দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ আমাৰ গৌৰৱ, আমাৰ ঐতিহ্য: প্ৰধানমন্ত্ৰী
দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৱে বহু আঁচনিৰ ৰূপায়ণ ১০০শতাংশত উপনীত হৈছে: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী
জন ঔষধি মানে কম মূল্যত চিকিৎসাৰ নিশ্চয়তা! জন ঔষধিৰ মন্ত্ৰ হ'ল - কম খৰচী, ফলপ্ৰসূ ঔষধঃ প্ৰধানমন্ত্ৰী
আমি সকলোৱে আমাৰ খাদ্যত ১০ শতাংশ ৰন্ধন তেল কমাব লাগে, প্ৰতিমাহে ১০ শতাংশ কম তেল ব্যৱহাৰ কৰিব লাগে, মেদবহুলতা হ্ৰাসৰ দিশত এয়া হ’ব এক গুৰুত্বপূৰ্ণ পদক্ষেপঃ প্ৰধানমন্ত্ৰী মোদী

দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ প্ৰশাসক শ্ৰী প্ৰফুল্লভাই পেটেল, সংসদত মোৰ সতীৰ্থ শ্ৰীমতী কলবেন ডেলকাৰ, সকলো গণ্যমান্য ব্যক্তি, ভাই-ভনীসকল, সকলোকে নমস্কাৰ জনালোঁ।

আপোনালোকৰ ভাল নে? আজি ইয়াত যথেষ্ট উৎসাহ দেখিবলৈ পাইছোঁ। কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ সকলো শ্ৰমিককে ধন্যবাদ জনাইছোঁ। আপোনালোক সকলোৱে মিলি মোক এই সুযোগ প্ৰদান কৰিছে। বহু পুৰণি বন্ধুক নমস্কাৰ জনোৱাৰ সুযোগ লাভ কৰিছোঁ।

বন্ধুসকল,

ছিলভাছাৰ মোহনীয়া প্ৰাকৃতিক সৌন্দৰ্য্য, দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ ৰাইজৰ মৰম, আপোনালোক সকলোৰে জ্ঞাত আপোনালোকৰ সৈতে মোৰ সম্পৰ্ক কিমান পুৰণি। এনে দশক পুৰণি নিজৰ বুলি অনুভৱ আৰু ইয়ালৈ আহি কিমান আনন্দ পাওঁ, এই কথা কেৱল আপোনাসৱ আৰু মইহে জানোঁ। আজি বহু পুৰণি বন্ধুক দেখা পাইছোঁ। বছৰ-বছৰ আগতে ইয়ালৈ অহাৰ সুযোগ বহুবাৰ পাইছিলোঁ। সেই সময়ত ছিলভাছা আৰু সমগ্ৰ দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ অৱস্থা কেনে আছিল, কিমান বেলেগ আছিল আৰু জনসাধাৰণেও ভাবিছিল যে সাগৰৰ পাৰৰ সৰু ঠাইত কি হ’ব পাৰে? কিন্তু ইয়াৰ জনতাৰ ওপৰত মোৰ বিশ্বাস আছিল, ইয়াৰ লোকৰ সামৰ্থ্যৰ ওপৰত, আপোনালোকৰ ওপৰত মোৰ বিশ্বাস আছিল। ২০১৪ত কেন্দ্ৰত চৰকাৰ গঠনৰ পিছত আমাৰ চৰকাৰে এই বিশ্বাসক ক্ষমতালৈ ৰূপান্তৰিত কৰিলে, ইয়াক আগুৱাই আনিলে আৰু আজি আমাৰ ছিলভাছা, এই অঞ্চলে আধুনিক পৰিচয়েৰে আত্মপ্ৰকাশ কৰিছে। ছিলভাছা এখন চহৰত পৰিণত হৈছে য’ত সকলো ঠাইৰ লোকে বসবাস কৰিবলৈ লৈছে। ইয়াত এনে বিশ্বজনীন স্বভাৱটোৱে দেখুৱাইছে যে দাদৰা আৰু নগৰ হাভেলীত কিমান দ্ৰুতগতিত নতুন সুযোগৰ উন্মেষ ঘটিছে।

