থাকিব নালাগে। এইটোৱেই হৈছে দ্ৰুত অগ্ৰগতিৰ একমাত্ৰ প্ৰকৃত মন্ত্ৰ।

বন্ধুসকল,

আমাৰ ছট্টিশগড় ভগৱান শ্ৰীৰামৰ মাতৃগৃহ। ভগৱান ৰাম এই ভূমিৰ মৰমৰ ভতিজা। আৰু এই নতুন বিধানসভা চৌহদত ভগৱান ৰামৰ আদৰ্শ স্মৰণ কৰিবলৈ আজিৰ তুলনাত ইয়াতকৈ শুভ অনুষ্ঠান কি হ’ব পাৰে। ভগৱান ৰামৰ আদৰ্শই আমাক সুশাসনৰ নীতি শিকায়।

বন্ধুসকল,

অযোধ্যাৰ ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানৰ সময়ত আমি সকলোৱে “দেৱৰ পৰা দেশলৈ” আৰু “ৰামৰ পৰা ৰাষ্ট্ৰলৈ” (ঈশ্বৰৰ পৰা জাতিলৈ, ৰামৰ পৰা গণৰাজ্যলৈ) প্ৰতিশ্ৰুতি লৈছিলো। আমি মনত ৰাখিব লাগিব যে “ৰাম ৰ পৰা ৰাষ্ট্ৰলৈ” মানে रामराज बैठे त्रैलोका। हरषित भए गए सब सोका অৰ্থাৎ সুশাসন আৰু জনকল্যাণৰ ৰাজত্বকাল। ইয়াৰ অৰ্থ হৈছে সবকা সাথ, সবকা বিকাশৰ দ্বাৰা পৰিচালিত নিয়ম। “ৰাষ্ট্ৰলৈ ৰাম”ৰ অৰ্থ হ’ল दर कोनिद्रना, ऋषि न दी, অৰ্থাৎ এনে এটা জাতি য’ত কোনো দৰিদ্ৰ নহয়, কোনো দুৰ্ভগীয়া নহয়; দৰিদ্ৰতাৰ পৰা মুক্ত এক সমৃদ্ধিশালী ভাৰত। “ৰামৰ পৰা ৰাষ্ট্রলৈ” মানে अल्पमृत्यु नहिं कवनिउ पीरा, অৰ্থাত্, অকাল মৃত্যু নহয়, ৰোগত আক্ৰান্ত হোৱা নাই; সুস্থ আৰু সুখী ভাৰতৰ সৃষ্টি। “ৰামৰ পৰা ৰাষ্ট্ৰলৈ” মানেमानउँ एक भगति कर नाता অৰ্থাৎ সকলোৰে বাবে সামাজিক ন্যায় আৰু সমতাৰ ভেটিত নিৰ্মিত বৈষম্যমুক্ত সমাজ।

বন্ধুসকল,

“ৰামৰ পৰা ৰাষ্ট্ৰলৈ” মানে “নিছিচাৰ हीन कार निংহি भूमि पनपन कीन्ह” অৰ্থাৎ মানৱতাৰ বিৰুদ্ধে শক্তিক নিৰ্মূল কৰাৰ, সন্ত্ৰাসবাদৰ অন্ত পেলোৱাৰ প্ৰতিজ্ঞা। আৰু এইটোৱেই আমি অপাৰেচন চিণ্ডুৰত দেখিছো। সন্ত্ৰাসবাদ নিৰ্মূলৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰি ভাৰতে সন্ত্ৰাসবাদী নেটৱৰ্কৰ মেৰুদণ্ড ভাঙি আহিছে। ভাৰতে এতিয়া নক্সালবাদ আৰু মাওবাদী হিংসাৰ অন্ত পেলোৱাৰ দিশত নিৰ্ণায়কভাৱে আগবাঢ়িছে। ভাৰত আজি নিজৰ অভূতপূৰ্ব বিজয়ৰ বাবে গৌৰৱেৰে ভৰি পৰিছে, আৰু এই একে গৌৰৱৰ মনোভাৱ সমগ্ৰ এই নতুন ছট্টিশগড় বিধানসভা কমপ্লেক্সত বিকিৰণ কৰিছে।

বন্ধুসকল,

বিগত পঁচিশটা বছৰত চত্তীশগড়ত এক উল্লেখযোগ্য আৰু প্ৰেৰণাদায়ক পৰিৱৰ্তন দেখা গৈছে। এসময়ত নক্সালবাদ আৰু পিছপৰাৰ বাবে পৰিচিত এই একেখন ৰাজ্য আজি সমৃদ্ধি, নিৰাপত্তা, স্থিৰতাৰ প্ৰতীক হৈ পৰিছে। বাষ্টাৰ অলিম্পিকৰ বিষয়ে এতিয়া সমগ্ৰ দেশতে চৰ্চা চলিছে। এসময়ত নক্সালবাদৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহত এতিয়া উন্নয়নৰ ঢৌ আৰু শান্তিৰ হাঁহি। এই ৰূপান্তৰৰ আঁৰত আছে ছট্টিশগড়ৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু বিজেপি চৰকাৰসমূহৰ দূৰদৰ্শী নেতৃত্ব।

 

