Not only other participants but also compete with yourself: PM Modi to youngsters
Khelo India Games have become extremely popular among youth: PM Modi
Numerous efforts made in the last 5-6 years to promote sports as well as increase participation: PM Modi

মঞ্চত উপস্থিত থকা ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী নবীন পাটনায়ক জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান জী, শ্ৰী কিৰেন ৰিজিজু জী, ওড়িশা চৰকাৰৰ মন্ত্ৰী শ্ৰী অৰুণ কুমাৰ চাহু জী, শ্ৰী তুষাৰকান্তি বেহেৰা জী আৰু দেশৰ বিভিন্ন স্থানৰ পৰা অহা যুৱ বন্ধু–বান্ধৱীসকল৷

মই আপোনালোকৰ সৈতে প্ৰযুক্তিৰ জৰিয়তে সংযোগ হৈছো যদিও তাৰ যি পৰিৱেশ, যি উৎসাহ, যি আৱেগ, যি শক্তি, সেয়াও মই অনুভৱ কৰিছো৷

আজি ওড়িশাত নতুন ইতিহাস ৰচনা হৈছে৷ ভাৰতৰ ইতিহাসত প্ৰথমবাৰলৈ খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছৰ শুভাৰম্ভ আজিৰে পৰা হৈছে৷

এয়া ভাৰতৰ ক্ৰীড়া ইতিহাসৰ ঐতিহাসিক পৰ্বৰ লগতে ভাৰতৰ ক্ৰীড়াৰ ভৱিষ্যতৰ বাবেও এক ডাঙৰ পদক্ষেপ৷

আজি ভাৰতে বিশ্বৰ সেই দেশবোৰৰ শাৰীত উপনীত হ’ল, য’ত এই স্তৰত ইউনিভাৰ্ছিটী গেমছ অনুষ্ঠিত কৰে৷

ওড়িশাবাসী আৰু ৰাজ্য চৰকাৰক এই আয়োজনৰ বাবে তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনি সহস্ৰাধিক যুৱ খেলুৱৈক এই গেমছৰ বাবে বহুত অভিনন্দন আৰু শুভকামনা জনাইছো৷

বন্ধুসকল,

অহা দিনকেইটাত আপোনালোকৰ সন্মুখত লক্ষ্য ২০০তকৈ অধিক স্বৰ্ণ পদক জয় কৰাটোতকৈও আপোনালোকৰ প্ৰদৰ্শনৰ সংশোধন, আপোনালোকৰ নিজৰ সামৰ্থ্যক নতুন স্থানত উপনীত কৰাটো অধিক গুৰুত্বপূৰ্ণ৷

ভুৱনেশ্বৰত আপোনালোকে ইজনে সিজনৰ লগত প্ৰতিযোগিতাটো কৰিছেই, তদুপৰি নিজৰ মাজতো প্ৰতিযোগিতা কৰিছে৷

মনত ৰাখিব, ভুৱনেশ্বৰত আপোনালোকৰ পৰিশ্ৰমে, আপোনালোকৰ সপোন, পৰিয়ালৰ সপোন আৰু ভাৰতৰ সপোনক আৰু আগুৱাই নিব৷

আপোনালোকৰ সন্মুখত এই সমাৰোহৰ শিখাবাহী দুতি চান্দৰ দৰে বহু প্ৰেৰক ব্যক্তি আছে৷ আপোনালোকে পদকো জয় কৰক আৰু দেশক ফিটনেছৰ বাবে প্ৰেৰিত কৰিব, এই চিন্তাধাৰাৰে খেলপথাৰত নামিব৷

বন্ধুসকল,

আজিৰ দিনটোত কেৱল এখন প্ৰতিযোগিতাই আৰম্ভ হোৱা নাই, বৰঞ্চ ভাৰতত ক্ৰীড়া আন্দোলনৰ পৰৱৰ্তী পৰ্ব আৰম্ভ হৈছে৷

খেলো ইণ্ডিয়া অভিযানে দেশৰ চুকে–কোনে খেলৰ প্ৰতি আকৰ্ষণ বৃদ্ধি আৰু যুৱ প্ৰতিভা চিনাক্ত কৰাত মুখ্য ভুমিকা পালন কৰিছে৷

বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে হোৱা এই ৰাষ্ট্ৰজোৰা অভিযানক এতিয়া এটা পৰ্যায় আগুৱাই বিশ্ববিদ্যালয় পৰ্যায়ত আৰম্ভ কৰা হৈছে৷

খেলো ইণ্ডিয়া অভিযানৰ জৰিয়তে দেশত কি পৰিৱৰ্তন আহিছে, সেয়া গুৱাহাটীত যোৱা মাহত পৰিলক্ষিত হৈছে৷

বন্ধুসকল,

২০১৮ বৰ্ষত যেতিয়া খেলো ইণ্ডিয়া গেমছৰ শুভাৰম্ভ কৰা হৈছিল, তেতিয়া ইয়াত ৩,৫০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল৷ কিন্তু মাত্ৰ তিনি বছৰতে খেলুৱৈৰ সংখ্যা ৬ হাজাৰতকৈ অধিক হ’ল, অৰ্থাৎ প্ৰায় দুগুন বৃদ্ধি হ’ল৷

কেৱল সংখ্যাই যে বৃদ্ধি পালে এনে নহয়, খেল আৰু খেলুৱৈৰ মাত্ৰা, ক্ৰীড়াৰ আন্তঃগাঁথনৰ স্তৰো ধাৰাবাহিকভাৱে উন্নত হৈ আছে৷ চলিত বৰ্ষত খেলো ইণ্ডিয়া স্কুল গেমছত ৮০টা ৰেকৰ্ড ভংগ হৈছে, য’ত ৫৬টাতে আমাৰ কন্যাসকলে নাম কৰিছে৷