 

বন্ধুসকল,

এই উন্নয়ন অভিযানৰ অধীনত আজি ২৫০০ কোটিৰো অধিক টকা মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা, স্বাস্থ্যসেৱা, শিক্ষা আৰু পৰ্যটন অৰ্থাৎ প্ৰতিটো খণ্ডৰ সৈতে জড়িত বহু প্ৰকল্পই এই অঞ্চলৰ উন্নয়নত অধিক গতি প্ৰদান কৰিব, ইয়াত নতুন সুযোগৰ সৃষ্টি হ’ব। এই প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ। মই আপোনালোকক এটা সৰু কথা ক’ব বিচাৰিছোঁ, আপোনালোকৰ বহুতেই নিশ্চয় ছিংগাপুৰলৈ গৈছে, এই ছিংগাপুৰ এসময়ত মাছমৰীয়াসকলৰ এখন সৰু গাঁও আছিল, মাছ ধৰাই আছিল মূল বৃত্তি। অতি কম সময়ৰ ভিতৰতে তাত থকা লোকৰ দৃঢ়তাই আজিৰ ছিংগাপুৰ কৰি তুলিলে। একেদৰে যদি এই কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিজন নাগৰিকে সিদ্ধান্ত লয়, তেন্তে মই আপোনালোকৰ সৈতে থিয় হ’বলৈ সাজু, কিন্তু আপোনালোকো আগবাঢ়ি আহিব লাগিব, নহ’লে সেয়া নহ’ব।

বন্ধুসকল,

দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউ আমাৰ বাবে কেৱল কেন্দ্ৰীয় শাসিত অঞ্চল নহয়। এই কেন্দ্ৰীয় শাসিত অঞ্চল আমাৰ গৌৰৱ, ই আমাৰ ঐতিহ্যও। সেইবাবেই আমি ইয়াক আৰ্হি হিচাপে গঢ়ি তুলিছোঁ, যি অঞ্চল সামগ্ৰিক বিকাশ, সামগ্ৰিক উন্নয়নৰ বাবে পৰিচিত হ’ব। মই বিচাৰোঁ এই অঞ্চলটো উচ্চ-প্ৰযুক্তিৰ আন্তঃগাঁথনি, আধুনিক স্বাস্থ্য সেৱা আৰু বিশ্বমানৰ শিক্ষা প্ৰতিষ্ঠানৰ বাবে পৰিচিত হওঁক! এই অঞ্চলটো পৰ্যটন আৰু সুনীল অৰ্থনীতিৰ বাবে পৰিচিত হ’ব লাগে! এই অঞ্চলটো ঔদ্যোগিক অগ্ৰগতি, যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ, মহিলাৰ অংশগ্ৰহণ আৰু সৰ্বাংগীন উন্নয়নৰ বাবে পৰিচিত হ’ব লাগে!

 