বন্ধুসকল,

ছট্টিশগড়ৰ ৰূপালী জয়ন্তী উদযাপন কেৱল এক মাইলৰ খুঁটি নহয়, বৰঞ্চ এক বৃহত্তৰ যাত্ৰাৰ আৰম্ভণি। ২০৪৭ চনৰ ভিতৰত যেতিয়া ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব, তেতিয়া ছট্টিশগড়ে ‘বিকশিত ভাৰত’ (উন্নত ভাৰত)ৰ দৃষ্টিভংগী সাধনত মুখ্য ভূমিকা পালন কৰিব। গতিকে ইয়াত উপস্থিত থকা সকলোকে, প্ৰতিজন জনপ্ৰতিনিধিক আহ্বান জনাইছো যে ‘বিকশিত ভাৰত’ৰ প্ৰতিখন ৰাজ্যকে নতুন উচ্চতা লাভৰ বাবে অনুপ্ৰাণিত কৰা ব্যৱস্থা আৰু এখন বিধানসভা গঢ়ি তুলিব লাগে। এই সদনত অনুষ্ঠিত হোৱা প্ৰতিটো বিতৰ্ক, উত্থাপিত প্ৰতিটো প্ৰশ্ন, আৰু প্ৰতিটো আলোচনাত উৎকৃষ্টতা হওক। আমি যিয়েই নকৰোঁ, যি ৰূপতেই নকৰোঁ, আমাৰ চূড়ান্ত লক্ষ্য হ’ব লাগিব “বিকশিত ছট্টিশগড়, বিকশিত ভাৰত” (এটা উন্নত ভাৰতৰ বাবে উন্নত ছট্টিশগড়)।

বন্ধুসকল,

এই নতুন বিধানসভাৰ প্ৰকৃত মহত্ত্ব ইয়াৰ স্থাপত্য সৌন্দৰ্য্যৰ দ্বাৰা নহয়, ইয়াৰ দেৱালৰ ভিতৰত লোৱা জনকেন্দ্ৰিক আৰু কল্যাণমুখী সিদ্ধান্তৰ দ্বাৰাহে সংজ্ঞায়িত হ’ব। ইয়াৰ শক্তি জুখিব এই সদনে জনসাধাৰণৰ সপোন আৰু আকাংক্ষাক কিমান গভীৰভাৱে বুজি পায়, আৰু সেইবোৰক বাস্তৱত পৰিণত কৰিবলৈ কিমান দৃঢ়তাৰে কাম কৰে। ইয়াত লোৱা প্ৰতিটো সিদ্ধান্তই কৃষকৰ কঠোৰ পৰিশ্ৰমক সন্মান জনাব লাগে, যুৱক-যুৱতীসকলৰ উচ্চাকাংক্ষাক পথ প্ৰদৰ্শন কৰিব লাগে, ‘নাৰী শক্তি’লৈ (মহিলা সবলীকৰণ) নতুন আশা কঢ়িয়াই আনিব লাগে, আৰু সমাজৰ দৰিদ্ৰ শ্ৰেণীক উন্নীত কৰিব লাগে। আমি সদায় মনত ৰাখিব লাগিব, এই বিধানসভা কেৱল আইন প্ৰণয়নৰ স্থান নহয়, বৰঞ্চ ছট্টিশগড়ৰ ভাগ্য গঢ় দিয়াৰ এক জীৱন্ত কেন্দ্ৰ। ইয়াত উত্থাপিত প্ৰতিটো ধাৰণাই জনসেৱাৰ মনোভাৱ, উন্নয়নৰ প্ৰতি দায়বদ্ধতা, আৰু ভাৰতক অধিক উচ্চতাৰ দিশে লৈ যোৱাৰ আত্মবিশ্বাস কঢ়িয়াই লৈ ফুৰিব লাগে। সেয়াই আমাৰ উমৈহতীয়া সংকল্প আৰু দায়িত্ব।

বন্ধুসকল,

গণতন্ত্ৰত কৰ্তব্য সদায় প্ৰথম স্থানত থাকিব লাগিব। আহক আমি সকলোৱে প্ৰতিশ্ৰুতি দিওঁ, নতুন বিধানসভাৰ উদ্বোধনীৰ এই মুহূৰ্তত, সততা আৰু দায়বদ্ধতাৰে আমাৰ দায়িত্ব পালনৰ বাবে আমাৰ ৰাজহুৱা জীৱন উৎসৰ্গা কৰিম। এই পবিত্ৰ কমপ্লেক্সৰ পৰা, আমাৰ গণৰাজ্যৰ অমৃত বছৰত, আহক আমি ৰাইজৰ সেৱাক আমাৰ জীৱনৰ মিছন হিচাপে গঢ়ি তোলাৰ প্ৰতিজ্ঞা লওঁ। গণতন্ত্ৰৰ এই সুন্দৰ নতুন মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত সকলোকে পুনৰবাৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিশেষকৈ এই দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰাৰ বাবে মুখ্যমন্ত্ৰী আৰু মোৰ বন্ধু ৰমন সিং জীক অভিনন্দন জনাইছো। জয় ভাৰত! জয় ছট্টিশগড়! আপোনাক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India at Davos: From presence to partnership in long-term global growth

Media Coverage

India at Davos: From presence to partnership in long-term global growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জানুৱাৰী 2026
January 24, 2026

Empowered Youth, Strong Women, Healthy Nation — PM Modi's Blueprint for Viksit Bharat