আটাইতকৈ গুৰুত্বূপূৰ্ণ কথাটো এই যে এই অভিযানৰ অধীনত যি প্ৰতিভা বিকাশ হৈছে, সেয়া গাঁৱৰ, সৰু চহৰৰ, দুখীয়া ঘৰৰ, ৩ টীয়ৰ ৪ টীয়ৰ চহৰৰে অধিক৷

এইবোৰ সেই প্ৰতিভা যিবোৰ সম্পদৰ অভাৱত, এক্সপ’জাৰৰ অভাৱত আগুৱাব পৰা নাছিল৷

এতিয়া এই প্ৰতিভাবোৰে সম্পদো পাইছে আৰু কম বসয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক্সপ’জাৰো লাভ কৰিছে৷

বন্ধুসকল,

বিগত ৫–৬ বৰ্ষৰ পৰা ভাৰতত ক্ৰীড়াৰ প্ৰচাৰ আৰু অংশগ্ৰহণৰ বাবে জোৰদাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে৷ প্ৰতিভা চিনাক্তকৰণেই হওক, অথবা বাছনি প্ৰক্ৰিয়াই হওক, প্ৰতিটো ক্ষেত্ৰত স্বচ্ছতাৰ প্ৰচাৰ কৰা হৈছে৷ ইয়াৰ ফল আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত কৰা প্ৰদৰ্শনত দেখিবলৈ পোৱা গৈছে৷

খেলো ইণ্ডিয়া অভিযান যুৱ প্ৰতিভা চিনাক্তকৰণৰ এক ডাঙৰ মাধ্যমত পৰিণত হৈছে৷ ইয়াৰ দ্বাৰা নিৰ্বাচিত যৱ খেলুৱৈক প্ৰতি বছৰে প্ৰায় ৬ লাখ টকালৈকে সাহায্য প্ৰদান কৰা হৈছে৷ তদুপৰি, এওলোকক দেশৰ শতাধিক একাডেমীত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷ বৰ্তমানলৈকে প্ৰায় ৩ হাজাৰ খেলুৱৈৰ বাছনি কৰা হৈছে৷ সম্প্ৰতি এক খেলো ইণ্ডিয়া এপো মুকলি কৰা হৈছে৷

সেইদৰে অলিম্পিক পডিয়াম আঁচনিৰ অধীনত দেশৰ প্ৰতিভাশালী খেলুৱৈসকলক উচ্চ পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুত কৰি থকা হৈছে৷ এই আঁচনিক অধীনত এতিয়া দেশৰ প্ৰায় ১০০ শীৰ্ষ বাছনিৰ খেলুৱৈক সাহায্য প্ৰদান কৰা হৈছে৷

বন্ধুসকল,

এওলোক সেই খেলুৱৈৰ সকলৰ অন্তৰ্গত, যিসকলে টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ এই আঁচনিৰ সুবিধা পোৱা খেলুৱৈসকলে কমনৱেল্থ গেমছ, এছিয়ান গেমছ, এছিয়ান পেৰা গেমছ, য়ুথ অলিম্পিকৰ দৰে প্ৰতিযোগিতাত ২০০তকৈ অধিক পদক অৰ্জন কৰিছে৷ ইমানেই নহয় প্ৰতিভাশালী ক্ৰীড়াবিদৰ বাবে আজীৱন পেন্সনৰো ব্যৱস্থা কৰা হৈছে৷

বন্ধুসকল,

খেলুৱৈসকলে নিজৰ ধ্যান কেৱল নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শনত লগাওক, বাকী চিন্তা দেশে কৰি আছে৷ তেওঁলোকৰ প্ৰচেষ্টা হৈছে অধ্যয়নৰ সমান্তৰালভাৱে খেলো আগুৱাওক আৰু ফিটনেছো উন্নত হওক৷ আমাৰ যুৱ খেলুৱৈসকল সকলো ধৰণৰ কেৰিয়াৰৰ বাবে ফিট হওক, ইয়াৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠান নিৰ্মাণ কৰা হৈছে৷

বন্ধুসকল,

দেশৰ যুৱক–যুৱতীসকলৰ ফিটনেছেই হওক অথবা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত ভাৰতৰ মান উন্নত কৰাই হওক, তাৰ বাবে আমি সকলোধৰণৰ  ল’ব লাগিব৷

এতিয়া মই খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটী গেমছৰ আনুষ্ঠানিক শুভাৰম্ভ হোৱা বুলি ঘোষণা কৰিলো৷

আপোনালোকক পুনৰবাৰ বহুত বহুত শুভকামনা জনাইছো৷

শ্ৰীমান নবীন জী, ওড়িশা চৰকাৰক ইমান বিশাল সমাৰোহৰ দায়িত্ব মুৰ পাতি লোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো, তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছো, আৰু জয় জগন্নাথক সুঁৱৰিছো, কাৰণ জগন্নাথৰ কৃপাতে আমি বিশ্ব জয়ৰ দিশে আগুৱাই যাম৷ পুনৰবাৰ সকলোকে বহুত বহুত শুভকামনা জনাইছো৷

বহুত বহুত ধন্যবাদ৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Watershed Moment': PM Modi Praises BJP Workers After Thiruvananthapuram Civic Poll Victory

Media Coverage

'Watershed Moment': PM Modi Praises BJP Workers After Thiruvananthapuram Civic Poll Victory
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 ডিচেম্বৰ 2025
December 13, 2025

PM Modi Citizens Celebrate India Rising: PM Modi's Leadership in Attracting Investments and Ensuring Security