ভাই-ভনীসকল,

প্ৰফুল্লভাই পেটেলৰ কঠোৰ পৰিশ্ৰম আৰু কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থনৰ বাবে আমি এই লক্ষ্যত উপনীত হ’বলৈ বেছি পৰ নাই। যোৱা ১০ বছৰত আমি এই দিশত দ্ৰুতগতিত একেলগে কাম কৰিছোঁ। আমাৰ ছিলভাছা আৰু এই কেন্দ্ৰীয় শাসিত অঞ্চলে উন্নয়নৰ ক্ষেত্ৰত দেশৰ মানচিত্ৰত এক সুকীয়া পৰিচয়েৰে আত্মপ্ৰকাশ কৰিছে। দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৱে একাধিক আঁচনিত চেচুৰেচনত উপনীত হৈছে। প্ৰতিজন হিতাধিকাৰীয়ে জীৱনৰ প্ৰতিটো দিশতে প্ৰতিটো প্ৰয়োজনৰ বাবে চৰকাৰৰ আঁচনিৰ সুবিধা লাভ কৰিছে। ওৱান নেচন ওৱান ৰেচন কাৰ্ডে প্ৰতিজন ব্যক্তিৰ বাবে খাদ্যৰ নিশ্চয়তা প্ৰদান কৰিছে। জল জীৱন মিছনে প্ৰতিটো পৰিয়াললৈ বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিছে। ভাৰত নেটে ডিজিটেল সংযোগক সুদৃঢ় কৰিছে। প্ৰতিটো পৰিয়ালক বেংকিং সেৱাৰ সৈতে সংযোগ কৰিছে প্ৰধানমন্ত্ৰী জন ধনে। প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আৰু প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ সুবিধা। এই আঁচনিসমূহৰ সফলতাই ইয়াৰ লোকৰ মনলৈ আস্থা কঢ়িয়াই আনিছে। চৰকাৰৰ আঁচনিৰ ফলত তেওঁলোকৰ জীৱনৰ ইতিবাচক পৰিৱৰ্তনে ব্যাপক প্ৰভাৱ পেলাইছে। এতিয়া আমাৰ প্ৰচেষ্টা হৈছে স্মাৰ্ট চিটিজ মিছন, সমগ্ৰা শিক্ষা আৰু পিএম মুদ্ৰা আদি আঁচনিত ১০০% চেচুৰেচন লাভ কৰা। চৰকাৰে জনকল্যাণমূলক আঁচনিক ৰাইজৰ কাষলৈ নিছে। ইয়াৰপৰা সমাজৰ বঞ্চিত আৰু জনজাতীয় শ্ৰেণী যথেষ্ট লাভৱান হৈছে।

বন্ধুসকল,

আন্তঃগাঁথনিৰপৰা শিক্ষা, কৰ্মসংস্থাপন আৰু উদ্যোগৰ অগ্ৰগতিলৈকে এই অঞ্চলৰ ছবিখন আজি কেনেদৰে সলনি হৈছে, সেয়া আমি দেখিবলৈ পাওঁ। এটা সময়ত ইয়াৰ যুৱক-যুৱতীসকলে উচ্চ শিক্ষাৰ বাবে ওলাই যাবলগীয়া হৈছিল। কিন্তু এতিয়া এই অঞ্চলত ছখন ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিষ্ঠান আছে। নমো মেডিকেল কলেজ, গুজৰাট নেচনেল ল ইউনিভাৰ্চিটি, আইআইটি-দিউ, নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন'লজি, ইনষ্টিটিউট অৱ হোটেল মেনেজমেন্ট এণ্ড কেটাৰিং টেকন'লজি আৰু ইঞ্জিনিয়াৰিং কলেজ অৱ দমন, এই প্ৰতিষ্ঠানসমূহৰ বাবেই আমাৰ ছিলভাছা আৰু এই কেন্দ্ৰীয় শাসিত অঞ্চলটো শিক্ষাৰ এক নতুন কেন্দ্ৰত পৰিণত হৈছে। যাতে ইয়াৰ যুৱক-যুৱতীসকলে এই প্ৰতিষ্ঠানসমূহৰপৰা অধিক সুবিধা লাভ কৰিব পাৰে, তাৰ অৰ্থে তেওঁলোকৰ বাবে আসন সংৰক্ষিত কৰা হৈছে। মই জানিবলৈ পাই সন্তোষ পাইছোঁ যে ইয়াত ৪ টা ভিন্ন মাধ্যমত শিক্ষা প্ৰদান কৰা হয় - হিন্দী, ইংৰাজী, গুজৰাটী আৰু মাৰাঠী। মই এই কথাতো গৌৰৱান্বিত যে ইয়াৰ প্ৰাথমিক আৰু কনিষ্ঠ বিদ্যালয়ৰো ছাত্ৰ-ছাত্ৰীয়ে স্মাৰ্ট শ্ৰেণীকোঠাত অধ্যয়ন কৰি আছে।

