মহামহিম,
মোক আৰু মোৰ প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। প্ৰায় এটা দশকৰ পাছত নেদাৰলেণ্ড ভ্ৰমণ কৰিবলৈ পাই মই অতিশয় আনন্দিত হৈছো। বিগত দশকত ভাৰত-নেদাৰলেণ্ডৰ অংশীদাৰিত্বই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।

মহামহিম,
আমি নেদাৰলেণ্ডক ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে গণ্য কৰোঁ। নেদাৰলেণ্ড ভাৰতৰ শীৰ্ষ পাঁচ বিনিয়োগকাৰীৰ ভিতৰত অন্যতম। আমাৰ ঐতিহাসিক, সাংস্কৃতিক আৰু মানুহৰ মাজত সম্পৰ্কও অতি গভীৰ । গণতান্ত্ৰিক মূল্যবোধ, বজাৰ অৰ্থনীতি আৰু দায়িত্বশীল আচৰণে আমাৰ ভাগ-বাটোৱাৰা কৰা দৃষ্টিভংগীৰ মূল স্তম্ভ। পানী, স্বাস্থ্য, শিক্ষাৰ দৰে খণ্ডত আমাৰ সহযোগিতাই আমাৰ জনসাধাৰণৰ জীৱন উন্নত কৰিছে। এই ক্ৰমবৰ্ধমান সহযোগিতাৰ স্বীকৃতি স্বৰূপে আমি নেদাৰলেণ্ডক, ২০২৩ চনত ভাৰতৰ জি-২০ অধ্যক্ষতাৰ সময়ত অতিথি দেশ হিচাপে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছিলো। বিগত ফেব্ৰুৱাৰী মাহত ভাৰতত অনুষ্ঠিত হোৱা এ আই ইমপেক্ট শীৰ্ষ সন্মিলনত নেদাৰলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰাত আমিও অতিশয় আনন্দিত হৈছো।
মহামহিম,
ভাৰত বিশ্বৰ আটাইতকৈ কম বয়সীয়া যুৱ জনসংখ্যাৰ ৰাষ্ট্ৰ আৰু বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পোৱা এক প্ৰধান অৰ্থনীতি। আপুনি নেদাৰলেণ্ড আৰু ইউৰোপীয় নেতৃত্বৰ নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰে। আমি প্ৰতিটো খণ্ডতে নেদাৰলেণ্ডৰ বিশেষজ্ঞতাক ভাৰতৰ গতি তথা পৰিসৰৰ সৈতে সংযুক্ত কৰিব লাগিব। আমি উদ্ভাৱন, বিনিয়োগ, বহনক্ষমতা আৰু প্ৰতিৰক্ষাৰ দৰে ক্ষেত্ৰত সহযোগিতাক নতুন মাত্ৰালৈ উন্নীত কৰাৰ লক্ষ্য স্থিৰ কৰিছো। এই ভাগ-বাটোৱাৰা কৰা দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত হৈ আমি আজি ভাৰত-নেদাৰলেণ্ডৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰিছো। আকৌ এবাৰ আপোনালোকৰ আদৰণিৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।