বন্ধুসকল,

বিগত বছৰসমূহত ইয়াত আধুনিক স্বাস্থ্য সেৱাৰ যথেষ্ট সম্প্ৰসাৰণ ঘটিছে। ২০২৩ত ইয়াত নমো মেডিকেল কলেজ উদ্বোধনৰ সুযোগ পাইছিলোঁ। এতিয়া ইয়াৰ লগত সংযোজন কৰা হৈছে ৪৫০ খন বিছনাৰ সুবিধা থকা আন এখন চিকিৎসালয়। মই এয়া উদ্বোধন কৰিছোঁ। আজি ইয়াত স্বাস্থ্য সম্পৰ্কীয় আন একাধিক প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰা হৈছে। ছিলভাছাৰ এই স্বাস্থ্য সুবিধাসমূহে ইয়াৰ জনজাতীয় সমাজক যথেষ্ট উপকৃত কৰিব।

 

বন্ধুসকল,

আজি ছিলভাছাৰ এই স্বাস্থ্য সম্পৰ্কীয় প্ৰকল্পসমূহ আন এটা কাৰণত বিশেষ হৈ পৰিছে। আজি জন ঔষধি দিৱসো। জন ঔষধি মানে সুলভ চিকিৎসাৰ নিশ্চয়তা! জন ঔষধিৰ মন্ত্ৰ হ'ল - সুলভ মূল্যত উন্নত মানৰ ঔষধ। আমাৰ চৰকাৰে উন্নত চিকিৎসালয়ো স্থাপন কৰিছে, আয়ুষ্মান যোজনাৰ অধীনত বিনামূলীয়া চিকিৎসা প্ৰদান কৰি আছে আৰু লগতে জন ঔষধি কেন্দ্ৰৰ জৰিয়তে সুলভ মূল্যত ঔষধো যোগান ধৰিছে। আমি সকলোৱে দেখি আহিছোঁ যে চিকিৎসালয়ত চিকিৎসাৰ পিছতো ঔষধৰ ব্যয়ৰ বোজা বহুদিনলৈকে থাকে। এই বোজা কমাবলৈ দেশজুৰি ১৫ হাজাৰৰো অধিক জন ঔষধি কেন্দ্ৰত ৮০ শতাংশ পৰ্য্যন্ত কম দামত ৰাইজে ঔষধ লাভ কৰিছে। দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ জনতায়ো প্ৰায় ৪০ জন ঔষধি কেন্দ্ৰৰ সুবিধা লাভ কৰি আছে। আগন্তুক সময়ত আমি সমগ্ৰ দেশতে ২৫ হাজাৰ জন ঔষধি কেন্দ্ৰ মুকলিৰ লক্ষ্য লৈ আগবাঢ়িছোঁ। এই আঁচনি আৰম্ভৰ পিছৰেপৰা চৰকাৰে প্ৰায় ৬.৫ হাজাৰ কোটি টকা মূল্যৰ ঔষধ যোগান ধৰিছে। ইয়াৰ জৰিয়তে আৰ্তজনে সুলভ মূল্যত ঔষধ লাভ কৰিছে। জন ঔষধি কেন্দ্ৰ মুকলিৰ লগে-লগে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে ৩০ হাজাৰ কোটি টকাৰো অধিক সঞ্চয় কৰিছে। জন ঔষধি কেন্দ্ৰৰ বাবেই একাধিক গুৰুতৰ ৰোগৰ চিকিৎসা সুলভ হৈ পৰিছে। সাধাৰণ লোকৰ প্ৰয়োজনীয়তাৰ প্ৰতি আমাৰ চৰকাৰ কিমান সংবেদনশীল, তাৰ প্ৰমাণ এয়া।

বন্ধুসকল,

স্বাস্থ্য সম্পৰ্কীয় এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ লগতে আন এটা গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ। আপোনালোক সকলোৰে জ্ঞাত যে আজিৰ জীৱনশৈলী আৰু ইয়াৰ লগত জড়িত ৰোগবোৰ আমাৰ স্বাস্থ্যৰ প্ৰতি গুৰুতৰ ভাবুকি হৈ পৰিছে। তেনে এক ৰোগ হ’ল মেদবহুলতা। চকী এখনত বহিবও নোৱাৰি আৰু ইফালে-সিফালে চাবওঁ নোৱাৰি। এই মেদবহুলতাই আজি আন বহু ৰোগৰ কাৰণ হৈ পৰিছে। শেহতীয়াকৈ মেদবহুলতাৰ সমস্যাৰ ওপৰত এক প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদনত কোৱা হৈছে যে ২০৫০ৰ ভিতৰত ৪৪ কোটিৰো অধিক ভাৰতীয় মেদবহুলতাত আক্ৰান্ত হ’ব। এয়া ভয়ংকৰ কথা হ’ব। অৰ্থাৎ প্ৰতি তিনিজনৰ ভিতৰত এজন মেদবহুলতাৰ বাবে গুৰুতৰ ৰোগৰ চিকাৰ হ’ব পাৰে, এই মেদবহুলতা মাৰাত্মক হ’ব পাৰে। অৰ্থাৎ প্ৰতিটো পৰিয়ালৰ এজন ব্যক্তি মেদবহুলতাৰ বলি হ’ব, এইটো কিমান ডাঙৰ সংকট হ’ব পাৰে। আমি এতিয়াৰপৰাই এনে পৰিস্থিতিৰপৰা হাত সাৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু সেইবাবেই বহুতো মাপকাঠি থাকিব পাৰে। মই এটা আহ্বান জনাব খুজিছোঁ। এই চিকিৎসালয়খন ভালকৈ নিৰ্মাণ কৰা হৈছে, কিন্তু মই নিবিচাৰোঁ যে আপোনাসৱ চিকিৎসালয়লৈ আহি থাকিব। চিকিৎসালয়খন খালী হৈ থাকিলেও আপোনালোক সুস্থ হৈ থাকিব লাগে।

আমি সকলোৱে আমাৰ ৰন্ধন তেলৰ ব্যৱহাৰ ১০% হ্ৰাস কৰা উচিত। আমি প্ৰতিমাহে ১০% কম ৰন্ধন তেল ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। অৰ্থাৎ পূৰ্বে প্ৰতিমাহে কিনাতকৈ এতিয়াৰেপৰা ১০% কম ৰন্ধন তেল কিনাৰ সিদ্ধান্ত লওঁ আহক। এয়া মেদবহুলতা হ্ৰাসৰ দিশত এক অতিশয় গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব। ইয়াৰ বাহিৰেও আমি ব্যায়ামক আমাৰ জীৱনৰ অংশ কৰি তুলিব লাগিব। যদি আপোনাসৱে প্ৰতিদিনে কেইকিলোমিটাৰমান খোজকাঢ়ে বা দেওবাৰে চাইকেল চলায়, তেন্তে এয়া অতি লাভজনক হ’ব। আজি দেশখন উন্নত ভাৰতৰ সংকল্প বাস্তৱায়িতকৰণত নিয়োজিত হৈছে। আমি মনত ৰাখিব লাগিব যে এখন সুস্থ দেশহে এনে লক্ষ্যত উপনীত হ’ব পাৰে। সেয়ে দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ ৰাইজক জনাব বিচাৰিছোঁ যে যদি আপোনাসৱে ৰন্ধন তেলৰ ব্যৱহাৰ হ্ৰাসেৰে নিজকে ফিট কৰি ৰাখে, তেন্তে এখনি উন্নত ভাৰতৰ যাত্ৰাত এয়া এক মূল্যৱান অৱদান হ'ব।

 

বন্ধুসকল,

যিখন ৰাজ্যৰ উন্নয়নৰ দৃষ্টিভংগী আছে, তাত ক্ষীপ্ৰতাৰে সুযোগৰ সৃষ্টি হয়। সেইবাবেই যোৱা দশকত এই অঞ্চলটোৱে ঔদ্যোগিক কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আৰু এইবাৰ বাজেটত আমি এটা অতি গুৰুত্বপূৰ্ণ কাম হাতত লৈছোঁ, মিছন মেনুফেকচাৰিং, যিয়ে ইয়াক অধিক লাভান্বিত কৰিব। যোৱা ১০ বছৰত ইয়াত শ-শ নতুন উদ্যোগ আৰম্ভ হৈছে, বহু উদ্যোগৰ সম্প্ৰসাৰণ হৈছে। ইয়াৰ বাবে হাজাৰ-হাজাৰ কোটি টকা বিনিয়োগ কৰা হৈছে। এই উদ্যোগসমূহে স্থানীয় জনসাধাৰণক বৃহৎ পৰিসৰত কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰি আহিছে। আমাৰ জনজাতীয় সমাজ, জনজাতীয় বন্ধুসকলে যাতে এই কৰ্মসংস্থাপনৰ সুবিধাসমূহৰপৰা সৰ্বাধিক লাভৱান হয়, সেয়াও আমি নিশ্চিত কৰিছোঁ। একেদৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি মহিলাসকলক সবলীকৰণৰ বাবে ইয়াতো গীৰ আদৰ্শ জীৱিকা যোজনা ৰূপায়ণ কৰা হৈছে। ইয়াত এখন সৰু দুগ্ধ পাম স্থাপনৰেও স্বনিয়োজনৰ নতুন সুযোগৰ সৃষ্টি কৰা হৈছে।

বন্ধুসকল,

পৰ্যটনো কৰ্মসংস্থাপনৰ এক প্ৰধান উৎস। ইয়াৰ উপকূল আৰু চহকী ঐতিহ্যই ভাৰত-বিদেশৰ বৃহৎ সংখ্যক পৰ্যটকক আকৰ্ষণ কৰিছে। দমনৰ ৰাম সেতু, নমোপথ আৰু টেন্ট চিটিৰ উন্নয়ন সাধনে এই অঞ্চলৰ আকৰ্ষণ বৃদ্ধি কৰিছে। পৰ্যটকসকলেও দমনৰ নৈশ বজাৰখন বহু ভাল পাইছে। ইয়াত এখন বিশাল পক্ষী অভয়াৰণ্য গঢ়া হৈছে। দিউৰ সাগৰীয় উপকূলত খোজকঢ়া পথ আৰু উপকূলৰ উন্নয়ন সাধনৰ কামো অব্যাহত আছে। ২০২৪ত দিউ বিচ গেমছৰ আয়োজন কৰা হৈছিল, তাৰ পিছত জনসাধাৰণৰ মাজত বিচ গেমছৰ আকৰ্ষণ বৃদ্ধি পাইছে। এতিয়া দিউ জিলাত ‘কেবল কাৰ’ৰ বিকাশৰ কাম অব্যাহত আছে। এয়া হ’ব ভাৰতৰ প্ৰথম আকাশী ৰ’পৱে, যাৰ জৰিয়তে আপোনাসৱে আৰৱ সাগৰৰ আশ্চৰ্য্যকৰ দৃশ্য চাব পাৰিব। অৰ্থাৎ আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল আমাৰ দাদৰা নগৰ হাভেলী আৰু দমন দিউ ভাৰতৰ অন্যতম শ্ৰেষ্ঠ পৰ্যটনস্থলী হৈ পৰিছে।

 

বন্ধুসকল,

ইয়াৰ যোগাযোগ ব্যৱস্থায়ো এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজি দাদৰাৰ সমীপত এটা বুলেট ৰেল ষ্টেচন নিৰ্মাণ হৈছে। ছিলভাছাৰ মাজেৰে পাৰ হৈ গৈছে মুম্বাই-দিল্লী এক্সপ্ৰেছৱে। যোৱা কেইবছৰমানৰপৰা ইয়াত কেইবা কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰা হৈছে আৰু ৫০০ কিলোমিটাৰৰো অধিক পথ নিৰ্মাণৰ কাম অব্যাহত আছে। ইয়াৰ বাবে হাজাৰ-হাজাৰ কোটি টকা ব্যয় কৰা হৈছে। উড়ান আঁচনিৰ জৰিয়তেও লাভৱান হৈছে। ইয়াৰ বিমানবন্দৰটো উন্নত সংযোগৰ বাবে উন্নীত কৰা হৈছে। অৰ্থাৎ আমাৰ চৰকাৰে আপোনালোকৰ উন্নয়নৰ বাবে চেষ্টাৰ কোনো ক্ৰুটি কৰা নাই।

 

বন্ধুসকল,

মই আনন্দিত যে উন্নয়নৰ সমান্তৰালকৈ দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউও সুশাসনৰ অঞ্চল হৈ পৰিছে। এটা সময় আছিল যেতিয়া জনতাই নিজৰ সমস্যা সমাধানৰ বাবে চৰকাৰী কাৰ্য্যালয়লৈ বাৰে-বাৰে গৈ থাকিবলগীয়া হৈছিল। আজি চৰকাৰৰ অধিকাংশ কাম ম’বাইলত মাত্ৰ এটা ক্লিকতে কৰা হয়। দশক-দশক ধৰি আওকাণ কৰা জনজাতীয় অঞ্চলসমূহ এই নতুন পদ্ধতিৰ জৰিয়তে আটাইতকৈ বেছি লাভৱান হৈছে। আজি গাঁৱে-গাঁৱে বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। ইয়াত জনতাৰ সমস্যাৰাজিৰ কথা শুনা যায় আৰু তাতেই সেইসমূহ সমাধানৰ প্ৰয়াস কৰা হয়। এনে প্ৰচেষ্টাৰ বাবে প্ৰফুল্লভাই আৰু তেওঁৰ টীমটোক অভিনন্দন জনাইছোঁ। কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী, দমন আৰু দিউৰ উন্নয়নৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিম বুলি আপোনালোকক আশ্বাস প্ৰদান কৰিছোঁ। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে আপোনালোকক পুনৰবাৰ অভিনন্দন জনাইছোঁ আৰু আপোনালোকে মোক যিভাৱে উষ্ম আদৰণি জনাইছে, তাৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো নাগৰিকলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনাসৱক অশেষ ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam highlighting that Nari Shakti is the cornerstone of nation-building and the true embodiment of power
June 12, 2026

Prime Minister Shri Narendra Modi today stated that over the last 12 years, the Government has worked to further women-led development, which is visible across sectors. He noted that from financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science, and governance, women are playing a prominent role across diverse fields.

Shri Modi emphasized that the efforts of the Government are rooted in dignity, opportunity, and empowerment, pointing out that they have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

The Prime Minister expressed particular happiness in seeing India’s Nari Shakti make a mark in sectors like science, space, and innovation. He highlighted that their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming the development landscape across the nation.

Shri Modi shared that the Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

Sharing a Sanskrit Subhashitam, the Prime Minister stated that India's Nari Shakti is the cornerstone of nation-building. He observed that today, our mothers, sisters, and daughters are increasing the pride of Maa Bharati with their amazing talent and skills in every field.

In a series of posts on X, the Prime Minister shared:

"Over the last 12 years, the NDA Government has worked to further women-led development. And, this is visible across sectors.
From financial inclusion and entrepreneurship to education, healthcare, sanitation, housing, sports, science and governance, women are playing a prominent role across diverse sectors.

The efforts of the NDA Government are rooted in dignity, opportunity and empowerment. They have helped create an environment where women can realise their full potential and contribute even more strongly to nation-building.

#12YearsOfNariShakti “

“ I am particularly happy to see India’s Nari Shakti make a mark in sectors like science, space and innovation. Their growing participation in emerging fields such as drone technology is opening new avenues of opportunity and transforming development landscape across the nation. Our Government is actively supporting Self Help Groups, which are going a long way in making women financially independent.

#12YearsOfNariShakti “ 

“ भारत की नारीशक्ति राष्ट्र निर्माण की आधारशिला है। हमारी माताएं, बहनें और बेटियां आज हर क्षेत्र में अपनी अद्भुत प्रतिभा और कौशल से मां भारती का गौरव बढ़ा रही हैं।

नारी त्रैलोक्यजननी
नारी त्रैलोक्यरूपिणी।
नारी त्रिभुवनाधारा
नारी शक्तिस्वरूपिणी॥

#12YearsOfNariShakti"

Woman is the mother of the three worlds. She is the very expression of all the three realms. She is the foundation of the entire universe, and she is the true embodiment of power.